ইতিহাস অধ্যয়ন
গৌতম শৰ্মা
পাতনিতে : ‘History’, ‘ইতিহাস’ বা ‘বুৰঞ্জী’ বিষয়টোক লৈ আমাৰ বহুতৰে মনত এক ভ্ৰান্ত ধাৰণা আছে ! আচলতে এই বিষয়টি কিমান বিশাল আৰু কিমান প্ৰয়োজনীয় আমাৰ বাবে তাক আমি জনাটো খুবেই আৱশ্যক ৷
এককথাত জাতিৰ ঐতিহ্যৰে অলংকৃত কাহিনীয়েই হৈছে ইতিহাস। ইতিহাসৰ বুকুতেই একো-একোটা জীৱন্ত জাতি সোমাই থাকে। জাতিৰ সভ্যতা, সংস্কৃতি আৰু জয়-বিজয়ৰ অনুপম কাহিনীৰ বিপুল সমাবেশ ঘটে ইতিহাসত।
ইতিহাস জাতিৰ দাপোণ, জাতিৰ যাদুঘৰ; ইতিহাসে কথা কয় একোখন দেশৰ, একোটা জাতিৰ সভ্যতাৰ কথা, একোটা সংস্কৃতিৰ কথা, একোটা জাতিৰ প্ৰাণৰ কথা।
মুঠৰ ওপৰত ইতিহাস হৈছে মানৱ সভ্যতাৰ ক্ৰমবিৱৰ্তনৰ জীৱন্ত দলিল। ইতিহাসৰ দাপোণত আমি আমাৰ অতীতক দেখোঁ, বৰ্তমানক চিনো আৰু ভৱিষ্যতৰ পথৰ সন্ধান বিচাৰোঁ।
ইতিহাস বিষয়টোৰ সৃষ্টি তথা ক্ৰমবিকাশৰ স্তৰবোৰলৈ দৃষ্টি দিলে আমি পাওঁ য গ্ৰীক পণ্ডিত, ইতিহাসবিদ হেৰ’ডটাছে পোনপ্ৰথমবাৰৰ বাবে ‘হিষ্টৰি’ (History) শব্দটো ব্যৱহাৰ কৰিছিল। মূল ইংৰাজী এই History শব্দটো গ্ৰীক ‘ইষ্টোৰিয়া’ আৰু লেটিন ‘হিষ্টোৰিয়া’ৰ পৰা আহিছে; আৰু ইয়াৰ অৰ্থ হৈছে অনুসন্ধান, গৱেষণা উদ্ঘাটন আৰু ফলাফল বা প্ৰভাৱৰ লিখিত বিৱৰণ।
হেৰ’ডটাছে নিজৰ জীৱনকালতেই ইতিহাস চৰ্চাৰ এক দৃঢ় পদক্ষেপ হাতত লৈছিল। তেওঁ গ্ৰীক আৰু পাৰ্ছীয়ানসকলৰ মাজত সংঘটিত হোৱা ‘চালামিছৰ যুদ্ধ’খনক খ্ৰীষ্টপূৰ্ব ৪৮০ তেই পোনপ্ৰথমবাৰৰ কাৰণে নিৰপেক্ষতাৰে সবল যুক্তিৰে বৰ্ণনা কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি যাবলৈ প্ৰয়াস কৰিছিল।
এই কাৰ্যৰ যোগেদিয়েই হেৰ’ডটাছে এটা নতুন বিষয় আৱিষ্কাৰ, সংৰক্ষণ তথা উন্নয়নৰ এটি নতুন গছপুলি ৰোপণ কৰিছিল। হেৰ’ডটাছৰ এই কাৰ্যক সন্মান প্ৰদৰ্শন কৰি সেইবাবেই চিচেৰ’য়ে হেৰ’ডটাছক ইতিহাসৰ পিতৃপুৰুষ হিচাপে পোনপ্ৰথমবাৰৰ বাবে সম্বোধন কৰিছিল। যি সম্বোধন তথা সন্মানৰ দাবীদাৰস্বৰূপে হেৰ’ডটাছ আজি সমগ্ৰবিশ্বতে ইতিহাসৰ জনক তথা পিতৃ হিচাপে সৰ্বজন সমাদৃত।
কলিংৱোদৰ ভাষাত হেৰ’ডটাছে তেওঁৰ যুগতেই ইতিহাসত আধুনিক বৈজ্ঞানিক চিন্তাক পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ ঘটাইছিল।
ইতিহাস সম্পৰ্কে ঐতিহাসিকৰ ধাৰণা তথা ইতিহাস বিষয়টোৰ ওপৰত আৰোপিত সংজ্ঞাৰ কোনো সীমা-সংখ্যা নাই। সেয়েহে এই বিষয়টোক একাষৰীয়াকৈ থৈ ইয়াৰ পৰিসৰ সম্পৰ্কে কিছু কথা উল্লেখ কৰিব খুজিছোঁ।
উল্লেখযোগ্য যে, পৰিৱৰ্তনশীল সময়ৰ লগত ইতিহাস বিষয়টিয়ে বিভিন্ন সময়ত বিভিন্ন অলংকাৰ পৰিধান কৰি আজিৰ ৰূপ পাইছেহি। সাহিত্য যেনেদৰে আধুনিক সাম্প্ৰতিক সমাজৰ দাপোণ ঠিক তেনেদৰে ইতিহাস হৈছে অতীত সমাজৰ দাপোণ।
ইতিহাস অধ্যয়নৰ অবিহনে আমি অতীত সম্পৰ্কে কোনো স্পষ্ট ধাৰণাকে কল্পনা কৰিব নোৱাৰোঁ। মানুহৰ চিন্তা, চেতনা, জীৱনশৈলী, সমাজ, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, বিজ্ঞান, প্ৰযুক্তিবিদ্যা, পৰিৱেশ, পৰ্যটন আদিৰ প্ৰত্যেকটো বিষয়ৰে নিজস্ব ইতিহাস আছে।
এই সকলোবোৰ ইতিহাস অধ্যয়নৰ একো একোখন বহল ক্ষেত্ৰভূমি আছে আৰু এইবোৰ বিভিন্ন সময়ৰ, বিভিন্ন পৰ্যায়ৰ মাজেদি নিজৰ অস্তিত্ব ইতিহাসৰ বুকুত খোদিত কৰিবলৈ সক্ষম হৈছে।
ইতিহাস বিষয়টো হৈছে এটা অতি পুৰণি বিষয়। প্ৰথমাৱস্থাত বিষয়টিৰ সৈতে খুব কমসংখ্যক কথাহে লিপিবদ্ধ আৰু বাখ্যাত মনোনিবেশ কৰা হৈছিল। এইছোৱা সময়ত ইতিহাসবিদসকলৰ দৃষ্টিত যিটো ঘটনা বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল সেইবোৰ ঘটনাহে তেওঁলোকৰ সৃষ্টিত প্ৰতিফলিত হৈছিল।
ইতিহাসৰ এই প্ৰাথমিক অৱস্থাত বিশেষকৈ যুদ্ধ-বিগ্ৰহ, সামৰিক সফলতা-বিফলতা, ধৰ্ম, ৰজা, ৰাজ্য আদি বিষয়বোৰেহে বেছি প্ৰাধান্যতা পাইছিল। য’ত ৰাজপৃষ্ঠপোষকতা লাভ কৰা ঐতিহাসিকসকলৰ লিখনিত কেৱল ৰজা-মহাৰজাৰ গুণানুকীৰ্তনেই ভৰি আছিল।
সেয়েহে এই দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে সেই সময়ত ইতিহাসৰ বিস্তৃতি তথা ইয়াৰ পৰিসৰ অতি সীমিত আছিল। কিন্তু বৰ্তমান সময়ত এই বিষয়টোৰ বিস্তৃতি তথা পৰিসৰৰ ক্ষেত্ৰখনলৈ এক ব্যাপক পৰিৱৰ্তন আহিছে; সময়ৰ অগ্ৰগতি আৰু পৰিৱৰ্তিত সমাজ ব্যৱস্থাত ইতিহাস বিষয়টোৰো বহু পৰিসৰ বাঢ়িছে।
আধুনিক ঐতিহাসিকসকলৰ দৃষ্টিত তিনিটা বিশেষ প্ৰশ্ন তথা চৰিত্ৰই ইতিহাসৰ পৰিসৰক বৃদ্ধি কৰাত প্ৰভূত অৰিহণা যোগাইছে। এই কেইটা হৈছে- ১/ কি ঘটিছিল, ২/ কিয় ঘটিছিল আৰু ৩/ কেনেকৈ ঘটিছিল।
বৰ্তমান সময়ত ইতিহাসে বহু বিষয়ক সামৰি লৈছে। কাৰণ মানৱ জীৱনৰ প্ৰতিটো প্ৰত্যাশাকে বিভিন্ন কৰ্মেৰে আগুৰি থাকে। যিবোৰ হৈছে আইন, আখ্যান, মৌখিক সাহিত্য, কলা, দৰ্শন, বস্তুবাদী মানসিকতা, সমাজ, অৰ্থনীতি, ৰাজনীতি ইত্যাদি।
আধুনিক ঐতিহাসিকসকলৰ দৃষ্টিভংগীত ইতিহাসৰ মুখ্য আলোচ্য বিষয় হোৱা উচিত মানুহৰ প্ৰগতি আৰু সফলতা; ই বিজ্ঞান, প্ৰযুক্তিবিদ্যা, উদ্ভাৱন আদি যিয়েই নহওক। এই দিশৰপৰা আমি ইতিহাসক এক ‘তুলনামূলক অধ্যয়ন’ৰ বিষয় হিচাপে নামকৰণ কৰিব পাৰোঁ। আধুনিক বিশ্বত ‘মাইক্ৰ ইতিহাস’ লিখাৰ পদ্ধতিয়েও ইতিহাসৰ পৰিসৰলৈ এক নব্য জীৱন কঢ়িয়াই আনিছে।
সাম্প্ৰতিক বিশ্বৰ গাঁৱৰ পৰিৱেশ, উন্নয়ন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি বেছি আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে এনে ইতিহাস ৰচনাৰ যোগেদি গাঁৱৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনৰ ওপৰত আলোকপাত কৰিছে। ইয়াৰোপৰি ঐতিহাসিকসকলে শ্ৰমিক আন্দোলন, শ্ৰেণী সংগ্ৰাম, কলা, বাণিজ্য, উদ্যোগৰ লগতে অন্যান্য সামাজিক পৰিৱৰ্তন আদি বিষয়বোৰক তেওঁলোকৰ লিখনি আৰু গৱেষণাৰ বিষয় হিচাপে বাচি লোৱা পৰিলক্ষিত হৈছে।
নাৰী জাতিৰ সামাজিক স্থান আৰু মুক্তিয়েও ইতিহাসত প্ৰবলভাবে গুৰুত্ব পাইছে। অন্যহাতেদি কেতবোৰ ইতিহাসবিদে ইতিহাসৰ দর্শনৰ ওপৰত গুৰুত্ব দিছে। মাৰ্ক্স, হেগেল, স্পেনজাৰ, ক’ট আদি পণ্ডিতসকলে সমাজৰ উন্নতি আৰু অধোন্নতিৰ কথা ইতিহাসৰ বুকুত খোদিত কৰিছে। এইবোৰৰ দ্বাৰাই প্ৰমাণ হয় যে দিনকদিনে ইতিহাস বিষয়টিয়ে নিজৰ পৰিসৰ বঢ়াই নি আছে।
এচাম পণ্ডিতৰ মতে, ইতিহাসবিদসকলে কোনো এটা ঐতিহাসিক ঘটনাক দুই ধৰণে পৰিবেশন কৰে। প্ৰথমতে তেওঁলোকে ঘটনা এটাৰ বিষয়ে তথ্য সংগ্ৰহ কৰে আৰু তাৰপিছত তেওঁলোকে সেই ঘটনাৰ কৰকবোৰক বাখ্যা তথা বৰ্ণনা কৰে।
এই দিশটোৱেই প্ৰমাণ কৰে যে এই দুই পথত ইতিহাসৰ বস্তুনিষ্ঠতা আৰু বিষয়বস্তুনিষ্ঠতাই গুৰুত্ব লাভ কৰে। পণ্ডিত ট্ৰেভেলিনৰ মতে, “এজন ঐতিহাসিকে কোনো এটা ঘটনাৰ বৰ্ণনাৰ বাবে তিনিটা দিশক অৱলম্বন কৰে, সেইকেইটা হৈছে, বৈজ্ঞানিক, কাল্পনিক আৰু সাহিত্যিক।”
উল্লেখ্য যে, বৰ্তমান সময়ত পৰিবেশ, প্ৰকৃতিৰ ইতিহাসো ইতিহাসৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। কিয়নো ডাঙৰ ডাঙৰ পৰ্বত, পাহাৰ, নদ-নদী এই সকলোবোৰৰে মানৱ সভ্যতা বিকাশত বলিষ্ঠ ভূমিকা আছে লগতে ইয়াৰ প্ৰত্যেকৰেই নিজা-নিজা এক ইতিহাস আছে। সেয়েহে বৰ্তমান সময়ত ইতিহাস লিখোঁতে আমি কোনো এটা বিষয়কে এৰাই চলা অনুচিত।
পুৰণি কীৰ্তিচিহ্ন, মুদ্ৰা আৰু লিপিবোৰৰ উদ্ধাৰেও ইতিহাস বিষয়টিৰ পৰিসৰলৈ এক নতুন পৰিৱৰ্তন আনিলে। ১৯ শ শতিকাত যেতিয়া ভূতত্ব আৰু প্ৰত্নতত্ব বিষয়কেইটিয়ে নিজৰ অস্তিত্ব আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হ’ল তেতিয়াই অতীত সম্বন্ধে মানুহৰ জ্ঞানো বহু বৃদ্ধি পালে।
কিয়নো এই দুটি বিষয়ে ইতিহাসৰ বুকুত মানুহৰ কৰ্ম আৰু জীৱনশৈলীক জনাত বহু পৰিমাণে সহায় কৰিছিল। সেয়েহে প্ৰত্নতত্ববিদসকলে তেওঁলোকৰ খনন কাৰ্যৰ দ্বাৰা বিশ্বৰ কেউপ্ৰান্তত আৱিষ্কৃত হোৱা ভগ্নাৱশেষবোৰৰ যোগেদি ইতিহাস ৰচনাৰ এখন নতুন দুৱাৰ মুকলি কৰি দিছিল।
এই আৱিষ্কাৰসমূহে বহু হাজাৰ বছৰীয়া মানুহৰ চিন্তা আৰু সৃষ্টিৰ গোপন ৰহস্যবোৰৰ তথ্যপাতিয়ে ইতিহাসৰ পৰিসৰক বহল কৰাত প্ৰবল বৰঙণি যোগাইছিল। অন্যহাতেদি, সাম্প্ৰতিক বিশ্বখনত ইতিহাস সাৰ্বজনীন চৰিত্ৰৰে গঠিত এক বিষয়লৈ ৰূপান্তৰ হৈছে। কিয়নো বিশ্ব ইতিহাসৰ প্ৰাথমিক অৱস্থাৰ পৰাই সমগ্ৰ বিশ্বখন সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আদি ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত আছিল আৰু সেই সময়ছোৱাত এটাই আনটোতকৈ শ্ৰেষ্ঠ বুলি ভাবি লৈছিল।
এককথাত বিশ্ব সম্পৰ্কে মানুহৰ ধাৰণা একেবাৰে অপৰিপক্ক আছিল। উদাহৰণস্বৰূপে, এনে এটা সময় আছিল যি সময়ত ভাৰতীয়, চীনা আৰু ইৰাণীয়ান সভ্যতাক পৃথিৱীৰ আনবোৰ সভ্যতাতকৈ শ্ৰেষ্ঠ বুলি ভবা হৈছিল।
কিন্তু যেতিয়া যোগাযোগ আৰু যাতায়ত ব্যৱস্থাৰ উন্নতি আৰু দ্ৰুত সম্প্ৰসাৰণ হ’ল তেতিয়াই বিশ্বৰ এটা সভ্যতাই অন্য এটাৰ বহু কাষ চাপি আহিল আৰু ইয়াৰ দ্বাৰাই মিশ্ৰ তথা সংমিশ্রিত সভ্যতা গঠনৰ পথ প্ৰশস্ত হ’ল।
সেয়েহে হয়তো অধ্যপক এল্টনে সঠিকভাবেই কৈ কৈছিল, “All good historical writing is universal history in the sense that it remembers the universal while dealing with part of it.”
অধিক তথ্যৰ বাবে এই লেখকৰে ‘ইতিহাসৰ পৰিচয় আৰু সমল’ শীৰ্ষক গ্ৰন্থখন পঢ়িব পাৰে
[লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক, ফোন: ৯৯৫৪০ ০০২০০]
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)