ইতিহাস এষণা: কমতাপুৰৰ কাহিনী
ড০ ৰক্তিম ৰঞ্জন শইকীয়া
কমতাপুৰ হ’ল প্ৰাচীন অসমৰ ইতিহাসৰ এক গৌৰৱময় গাথা৷ প্ৰথমে কমতাপুৰ আছিল প্রাচীন কামৰূপ ৰাজ্যৰ এখন নগৰ৷
এসময়ত এই কমতাপুৰ নগৰ প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানী হিচাপেও আছিল৷ পাচলৈ এই নগৰৰ নামেৰেই ৰাজ্যখনৰ নামো কমতাপুৰ হয়গৈ৷
এই নগৰৰ ইতিহাস বুজিবৰ কাৰণে আমি প্ৰথমে প্ৰাচীন কামৰূপৰ ৰাজ্যৰ শেষৰ অৱস্থাৰ ৰাজনৈতিক ইতিহাস জনাতো প্ৰয়োজনীয়।
খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ প্ৰথম ভাগত পাল বংশীয় ৰজাসকলে শাসন কৰা প্ৰাচীন কামৰূপ ৰাজ্য আভ্যন্তৰীণ সংঘাত ধৰ্মীয় সম্প্ৰদায়ৰ কাজিয়া, প্ৰাকৃতিক দুৰ্যোগত আৰু প্ৰজাবিপ্লবত বিধ্বস্ত হয়৷ এই সুযোগতে কামৰূপৰ পাল ৰজা জয়পালৰ দিনত বঙ্গদেশৰ বৌদ্ধধৰ্মী বংগীয় পাল ৰজা ৰামপালৰ সেনাপতি মায়ানে ১১২৫ খ্ৰীষ্টাব্দৰ পৰা ১১৩০ খ্ৰীষ্টাব্দৰ ভিতৰত আক্ৰমণ কৰি একাংশ অধিকাৰ কৰে (অসমৰ ইতিহাস, পৃষ্ঠা ৭৪)৷
ইয়াৰ পাচতেই নামনি অসমত পাল ৰাজ্য কমেও চাৰি ভাগত বিভক্ত হয় (Kamarupa to kamata: The Political Transition and the new Geopolitical Trends and Spaces, Proceedings of the Indian History Congress, Vol. 72, Part-I (2011), pp. 78-86) ব্ৰহ্মপুত্ৰৰ দক্ষিণে মধ্য অসমৰ কপিলি উপত্যকাত টিপেৰা কছাৰী সকলৰ আৰু বাকী অংশত ডিমাচা কছাৰীসকলৰ ৰাজ্যই মুৰ দাঙি উঠে৷ ব্ৰহ্মপুত্ৰৰ উত্তৰে উজনি অসমত ভুঞা আৰু চুটীয়া ৰাজ্যৰ গঠন হয়৷
আৰু কামৰূপ নগৰক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰৰ দক্ষিণে এক অংশই শেষৰ জন পাল ৰজা জয়পালৰ অধীনত প্ৰাচীন কামৰূপ ৰাজ্যৰ নাম বহন কৰি থাকে। ব্ৰহ্মপুত্ৰৰ উত্তৰে বৰ্তমানৰ উত্তৰ বংগ আৰু গোৱালপাৰা অংশত মায়ানে তিঙ্গদেৱ নামৰ এজনক শাসনৰ ভাৰ দিয়ে৷ তিংগদেৱে বিদ্ৰোহ ঘোষণা কৰাত ৰামপালৰ পুত্ৰ কুমাৰ পালে বৈদ্যদেৱ নামৰ সেনাপতিক বিদ্ৰোহ দমন কৰিবলৈ পঠায়৷ বৈদ্যদেৱে বিদ্রোহ দমন কৰি কামৰূপৰ পশ্চিম অংশ অধিকাৰ কৰিছিল৷
কিন্ত ১১৩৮ খ্ৰীষ্টাব্দত স্বাধীনতা ঘোষণা কৰিছিল৷ বৈদ্যদেৱৰ ৰাজত্বৰ শেষৰ ফালে বংগদেশৰ সেন ৰজা সকলৰ লগত কামৰূপৰ সংঘৰ্ষ আৰম্ভ হৈছিল। এনে এখন যুদ্ধতে ১১৪৫ চনত বৈদ্যদেৱৰ মৃত্যু হয় হয়৷ বৈদ্যদেৱৰ মৃত্যুৰ পাচতে তেওঁৰ ৰাজ্য পুনৰ কামৰূপৰ অৰ্ন্তভূক্ত কৰা হয়৷
জয়পালৰ পাচত ক্ৰমাৎ সমুদ্ৰপাল, পৃথু আৰু ৰজা সন্ধ্যা ৰাজপাটত উঠে (Kamarupa to Kamata: The Political Transition and the new Geopolitical Trendsa and Spaces, Proceedings of the Indian History Congress, Vol. 72, PART-I (2011). pp. 78-86)। সন্ধ্যা ৰজাৰ সময়তে এজন তাৰ্ক-আফগান অভিযানকাৰী মালিক উজবেগ টুঘ্ৰিল খানে কামৰূপ আক্ৰমণ কৰি ৰাজধানী অধিকাৰ কৰে আৰু ৰজা কাষৰীয়া অৰণ্যলৈ পলায়ন কৰে৷
পাচত বিশেষ পৰিস্থিতিত মালিক উজবেগ টুঘ্রিল খানে গাৰো পাহাৰৰ মাজেৰে মৈমনসিঙলৈ পশ্চাৎসৰণ কৰোতে তাতে তেওঁক হত্যা কৰা হয়৷ কামৰূপ নগৰৰ ওপৰত সঘনাই হোৱা আক্ৰমণ আৰু পুৱফালে ক্ৰমাৎ শক্তিশালী হৈ উঠা কছাৰীসকলৰ হেচাৰ সন্মুখীন হৈ সন্ধ্যা ৰজাই হোৱা কামৰূপ ৰাজ্যৰ ৰাজধানী একেবাৰে পশ্চিমদিশে থকা দুৰ্গ নগৰী কমতাপুৰলৈ স্থানান্তৰ কৰে৷
কামৰূপৰ শাসন কেন্দ্ৰ পশ্চিমলৈ স্থানান্তৰ হোৱাৰ পাচত বৰ্তমানৰ মধ্য অসম আৰু পুৱ অসমত ৰাজনৈতিক শূণ্যতাৰ সৃষ্টি হয় আৰু ৰাজ্যৰ নামো ৰাজধানীৰ নামেৰে কমতাপুৰ বুলি প্ৰসিদ্ধ হয়।
এই কমতাপুৰ নগৰ বৰ্তমান ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ কোচবিহাৰ জিলাৰ দিনহাটা মহকুমাত, ধৰলা নদীৰ পাৰত অৱস্থিত৷ এই ঠাইক এতিয়া গোসাঁনীমাৰী বুলি জনাজাত।
ৰাজধানী স্থানান্তৰৰ বহু পুৰ্বে পালৰজা সকলৰ সময়তে কমতাপুৰ নগৰ গঢ়ি তোলা হৈছিল৷ পূৰ্বৰ পাল ৰজা সকলৰ নিৰ্মাণকাৰ্যসমূহ ইতিমধ্যে চিনাক্ত কৰা হৈছে৷
খ্ৰীষ্টীয় নৱম শতিকা মানতে কমতাপুৰে নদী বন্দৰ আৰু বাণিজ্যকেন্দ্ৰ ৰূপে খ্যাতি অৰ্জন কৰিছিল (Kamtapur: An Unexplored History of Eastern India (650-1498),page 126-130)। ৰাজধানী স্থানান্তৰৰ পাচত কমতাপুৰ দুৰ্গ আৰু বিশাল তথা সুদৃঢ়কৈ গঢ়ি তোলা হয়৷
ডা০ বুকানন হেমিল্টন নামৰ ব্ৰিটিছ বিষয়া জনে ১৮০৮ খ্ৰীষ্টাব্দতে এই দুৰ্গৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰি সবিশেষ বৰ্ণনা লিপিবদ্ধ কৰিছিল৷ ‘গোসাঁনীমঙ্গল’ নামৰ মধ্যযুগীয় পুথি খনতো এই নগৰৰ কিছু বৰ্ণনা আছে৷ ডা০ বুকানন হেমিল্টনৰ বৰ্ণনাটোকে খাঁ চৌধুৰী আমানতউল্লা আহমদে তেওঁৰ ‘কোচবিহাৰৰ ইতিহাস’ গ্ৰন্থত অৰ্ন্তভুক্ত কৰিছে ৷
ডা০ বুকানন হেমিল্টনৰ মতে কামতাপুৰ দুৰ্গৰ পৰিধি প্ৰায় ৩০-৬ কিলোমিটাৰ (১৯ মাইল) আছিল৷ এই দুৰ্গৰ প্ৰৱেশদ্বাৰ কেইখনৰ নাম আছিল শিলদুৱাৰ, জয়দুৱাৰ, বাঘদুৱাৰ, হোকো দুৱাৰ আৰু নিমাই দুৱাৰ৷ দুৰ্গৰ ভিতৰেৰে শিঙিমাৰী নদী উত্তৰৰ পৰা দক্ষিণলৈ বৈ গৈ দুৰ্গটোক দুভাগে ভাগ কৰিছিল ৷ ইটাৰ প্ৰাচীৰেৰে আবৃত কমতাপুৰ দুৰ্গৰ প্রাচীৰৰ বাহিৰ ফালে এটা আৰু ভিতৰৰ ফালে এটা মুঠ দুটা খাৱৈৰ দ্বাৰা ৰক্ষিত হৈছিল৷ এই খাৱৈ সমুহে পানীৰে পূৰ্ণ আছিল। দুৰ্গৰ ভিতৰত ইটা আৰু শিলৰ বিভিন্ন ভাস্কৰ্য খোদিত কৰা খণ্ড সিঁচৰতি হৈ থকা বুকানন হেমিল্টনে প্ৰতক্ষ্য কৰিছিল (কোচবিহাৰৰ ইতিহাস’, পৃষ্ঠা ১১৭-১২১)।
দুৰ্গৰ ভিতৰেদি প্ৰৱাহিত শিঙিমাৰী নদীয়ে বাৰে বাৰে গতি সলনি কৰি থকাত প্ৰাচীন কমতাপুৰৰ বহু গুৰুত্বপুৰ্ণ কীৰ্তিচিহ্ন ধ্বংস পালে৷ অৱশ্যে এতিয়াও দুৰ্গপ্ৰাচীৰৰ কিছু অংশৰ লগতে অন্যান্য কিছুমান কীৰ্তিচিহ্ন পৰিলক্ষিত হয়। কমতাপুৰ দুৰ্গৰ ভিতৰত থকা ‘ৰাজপাট’ নামেৰে পৰিচিত বৰ্তমান ধ্বংসস্তুপত পৰিণত হোৱা প্ৰাসাদ-দুৰ্গ সন্ধ্যা ৰজাই নিৰ্মাণ কৰা বুলি কোৱা হয় (Kamtapur: An Unexplored History of Eastern India-650-1498, page 89)।
সন্ধ্যা ৰজাৰ পাচত সিন্ধুৰায়, ৰূপনাৰায়ন আৰু সিংহধ্বজ ৰজা হয়৷ সিংহধ্বজক হত্যা কৰি তেওঁৰ মন্ত্ৰী প্ৰতাপধ্বজে কমতাপুৰৰ সিংহাসন দখল কৰি ১৩০৫-৩০ খ্ৰীষ্টাব্দলৈ শাসন কৰে৷ প্ৰতাপধ্বজৰ এগৰাকী কন্যা ৰজনীক আহোম স্বৰ্গদেউ চুখাংফাই বিবাহ কৰে ৷
প্ৰতাপধ্বজৰ দিনতে ১৩২১-২২ খ্ৰীষ্টাব্দ বংগৰ চুলতান গিয়াচুদ্দিন আজম চাহে কমতা ৰাজ্য আক্ৰমণ কৰি সেই ৰাজ্যৰ মাজেৰে মধ্য অসমলৈ সোমাই আহে ৷
বৰ্তমানৰ নগাঁৱতে কছাৰী সকলে তেওঁৰ গতিৰোধ কৰি উভতি যাবলৈ বাধ্য কৰে৷ শৰাইঘাটৰ ৰণৰ সমানেই গুৰুত্বপুৰ্ণ এই ৰণৰ বিষয়ে আমাৰ অজ্ঞতা পৰিতাপৰ বিষয়৷ ১৩৩০ চনত প্ৰতাপধ্বজৰ মৃত্যু হয়৷ তাৰ পাচত কমতা ৰাজ্যৰ বিভাজন হয়৷ উত্তৰ পুৱ অংশত ৰজা হয় তেওঁৰ পুত্ৰ দুৰ্লভ নাৰায়ন আৰু ৰংপুৰ (বৰ্তমান বাংলাদেশত) মৈমনসিঙকে ধৰি বাকীখিনি অংশৰ ৰজা হয় তেওঁৰ ভতিজা ধৰ্মনাৰায়ন।
১৪২৮ চনত দুৰ্লভ নাৰায়নৰ বংশৰ উত্তৰাধিকাৰী সকলৰ পৰা খেন বংশীয় নীলধ্বজে ক্ষমতা হস্তগত কৰি ১৪৬০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰে৷ নীলধ্বজক এজন ভুঞাঁ আছিল বুলি কোৱা হৈছে যদিও (Kamatapur, an unexplored history of Eastern India, page ১০১) আমি বুজিব লাগিব যে ভুঞাঁ শব্দই কোনো জাতি বিশেষক বুজোৱাৰ পৰিবৰ্তে মাটিগীৰি জমিদাৰ সামন্তক হে বুজোৱা হৈছে ৷
নীলধ্বজক এজন ভুঞাঁ যদিও তেওঁ আছিল মংগোলীয় মুলৰ। কাৰণ খেন সকল হ’ল মংগোলীয়া মুলৰ। খেং বা খেন বংশীয় লোক এতিয়াও ভুটানত পোৱা যায় (the Historical Anecdotes of Kheng Nobilities, Journal of Bhutan Studies, Volume 13, 2005) নীলধ্বজৰ পাচত তেওঁৰ পুত্ৰ চক্ৰধ্বজ (১৪৬০-৮০ খ্ৰীষ্টাব্দ) ৰজা হয়৷ চক্ৰধ্বজৰ পুত্ৰ নীলাম্বৰৰ দিনত ১৪৯৮ খ্ৰীষ্টাব্দত গৌড়ৰ চুলতান আলাউদ্দিন হুচেইন শ্বাহে কমতাপুৰ দখল কৰি ৰাজধানী নগৰখন একেবাৰে ধংস কৰে ৷
হুচেইন শ্বাহে তেওঁৰ পুত্ৰ দানিয়েলক শাসনকৰ্তা পাতি কমতাৰাজ্যৰ পৰা প্ৰস্থান কৰে যদিও স্থানীয় ভুঞা সকলে বিদ্ৰোহ কৰি দানিয়েলক ওফৰাই কমতাপুৰৰ ক্ষমতা দখল কৰে৷ ভুঞাঁ সকলে কমতাপুৰ নগৰক কেন্দ্ৰ কৰি কোনো ৰাজ্য গঢ়ি তোলাৰ পৰিবৰ্তে কমতাপুৰ ৰাজ্যক অসংখ্য সৰু বৰ ৰাজ্যত ভগাই শাসন কৰিবলৈ লয়৷
এনে পৰিস্থিতিত খেন সকলৰ অন্য এটা ঠাল “কোচে” সকলে (The Khoches) তেওঁলোকৰ নেতা বিশূৰ অধীনত পশ্চিম অসমত কমতাপুৰ ৰাজ্যৰ ভৌগোলিক পৰিসীমাত এখন ৰাজ্য স্থাপন কৰে (The Historical Anecdotes of Kheng Nobilities, Journal of Bhutan Studies, Volume 13, 2005, page.34)।
“কোচে” সকল পৰৱৰ্তা কালত কোচ ৰাজ্য নামেৰে জনাজাত হয়৷ বিশু বা বিশ্বসিংহই ধুবুৰী জিলাৰ চিকনাগ্ৰামত ৰাজধানী পাতিলে৷
বিশ্বসিংহৰ বংশজ সকলেও পাচত ৰাজ্যৰ ৰাজধানী হিচাপে কোচবিহাৰ নগৰ নিৰ্মান কৰি লোৱাত প্ৰাচীন কমতাপুৰ নগৰে কোচ সকলৰ দিনত পুণৰ পূৰ্বৰ দৰে মুৰ দাঙি উঠিব নোৱাৰিলে৷ অৱশ্যে কোচ ৰজা সকলে নিজকে কমতেশ্বৰ বুলিয়েই পৰিচয় দিছিল।
তথ্যসুত্ৰ:
১. আহমদ, খাঁ চোধূৰী আমানতউল্লা (২০১৪): কোচবিহাৰৰ ইতিহাস’,( অনুবাদ- অঞ্জন শৰ্মা), ভৱানী বুকছ, আনন্দৰাম বৰুৱা পথ, পাণবজাৰ, ওৱাহাটী-৭৮১০০১।
২. দেৱচৌধুৰী, ড০ নিশিপদ; বেগম, চেনেহী; বৰ্মণ, ড০ শান্ত (২০০৭): অসমৰ ইতিহাস, অসম সাহিত্য সভা, চন্দ্ৰকান্ত সন্দিকে ভৱন, যোৰহাট-৭৮৫০০১৷
৩. Boruah, Nirode (2011): Kamarupa to Kamata: The Political Transition and the new Geopolitical Trends and Spaces, Proceedings of the Indian History Congress, Vol. 72, PART-I (2011), pp. 78-86
৪. Debnnath, Salilen (2015): Kamatapur, An Unexplored History of Eastern India (650-1498), Aayu Pubications, New Delhi-110086
৫. Dorji , Lham (2005): The Historical Anecdotes of Kheng Nobilities The Historical Anecdotes of Kheng Nobilities, Journal of Bhutan Studies, Volume 13, 2005
[ড০ ৰক্তিম ৰঞ্জন শইকীয়া, ভূতত্ত্ব বিভাগ, জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট-৭৮৫০০১]
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)