• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী : ৰণৰাম চৌধুৰী

ASSAMESE SECTION / History / Assam

by Anjan Sarma
August 15, 2025
in ASSAMESE SECTION, ASSAM, History
Reading Time: 11 mins read
0
ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী : ৰণৰাম চৌধুৰী
Share on FacebookShare on TwitterShare on LinkedIn

ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী

অঞ্জন শৰ্মা

Anjan Sarma Pic

কোনোধৰণৰ উল্লেখযোগ্য চিন-মোকাম নথকা, স্মৃতিচিহ্ন নথকা, ‘হাদিৰাচকী’ৰ একেবাৰে সমীপলৈ পুনৰ আহিছিলো।

বিস্তীৰ্ণ এলেকা জুৰি মাথোঁ হু হু শূণ্যতা। নদী, বালিৰ চাপৰি, কঁহুৱা, সেউজ কৃষিভূমি, হঠাৎ দৃশ্যপটত আৱিৰ্ভূত হোৱা মাছমৰীয়াৰ নাও, গোমা বতৰ, শুকান বতাহ, একেবাৰে ওচৰতে ফুলৰা-চতলা,….

হঠাৎ মনলৈ আহে শৈলধৰ ৰাজখোৱাৰ অমৰ কাব্য ‘পাষাণ প্ৰতিমা‘ৰ কিয়দংশ…

” উঠাঁ হে ফুলৰা, উঠাঁ হে চতলা, উঠাঁ দেৱবালা স্বৰূপ ধৰি,
পূৰ্ণ হ’ল আজি শতেক বছৰ, আৰু কতকাল থাকিব পৰি?
কোন সৰগৰ পাৰিজাত ফুল
কাৰনো শাপত হেৰুৱালা কুল
চিৰ অচেতন ফুলৰা চতলা পাষাণ-প্ৰতিমা আপোন ভুলি,
নিফুট সুৰেৰে নিজান থলত চিৰবিষাদৰ ৰাগিণী তুলি?

কুলু কুলু কৰি বইছে লুইত ফুলৰা তোমাৰ চৰণ ধুই,
সতী-পৰশত উখল-মাখল তিনিও কাষকে আৱৰি লই ।
মানাহৰ সউ বালিৰ কাষত,
ৰূপহী চতলা নিজান বনত,
নিচেই কাষতে সহিব নোৱাৰি ডেকা মানাহৰ লুভীয়া চকু
লাজত ৰাঙলী শ্যামল সাজেৰে ঢাকিলে চতলা উঠন বুকু ।

ভণ্ড যোগী সউ গিৰি বাঘবৰ বহিছে ধ্যানত নবহে মন,
সমুখত দুটি ৰূপহী কুমাৰী, চাৰিওকাষৰে নিজান বন!
কাকনো দুষিম, কামিনী-পাশত
জটীয়া শিৱও পৰিল পাকত!
উঠাঁ যোগীবৰ বীণখনি বাই শুনোৱাঁ পুৰণি পাহৰা কথা,
যুগে যুগে যত অতীত কাহিনী সকলো তোমাৰ মনতে গঁথা।

সেইদিনা দুটি অমৰ-কুমাৰী ফুলৰা চতলা কিশোৰী বালা
বুঢ়া লুইতৰ ৰূপালী বালিত নন্দন বনৰ পাতিলে খেলা!
নিলগে নিলগে হাদিৰা-চকিত
অসমৰ শেষ স্বাধীন গাদীত,
অসমৰ শেষ স্বাধীনতা হেতু চন্দ্ৰকান্তসিংহে পাতিলে খেলা….!”

 

ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী
Photo by Giallo on Pexels.com

যেতিয়াই আহো হাদিৰাচকীক অনুভৱ কৰিবলৈ, অসমৰ স্বাধীনতাৰ শেষ দিনটোৰ বিষয়ে স্মৰণ কৰিবলৈ, অনিবাৰ্য ভাৱে ‘পাষাণ- প্ৰতিমা’ই মনটোক আমনি কৰে! স্বতঃস্ফূৰ্তভাৱে বতাহত ভাহি আহে শৈলধৰ ৰাজখোৱাৰ অমৰ সৃষ্টি….

“গুৰুম গুৰুম ফুটিছে কামান, উঠিছে পৰিছে সহস্ৰ অসি,
নাচ তালে তালে ডাকিনী-যোগিনী, তেজেৰে ৰাঙলী শ্মশান পশি |
কোন কেনি আছ আজি শেষবাৰ,
চাই যা ধেমালি অসম-বীৰৰ
মৰিও নমৰে, পৰিও নপৰে, বাণ-ভগদত্ত-চুকাফা-জাত |
গৃহ-বিৱাদত জলাকলা আজি, নহ’লে কোনেনো দিয়েহি হাত?

মতলীয়া আজি কামৰূপী বীৰ, মতলীয়া…”

আঃ, হাদিৰাচকী! ইয়াতেই লুপ্ত হৈছিল অসমৰ গৌৰৱ ৰৱি!

 

ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী
Photo by Pixabay on Pexels.com

ভাব হয়, আৰু সেই ভাবৰ ভেটিত প্ৰশ্ন উদ্ৰেক হয়, প্ৰাচীন কামৰূপৰ পতাকা আছিল নে নাই ? কোচ ৰাজত্বৰ পতাকা? স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰণনৌকাত ‘অসমৰ পতাকা’ – যিখন শেষবাৰৰ বাবে উৰিছিল হাদিৰাচকীত? যিখন পতাকাৰ তলত অন্তিমবাৰৰ বাবে অসমৰ স্বাধীনতা ৰক্ষাৰ্থে তয়াময়া যুদ্ধ কৰিছিল স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই?

কিন্তু এইবোৰ প্ৰশ্নৰ উত্তৰ দিব কোনে? হিউৱেন চাঙে যদি চীনদেশৰ পৰা এই মুলুকলৈ নাহিলহেতেন, যদিহে বাণভট্টই ‘হৰ্ষ-চৰিত’ নিলিখিলেহেতেন, যদিহে পাঠশালাৰ সমীপৰ ডুবিত ফলি আৱিষ্কাৰ নহ’লহেতেন- ভাস্কৰবৰ্মাকো কাৰ্টুনৰ চৰিত্ৰ বা কাল্পনিক চৰিত্ৰ বুলি ঘোষণা কৰা কাৰ্য কাহানিবাই হ’লহেতেন!

যি কি নহওক, হাদিৰাচকীৰ বতাহ উশাহত টানি, সিপাৰৰ বিস্তীৰ্ণ এলেকা লক্ষ্য কৰি, ৰঙামাটিৰ বিষয়ে স্মৰণ কৰি, কামৰূপৰ তথা অসমৰ বাবে বিশেষ এটা দিনৰ বিষয়ে আৰু ইতিহাসৰ বিৱৰ্ণ‌‌‌ পৃষ্ঠাত নিৰুদ্দিষ্ট এক বিদ্ৰোহীৰ বিষয়ে , যিটো দিন আৰু যিটো চৰিত্ৰ আমাৰ বাবে ঐতিহাসিক ভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সচেতনভাৱে যুগ যুগ ধৰি অৱহেলিত, সেই বিষয়ে ৰোমন্হন কৰাৰ বাবে এই লেখা আৰম্ভ কৰাৰ পূৰ্বে পুনৰ কিছুপৰ আপোনালোকৰ সৈতে হাদিৰাচকী ইত্যাদিত বিচৰণ কৰিবলৈ আগবাঢ়িছো – আৰু বিচৰণৰ অন্তত, আমি পৰ্যায়ক্ৰমে আমাৰ বিষয়বস্তুলৈ আগুৱাই যাম।

ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী
Photo by Steve Johnson on Pexels.com

‘অসমৰ স্বাধীনতাৰ শেষ দিন’টো সম্পৰ্কে বহুতেই ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখটোলৈ , অৰ্থাৎ ইয়ান্ডাবু সন্ধি স্বাক্ষৰিত হোৱা দিনটোলৈ আঙুলিয়ায় যদিও প্ৰকৃতাৰ্থত ১৮২২ চনৰ ২১ জুন তাৰিখে, শুক্ৰবাৰৰ দিনটো আছিল অসমৰ স্বাধীনতাৰ অন্তিম দিন!

ব্ৰহ্মদেশৰ মান সেনাপতি মিঙ্গিমাহা বান্দুলাই উজনি অসমৰ লগতে গুৱাহাটী চহৰ দখল কৰাৰ পটভূমিত অসমৰ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই সসৈন্যে ভটীয়াই আহি হাদিৰাচকীত বাহৰ পাতি থকা অৱস্থাত, অইন এগৰাকী মান সেনাপতি মিঙ্গিমাহা তিলোৱাই অতৰ্কিতে ১৮২২ চনৰ ২১ জুন তাৰিখ শুক্ৰবাৰে ৰাতিপুৱা ৫ বাজিবলৈ ৫ মিনিটমান বাকী থকা অৱস্থাত অসমীয়া সৈন্যক প্ৰচন্ড আক্ৰমণ কৰে।

এইসম্পৰ্কে ইতিহাসবিদ সূৰ্যকুমাৰ ভূঞাই লিখিছে, ‘দুয়োপক্ষৰ মাজত প্ৰায় ৩ মিনিটমান সময় তুমুল সংগ্ৰাম হয়। ব্ৰহ্মপুত্ৰ নদীৰ সিপাৰে থকা গোৱালপাৰাৰ পৰাও হিলৈৰ শব্দ শুনা যায়। কিছুপৰ তলকা মাৰি থকাৰ পিছত পুনৰ গুলিয়াগুলি চলি থাকে। তাৰ পিছত সকলো নিমাত-নিস্তব্ধ। এই ৰণত চন্দ্ৰকান্ত সিংহৰ পৰাজয় হ’ল, আৰু বৰ্ম্মাসৈন্যই হাদিৰাচকী অধিকাৰ কৰিলে। ১৮২২ চনৰ ২১ জুন তাৰিখেই হৈছে অসমৰ স্বাধীনতাৰ শেষ দিন।’

ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী
মিঙ্গিমাহা বান্দুলা

অসমখন বৰ্ম্মাসৈন্যই দখল কৰাৰ পিছত ১৮২২ চনৰ জুন মাহৰ শেষভাগত মিঙ্গিমাহা তিলোৱা অসমৰ শাসনকৰ্তা হিচাপে নিযুক্ত হ’ল। ১৮২২ চনৰ জুলাই মাহত ৰংপুৰৰ মেজিষ্ট্ৰেট ডেভিড স্কটে গৱৰ্ণৰ জেনেৰেললৈ এনেদৰে বাৰ্তা প্ৰেৰণ কৰিলেঃ ‘বৰ্ম্মাসৈন্যই অসম দেশখন সম্পূৰ্ণৰূপে দখল কৰিছে আৰু সেই দেশ শাসনৰ নিমিত্তে বৰ্ম্মা সেনাপতি এজন নিযুক্ত কৰিছে। আমি এতিয়া অসম দেশক বৰ্ম্মা সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত এখন প্ৰদেশ বুলি বিবেচনা কৰিব লাগিব।’

অসমত মানৰ আক্ৰমণে ইংৰাজক অসম আগমণৰ বাবে বাট কাটি দিয়া বুলি সততে উচ্চাৰিত হ’লেও স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালতেই ইংৰাজে মোৱামৰীয়া বিদ্ৰোহ দমনৰ নামত স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আমন্ত্ৰণক্ৰমে অসমলৈ আহি পৰোক্ষভাৱে খোপনি পুতিছিল আৰু ধন-সোণৰ লগতে ২০০০ যুদ্ধৰ নাওঁ, ৪০০০ হিলৈ ইত্যাদি লগত লৈ যোৱাৰ উপৰিও কিছুমান প্ৰশাসনীয় নীতি-নিয়ম জাপি দিছিল, বেহা-বেপাৰৰ বাবে চুক্তি সম্পাদনো কৰিছিল।

পিছলৈ তিনিবাৰকৈ মানৰ আক্ৰমণত, প্ৰথমবাৰ বদন বৰফুকনৰ আমন্ত্ৰণত, দ্বিতীয়বাৰ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ আমন্ত্ৰণত, তৃতীয়বাৰ অনাহুত হৈ – বিধ্বস্ত হৈ পৰা অসমত, ১৮২২ চনৰ ২১ জুন তাৰিখে হাদিৰাচকীত চন্দ্ৰকান্ত সিংহই মানৰ হাতত পৰাজিত হোৱাৰ পাছত অসমৰ স্বাধীনতা মানৰ কুক্ষিগত হোৱাৰ পিছত, অসমলৈ ইংৰাজ অহাৰ পোনপটীয়া পথ তৈয়াৰ হৈ যায়।

অৰ্থাৎ, ১৮২২ চনৰ ২১ জুনৰ পৰাধীনতাৰ প্ৰায় ৩ বছৰ ৮ মাহ পিছত স্বাক্ষৰিত হয় ‘ইয়াণ্ডাবু সন্ধি’ ! মানৰ পৰা ইংৰাজৰ হাতলৈ যায় অসম। অৰ্থাৎ, আজিৰে পৰা ২০০+ বছৰ আগতেই , কোনোকালে ভাৰতৰ শাসকৰ অধীন নোহোৱা অসমৰ স্বাধীনতা লুপ্ত হয়।

গতিকে, আগন্তুক ২০২৩ চনৰ ২১ জুন তাৰিখে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপস্থ, কোনোধৰণৰ অস্তিত্ব নথকা – আনকি কোনো স্মৃতিফলক এখনো নথকা (চন্দ্ৰকান্ত সিংহই অসমৰ স্বাধীনতাৰ বাবে শেষ দিনটোৰ  ৰণত অংশগ্ৰহণ কৰাৰ স্মৃতি হিচাবে) হাদিৰাচকীত “অসমৰ পৰাধীনতাৰ ২০১ বছৰ” হোৱা হেতুকে পিছলৈ ইংৰাজৰ উপনিৱেশ হৈ পৰি ভাৰত উপনিৱেশৰ অংশ হৈ পৰা হেতুকে এই মুলুকত ত্ৰিৰঙ্গা পতাকা উৰা বাবে অৱশেষত ‘ভাৰতীয়’  হোৱা সকলক অচেতনতাৰ বেজীৰ খোচ দিবলৈ উলহ-মালহেৰে ‘অসমৰ পৰাজয়ৰ ২০১ বছৰীয়া দিৱস’ পালন কৰিবলৈ দিল্লীৰ গোলামসকলে এতিয়াৰ পৰাই ককালত টঙালি বান্ধিব পাৰে আৰু অসমৰ স্বাধীনতা লুপ্ত হোৱাৰ বাবে যিসকল সচাই পৰম ব্যথিত সেইসকলেও সুকীয়াকৈ ‘অসমৰ বেলিমাৰৰ ২০০ বছৰীয়া দিৱস’ পালন কৰিব পাৰে !

পৰম পৰিতাপৰ কথা এয়াই যে আজিলৈ হাদিৰাচকীত কোনোৱেই কোনোদিনে অসমৰ স্বাধীনতাৰ শেষদিনটোত অসম সন্তানসকলৰ আত্ম- বলিদানৰ স্মৃতি সুঁৱৰিবলৈও কোনো প্ৰচেষ্টা চলোৱা নাই ! আমিও এটা জাতি !! আমাৰ অসমত হাজাৰ হাজাৰ বছৰৰ শৌৰ্যময় কামৰূপ দেশৰ প্ৰতীক হিচাপে ভাস্কৰবৰ্মনৰ এটা মূৰ্তি নাই!! বখতিয়াৰৰ বাহিনীক কচুকটা দিয়া মহাবীৰ পৃথুৰ নামতো একো নাই !

অথচ, বাটে-পদুলিয়ে , আকাশে-বতাহে সকলোতে ৰামশিয়াল, খেকশিয়াল, মুগাশিয়াল, ৰঙাশিয়াল,  পখৰাশিয়াল, নীলাশিয়াল, গেৰুৱাশিয়ালবোৰৰ ছৱিয়েই ছৱি !!

ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী
ইয়ান্ডাবু সন্ধি

১৮২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ সময়। মানৰ আক্ৰমণত বিধ্বস্ত অসম! চৌদিশে বিভীষিকা। মৃত্যুৰ কিৰিলী। তেজৰ চেকুৰা।

তেনে এক পটভূমিত গুৱাহাটীত খোপনি পুতি ডেভিড স্কটে ঘোষণা কৰিলেঃ ” হে অসমৰ প্ৰজাসকল, আমি আপোনালোকৰ দেশ জয় কৰিবলৈ অহা নাই। সেই আকাংক্ষাও আমাৰ নাই। আমাৰ শত্ৰুক খেদি আপোনালোকৰ দেশ পাতিবলৈহে আহিছো….. [ ঠিক যেন মোডীয়ে অসমৰ পৰা বাংলাদেশীক টালি-টোপোলা বান্ধিবলৈ  দিয়া ঘোষণা বা ক’লা ধন উদ্ধাৰ প্ৰত্যেকৰে একাউন্টত ১৫ লাখকৈ টকা ভৰাই দিয়াৰ দৰে প্ৰতিশ্ৰুতি বা ৰাজনৈতিক ‘ঝুমলা’ ]!”

আহোমৰ ৰাজ্য ব্ৰহ্মদেশে বিধ্বস্ত কৰি দিয়ালৈ লক্ষ্য ৰাখি ভৱিষ্যতে ইংৰাজৰ উপনিৱেশতো ব্ৰহ্মদেশৰ আক্ৰমণ হ’ব পাৰে বুলি শংকা কৰিয়েই ডেভিড স্কটৰ নিযুক্তিপত্ৰত স্বাক্ষৰ কৰা হৈছিল [ …Assam was conquered by the Burmese, and their aggressive spirit as manifested in their outrages committed in British districts, was viewed as a source of insecurity to the frontier of Bengal. Government had forseen that a rupture with the Burmese was inevitable, and it was therefore thought necessary that the conduct of the political relations and negotiations should be committed to “an officer of approved talents, judgement and experience.” On November 14, 1823, David Scott was appointed, in addition to his existing charge, Agent to the Governor General on the North East Frontier on a consolidated pay of Rupees 52,000 per year. His duties as Agent were thus defined in the Governor General’s minute to the Board: “He should exercise a general control and superintendence over our political relations and intercourse with the petty states in that quarter, including Sikkim, Bootan, Tibet, Cooch Behar, Bijnee, Assam, Cachar, Manipur and Jyntia, and other independent states.” – Captain Adam White’s “Memoir of the late David Scott”, published in 1832; and East India Company’s Bengal Civil Servants by H.T. Prinsep and R.C. Doss, 1844 ]

সেইহেন ডেভিড স্কটে ঘোষণা কৰিছিল যে তেওঁ অসম দেশ পাতিবলৈ আহিছে !

ঝুমলা !?


হয় সেয়াও ‘ঝুমলা‘ আছিল!!

বগা চাল, ইংৰাজী শব্দ, যেন সৰগৰ দেৱতা হে নামি আহিছিল অসমলৈ ! অসমৰ মানুহে পদুম ফুলৰ মাজত যিদৰে অসম নিৰ্মাণ কৰিবলৈ গুজৰাটৰ পৰা অহা ব্ৰহ্মাদেৱক দেখি ঢলি পৰিছিল, ডেভিড স্কটৰ ক্ষেত্ৰতো তেনে হৈছিল। তেতিয়া ৰায়বাহাদুৰ, ৰায়চাহাব খিতাপ দিছিল; ১৯৪৭ চনৰ পিছত আৰম্ভ কৰা হ’ল “পদ্ম”! সেইবোৰ পাবলৈ যে গোলাম সকলৰ কেনে হাবিয়াস !!

মূলতঃ ঝুমলা আৰু প্ৰতাৰণা ; আৰু অসমৰ মানুহে ৰ লাগি চাই আছিল – এতিয়াও যিদৰে চাই আছে। এইবোৰ এই মুলুকৰ গোলামসকলৰ ‘ডি-এন-এ’ৰ সৈতে জড়িত বিষয় বুলি ডেভিড স্কটেও জানিছিল, পেটেল-নেহৰু-ইন্দিৰাইও জানিছিল, এতিয়া মোডী-ভাগৱতেও জানে। সেইবাবেই উচ্চাৰিত নহয় ৰঙামাটি, হাদিৰাচকী, উচ্চাৰিত নহয় ইয়ান্ডাবু, উচ্চাৰিত নহয় পৰাধীনতা।

প্ৰায় সকলোৱেই জপিয়াই থাকিল পাতত, শাখা-প্ৰশাখাত, কোনোৱেই শিপাৰ পৰা জ্ঞান আহৰণৰ প্ৰয়াস নকৰিলে! ডেভিড স্কটৰ দৰে নেহৰুৰ চালচটাও বগা আছিল বাবে তেওঁলৈও ৰ লাগি চাই ৰ’ল, শিপালৈ কোন যায়! কোনেও জ্ঞাননাথ বৰাৰ দৰে উদাত্ত কন্ঠেৰে একাষাৰো নকলে – ‘ ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়’ !

৬ বছৰ ধৰি আন্দোলন কৰি লক্ষ লক্ষ বিদেশীক বৰপীৰা পাৰি দিয়া এখন নিৰ্লজ্জ চুক্তি কৰি উঠাৰ পিছতো যোৱা ৩৫ বছৰে যিদৰে অসমক প্ৰতাৰণা কৰা হ’ল, যিদৰে ভাৰতবৰ্ষৰ উপনিৱেশ কৰি ৰখা হ’ল, আৰু মূল সমস্যা বা শিপাত প্ৰৱেশ ৰূদ্ধ কৰিবলৈ যিদৰে সময়ে সময়ে আই-এম-ডি-টি, কেব, কা, ৫ নং, ৬ নং, আদি কৰি কৰি অসমক বিধ্বস্ত কৰা হ’ল অসমৰ কিছুমান ফেউৰাৰ সহযোগত, মলুৱাৰ সহযোগত, ৰাজহাড়হীন প্ৰতাৰকৰ সহযোগত, একেদৰেই ৰঙামাটি, হাদিৰাচকী, ইয়ান্ডাবুক তল পেলাবলৈ গ্ৰুপিঙত অসমৰ মানুহক ব্যস্ত ৰখা হৈছিল নেহৰু-পেটেলৰ ষড়যন্ত্ৰত, আৰু কোচবিহাৰকো আতৰাই লৈ যোৱা হৈছিল।

যি কি নহওঁক, এতিয়া সেইবোৰ ফহিয়াবলৈ নাযাও। আমি আগবাঢ়ো আমাৰ গন্তব্যস্থললৈ।

yandaboo
ইয়ান্ডাবু

এইকথা হয়তো বহুতেই ভালদৰে নাজানে যে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখৰ ইয়ান্ডাবু সন্ধি স্বাক্ষৰিত হোৱাৰ পিছত কেৱল আহোম ৰাজত্বৰ অংশহে ইংৰাজৰ অধীন হৈছিল; অইন অংশ, অৰ্থাৎ গোৱালপাৰা, কামৰূপ, দৰং আদি কিছু বছৰ আগতেই মোগলৰ পৰা ইংৰাজৰ হাতলৈ গৈছিল। সেই অঞ্চলক মোগলেও ‘কোচ হাজো’ বুলিয়েই অভিহিত কৰিছিল।

কোচ হাজো অঞ্চলৰ একাংশ ১৭৬৫ চনৰ পলাশী যুদ্ধৰ পিছৰে পৰাই ইংৰাজৰ অধীন হৈছিল। হৰকান্ত সদৰামীনৰ আত্মজীৱনীত উল্লেখ আছে – ” এবং ১৭৪৫ শকৰ চৈত্ৰ মাহে ১২৩০ চন, ১৮২৩/২৪ ইংৰাজী মাৰ্চ মাহত ইংৰাজে কামৰূপত প্ৰৱেশ কৰে।”

ইয়াৰ আগতে ১৭৯৩ চনত গৌৰীনাথ সিংহ আৰু কেপ্তেইন ৱেলছৰ বুজা-পৰা চুক্তি অনুসৰি উজনি-নামনি অসমত কোম্পানীৰ বেপাৰীয়ে আহি খুটি পুতি বহে।

কামৰূপৰ সৌমাৰ অঞ্চললৈ চুকাফাৰ আগমন হৈছিল ১২২৮ চনত। চুকাফাৰ আগমনৰ পৰা ১৮২২ চনৰ ২১ জুন তাৰিখৰ হাদিৰাচকীত অসমৰ স্বাধীনতা লুপ্ত হোৱাৰ দিনটোলৈ সৰ্বমুঠ ৫৯৪ বছৰ হয়। কিন্তু পৰ্যায়ক্ৰমে সঙ্কুচিত হৈ পৰা, গড়গাঁওৰ পৰা লক্ষ্য কৰিলে ‘নামনি’ৰ ( আজিকালি ‘পশ্চিম অসম’ বুলিয়েই উল্লেখ কৰি ভাল পাওঁ) কামৰূপ ১৬১৫ চনত হে পোনপ্ৰথমবাৰৰ বাবে আহোম ৰাজত্বৰ অধীন হয়।

পুনৰ ১৬৩৯ চনৰ পৰা ১৬৫৮ চনলৈ ১৯ বছৰ , ১৬৬৩ চনৰ পৰা ১৬৬৭ চনলৈ ৪ বছৰ, ১৬৭৯ চনৰ পৰা ১৬৮২ চনলৈ ৩ বছৰ, অৰ্থাৎ ২৬ বছৰ মোগলে এসময়ৰ বিশাল কামৰূপৰ সঙ্কুচিত অঞ্চল ‘কামৰূপ’ শাসন কৰে ( সেই সঙ্কুচিত কামৰূপৰ পৰা পৰিৱৰ্তিত হৈ আমাৰ শৈশৱৰ “কামৰূপ জিলা” হৈ পৰা জিলাখনকো এতিয়া ভাঙি ছিঙি যথাক্ৰমে কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, নলবাৰী, বজালী, বাস্কা, বৰপেটা আদিত বিভক্ত কৰি পেলোৱা হ’ল)।

IMG 20191031 WA0014

গতিকে ১২২৮ চনৰ পৰা ১৬১৫ চনলৈ মুঠ ৪৮৭ বছৰ, আৰু মোগলৰ ছেগা-চোৰোকাকৈ কৰা শাসনকালৰ মুঠ ২৬ বছৰ, অৰ্থাৎ মুঠ ৫১৩ বছৰ কামৰূপ আহোম ৰাজত্বৰ অধীন নাছিল (এইসম্পৰ্কে ইতিহাসবিদ তথা বুৰঞ্জী বিষয়ৰ অধ্যাপক সকলে ভালদৰে ফঁহিয়াব পাৰিব হেতুকে তথ্যৰ ভুল হ’লে মাৰ্জনা কৰে যেন) ।

১৮২২ চনলৈ মাত্ৰ ৮১ বছৰ কামৰূপ আহোম ৰাজত্বৰ অধীন  হৈ আছিল বুলি ইতিহাসত পোৱা যায় (গদাধৰ সিংহই মানাহ নদীপৰ্যন্ত ১৬৮২ চনত আহোম ৰাজত্বৰ সীমা বিস্তাৰ কৰা )।

কোচবিহাৰৰ ইতিহাস, কামৰূপৰ ইতিহাস অধ্যয়ন কৰিলে জানিব পাৰি যে ১৬৮২ চনৰ পৰাহে কামৰূপৰ একাংশ তথা দৰং অঞ্চল আহোমৰ অধীন হৈ পৰে। উত্তৰ-পশ্চিম কামৰূপ, গোৱালপাৰা ১৭৬৫ চনত পোনপটীয়াকৈ কোচ ৰজাৰ পৰা আৰু মোগলৰ পৰা ইংৰাজৰ হাতলৈ গুচি যায়।

ইয়াৰ পূৰ্বে আহোমৰ দিনত কামৰূপত আহোম প্ৰতিনিধি থাকিলেও আহোম স্বৰ্গদেউসকলৰ দৃষ্টিত কামৰূপ-দৰং দুখন দেশৰ মাজৰ মধ্যৱৰ্তী দেশ ( Buffer State) হিচাপে গণ্য হৈছিল। সূৰ্যকুমাৰ ভূঞাই লিখিছে-“ Kamrup, which was contiguous to territories of the Moghuls and later those of the East- India Company was regarded by the Ahoms as more or less a buffer -state.”

IMG 20201025 WA0007

সূৰ্যকুমাৰ ভূঞাই আৰু লিখিছে যে কামৰূপীয়া মানুহক আৰু দৰঙীয়া মানুহক আহোম ৰাজ্যত বিদেশীৰ দৰে গণ্য কৰা হৈছিল [ “The Kamrupis and Darrangis were not ordinarily allowed to enter the Ahom capital”] !

এইখিনিতে উল্লেখ কৰিব বিচাৰো যে খাঁ চৌধুৰী আমানতউল্লা আহমেদৰ ‘কোচবিহাৰৰ ইতিহাস‘ নামৰ ঐতিহাসিক দস্তাবেজ স্বৰূপ গ্ৰন্হখনৰ অনুবাদ কৰোতে লেখা অনুবাদকৰ পাতনিত, কনকলাল বৰুৱাৰ ‘Early History of Kamrupa‘ নামৰ অতি গুৰুত্বপূৰ্ণ ঐতিহাসিক গ্ৰন্হৰ অসমীয়া অনুবাদ “প্ৰাচীন কামৰূপৰ ইতিহাস“ৰ অনুবাদকৰ টোকাত আমি বাৰম্বাৰ উল্লেখ কৰিছো যে ‘কামৰূপৰ ইতিহাস‘ বা ‘কোচবিহাৰৰ ইতিহাস‘ আদি অধ্যয়ন নকৰিলে অসমৰ ভেটি কোনোদিনে সবল নহ’ব; আমি  আমাৰ হাজাৰ হাজাৰ  বছৰৰ ইতিহাসৰ গভীৰতা অনুধাৱন নকৰি মাত্ৰ ৬০০+ বছৰৰ ইতিহাসত সীমিত হৈ থাকিলে সেই পোতন কোনোদিনে দৃঢ় নহ’ব।

মাত্ৰ ১৪০ বছৰ আহোম ৰাজত্বৰ অধীন হৈ থকা কামৰূপ অঞ্চল, দৰং অঞ্চল, আৰু গোৱালপাৰা অঞ্চল, কোচবিহাৰ অঞ্চল- এই বিশাল ভূখণ্ডৰ আছে এক কামৰূপীয়া হাজাৰ হাজাৰ বছৰৰ ইতিহাস, ঐতিহ্য, সংস্কৃতিৰ মেটমৰা ভান্ডাৰ; কিন্তু এই অঞ্চলক ৰাজনৈতিকভাৱে সচেতনতাৰে অৱহেলা কৰাৰ ফলতেই আজিও সোলোক-ধোলোক হৈ থাকিল অসমীয়া সত্বা – সুবোধ বিশ্বাসেও ঠেলা মাৰে, শিলাদিত্যইও বগৰাব বিচাৰে !

আমাৰ একান্ত অনুৰোধ, কামৰূপী সত্বা বা পৰৱৰ্তী কালৰ অসমীয়া সত্বা নিৰ্মাণত কামৰূপ-কমতাৰ অৱদান সম্পৰ্কে অতি দায়বদ্ধতাৰে আলোচনা-বিলোচনা সচেতন সকলে কৰিব লাগে। তেতিয়াহে সত্বা শক্তিশালী হৈ পৰিব, অন্যথাই ই হৈ থাকিব বোকাৰ কচুৰ দৰে – ইফালেও হালে, সিফালেও হালে ! আমাৰ এই মুলুকৰ সৰ্বাত্মক উন্নতিৰ বাবে কেৱল ডাল, পাতত দৃষ্টি দি থাকিলে নহ’ব, শিপাৰ সন্ধান কৰিব লাগিব।

কাৰণ, যি জ্ঞান শিপাৰ পৰা প্ৰাপ্ত হয়, সেই জ্ঞান পাতত বিচাৰিলে নহব। শাখা-প্ৰশাখা দেখি ভ্ৰমিত হব নালাগে, ফল-ফুল দেখিও পথভ্ৰষ্ট হবৰ প্ৰয়োজন নাই; কাৰণ শিপা পালেই সমস্ত বৃক্ষকে পোৱা যাব। এইসম্পৰ্কে এতিয়া বিশেষ আলোচনা নকৰো, কাৰণ আমাৰ বিষয়বস্তু সুকীয়া।

kamarupa dynasty

 

এই লেখা আৰম্ভ কৰোতে প্ৰথমতেই আমি এক বিশেষ দিনৰ কথা কৈছিলো হেতুকে এতিয়া সেই অধ্যায়লৈ আগবাঢ়ো। ৫৯৪ বছৰীয়া আহোম ৰাজত্বকালত মাত্ৰ ১৩% সময় আহোম ৰাজত্বৰ অধীন হৈ থকা কামৰূপ অঞ্চলতো ১৫৫৫ চনৰে পৰাই সীমিত ভাৱে মহাৰাজ নৰনাৰায়ণৰ দিনৰ পৰা প্ৰচলন হোৱা ‘নাৰায়ণী মুদ্ৰা‘ৰ প্ৰচলন আছিল।

আগতে যদিও গোৱালপাৰা, কামৰূপৰ খেতিয়কে ‘বিনিময় প্ৰথা’ৰে খাজনা আদায় দিছিল, পিছলৈ মোগলে সপ্তদশ শতিকাৰ আৰম্ভণিত কোচ-হাজো দখল কৰি ৰায়তৰ পৰা অধিক খাজনা আদায় কৰিবলৈ আৰম্ভ কৰে। মোগলৰ এনে শোষণ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হয় আৰু গোৱালপাৰা-কামৰূপ আদি অঞ্চলত কোচ-ৰাজবংশীসকলে নৱ, সনাতন, পৰশুৰাম আদিৰ নেতৃত্বত মোগলক খাজনা আদায় দিবলৈ অস্বীকাৰ কৰে।

এই প্ৰতিবাদৰ কেন্দ্ৰ হৈ পৰিছিল বজালী অঞ্চলো। সেয়াও এক সুকীয়া অধ্যায়, পিছলৈ কেতিয়াবা আলোচনা কৰিম।

British in Assam

পিছলৈ মোগলক অপসাৰণ কৰিলেও, মোগলৰ দৰেই ইংৰাজেও অধিক হাৰত খাজনা আদায় কৰিবলৈ আৰম্ভ কৰে। খাজনা আদায় কৰিবলৈ আৰু কোম্পানীৰ কৰ্ম সুচাৰুভাৱে চলাবলৈ ইংৰাজৰ প্ৰতিনিধি হিচাপে ১৭৬৫ চনৰ ১ নৱেম্বৰ তাৰিখে হিউজ বেইলী (Huge Baillie)ক গোৱালপাৰাত কোম্পানীৰ এজেণ্ট হিচাবে নিযুক্তি দিয়া হয়, টম লিৱিছ(Tom Lewis)ক ৰংপুৰত, হাৰগ্ৰীভ(Haregreave)ক চিলমাৰীত নিযুক্তি দিয়া হয়।

ইয়াৰে বেইলীৰ নিযুক্তি আছিল বিশেষভাৱে উল্লেখনীয়, কাৰণ হিচাপে “Company’s Trade with Assam” নামৰ অধ্যায়ত এনেদৰে লিখা হৈছে – ” The selection of Baillie to the agency ( Society of Trade of East India Company ) at Goalpara which was established to supply the articles of inland trade to Assam & other neiboring countries probably due to his earlier experience of the trade with those areas in which he had been engaged as the agent of Henry Vansittart, Governor of Bengal & other merchants and so close to the company…!”

সেইসময়ৰ বঙ্গত যথেষ্ট পৰিমাণে পাণ-চুপাৰি আদি উৎপাদন হৈছিল যদিও কামৰূপ বা অসমলৈ পাণ-চুপাৰি আমদানি নহৈছিল, কাৰণ প্ৰাচীন কামৰূপৰ সকলোতে – অৰ্থাৎ পিছলৈ সঙ্কুচিত হৈ পৰা  কামৰূপ, দৰং, অসম হৈ পৰা অঞ্চলত ঘৰে ঘৰে তামোল-পাণৰ বাৰী আছিল। এই অঞ্চলত ধপাতো উৎপাদন হৈছিল। গতিকে বঙ্গৰ পৰা ধপাতো আমদানি নহৈছিল।

গতিকে পাণ-তামোল-ধপাত বাদ দি ১৭৬৭ চনৰ আগষ্টত কোম্পানীয়ে কেৱল নিমখত মনোনিৱেশ কৰিলে, কাৰণ কামৰূপ-দৰং-অসম অঞ্চলত, বা পিছলৈ সামগ্ৰিকভাৱে অসমত নিমখৰ চাহিদা সাংঘাটিক আছিল। বৰহাট আৰু শদিয়াত নিমখ উৎপাদন হয় যদিও চাহিদা পূৰণ নহৈছিল। অসমত বছৰেকত বঙ্গৰ পৰা অহা নিমখ প্ৰয়োজন হৈছিল ১০০০০০ মোণ। প্ৰথম বছৰতেই কোম্পানীৰ খুব লাভ হৈছিল। গতিকেই গোৱালপাৰাত বেইলীৰ নিযুক্তি!

Map

কিন্তু চোছাইটিৰ এনেধৰণৰ বাণিজ্য সৰহদিন নচলিল ( The society of trade ceased to exist from Aug 1, 1768 and the inland trade was thrown open to all persons, Indians & Europeans.)। ১৭৬৯ চনত বেইলিয়ে ইংলেন্ডলৈ প্ৰত্যাৱৰ্তন কৰিলে আৰু ১৭৭৩ চনলৈ ইংলেণ্ডত থাকিল। ১৭৬৭ চনৰ জানুৱাৰীত ৰবাৰ্ট ক্লাইভেও বঙ্গৰ পৰা বিদায় লৈছিল। এই ঘটনা কোম্পানীৰ বাবে হৈ পৰিছিল এক ‘টাৰ্ণিং পইন্ট’।

এইখিনি সময়ত বঙ্গ, মাদ্ৰাজ, বোম্বাইত সামৰিক আৰু অসামৰিক খাতাত ব্যয় বৃদ্ধি হৈছিল হেতুকে কোম্পানীয়ে ইংলেণ্ডত থকা মন্ত্ৰীসকলক ঋণৰ আবেদন কৰিছিল। মন্ত্ৰীসকল এনে সুযোগৰ অপেক্ষাত ৰৈ আছিল! কাৰণ কোম্পানীৰ সৈতে জড়িত ইংৰাজ সকলৰ ধন-সোণ দেখি, বৈভৱ দেখি ইংলেণ্ডত বহুতৰে ঈৰ্ষা আৰম্ভ হৈছিল, মন্ত্ৰীসকলৰো চকুত টোপনি নহা হৈছিল। গতিকে প্ৰশ্ন উত্থাপন হৈছিল যে এটা ব্যক্তিগত কোম্পানীয়ে ৰাজনৈতিক কৰ্ম-কান্ড ( political operation) কৰিব পাৰেনে – ইংলেণ্ডৰ ৰাজসিংহাসনৰ অনুমতি অবিহনে?

গতিকে ১৭৭২ চনত ইংলেণ্ডত দুখন কমিটি গঠন হ’ল। The Select Committee আৰু Committee of Secrecy ( to enquire the state, nature & condition of the company & British Affairs in India); ক্লাইভে বহুত উত্তৰ দিবলগীয়া হৈছিল।  ১৭৭৩ চনত দুখন আইন প্ৰণয়ন কৰা হৈছিল আৰু ‘গৱৰ্ণৰ জেনেৰেল’ পদবী সৃষ্টি কৰা হৈছিল।

East India

সেইসময়ৰ ইংলেণ্ডত ইংৰাজ সকলৰ অসম, কামৰূপ, গোৱালপাৰা, ভূটান আৰু সমীপৰ অইন দেশবোৰৰ বিষয়ে জ্ঞান নাছিল; কিন্তু বেইলিৰ কিছু জ্ঞান আছিল। পিছে ইংলেণ্ডৰ কোৰ্টে বেইলিক প্ৰথমতে নিযুক্তি দিয়া নাছিল। বেইলিৰ ওপৰত চকু পৰি আছিল ডিৰেক্টৰ সকলৰ, কাৰণ বেইলিৰ অসম, কামৰূপ, গোৱালপাৰা আদিৰ জ্ঞান থকাৰ লগতে তেওঁৰ নামোল্লেখ ক্লাইভেও কৰিছিল। যি কি নহওঁক, ইউৰোপৰ পণ্যৰ বাণিজ্য অসম-ভূটান আদিত কৰিবলৈ অৱশেষত বেইলিক কোৰ্টে নিৰ্বাচিত কৰিছিল। ১৭৭২ চনৰ ৯ এপ্ৰিলত ৱাৰেণ হেষ্টিংচ্-এও গৱৰ্ণমেণ্ট অফ বেঙ্গলৰ দায়িত্ব লৈছিল।

ইয়াৰ পিছত বহুত ঘটনা। ভূটানৰ সৈতে  বাণিজ্য কৰিবলৈ গৈ হোৱা বিফলতা ; যেনেঃ ভূটীয়াই নিজে বোৱা কাপোৰ পিন্ধে, ইংলেণ্ডৰ বস্ত্ৰৰ প্ৰতি কোনো আকৰ্ষণ নাই। তেওঁলোকে কম্বলো ব্যৱহাৰ কৰে যদিও নিজে প্ৰস্তুত কৰা কম্বল হে ব্যৱহাৰ কৰে! তদুপৰি বিনিময় প্ৰথাত হে বিশ্বাসী ভূটীয়াসকল! এনেবোৰ ঘটনাই ইংৰাজ বেপাৰীৰ আশাত চেঁচা পানী ঢালিছিল। অসমৰ ক্ষেত্ৰতো একে ঘটনা। অসমতো ইংৰাজ বেপাৰীয়ে লাভৰ অঙ্ক কৰিব পৰা নাছিল।

ৰংপুৰৰ কালেক্টৰ হাৰ্বাৰ্ট হেৰিছ-এ সেইসম্পৰ্কে খোলোচাকৈ কৈছিল ( Herbert Harris, Collector of Rungpore, said that the “Bhutias wore their own blankets and used no other kind of clothes; and they possessed a mixed kind of metal from which they made all their utensils. As regards to Assamese, Harris observed, that the quantity of clothes and metals taken by them was very inconsiderable, and that an exchange of muga-dhutis and stick lac for salt and little cloth constituted the whole of their traffic. Harris confirmed that he had never seen European articles sent into Assam by the traders, who would have certainly done so if there had been any profit in that business.”- Harris to Hastings, Aug 27, Beng, Pub. Cons, Sept 13, 1773, No 3)!

কেৱল ইংৰাজ বেপাৰীয়ে নহয়, সেইসময়ত গোৱালপাৰাত কেইজনমান ফৰাছী বেপাৰীও আছিল – অসমৰ সৈতে বেহা-বেপাৰৰ বাবে। তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য হ’ল লাভাল, গিবলট আৰু কেম্পেগনেক আদি ( Laval, Giblot, Campagnac)। বঙ্গৰ নায়েব দেৱান মহম্মদ ৰেজা খানৰ তিনি বছৰীয়া অনুমতি লৈ গোৱালপাৰাত গোলা পাতিছিল চুবেৰাম পালিত, গণিৰাম সৰকাৰে। মুৰ্চিদাবাদৰ বিখ্যাত জগৎ শেঠৰ গোলা আছিল গোৱালপাৰা, যোগীঘোপা, গুৱাহাটীত, আৰু তেওঁৰ ছত্ৰছায়াত আহি প্ৰৱেশ কৰিছিল মাৰোৱাৰী বেপাৰীয়েও।

India Map under British
LEAD Technologies Inc. V1.01

যি কি নহওঁক, আমি ইতিমধ্যে বহুত ফালৰি কাটি আহিলো। গতিকে এইসম্পৰ্কে অধিক গভীৰলৈ নাযাও। ইতিমধ্যে ব্ৰহ্মপুত্ৰ, তিষ্টা, কৰতোৱা, মানাহেৰে বহু পানী বাগৰি গৈছিল। ৰাজনৈতিক পট বহুত পৰিৱৰ্তন হৈছিল। সেইবোৰ বিশাল অধ্যায়।

আমি এতিয়া বেইলিৰ কথালৈ আহো। বেইলিয়ে যৎপৰোনাস্তি চেষ্টা কৰিও ব্যৱসায়ত সফল হ’ব পৰা নাছিল। ১৭৭৬ চনৰ ২৮ জুলাই তাৰিখে বেইলিয়ে অসমৰ সৈতে বাণিজ্য সম্পৰ্কে তৃতীয়খন পত্ৰ তেওঁৰ ঊৰ্দ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰি জনায় যে তেওঁ আশা কৰিছে অবিলম্বে অসমত প্ৰথম বছৰত ১০০০০০ মোণ লোণ, ৪০০ খন বিচনা চাদৰ, ৩০০ মোণ ক’পাৰ (Copper) বিক্ৰী কৰিব পৰা যাব।

কিন্তু বেইলিৰ কথাত ইংলেণ্ড সন্তুষ্ট হোৱা নাছিল, যিহেতু বেইলিৰ কথা অনুসৰি কাম হোৱা নাছিল। গতিকে ইংলেণ্ডক সন্তুষ্ট কৰিবলৈ বেইলিৰ নিৰ্যাতন আৰম্ভ হৈছিল। ১৭৮১ চনৰ ফেব্ৰুৱাৰী মাহত ৰংপুৰৰ কালেক্টৰ চাহাবে বিজনীৰ ৰজাৰ পৰা বেইলিৰ জোৰ-জবৰদস্তিৰ বিষয়ে অভিযোগ পায়। তেওঁ বেইলিক জবাবদিহি কৰে যদিও জুন মাহলৈ বেইলিয়ে উত্তৰ দিয়া নাছিল।

১৭৮১ চনৰ মে’ মাহত পুনৰ বিজনীৰ ৰজাৰ অভিযোগ পায় ৰংপুৰৰ কালেক্টৰে যে বেপাৰৰ নামত বেইলিয়ে সৈন্যৰ দ্বাৰা অত্যাচাৰ আৰম্ভ কৰিছে। পুনৰ বেইলিক জবাবদিহি কৰা হয়। এইবাৰ বেইলিয়ে অভিযোগসমূহ অস্বীকাৰ কৰে আৰু ৰংপুৰৰ কালেক্টৰ গুডলেদক ১৭৮১ চনৰ জুন মাহৰ ৭ তাৰিখে এখন পত্ৰ প্ৰেৰণ কৰি এনেদৰে কয়, ” By all means, Mr Goodlad, do your duty. Honour and honesty demand it from you. But go no further than line admits, which surely you have in this instance as well as exceeded the bounds of common Justice in arranging, judging, and condemning a man of my character, permit me to say, sir, a man of my character, without so much as paying me the compliment of asking if it was so or not.” ( Baillie to Goodlad, June 7, 1781, Rungpore District Records, Vol II, No 156, p 127)

ৰংপুৰৰ কালেক্টৰ পদত অধিষ্ঠিত গুডলেডকো এনেদৰে উত্তৰ দিয়া বেইলি হৈ পৰিছিল এক ভয়ানক চৰিত্ৰ, সন্ত্ৰাসৰ অইন এক নাম। ইংলেণ্ডৰ বৰমূৰীয়াক সন্তুষ্ট কৰিবলৈ তেওঁ সকলো পন্হা অৱলম্বন কৰিবলৈ সাজু হৈছিল। যি কোনো প্ৰকাৰে তেওঁ সফল হ’ব লাগিবই!

shallow focus of clear hourglass
Photo by Jordan Benton on Pexels.com

ঐতিহাসিক সত্য, গোৱালপাৰা কেতিয়াও আহোম ৰাজত্বৰ অধীন নাছিল। গোৱালপাৰা আছিল প্ৰাচীন কামৰূপৰ অংশ, পিছলৈ কোচ ৰাজ্যৰ অংশ হৈ পৰিছিল, আৰু তাৰপিছত মোগলৰ অধীন হৈছিল। মোগলে বঙ্গ আৰু গোৱালপাৰা পৰগণা কিছুমানত বিভক্ত কৰি ‘চৌধুৰী’ উপাধিধাৰী জমিদাৰসদৃশ ব্যক্তিৰ দ্বাৰা ৰাজহ সংগ্ৰহ কৰিছিল।

এই ৰাজহৰ ৫ ভাগৰ ২ ভাগ চৌধুৰী ওৰফে জমিদাৰে মোগলক দিব লাগিছিল আৰু বাকী ৩ ভাগ নিজে ৰাখিব পাৰিছিল। মোগলৰ দিনত বাণিজ্যৰ বিকাশ হৈছিল হেতুকে চৌধুৰী সকলৰো বিকাশ হৈ তেওঁলোক প্ৰতিপত্তিশালী হৈ পৰিছিল। চৌধুৰীসকলে ৰজাৰ দৰেই বৰকান্দাজ ৰাখিছিল আৰু একো একোজন সৰু সুৰা ৰজাৰ দৰেই আচৰণ কৰিছিল।

ইয়াৰোপৰি, মোগলক ৰাজহৰ অংশ হিচাপে ধন নিদি কপাহ, আগৰ কাঠ, হাতী দিলেও গ্ৰহণ কৰিছিল হেতুকে চৌধুৰী সকলে যত্ন কৰিছিল যাতে ধন হাতত ৰাখি হাতী, আগৰ,কপাহৰ দ্বাৰা ৰাজহ দিব পৰা যায়। এইক্ষেত্ৰত মেচপাৰাৰ জমিদাৰ অতি সফল হৈছিল।

‘কোচবিহাৰৰ ইতিহাস’ গ্ৰন্থ ৰচনা কৰা খাঁ চৌধুৰী আমানতউল্লা আহমেদৰ মতে মেচপাৰাৰ জমিদাৰৰ আদি পুৰুষজনৰ নাম আছিল থানা কমললোচন ( কোচবিহাৰৰ ইতিহাস, পৃঃ ৩৩২) আৰু ফ্ৰান্সিছ বুকাননৰ মতে ভগদত্ত ৰায়চৌধুৰী ( জমিদাৰকালীন গোৱালপাৰা জিলাৰ আৰ্থ-সামাজিক অৱস্থা, পৃ: ২৬)। মেচপাৰাৰ জমিদাৰ সকলে আকৌ নিজকে নৰনাৰায়ণ- চিলাৰায়ৰ বংশ বুলি সততে দাবী কৰে। থানা কমললোচন বা ভগদত্ত ৰায়চৌধুৰীৰ তৃতীয় পুত্ৰ হ’ল ৰণৰাম চৌধুৰী, আৰু তেওঁ ১৭৬৬ চনত জমিদাৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

মেচপাৰাৰ জমিদাৰ ৰণৰাম চৌধুৰী আছিল শক্তিশালী আৰু সাহসী ব্যক্তি। তেওঁ গাৰোপাহাৰত সশস্ত্ৰ অভিযান চলাই গাৰোসকলক অধিক পৰিমাণৰ কপাহ দিবলৈ বাধ্য কৰাইছিল। সেই কপাহেৰে ৰণৰাম চৌধুৰীয়ে মোগলক খাজনা দি ধন-বিত নিজৰ হাতত ৰাখি অতিশয় প্ৰতিপত্তিশালী হৈ পৰিছিল। কালক্ৰমত মোগলৰ শক্তি হ্ৰাস পোৱাত বঙ্গৰ নবাবসকলেও একেই পদ্ধতিৰ দ্বাৰা খাজনা আদায় দিবলৈ আৰম্ভ কৰিছিল।

কিন্তু ১৭৫৭ চনত, পলাশীৰ যুদ্ধৰ পিছত ইংৰাজে নিয়ম পৰিৱৰ্তন কৰে। ১৭৮৭-১৭৮৮ চনত সেই নিয়ম মানি মেচপাৰাৰ জমিদাৰেও কপাহৰ পৰিৱৰ্তে নগদ ধনেৰে খাজনা দিবলগীয়া পৰিস্থিতি উদ্ভৱ হ’ল। এনে এক পৰিস্থিতিত ৰণৰাম চৌধুৰীয়ে ইংৰাজক খাজনা দিবলৈ অস্বীকাৰ কৰি বিদ্ৰোহৰ পথ বাচি ল’লে।

এই বিদ্ৰোহেই আছিল ইংৰাজৰ বিৰুদ্ধে এই মুলুকত প্ৰথম বিদ্ৰোহ। ইংৰাজৰ বিৰুদ্ধে ৰণশিঙা বজাইছিল মেচপাৰাই । মহাবীৰ চিলাৰায়ৰ আজোনাতি চন্দ্ৰনাৰায়ণে স্থাপন কৰা বিজনী ৰাজ্যৰ অংশ আছিল মেচপাৰা; কিন্তু ১৮ শতাব্দীৰ মধ্যভাগত, মুকুন্দনাৰায়ণৰ দিনত মেচপাৰা বিজনীৰ পৰা পৃথক হৈ পৰে।

1000077311

যি কি নহওঁক, শিৱসাগৰ নগৰত ১৯৩১ চনত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰা সাহিত্যিক তথা জমিদাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ আজো – আজোককাক আছিল মেচপাৰাৰ জমিদাৰ ৰণৰাম চৌধুৰী। মেচপাৰাৰ জমিদাৰ ৰণৰাম চৌধুৰীয়ে ইংৰাজক খাজনা আদায় দিবলৈ অস্বীকাৰ কৰাত গোৱালপাৰাৰ ৰঙামাটিত থকা  ইংৰাজ বেইলি চাহাবে ৰণৰামক তেওঁৰ সন্মুখত হাজিৰ হ’বলৈ পৰোৱানা জাৰি কৰিলে।

কিন্তু সেই পৰোৱানা ৰণৰাম চৌধুৰীয়ে ফালি টুকুৰা-টুকুৰ কৰি বেইলিক বুঢ়া আঙুলি দেখুৱাই দিলে। বেইলিক সম্পূৰ্ণভাৱে ৰণৰামে উপেক্ষা কৰিলে। এইসম্পৰ্কে বেইলিয়ে ‘বোৰ্ড অব ৰেভিনিউ’লৈ ১৭৮৮ চনৰ ২৩ অক্টোবৰত এনেদৰে লিখিছিল -“ He (Ranaram) is a villain, who commits depreciations and robberies both in the river and his neighbourhood , and contumaciously refuses to come in though I have sent repeated perwanahs to that purpose.”[ Baillie to Shore, Oct 23, Board of Revenue Proceedings, Nov 14, 1788 ]

ৰণৰামৰ সাহস, শৌৰ্য, আস্পৰ্দ্ধাই বেইলিক ক্ৰোধান্বিত আৰু বিহ্বল কৰি তুলিছিল। বেইলিয়ে নিজকে ৰজাৰো ৰজা বুলি জ্ঞান কৰিছিল হেতুকে বিজনীৰ ৰজাকো গুৰুত্ব দিয়া নাছিল আৰু বিজনীৰ ৰজাৰ অভিযোগ ইংৰাজৰ দৰবাৰত উত্থাপিত হোৱাৰ পিছতো বেইলি দপদপাই আছিল। তেনেস্থলত ৰণৰাম !! বেইলিয়ে লাজ পাইছিল। গতিকে বেইলিয়ে ৰণৰামৰ ওপৰত অভিযোগ উত্থাপন কৰিছিল – গাৰোসকলক ৰণৰামে অত্যাচাৰ কৰা বুলি, জলপথেৰে বেপাৰ বাণিজ্য কৰা বেপাৰীসকলক সততে আক্ৰমণ কৰা বুলি, ইত্যাদি।

20211122 151841

গাৰোসকলৰ সৈতে মেচপাৰাৰ জমিদাৰসকলৰ সংঘৰ্ষ নতুন নাছিল, সেই সংঘৰ্ষ আগৰে পৰাই চলিছিল আৰু তাক ‘গাৰোধুম’ বোলা হৈছিল। এই ‘গাৰোধুম’কেই সাগৰ- মহাসাগৰ পাৰ হৈ এই মুলুকলৈ অহা বেইলিয়ে নিজৰ বাণিজ্যিক সফলতাৰ স্বাৰ্থত ৰণৰাম চৌধুৰীয়ে গাৰোসকলক অবৰ্ণনীয় অত্যাচাৰ চলোৱা বুলি অভিযোগ আনি ৰণৰাম চৌধুৰীক দোষী সাব্যস্ত কৰিলে ।

উল্লেখযোগ্য যে সাহিত্যিক নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ শৈশৱকাল পৰ্যন্ত ‘গাৰোধুম’ বৰ্তি আছিল। বেইলিৰ ‘দাদাগিৰি’ বেছি হৈ যোৱাত ৰণৰাম চৌধুৰীয়ে ‘বেইলিধুম’ কৰি বেইলিক গোৱালপাৰাৰ পৰা খেদিবলৈ সাজু হ’ল। ৰণৰামৰ সংকল্পৰ বিষয়ে অৱগত হৈ বেইলি আতংকিত হৈ পৰিল আৰু ১৭৮৮ চনৰ ৯ জুলাইত কলিকতাৰ মুখ্য কাৰ্যালয়লৈ পত্ৰ লেখি ‘স্বাস্থ্যৰ অৱনতি’ৰ হেতু ছুটীৰ আৱেদন প্ৰেৰণ কৰিলে।

ইয়াৰ পিছত কিছু সময় পাৰ হৈ গ’ল। ১৭৮৮ চনৰ ৮ নৱেম্বৰত বেইলিৰ হাতত গুৱাহাটীৰ বৰফুকনৰ পত্ৰ এখন আহি পৰে, আৰু সেই পত্ৰৰ দ্বাৰা বৰফুকনে মোৱামৰীয়া বিদ্ৰোহীসকলৰ বিৰুদ্ধে যুঁজিবলৈ বেইলিৰ সহায় বিচাৰে। এই পত্ৰ লাভ কৰি বেইলিয়ে ভালদৰে বুজিব পাৰে যে পৰিস্থিতি ভাল নহয়। এফালে ৰণৰাম, অইনফালে মোৱামৰীয়া বিদ্ৰোহ! এনে পটভূমিত বাণিজ্য সম্ভৱ নহয়।

গতিকে যি উদ্দেশ্যে বেইলিক ইংলেণ্ডৰ পৰা গোৱালপাৰা অভিমুখে প্ৰেৰণ কৰা হৈছিল, সেই উদ্দেশ্য সফল হোৱাৰ কোনো উমঘামেই নাই। সেয়েহে ১০ নৱেম্বৰ তাৰিখে গোৱালপাৰাৰ পৰা কাৰ্যালয় কলিকতালৈ স্থানান্তৰ কৰিবলৈ বেইলিয়ে পুনৰ মুখ্য কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰে।

বেইলিৰ পত্ৰৰ উত্তৰ কলিকতাৰ পৰা অহাৰ আগতেই, ১৭৮৮ চনৰ ২২ নৱেম্বৰ তাৰিখে, মেচপাৰাৰ জমিদাৰ ৰণৰাম চৌধুৰীয়ে গোৱালপাৰাৰ ৰঙামাটিত থকা ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰাচীৰেৰে আবৃত কাৰখানাত সসৈন্যে প্ৰচন্ড আক্ৰমণ কৰিলে। ৰণৰাম চৌধুৰীৰ লগত আছিল ৫০০ বৰকান্দাজ চিপাহী আৰু তেওঁৰ প্ৰধান সহযোগী হিচাপে আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰাক্তন হাবিলদাৰ ৰঘুনাথ সিংহ।

৫০০ বৰকান্দাজৰ বেছিভাগেই আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰাক্তন সৈনিক। বেইলিকে ধৰি সকলো ইউৰোপীয় বিষয়া-বেপাৰীৰ শিৰচ্ছেদ কৰাই আছিল ৰণৰাম চৌধুৰীৰ মূল উদ্দেশ্য। কিন্তু বেইলিৰ বাসভৱনত আক্ৰমণ কৰাৰ আগতেই ৰণৰামৰ বাহিনীয়ে দেৱানৰ বাসভৱনত আক্ৰমণ কৰে আৰু গুদামত আক্ৰমণ কৰি নিমখ আদি লুট কৰি থাকোতেই ৰাতিপুৱা হৈ পৰে।

গতিকে বেইলিয়ে ৰণৰামৰ অভিযানৰ বিষয়ে অৱগত হ’বলৈ সক্ষম হয় আৰু তেওঁৰ বাহিনীয়েও প্ৰতিৰোধ আৰম্ভ কৰি ৰণৰামৰ বাহিনীক ৰাতিপুৱা প্ৰায় ৯ মান বজাত বিতাৰিত কৰিবলৈ সমৰ্থ হয়। ৰণৰাম চৌধুৰীৰ ৫০ জন সৈন্য নিধন হয় আৰু ৪ জন বন্দী হয়। বেইলিৰ পক্ষৰো বহুকেইজন নিধন হ’ল। ৰণৰাম চৌধুৰীয়ে সমীপৰ ঘন অৰণ্যত প্ৰৱেশ কৰি আতৰি গ’ল।

ইয়াৰ পিছত বেইলিয়ে পুনৰ আক্ৰমণৰ শংকাত সন্ত্ৰস্ত হৈ ৰংপুৰৰ কালেক্টৰ মেকডোনাল্ডলৈ পত্ৰ প্ৰেৰণ কৰি সৈন্যৰ দল বিচাৰে তথা সকলো বিৱৰণ ডাঙি ধৰি গৱৰ্ণৰ জেনেৰেল কৰ্ণৱালিছলৈও পত্ৰ প্ৰেৰণ কৰে। দুয়োফালৰ পৰাই সৈন্যৰ দল আহি গোৱালপাৰাত উপস্থিত হয়। কোচবিহাৰৰ পৰা আয়ুক্ত এইচ্ ডগলাচেও বেইলিক সহায় কৰে। কলিকতাৰ মুখ্য কাৰ্যালয়ৰ পৰা ৰণৰাম চৌধুৰীৰ জমিদাৰী নিলাম কৰিবলৈ বেইলিলৈ আদেশ আহে আৰু ৰণৰাম চৌধুৰীৰ মূৰৰ দাম ৫০০ টকা ঘোষণা কৰা হয়!

IMG 20210904 WA0010

কিন্তু ইংৰাজে কোনোদিনে ৰণৰাম চৌধুৰীক কৰায়ত্ত বা নিধন কৰিবলৈ সক্ষম নহ’ল। ৫০০ টকা পুৰষ্কাৰৰ লোভত কোনেও ৰণৰাম চৌধুৰীৰ সম্ভেদ ইংৰাজক নিদিলে। আত্মগোপন কৰি থকা অৱস্থাতেই ইংৰাজৰ বিৰুদ্ধে এই মুলুকত প্ৰথম সশস্ত্ৰ আক্ৰমণ কৰা মহাবিদ্ৰোহী স্বাভিমানী ৰণৰাম চৌধুৰীয়ে ১৭৯০ চনৰ ফেব্ৰুৱাৰী মাহত মৃত্যু বৰণ কৰে। তেওঁৰ মৃত্যুৰ পিছত ব্যাপক অশান্তিৰ আশংকা কৰি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰণৰাম চৌধুৰীৰ ৯ বছৰীয়া পুত্ৰ মহীৰাম চৌধুৰীক মেচপাৰাৰ জমিদাৰ হিচাপে ঘোষণা কৰি দায়িত্বভাৰ অৰ্পণ কৰে।

এই মহীৰাম চৌধুৰীৰেই আজোনাতি আছিল জমিদাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। এতিয়া নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ বিষয়ে অতি সংক্ষেপে কেইষাৰমান কথা কবলৈ বিচাৰিছো। সেইবিষয়ে ক’বলৈ পুনৰ এই হাদিৰাচকীলৈ আহিবলগীয়া হ’ল! হাদিৰাচকীত অসমৰ স্বাধীনতাৰ বাবে অন্তিম ৰণ দি পৰাজয় বৰণ কৰা অসমৰ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ নাতি কেশৱ চন্দ্ৰ সিংহৰ জীয়ৰী প্ৰফুল্লবালা আছিল মেচপাৰাৰ জমিদাৰ তথা সাহিত্যক নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ পত্নী।

অৰ্থাৎ আহোম ৰাজবংশৰ জোঁৱাই আছিল মেচপাৰাৰ জমিদাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী – যিজনৰ সম্পৰ্ক বিজনীৰ ৰাজবংশৰ সৈতে, অৰ্থাৎ  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আহোম স্বৰ্গদেউৰ আক্ৰমণৰ পৰা ৰক্ষা কৰি কোচ ৰাজ্যত আশ্ৰয় দিয়া মহাবীৰ চিলাৰায়ৰ সৈতে! কি এক দুৰ্লভ ঐতিহাসিক চৰিত্ৰ!

১৯২৯ চনত কলিকতাত চিদলীৰ দেৱান দীননাথ শৰ্মাই প্ৰকাশ কৰা অসমীয়া সাহিত্যৰ অইন এক মাইলৰ খুঁটি “আৱাহন” আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ পাইছিল নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ধনৰ বিনিময়ত, সকলো খৰছ বহন কৰিছিল চৌধুৰীয়ে। 

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক “ৰসৰাজ” উপাধি প্ৰদান কৰিছিল নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে। ১৯৩১ চনত শিৱসাগৰত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে। ১৯৩৬ চনত তেজপুৰত অসম সাহিত্য সভাৰ সঙ্গীত অধিৱেশনৰ সভাপতি আছিল নগেন্দ্ৰ নাৰায়ণ চৌধুৰী, ইত্যাদি।

20211013 171304
মেচপাৰাৰ জমিদাৰ ৰণৰাম চৌধুৰীৰ বৰ্তমানৰ বংশধৰ দুগৰাকীৰ সৈতে তেওঁলোকৰ শতাব্দী প্ৰাচীন দূৰ্গাপূজাৰ সন্মুখত লেখক, লক্ষীপুৰত

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছত ১৮২৮ চনত ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল ফেনা কোঁৱৰৰ পুত্ৰ গোমধৰ কোঁৱৰে। গোমধৰ কোঁৱৰ আজিও অমৰ। অমৰ জীউৰাম। অমৰ পিয়লি। আমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰৱাহিত তেওঁলোকৰ নাম।

আজিৰে পৰা ৪৪ বছৰ আগতেই, ১৯৭৮ চনতেই ইয়ান্ডাবু সন্ধি সম্পৰ্কে ‘সাপ্তাহিক নীলাচল’, ‘অগ্ৰদূত’ আদি কাকতত লিখিছিলো, আজিৰে পৰা ৪৪ বছৰ আগতেই গোমধৰ কোঁৱৰকো শিৰত তুলি লৈছিলো। দুবাহুত সুমুৱাই লৈছিলো অসমৰ সেই স্বাধীনতা সেনানীসকলক!

কিন্তু আজি এই হাদিৰাচকীৰ কাষত থিয় হৈ গভীৰ বেদনাৰে, ক্ষত বিক্ষত এখন বিধ্বস্ত হৃদয়েৰে নিজকে তীব্ৰতম ধিক্কাৰ দিছোঁ, ইতিহাসৰ ক’লাজৰ ঘূৰ্ণি মন- মগজুত ধাৰণ কৰি নিজৰ ওচৰতে নিজে ঘৃণাৰ পাত্ৰ হৈছো!

লিখিবলৈ অকণো ইচ্ছা নাই; কিন্তু নতুন প্ৰজন্মৰ বাবে অতি সংক্ষেপে ইয়াকেই কৈ সামৰিব বিচাৰিছো যে মহাবীৰ ভাস্কৰবৰ্মাক চিনি নোপোৱা, মহাবীৰ পৃথুক চিনি নোপোৱা, নৰনাৰায়ণ-চিলাৰায়ক চিনি নোপোৱা, প্ৰাচীন কামৰূপৰ ইতিহাস নজনা, হাদিৰাচকী দেখা নোপোৱা, …. ইত্যাদি বহু বিষয় সম্পৰ্কে মূৰ ঘমাব নিবিচৰা আমি, গোমধৰ কোঁৱৰৰ নেতৃত্বত ১৮২৮ চনত হোৱা বিদ্ৰোহৰ ৪০ বছৰ আগতেই ১৭৮৮ চনৰ ২২ নৱেম্বৰ তাৰিখে ইংৰাজৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ কৰা মেচপাৰাৰ জমিদাৰ (নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ পূৰ্বপুৰুষ) মহাযোদ্ধা ৰণৰাম চৌধুৰীকো আমি কিয় পাহৰি গলো ?

  • FB IMG 1668910603716
  • 20201122 153441 scaled
 

আৰম্ভণিতেই উল্লেখ কৰা তাৰিখটো হ’ল “২২ নৱেম্বৰ” । ইংৰাজৰ বিৰুদ্ধে এই মুলুকৰ প্ৰথম সশস্ত্ৰ বিদ্ৰোহ।

এতিয়া প্ৰশ্ন হ’ল, ২০২৫ চনৰ ২২ নৱেম্বৰ তাৰিখে, অৰ্থাৎ ৰণৰাম চৌধুৰীৰ বিদ্ৰোহৰ দিনটোৰ ২৩৭ পিছত, তেওঁক এইবেলি সোঁৱৰণ কৰিবলৈ আমাৰ হাতত অলপ সময় হ’ব নে?

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: মহাবিদ্ৰোহী
Anjan Sarma

Anjan Sarma

Related Posts

Brahmaputra -The never-ending metaphor as Media of the valley
Media

Brahmaputra -The never-ending metaphor as Media of the valley

by Editor
June 11, 2026
0

175 Years of Media in Assam & Beyond Brahmaputra -The never-ending metaphor as Media of the valley DR. MOMITA GOSWAMI...

Read moreDetails
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 9, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

June 9, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

June 12, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
Could Earth Turn into Venus If CO2 Keeps Rising?

Could Earth Turn into Venus If CO2 Keeps Rising?

June 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34367 shares
    Share 13746 Tweet 8592
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15402 shares
    Share 6161 Tweet 3851
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    736 shares
    Share 294 Tweet 184
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    661 shares
    Share 264 Tweet 165
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3519 shares
    Share 1408 Tweet 880
  • মাধৱদেৱৰ সাহিত্যকৃতি

    705 shares
    Share 282 Tweet 176
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1040 shares
    Share 416 Tweet 260
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3822 shares
    Share 1529 Tweet 956
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6615 shares
    Share 2646 Tweet 1654
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4391 shares
    Share 1756 Tweet 1098
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d