ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ‘গামোছা’ উন্মোচন কৰা অসমীয়া পৰ্বতাৰোহী দলক পাঠশালাত উষ্ম আদৰণি
কল্যাণ কলিতা

পাঠশালা, ৩ জুনঃ বিশ্বৰ তৃতীয় সর্বোচ্চ শৃংগ মাউণ্ট কাঞ্চনজংঘা আৰোহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অসমৰ একমাত্ৰ পৰ্বতাৰোহী দলটিক আজি পাঠশালাত উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয়৷
পৰ্বতাৰোহণ কৰি নিজ গৃহমুখী দলটি আজি আবেলি পাঠশালাত উপস্থিত হোৱাৰ পিছতে অসমৰ অন্যতম উদ্যোগী প্ৰতিষ্ঠান অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড আৰু ইউনাইটেড ক্লাৱ, কেন্দুগুৰীৰ যৌথ উদ্যোগত আয়োজিত এক অনুষ্ঠানত অসমলৈ গৌৰৱ কঢ়িয়াই অনা দলটোক বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়৷
আনন্দৰাম বৰুৱা একাডেমি অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী ড০ ৰণজিত ডেকাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানৰ আঁত ধৰে যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক তথা ইউনাইটেড ক্লাবৰ মুখ্য পৃষ্ঠপোষক মৃদুল তালুকদাৰে৷ অনুষ্ঠানত পৰ্বতাৰোহী দলটোৰ ১৪ গৰাকী সদস্যক ফুলাম গামোচা, জাপি, শৰাই, মানপত্ৰ আৰু স্মাৰকেৰে অভিনন্দন জনায়৷
ৰাজ্যৰ বিশিষ্ট অধিবক্তা তথা অসম পৰ্বতাৰোহী সন্থাৰ মুখ্য উপদেষ্টা সত্যেন শৰ্মাৰ উপস্থিতিত এই সম্বৰ্ধনা অনুষ্ঠানত অধিবক্তা ধনজিৎ দাস, ইউনাইটেড ক্লাবৰ সম্পাদক সমীৰণ তালুকদাৰ, যুটীয়া সম্পাদক প্ৰদ্যুৎ তালুকদাৰ, সদস্য ক্ৰমে চম্পক তালুকদাৰ, গৌতম পাটগিৰি, দিগন্ত পাটগিৰি, পিংকু পাটগিৰি, যুৱ ছাত্ৰ পৰিষদৰ নেতা লক্ষেশ্বৰ দাস, পাঠশালা প্ৰেছ ক্লাব আৰু বজালী জিলা প্ৰেছ গিল্ডৰ সদস্যসকলকৰ লগতে ভালেসংখ্যক ব্যক্তিয়ে পৰ্বতাৰোহী দলটিক উষ্ম অভিনন্দন জ্ঞাপন কৰে৷
উল্লেখ্য যে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্টত অসম সন্তানে বিজয়ধ্বজা উৰুওৱাৰ সম্পূৰ্ণ এটা দশকৰ পাছত যোৱা ২৫ মে’ৰ পুৱা প্ৰায় ৭:১৫ বজাত দুই অসমীয়া পৰ্বতাৰোহী ক্ৰমে ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে সাগৰপৃষ্ঠৰ পৰা ৮,৫৮৬ মিটাৰ উচ্চতাৰ বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত আৰোহণ কৰি ত্ৰিৰংগ পতাকা, সন্থাৰ অভিযান পতাকা আৰু অসমীয়াৰ স্বাভিমান ফুলাম গামোচা উৰুৱাবলৈ সক্ষম হয়৷

স্মৰ্তব্য যে আৰোহণৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম কঠিন শৃংগ হিচাপে পৰিচিত মাউণ্ট কাঞ্চনজংঘালৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰপৰা এইটোৱেই কোনো সংগঠনে এককভাৱে চলোৱা আৰু সফলতাৰে শিখৰ আৰোহণ কৰা প্ৰথমটো বৃহৎ অভিযান৷ এই অভিযানৰ বাবে অসম চৰকাৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ জৰিয়তে বিত্তীয় সাহাৰ্য আগবঢ়াইছিল আৰু ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আছিল এই অভিযানৰ চীফ-অৱ-দা-মিছন৷

উল্লেখযোগ্য যে দলটোৰ চাৰিজন সদস্য ক্ৰমে ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, কৌশিক দাস আৰু শেখৰ বৰদলৈয়ে যোৱা ১৮ যে’ত প্ৰথম শিখৰ আৰোহণৰ লক্ষ্যৰে অভিযান চলাইছিল। দলটোৱে মাউণ্ট কাঞ্চনজংঘাৰ ৮,৪১৬ মিটাৰপৰ্যন্ত আৰোহণ কৰাৰ পাছতো কাৰিকৰী কাৰণত শিখৰলৈ যাত্ৰ ১৭০ মিটাৰ বাকী থকা অৱস্থাত সেইদিনা অভিযান পৰিহাৰ কৰিবলৈ বাধ্য হৈছিল৷

ইয়াৰ পিছতে দলটোৰ দুই সদস্য ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে ২৪ মে’ৰ সন্ধিয়া প্রায় ৬.৩০ বজাত দ্বিতীয়বাৰৰ বাবে ছামিট কেম্পৰপৰা শিখৰ আৰোহণৰ প্ৰয়াস কৰে৷ অত্যন্ত কঠিন পৰিস্থিতিৰ মাজেৰে সমগ্ৰ নিশা অতি কষ্টকৰ চেষ্টাৰ পাছত ২৫ মে’ৰ পুৱা প্রায় ৭.১৫ বজাত তেঁওলোকে সফলতাৰে শিখৰ আৰোহণ কৰি ৰাজ্যলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়৷

অসম পৰ্বতাৰোহণ সন্থাৰ মাউণ্ট কাঞ্চনজংঘা অভিযানৰ ৭ জনীয়া দলটো যোৱা ১১ এপ্ৰিলত গুৱাহাটীৰপৰা ৰাওনা হৈছিল। ৰাষ্ট্ৰপতি দ্রৌপদী মূমূৱে যোৱা ৭ এপ্ৰিলত কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই অভিযানৰ ফ্লেগ অফ কৰাৰ লগতে অভিযানটোৰ দলপতি মানস বৰুৱাৰ হাতত ৰাষ্ট্ৰীয় পতাকা, আইচ এক্স আৰু অভিযানৰ পতাকা অৰ্পন কৰিছিল৷

অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাৱ চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰপতি সচিবালয়ৰ বহুসংখ্যক বিষয়াকে ধৰি অসম পৰ্ৱতাৰোহণ সন্থাৰ মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩১ বিষয়ববীয়াসকল উপস্থিত আছিল৷ দলটোৱে শিলিগুৰিৰপৰা কাকৰভিটা হৈ গাড়ীৰে নেপালৰ তাপ্লেজুঙত উপস্থিত হৈ তাৰপৰা তেওঁলোকে হিমালয়ৰ ৫,২০০ মিটাৰ উচ্চতাত অৱস্থিত বেছ কেম্পলৈ ট্রেকিং কৰি যায়৷

দলটোৱে যোৱা ২০ এপ্ৰিলত বেছ কেম্পত উপস্থিত হয়৷ দুৰ্ভাগ্যজনকভাৱে হঠাতে হোৱা অসুস্থতাৰ বাবে দলটোৰ যুটীয়া উপ দলপতি উপেন চক্ৰৱৰ্তীয়ে বেছ কেম্পৰপৰাই অসমলৈ ঘূৰি আহিবলৈ বাধ্য হয়৷ বেছ কেম্পৰপৰা তিনিটা কেম্প অতিক্ৰম কৰি দলটোৱে ১৩ মে’ত ৭,৫০০ মিটাৰ উচ্চতাত স্থাপন কৰা ছামিট কেম্পত উপস্থিত হয়।

১৪ মে’ৰ পৰা এটা অভিজ্ঞ শ্বেৰ্পা দলৰ সৈতে অভিযানকাৰী দলটোৱে শিখ আৰোহণৰ বাবে পথ মুকলি প্ৰক্ৰিয়া আৰম্ভ কৰে৷ উল্লেখযোগ্য যে কাঞ্চনজংঘা অভিযানকাৰী দলটোৰ নেতৃত্ব বহন কৰিছ্ল ২০১৫ আৰু ২০১৬ বৰ্ষত অসমৰপৰা উলিওৱা এভাৰেষ্ট অভিযান দুটাৰ নেতৃত্ব বহন কৰা ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্বতাৰোহণকাৰী মানস বৰুৱাই৷

উপ দলপতিৰ লগতে চিকিৎসা বিষয়াৰ দায়িত্বত আছিল ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্ৱতাৰোহণকাৰী তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ সহযোগী অধ্যাপক ডাঃ জগদীশ বসুমতাৰী৷ দলটোৰ অন্য সদস্যসকল আছিল ক্ৰমে উপেন চক্ৰৱৰ্তী, কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ আৰু শেখৰ বৰদলৈ৷

04-06-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)