• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

ইতিহাস অধ্যয়নৰ পৰিসৰ আৰু সম্ভাৱনা

ASSAMESE SECTION / History

by Gautam Sarmah
April 27, 2025
in Special Report, History
Reading Time: 4 mins read
0
ইতিহাস অধ্যয়নৰ পৰিসৰ আৰু সম্ভাৱনা
Share on FacebookShare on TwitterShare on LinkedIn

ইতিহাস অধ্যয়ন

গৌতম শৰ্মা

Gautam Sarma
গৌতম শৰ্মা

পাতনিতে : ‘History’, ‘ইতিহাস’ বা ‘বুৰঞ্জী’ বিষয়টোক লৈ আমাৰ বহুতৰে মনত এক ভ্ৰান্ত ধাৰণা আছে ! আচলতে এই বিষয়টি কিমান বিশাল আৰু কিমান প্ৰয়োজনীয় আমাৰ বাবে তাক আমি জনাটো খুবেই আৱশ্যক ৷

এককথাত জাতিৰ ঐতিহ্যৰে অলংকৃত কাহিনীয়েই হৈছে ইতিহাস। ইতিহাসৰ বুকুতেই একো-একোটা জীৱন্ত জাতি সোমাই থাকে। জাতিৰ সভ্যতা, সংস্কৃতি আৰু জয়-বিজয়ৰ অনুপম কাহিনীৰ বিপুল সমাবেশ ঘটে ইতিহাসত।

ইতিহাস অধ্যয়ন

ইতিহাস জাতিৰ দাপোণ, জাতিৰ যাদুঘৰ; ইতিহাসে কথা কয় একোখন দেশৰ, একোটা জাতিৰ সভ্যতাৰ কথা, একোটা সংস্কৃতিৰ কথা, একোটা জাতিৰ প্ৰাণৰ কথা।

মুঠৰ ওপৰত ইতিহাস হৈছে মানৱ সভ্যতাৰ ক্ৰমবিৱৰ্তনৰ জীৱন্ত দলিল। ইতিহাসৰ দাপোণত আমি আমাৰ অতীতক দেখোঁ, বৰ্তমানক চিনো আৰু ভৱিষ্যতৰ পথৰ সন্ধান বিচাৰোঁ।

      ইতিহাস বিষয়টোৰ সৃষ্টি তথা ক্ৰমবিকাশৰ স্তৰবোৰলৈ দৃষ্টি দিলে আমি পাওঁ য গ্ৰীক পণ্ডিত, ইতিহাসবিদ হেৰ’ডটাছে পোনপ্ৰথমবাৰৰ বাবে ‘হিষ্টৰি’ (History) শব্দটো ব্যৱহাৰ কৰিছিল। মূল ইংৰাজী এই History শব্দটো গ্ৰীক ‘ইষ্টোৰিয়া’ আৰু লেটিন ‘হিষ্টোৰিয়া’ৰ পৰা আহিছে; আৰু ইয়াৰ অৰ্থ হৈছে অনুসন্ধান, গৱেষণা উদ্ঘাটন আৰু ফলাফল বা প্ৰভাৱৰ লিখিত বিৱৰণ।

হেৰ’ডটাছে নিজৰ জীৱনকালতেই ইতিহাস চৰ্চাৰ এক দৃঢ় পদক্ষেপ হাতত লৈছিল। তেওঁ গ্ৰীক আৰু পাৰ্ছীয়ানসকলৰ মাজত সংঘটিত হোৱা ‘চালামিছৰ যুদ্ধ’খনক খ্ৰীষ্টপূৰ্ব ৪৮০ তেই পোনপ্ৰথমবাৰৰ কাৰণে নিৰপেক্ষতাৰে সবল যুক্তিৰে বৰ্ণনা কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি যাবলৈ প্ৰয়াস কৰিছিল।

এই কাৰ্যৰ যোগেদিয়েই হেৰ’ডটাছে এটা নতুন বিষয় আৱিষ্কাৰ, সংৰক্ষণ তথা উন্নয়নৰ এটি নতুন গছপুলি ৰোপণ কৰিছিল। হেৰ’ডটাছৰ এই কাৰ্যক সন্মান প্ৰদৰ্শন কৰি সেইবাবেই চিচেৰ’য়ে হেৰ’ডটাছক ইতিহাসৰ পিতৃপুৰুষ হিচাপে পোনপ্ৰথমবাৰৰ বাবে সম্বোধন কৰিছিল। যি সম্বোধন তথা সন্মানৰ দাবীদাৰস্বৰূপে হেৰ’ডটাছ আজি সমগ্ৰবিশ্বতে ইতিহাসৰ জনক তথা পিতৃ হিচাপে সৰ্বজন সমাদৃত।

ইতিহাস অধ্যয়নৰ পৰিসৰ আৰু সম্ভাৱনা

কলিংৱোদৰ ভাষাত হেৰ’ডটাছে তেওঁৰ যুগতেই ইতিহাসত আধুনিক বৈজ্ঞানিক চিন্তাক পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ ঘটাইছিল।

      ইতিহাস সম্পৰ্কে ঐতিহাসিকৰ ধাৰণা তথা ইতিহাস বিষয়টোৰ ওপৰত আৰোপিত সংজ্ঞাৰ কোনো সীমা-সংখ্যা নাই। সেয়েহে এই বিষয়টোক একাষৰীয়াকৈ থৈ ইয়াৰ পৰিসৰ সম্পৰ্কে কিছু কথা উল্লেখ কৰিব খুজিছোঁ।

উল্লেখযোগ্য যে, পৰিৱৰ্তনশীল সময়ৰ লগত ইতিহাস বিষয়টিয়ে বিভিন্ন সময়ত বিভিন্ন অলংকাৰ পৰিধান কৰি আজিৰ ৰূপ পাইছেহি। সাহিত্য যেনেদৰে আধুনিক সাম্প্ৰতিক সমাজৰ দাপোণ ঠিক তেনেদৰে ইতিহাস হৈছে অতীত সমাজৰ দাপোণ।

ইতিহাস অধ্যয়নৰ অবিহনে আমি অতীত সম্পৰ্কে কোনো স্পষ্ট ধাৰণাকে কল্পনা কৰিব নোৱাৰোঁ। মানুহৰ চিন্তা, চেতনা, জীৱনশৈলী, সমাজ, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, বিজ্ঞান, প্ৰযুক্তিবিদ্যা, পৰিৱেশ, পৰ্যটন আদিৰ প্ৰত্যেকটো বিষয়ৰে নিজস্ব ইতিহাস আছে।

এই সকলোবোৰ ইতিহাস অধ্যয়নৰ একো একোখন বহল ক্ষেত্ৰভূমি আছে আৰু এইবোৰ বিভিন্ন সময়ৰ, বিভিন্ন পৰ্যায়ৰ মাজেদি নিজৰ অস্তিত্ব ইতিহাসৰ বুকুত খোদিত কৰিবলৈ সক্ষম হৈছে।

ইতিহাস অধ্যয়নৰ পৰিসৰ আৰু সম্ভাৱনা
Vintage still life. Vintage compass lies on an ancient world map in 1565.

      ইতিহাস বিষয়টো হৈছে এটা অতি পুৰণি বিষয়। প্ৰথমাৱস্থাত বিষয়টিৰ সৈতে খুব কমসংখ্যক কথাহে লিপিবদ্ধ আৰু বাখ্যাত মনোনিবেশ কৰা হৈছিল। এইছোৱা সময়ত ইতিহাসবিদসকলৰ দৃষ্টিত যিটো ঘটনা বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল সেইবোৰ ঘটনাহে তেওঁলোকৰ সৃষ্টিত প্ৰতিফলিত হৈছিল।

ইতিহাসৰ এই প্ৰাথমিক অৱস্থাত বিশেষকৈ যুদ্ধ-বিগ্ৰহ, সামৰিক সফলতা-বিফলতা, ধৰ্ম, ৰজা, ৰাজ্য আদি বিষয়বোৰেহে বেছি প্ৰাধান্যতা পাইছিল।  য’ত ৰাজপৃষ্ঠপোষকতা লাভ কৰা ঐতিহাসিকসকলৰ লিখনিত কেৱল ৰজা-মহাৰজাৰ গুণানুকীৰ্তনেই ভৰি আছিল।

সেয়েহে এই দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে সেই সময়ত ইতিহাসৰ বিস্তৃতি তথা ইয়াৰ পৰিসৰ অতি সীমিত আছিল। কিন্তু বৰ্তমান সময়ত এই বিষয়টোৰ বিস্তৃতি তথা পৰিসৰৰ ক্ষেত্ৰখনলৈ এক ব্যাপক পৰিৱৰ্তন আহিছে; সময়ৰ অগ্ৰগতি আৰু পৰিৱৰ্তিত সমাজ ব্যৱস্থাত ইতিহাস বিষয়টোৰো বহু পৰিসৰ বাঢ়িছে।

আধুনিক ঐতিহাসিকসকলৰ দৃষ্টিত তিনিটা বিশেষ প্ৰশ্ন তথা চৰিত্ৰই ইতিহাসৰ পৰিসৰক বৃদ্ধি কৰাত প্ৰভূত অৰিহণা যোগাইছে। এই কেইটা হৈছে- ১/ কি ঘটিছিল, ২/ কিয় ঘটিছিল আৰু ৩/ কেনেকৈ ঘটিছিল।

      বৰ্তমান সময়ত ইতিহাসে বহু বিষয়ক সামৰি লৈছে। কাৰণ মানৱ জীৱনৰ প্ৰতিটো প্ৰত্যাশাকে বিভিন্ন কৰ্মেৰে আগুৰি থাকে। যিবোৰ হৈছে আইন, আখ্যান, মৌখিক সাহিত্য, কলা, দৰ্শন, বস্তুবাদী মানসিকতা, সমাজ, অৰ্থনীতি, ৰাজনীতি ইত্যাদি।

History of Kamrup
Kochbihar
Kamrupar Buranji
Kamrup
early history of kamrupa

আধুনিক ঐতিহাসিকসকলৰ দৃষ্টিভংগীত ইতিহাসৰ মুখ্য আলোচ্য বিষয় হোৱা উচিত মানুহৰ প্ৰগতি আৰু সফলতা; ই বিজ্ঞান, প্ৰযুক্তিবিদ্যা, উদ্ভাৱন আদি যিয়েই নহওক। এই দিশৰপৰা আমি ইতিহাসক এক ‘তুলনামূলক অধ্যয়ন’ৰ বিষয় হিচাপে নামকৰণ কৰিব পাৰোঁ। আধুনিক বিশ্বত ‘মাইক্ৰ ইতিহাস’ লিখাৰ পদ্ধতিয়েও ইতিহাসৰ পৰিসৰলৈ এক নব্য জীৱন কঢ়িয়াই আনিছে।

সাম্প্ৰতিক বিশ্বৰ গাঁৱৰ পৰিৱেশ, উন্নয়ন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি বেছি আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে এনে ইতিহাস ৰচনাৰ যোগেদি গাঁৱৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনৰ ওপৰত আলোকপাত কৰিছে। ইয়াৰোপৰি ঐতিহাসিকসকলে শ্ৰমিক আন্দোলন, শ্ৰেণী সংগ্ৰাম, কলা, বাণিজ্য, উদ্যোগৰ লগতে অন্যান্য সামাজিক পৰিৱৰ্তন আদি বিষয়বোৰক তেওঁলোকৰ লিখনি আৰু গৱেষণাৰ বিষয় হিচাপে বাচি লোৱা পৰিলক্ষিত হৈছে।

নাৰী জাতিৰ সামাজিক স্থান আৰু মুক্তিয়েও ইতিহাসত প্ৰবলভাবে গুৰুত্ব পাইছে। অন্যহাতেদি কেতবোৰ ইতিহাসবিদে ইতিহাসৰ দর্শনৰ ওপৰত গুৰুত্ব দিছে। মাৰ্ক্স, হেগেল, স্পেনজাৰ, ক’ট আদি পণ্ডিতসকলে সমাজৰ উন্নতি আৰু অধোন্নতিৰ কথা ইতিহাসৰ বুকুত খোদিত কৰিছে। এইবোৰৰ দ্বাৰাই প্ৰমাণ হয় যে দিনকদিনে ইতিহাস বিষয়টিয়ে নিজৰ পৰিসৰ বঢ়াই নি আছে।

       এচাম পণ্ডিতৰ মতে, ইতিহাসবিদসকলে কোনো এটা ঐতিহাসিক ঘটনাক দুই ধৰণে পৰিবেশন কৰে। প্ৰথমতে তেওঁলোকে ঘটনা এটাৰ বিষয়ে তথ্য সংগ্ৰহ কৰে আৰু তাৰপিছত তেওঁলোকে সেই ঘটনাৰ কৰকবোৰক বাখ্যা তথা বৰ্ণনা কৰে।

Assam

এই দিশটোৱেই প্ৰমাণ কৰে যে এই দুই পথত ইতিহাসৰ বস্তুনিষ্ঠতা আৰু বিষয়বস্তুনিষ্ঠতাই গুৰুত্ব লাভ কৰে। পণ্ডিত ট্ৰেভেলিনৰ মতে, “এজন ঐতিহাসিকে কোনো এটা ঘটনাৰ বৰ্ণনাৰ বাবে তিনিটা দিশক অৱলম্বন কৰে, সেইকেইটা হৈছে, বৈজ্ঞানিক, কাল্পনিক আৰু সাহিত্যিক।”

উল্লেখ্য যে, বৰ্তমান সময়ত পৰিবেশ, প্ৰকৃতিৰ ইতিহাসো ইতিহাসৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। কিয়নো ডাঙৰ ডাঙৰ পৰ্বত, পাহাৰ, নদ-নদী এই সকলোবোৰৰে মানৱ সভ্যতা বিকাশত বলিষ্ঠ ভূমিকা আছে লগতে ইয়াৰ প্ৰত্যেকৰেই নিজা-নিজা এক ইতিহাস আছে। সেয়েহে বৰ্তমান সময়ত ইতিহাস লিখোঁতে আমি কোনো এটা বিষয়কে এৰাই চলা অনুচিত।

      পুৰণি কীৰ্তিচিহ্ন, মুদ্ৰা আৰু লিপিবোৰৰ উদ্ধাৰেও ইতিহাস বিষয়টিৰ পৰিসৰলৈ এক নতুন পৰিৱৰ্তন আনিলে। ১৯ শ শতিকাত যেতিয়া ভূতত্ব আৰু প্ৰত্নতত্ব বিষয়কেইটিয়ে নিজৰ অস্তিত্ব আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হ’ল তেতিয়াই অতীত সম্বন্ধে মানুহৰ জ্ঞানো বহু বৃদ্ধি পালে।

কিয়নো এই দুটি বিষয়ে ইতিহাসৰ বুকুত মানুহৰ কৰ্ম আৰু জীৱনশৈলীক জনাত বহু পৰিমাণে সহায় কৰিছিল। সেয়েহে প্ৰত্নতত্ববিদসকলে তেওঁলোকৰ খনন কাৰ্যৰ দ্বাৰা বিশ্বৰ কেউপ্ৰান্তত আৱিষ্কৃত হোৱা ভগ্নাৱশেষবোৰৰ যোগেদি ইতিহাস ৰচনাৰ এখন নতুন দুৱাৰ মুকলি কৰি দিছিল।

এই আৱিষ্কাৰসমূহে বহু হাজাৰ বছৰীয়া মানুহৰ চিন্তা আৰু সৃষ্টিৰ গোপন ৰহস্যবোৰৰ তথ্যপাতিয়ে ইতিহাসৰ পৰিসৰক বহল কৰাত প্ৰবল বৰঙণি যোগাইছিল। অন্যহাতেদি, সাম্প্ৰতিক বিশ্বখনত ইতিহাস সাৰ্বজনীন চৰিত্ৰৰে গঠিত এক বিষয়লৈ ৰূপান্তৰ হৈছে। কিয়নো বিশ্ব ইতিহাসৰ প্ৰাথমিক অৱস্থাৰ পৰাই সমগ্ৰ বিশ্বখন সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আদি ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত আছিল আৰু সেই সময়ছোৱাত এটাই আনটোতকৈ শ্ৰেষ্ঠ বুলি ভাবি লৈছিল।

building castle figures facade
Photo by Pixabay on Pexels.com

এককথাত বিশ্ব সম্পৰ্কে মানুহৰ ধাৰণা একেবাৰে অপৰিপক্ক আছিল। উদাহৰণস্বৰূপে, এনে এটা সময় আছিল যি সময়ত ভাৰতীয়, চীনা আৰু ইৰাণীয়ান সভ্যতাক পৃথিৱীৰ আনবোৰ সভ্যতাতকৈ শ্ৰেষ্ঠ বুলি ভবা হৈছিল।

কিন্তু যেতিয়া যোগাযোগ আৰু যাতায়ত ব্যৱস্থাৰ উন্নতি আৰু দ্ৰুত সম্প্ৰসাৰণ হ’ল তেতিয়াই বিশ্বৰ এটা সভ্যতাই অন্য এটাৰ বহু কাষ চাপি আহিল আৰু ইয়াৰ দ্বাৰাই মিশ্ৰ তথা সংমিশ্রিত সভ্যতা গঠনৰ পথ প্ৰশস্ত হ’ল।

সেয়েহে হয়তো অধ্যপক এল্টনে সঠিকভাবেই কৈ কৈছিল, “All good historical writing is universal history in the sense that it remembers the universal while dealing with part of it.”

ইতিহাস অধ্যয়ন

অধিক তথ্যৰ বাবে এই লেখকৰে ‘ইতিহাসৰ পৰিচয় আৰু সমল’ শীৰ্ষক গ্ৰন্থখন পঢ়িব পাৰে

[লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক, ফোন: ৯৯৫৪০ ০০২০০]

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ইতিহাস অধ্যয়ন
Gautam Sarmah

Gautam Sarmah

Related Posts

Soliloquy of a Song: The birth of Buku hom hom kore…
Special Report

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

by Editor
September 6, 2026
0

ভূপেন হাজৰিকা : মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ড° ভূপেন হাজৰিকা সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 2, 2026
flood

Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

September 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
NEPAL: What if the mud is already here?

NEPAL: What if the mud is already here?

September 7, 2026
The River That Sang Through Bhupen Hazarika

The River That Sang Through Bhupen Hazarika

September 7, 2026
গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

September 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40591 shares
    Share 16236 Tweet 10148
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18865 shares
    Share 7546 Tweet 4716
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3994 shares
    Share 1598 Tweet 999
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    950 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    151 shares
    Share 60 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4079 shares
    Share 1632 Tweet 1020
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d