• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, June 7, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Adventure

ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ২ অসম সন্তান

কাঞ্চনজংঘাৰ শিখৰত ২ অসম সন্তান

by Admin
May 27, 2023
in Adventure, Inspiration, News
Reading Time: 3 mins read
0
ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ২ অসম সন্তান
Share on FacebookShare on TwitterShare on LinkedIn

ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ২ অসম সন্তান

মৃগাংক শৰ্মা

ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ২ অসম সন্তান

গুৱাহাটী, ২৫ মে’: বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত অসম সন্তানে বিজয়ধ্বজা উৰুওৱাৰ সম্পূৰ্ণ এটা দশকৰ পাছত আজি আন এক ইতিহাস ৰচিলে অসম আৰু অসমীয়াই৷

আজি ২জন অসম সন্তানে বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ মাউণ্ট কাঞ্চনজংঘা আৰোহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷

অসম পৰ্ৱতাৰোহণ সন্থাই এককভাৱে আয়োজন কৰা এই অভিযানৰ সদস্য ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে আজি পুৱা প্ৰায় ৭.১৫ বজাত ৮,৫৮৬ মিটাৰ উচ্চতাৰ মাউণ্ট কাঞ্চনজংঘা শৃংগৰ শিখৰত আৰোহণ কৰি ত্ৰিৰংগ পতাকা, সন্থাৰ অভিযান পতাকা আৰু অসমীয়াৰ স্বাভিমান ফুলাম গামোচা উৰুৱাবলৈ সক্ষম হয়৷

RelatedPosts

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

June 7, 2023
English Language Imperialism and Our Mother Tongues Today

English Language Imperialism and Our Mother Tongues Today

June 7, 2023
After writing this line, Fadeev shot himself !

বাঢ়ি অহা আত্মহত্যাৰ ঘটনা আৰু আমাৰ বোধগম্যতা

June 7, 2023

উল্লেখযোগ্য যে আৰোহণৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম কঠিন শৃংগ হিচাপে পৰিচিত মাউণ্ট কাঞ্চনজংঘালৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰপৰা এইটোৱেই কোনো সংগঠনে এককভাৱে চলোৱা আৰু সফলতাৰে শিখৰ আৰোহণ কৰা প্ৰথমটো বৃহৎ অভিযান৷

এই অভিযানৰ বাবে অসম চৰকাৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ জৰিয়তে বিত্তীয় সাহাৰ্য আগবঢ়াইছিল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা এই অভিযানৰ চীফ-দা-মিছন আছিল৷

উল্লেখযোগ্য যে দলটোৰ চাৰিজন সদস্য ক্ৰমে ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, কৌশিক দাস আৰু শেখৰ বৰদলৈয়ে যোৱা ১৮ মে’ত প্ৰথম শিখৰ আৰোহণৰ লক্ষ্যৰে অভিযান চলাইছিল৷ দলটোৱে মাউণ্ট কাঞ্চনজংঘাৰ ৮,৪১৬ মিটাৰপৰ্যন্ত আৰোহণ কৰাৰ পাছতো কাৰিকৰী কাৰণত শিখৰলৈ মাত্ৰ ১৭০ মিটাৰ বাকী থকা অৱস্থাত সেইদিনা অভিযান পৰিহাৰ কৰিবলৈ বাধ্য হৈছিল৷

  • AMA1
  • ama2
  • ama3
  • ama5
  • ama7
  • ama8
 

দলটোৰ দুই সদস্য ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে কালি সন্ধিয়া প্ৰায় ৬.৩০ বজাত দ্বিতীয়বাৰৰ বাবে ছামিট কেম্পৰপৰা শিখৰ আৰোহণৰ প্ৰয়াস কৰে৷ অত্যন্ত কঠিন পৰিস্থিতিৰ মাজেৰে সমগ্ৰ নিশা অতি কষ্টকৰ চেষ্টাৰ পাছত আজি পুৱা প্ৰায় ৭.১৫ বজাত তেঁওলোকে সফলতাৰে শিখৰ আৰোহণ কৰি ৰাজ্যলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়৷

ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ২ অসম সন্তান

          অসম পৰ্বতাৰোহণ সন্থাৰ মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ৰ ৭ জনীয়া দলটো যোৱা ১১ এপ্ৰিলত গুৱাহাটীৰপৰা ৰাওনা হৈছিল৷

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে যোৱা ৭ এপ্ৰিলত কইণাধৰাস্থিত ৰাজ্যিক অতিথিশালাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই অভিযানৰ ফ্লেগ অফ কৰাৰ লগতে অভিযানটোৰ দলপতি মানস বৰুৱাৰ হাতত ৰাষ্ট্ৰীয় পতাকা, আইচ এক্স আৰু অভিযানৰ পতাকা অৰ্পন কৰিছিল৷

অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাৱ চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰপতি সচিবালয়ৰ বহুসংখ্যক বিষয়াকে ধৰি অসম পৰ্ৱতাৰোহণ সন্থাৰ মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩১ বিষয়ববীয়াসকল উপস্থিত আছিল৷

          দলটোৱে শিলিগুৰিৰপৰা কাকৰভিটা হৈ গাড়ীৰে নেপালৰ তাপ্লেজুঙত উপস্থিত হৈ তাৰপৰা তেওঁলোকে হিমালয়ৰ ৫,২০০ মিটাৰ উচ্চতাত অৱস্থিত বেছ কেম্পলৈ ট্ৰেকিং কৰি যায়৷ দলটোৱে যোৱা ২০ এপ্ৰিলত বেছ কেম্পত উপস্থিত হয়৷ দুৰ্ভাগ্যজনকভাৱে হঠাতে হোৱা অসুস্থতাৰ বাবে দলটোৰ যুটীয়া উপ দলপতি উপেন চক্ৰৱৰ্তীয়ে বেছ কেম্পৰপৰাই অসমলৈ ঘূৰি আহিবলৈ বাধ্য হয়৷

ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ২ অসম সন্তান

বেছ কেম্পৰপৰা তিনিটা কেম্প অতিক্ৰম কৰি দলটোৱে ১৩ মে’ত ৭,৫০০ মিটাৰ উচ্চতাত স্থাপন কৰা ছামিট কেম্পত উপস্থিত হয়৷ ১৪ মে’ৰপৰা এটা অভিজ্ঞ শ্বেৰ্পা দলৰ সৈতে অভিযানকাৰী দলটোৱে শিখৰ আৰোহণৰ বাবে পথ মুকলি প্ৰক্ৰিয়া আৰম্ভ কৰে৷

          উল্লেখযোগ্য যে কাঞ্চনজংঘা অভিযানকাৰী দলটোৰ নেতৃত্ব বহন কৰে ২০১৫ আৰু ২০১৬ বৰ্ষত অসমৰপৰা উলিওৱা এভাৰেষ্ট অভিযান দুটাৰ নেতৃত্ব বহন কৰা ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্ৱতাৰোহণকাৰী মানস বৰুৱাই৷

উপ দলপতিৰ লগতে চিকিৎসা বিষয়াৰ দায়িত্বত আছিল ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্ৱতাৰোহণকাৰী তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ সহযোগী অধ্যাপক ডাঃ জগদীশ বসুমতাৰী৷ দলটোৰ অন্য সদস্যসকল হ’ল উপেন চক্ৰৱৰ্তী (যুটীয়া উপ দলপতি), কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ আৰু শেখৰ বৰদলৈ৷

(মৃগাংক শৰ্মা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক, অসম পৰ্বতাৰোহণ সন্থা, ফোন – ৯৬৭৮০০৯৬৬৩)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?
Women

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

by Admin
June 7, 2023
0

Wrestlers’ Protest: Will they get Justice against Sexual Harassment? KAKALI DAS Welcome to the New India – on Veer Savarkar’s...

Read more
English Language Imperialism and Our Mother Tongues Today

English Language Imperialism and Our Mother Tongues Today

June 7, 2023
After writing this line, Fadeev shot himself !

বাঢ়ি অহা আত্মহত্যাৰ ঘটনা আৰু আমাৰ বোধগম্যতা

June 7, 2023
All About Domestic Abuse and Violence

All About Domestic Abuse and Violence

June 7, 2023
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

June 6, 2023
gray scale photo of man covering face with his hands

নিবনুৱা আৰু মানসিক স্বাস্থ্য

June 6, 2023
  • Trending
  • Comments
  • Latest
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
প্ৰাচীন কামৰূপৰ ইতিহাস

প্ৰাচীন কামৰূপৰ ইতিহাস

May 21, 2023
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

June 7, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

June 7, 2023
COLLAGE OF AFGHANISTAN (23)

COLLAGE OF AFGHANISTAN (23)

June 7, 2023
বিকাশ বনাম বিনাশ : দুখন ছবি

বিকাশ বনাম বিনাশ : দুখন ছবি

June 7, 2023

Popular Stories

  • প্ৰাচীন কামৰূপৰ ইতিহাস

    প্ৰাচীন কামৰূপৰ ইতিহাস

    908 shares
    Share 363 Tweet 227
  • THE KERALA STORY: Truth behind it

    561 shares
    Share 224 Tweet 140
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    644 shares
    Share 258 Tweet 161
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    635 shares
    Share 254 Tweet 159
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 428 Tweet 268
  • মিচিং সমাজ আৰু সংস্কৃতি

    269 shares
    Share 108 Tweet 67
  • ইতিহাসৰ জলঙাইদি হাজো

    419 shares
    Share 168 Tweet 105
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    320 shares
    Share 128 Tweet 80
  • টাইফাকেঃ সমাজ জীৱন, সংগ্ৰাম আৰু সমস্যা

    186 shares
    Share 74 Tweet 47
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    261 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: