• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, November 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

ইতিহাসৰ পৃষ্ঠাত মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ

by Editor
March 25, 2024
in Cultural, Culture, Lifestyle
Reading Time: 3 mins read
0
ইতিহাসৰ পৃষ্ঠাত মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ
Share on FacebookShare on TwitterShare on LinkedIn

ইতিহাসৰ পৃষ্ঠাত মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ

সত্যজিৎ গগৈ

satyajiy Gogoi
সত্যজিৎ গগৈ

বিভিন্ন জাতি উপ-জাতি আৰু বাৰে-বৰণীয়া কৃষ্টি-সাংস্কৃতিৰে সমৃদ্ধ ৰাজ্য হৈছে অসম।এই অসমৰ অন্য জনগোষ্ঠী সকলৰ ভিতৰত মিচিং সকল হৈছে দ্বিতীয় বৃহৎ জনজাতীয় জনগোষ্ঠী।

মিচিং সকলক আদিতে ‘মিৰি’ নামেৰেও জনা গৈছিল। ভাৰতবৰ্ষৰ সংবিধানত মিচিং সকলক ভৈয়ামৰ জনজাতি হিচাপে “মিৰি” নামেৰে চিহ্ণিত কৰিছে।

     পৃথিৱীৰ প্ৰায়বোৰ জাতিয়েই এঠাইৰ পৰা আন ঠাইলৈ ঘুৰি ফুৰিছিল।ইয়াৰ কাৰণ সমূহৰ ভিতৰত- কোনোৱে কোনো এটা গোষ্ঠীক আক্ৰমণ কৰা,খাদ্যৰ সন্ধান অথবা ভালকৈ থাকিবলৈ বাসস্থান বিচাৰি।মিচিং সকলো তাৰ ব্যতিক্ৰম নহয়।

মিচিং সকল কেতিয়া আৰু কেনেকৈ অসমলৈ আহিলে এই বিষয়টোক লৈ পণ্ডিত সকলৰ মাজতো দ্বিমত দেখা যায়।

কোনো কোনো বুৰঞ্জীবিদৰ মতে অসমলৈ আহোম সকল অহাৰ আগৰ পৰাই মিচিং সকলে বসবাস কৰিছিল। কোনো কোনো পণ্ডিতৰ মতে মিচিং সকল আহোম ৰাজবংশ প্ৰতিষ্ঠাৰ পৰাই অসমত বাস কৰিবলৈ লয়। কোনোৱে কয় মিচিং সকল অসমত চুতীয়া ৰাজ্য প্ৰতিষ্ঠাৰ সময়ৰ পৰাই আছে।

সি যি কি নহওক বৰ্তমান সময়ত অসমৰ প্ৰায় এঘাৰ খন জিলাত মিচিং সকলে বসবাস কৰি আছে।

     পূৰ্ৱে মিচিং সমাজত লিখা পঢ়া জনা মানুহৰ সংখ্যা তাকৰ আছিল।সেয়েহে মৌখিক বুৰঞ্জীৰ বাহিৰে লিখিত বুৰঞ্জী মিচিং সকলৰ নাছিল বুলিয়েই কব পাৰি।কিন্তু পিছলৈ বহু কেইগৰাকী পণ্ডিতে গৱেষণামূলক ভাৱে বহু কেইখন গ্ৰন্থ লিখি উলিয়াইছে।

কিছুমান কথা জন্তুৰ ছাল,শিল,গছৰ বাকলি আদিত লিখিছিল বুলি জনশ্ৰুতি মতে জনা যায় যদিও বিভিন্ন ধৰণৰ যুদ্ধ-বিগ্ৰহ আৰু প্ৰাকৃতিক কাৰণত এইবোৰ সংৰক্ষণ কৰিব পৰা নহ’ল।

মিচিং সমাজত আগতে সন্তানৰ নাম ৰাখোতে দেউতাকৰ নামৰ শেষৰ আখৰ বা শেষৰ দুটা আখৰৰ পৰা নাম ৰখা নিয়ম আছিল। এনে দৰেই এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ বিৱৰ্তন হোৱাটো আখৰে নিৰ্দিষ্ট কৰি দিছিল।

এই সহজ পদ্ধতিৰে মিচিং সমাজত নামাকৰণ কৰা হৈছিল।তেনেকৈ নামাকৰণ কৰিলে সহজে নামটো মনত ৰাখিবলৈ সুবিধা হয় আৰু বৰ্তমানৰ নামটো জনাৰ লগে লগে পূৰ্ৱপুৰুষৰ নামটো সহজে জানিব পৰা গৈছিল।আজি কালি তেনে পদ্ধিৰে নাম ৰখা দেখা নাযায়।

ইতিহাসৰ পৃষ্ঠাত মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ

      আলি আঃয়ে লৃগাং মিচিং জনগোষ্ঠীৰ এক অন্যতম পৰিচয় দাঙি ধৰা উৎসৱ। ১৯৫৬ চনৰ পৰাই এই উৎসৱটো আনুষ্ঠানিক ভাৱে অনুষ্ঠিত কৰি অহা হৈছে।কৃষিভিত্তিক এই উৎসৱ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়। এই উৎসৱত মিচিং লোকসকলে শস্য সিঁচাৰ লগতে সকলোৱে মিলিজুলি সমূহীয়াকৈ ভোজ-ভাত খাই নৃত্য-গীত পৰিৱেশন কৰে৷

ঘৰখনৰ মূল ব্যক্তিগৰাকীয়ে আগবেলা পথাৰত বীজ সিঁচি আনুষ্ঠানিকভাৱে এই উৎসৱৰ আৰম্ভণি কৰিছিল যদিও আজিকালি সমজোৱাকৈয়ে নিৰ্দিষ্ট এক স্থানতেই বীজ সিঁচি অনুষ্ঠানৰ আৰম্ভণি কৰে। ইয়াৰ পাছতে শস্য পথাৰৰ মংগল আৰু খেতিৰ শ্ৰীবৃদ্ধি কামনা কৰি ইষ্ট দেৱতাক স্মৰণ কৰি প্ৰাৰ্থনা কৰা হয়।

mising 2

উলাহৰ এই আয়োজনত তৰা পাতেৰ মেৰিয়াই সিদ্ধ কৰা বিশেষ আঠাজাতীয় চাউলৰ ভাত,মাটিমাহ,গাহৰিৰ মাংসৰ আঞ্জা আৰু চাউলেৰে তৈয়াৰী পৰম্পৰাগত পানীয় পৰিৱেশন কৰা হয়। গাঁৱৰ ডেকাসকলে সন্ধিয়া ঘৰে ঘৰে গৈ গুমৰাগ নৃত্য-গীত পৰিৱেশন কৰে। আলি আঃয়ে লৃগাং উৎসৱ পৰম্পৰাগত ভাৱে পাঁচদিনীয়াকৈ পালন কৰা হৈছিল যদিও বৰ্তমান ব্যস্ত সময়ৰ বাবে এদিন বা দুদিনতে এই উৎসৱৰ সামৰণি পৰা দেখা যায়।

এই উৎসৱৰ সৈতে সংগতি ৰাখি মিচিং সমাজত বিভিন্ন লোকবিশ্বাসৰো প্ৰচলন আছে। উদাহৰণস্বৰূপে- উৎসৱৰ দিনকেইটাত মাটি খন্দা, গছ কটা, কণী, ফল-মূল, ভজা পোৰা আদি খাদ্য খোৱা, মাছ মৰা, পথাৰত জুই ধৰা আদিৰ ক্ষেত্ৰত বাধা নিষেধৰ নিয়ম প্ৰচলিত আছে। এই বাধা নামানিলে পথাৰত শস্যৰ উৎপাদন ভাল নহয় বুলি মিচিং সমাজত বিশ্বাস কৰা হয়।

ইতিহাসৰ পৃষ্ঠাত মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ

       মিচিং সমাজত প্ৰচলিত অন্য এক প্ৰধান কৃষিভিত্তিক উৎসৱ হৈছে পঃৰাগ। এই উৎসৱত সাধাৰণতে খেতি চপোৱাৰ পিচত গাঁৱৰ বয়োজ্যেষ্ঠ লোকৰ দ্বাৰা সৃষ্টিকৰ্তা তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰা হয়। এই উৎসৱত গাঁৱৰ সকলোৱে মিলি ভোজ-ভাত খায়, য’ত গাহৰিৰ মঙহ আৰু ছাই মদ পৰিৱেশন কৰা হয়।

এই উৎসৱৰ এক অন্যতম বৈশিষ্ট্য হৈছে নিজৰ গাঁও এৰি অন্য ঠাইত বিবাহসূত্ৰে বাস কৰা জীয়ৰী সকলক উৎসৱলৈ নিমন্ত্ৰণ আৰু লগতে কাষৰীয়া ঠাইৰ গণ্য-মান্য ব্যক্তিসকলকো ভোজলৈ নিমন্ত্ৰণ কৰা হয়। এই উৎসৱ তিনিদিন ধৰি নৃত্য-গীতৰ মাজেৰে উদযাপন কৰা হয়।

    সহজ-সৰল মিচিং সকলে নিজস্ব সংস্কৃতিৰে অসমৰ সাংস্কৃতিক জগতখনো চহকী কৰিছে।কিন্তু পৰিতাপৰ কথাটো হ’ল যে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী হিচাপে পৰিচয় লাভ কৰা মিচিং সকলৰ শ্ৰেষ্ঠ উৎসৱ টোত আজিলৈকে চৰকাৰী বন্ধ ঘোষণা কৰা নাই।আশা কৰিছো চৰকাৰে এই বিষয়ত কেবিনেটত সিধান্ত গ্ৰহণ কৰিব।

ইতিহাসৰ পৃষ্ঠাত মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ

সত্যজিৎ গগৈ, চাচনি-৭৮৬৬১০, ডিব্ৰুগড়, অসম; Mobile- 7399662867

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি
Culture

প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি

by Anjan Sarma
October 28, 2026
0

প্ৰস্তৰ যুগৰ মানুহৰ সংস্কৃতি গৌতম শৰ্মা ইতিহাসৰ আৰম্ভণি আৰু শ্ৰেণী বিভাগ : যদিও ভিন্ন পটভূমিৰ পৰা অহা তথাপিও অসমৰ প্ৰেক্ষাপটত...

Read moreDetails
Before the Clay Idol: Kaibarta-Jalkeot BorDhulia Heritage & Ancient Shakti Worship of Kamrup-Matsyadesh

Before the Clay Idol: Kaibarta-Jalkeot BorDhulia Heritage & Ancient Shakti Worship of Kamrup-Matsyadesh

October 25, 2026
The Age of the Influencers!

The Age of the Influencers!

October 25, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

October 25, 2026
Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

October 25, 2026
Stories in the Art of Terracotta

Stories in the Art of Terracotta

October 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

May 9, 2025
প্ৰাচীন কামৰূপৰ ইতিহাস

প্ৰাচীন কামৰূপৰ ইতিহাস

1
অসমৰ বানপানী আৰু গৰাখহনীয়া

Mental Health and trauma Recovery after Climate Disasters

1
Bhattadev University and Climate Justice Classroom

Bhattadev University and Climate Justice Classroom

1
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

1
Religion, Humanity, and the Search for Meaning

Religion, Humanity, and the Search for Meaning

November 13, 2026
Mahabahu Mirror: A Bold New Chapter in Climate Journalism

Mahabahu Mirror: A Bold New Chapter in Climate Journalism

November 13, 2026
photography of book page

গ্ৰন্থ পঢ়াৰ যুগ এদিন সচাকৈয়ে বিলুপ্ত হৈ পৰিব নেকি?

November 12, 2026
The Forgotten Buffer: How foothill mining is fueling floods in North East India

The Forgotten Buffer: How foothill mining is fueling floods in North East India

November 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    42826 shares
    Share 17130 Tweet 10706
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    20783 shares
    Share 8313 Tweet 5196
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    5908 shares
    Share 2363 Tweet 1477
  • Namit Malhotra’s Ramayana: Reinterpreting the Epic

    72 shares
    Share 29 Tweet 18
  • দুৰ্গা পূজা পালনৰ ইতিবৃত্ত

    766 shares
    Share 306 Tweet 192
  • 14th Eastern Himalayan Naturenomics Forum: Youth and Global Leaders Convene in Assam

    61 shares
    Share 24 Tweet 15
  • World ‘at a crossroad’ as droughts increase nearly a third

    242 shares
    Share 97 Tweet 61
  • The Green Fellows of Assam

    55 shares
    Share 22 Tweet 14
  • Balipara Foundation and the Future of the Eastern Himalaya

    53 shares
    Share 21 Tweet 13
  • Reflections from the 14th Eastern Himalayan Naturenomics Forum, 2026

    51 shares
    Share 20 Tweet 13
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d