• তনয় চক্ৰৱৰ্তী
বিগত বছৰটোত লকডাউনৰ পটভূমিত ভাৰতত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা তীব্ৰ গতিৰে বৃদ্ধি পাইছিল আৰু এই সময়ত ভাৰতৰ ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যাই ৪৫ কোটি অতিক্ৰম কৰিছে। সমগ্ৰ বিশ্বত এতিয়া ইন্টাৰনেট ব্যৱহাৰকাৰী হিচাপে ভাৰতৰ স্থান দ্বিতীয়, প্ৰথম চীন। মোবাইল এচোছিয়েশ্যন অব ইন্ডিয়াৰ দ্বাৰা প্ৰকাশিত এক সমীক্ষাত পোৱা গৈছে যে ইন্টাৰনেট ব্যৱহাৰকাৰীৰ তালিকাৰ ১ নং স্থানত থকা চীনত ব্যৱহাৰকাৰীৰ সংখ্যা ৫৬ কোটি। বিগত তিনিটা বছৰত ভাৰতত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৩৬% বৃদ্ধি পাইছে আৰু এনে ঘটনা অইন কোনো দেশত দেখা পোৱা নাই। এই সময়ত ভাৰতৰ যি ৪৫ কোটি মানুহে ইন্টাৰনেট ব্যৱহাৰ কৰে, তাৰে ৩৮.৫ কোটি ইন্টাৰনেট ব্যৱহাৰকাৰীৰ বয়স ১২ বছৰ বা তাতোকৈ অধিক। ৫ বছৰ বয়সৰ পৰা ১১ বছৰ বয়সলৈ ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ভাৰতত ৭ কোটিৰ ওচৰা-ওচৰি।
সমগ্ৰ বিশ্বজুৰি প্ৰায় ৩০০ কোটি মানুহে এতিয়া ইন্টাৰনেট ব্যৱহাৰ কৰে। অৰ্থাৎ, গণিতীয় হিচাব অনুযায়ী বিশ্বৰ জনসংখ্যাৰ মুঠ ৩৭% লোকে এতিয়াও ইন্টাৰনেট ব্যৱহাৰ কৰা নাই। জেনেভাত, ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা এই তথ্য প্ৰকাশ কৰা হৈছে যে কোভিড মহামাৰীয়ে বিশ্বৰ এক – তৃতীয়াংশৰ অধিক লোকক ‘অনলাইন’ৰ সাৰ্থকতা বুজাবই পৰা নাই। ৰাষ্ট্ৰসংঘৰ ‘ইন্টাৰনেশ্যনেল টেলিকমিউনিকেশ্যন ইউনিয়ন’ৰ অনুমান এনে যে এই ৩০০ কোটি ইন্টাৰনেট ব্যৱহাৰকাৰী মানুহৰ ৯৬% উন্নয়নশীল দেশসমূহত বসবাস কৰে। ৰাষ্ট্ৰসংঘৰ তথ্যই প্ৰকাশ কৰিছে যে ২০১৯ চনৰ পিছত মাত্ৰ এক – ডেৰ বছৰৰ ভিতৰত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় ১০০ কোটি বৃদ্ধি পাইছে। হঠাৎ ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা এনেদৰে বৃদ্ধি পোৱা ঘটনাক ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা ‘কোভিড কানেক্টিভিটি বুস্ট’ নামেৰে চিহ্নিত কৰা হৈছে।
‘ইন্টাৰনেট লাইভ স্টেটাচ্’-অৰ তথ্য অনুসৰি এখন দেশত প্ৰতিদিনে কিমান মানুহে ইন্টাৰনেট ব্যৱহাৰ কৰিছে, সেই ভিত্তিত ব্যৱহাৰকাৰীৰ পৰিসংখ্যা নিৰ্ণয় কৰা হয়। এই ক্ষেত্ৰত প্ৰতিষ্ঠানৰ নিজস্ব ৱৰ্ল্ড মিটাৰ, চিঙ্গল ইউনিট আইচ’টপ আৰু লাইভ আইচ’টপ পদ্ধতি ব্যৱহাৰ কৰা হয়। এজন ব্যৱহাৰকাৰীৰ ইন্টাৰনেটত প্ৰৱেশৰএকক সংকেতক ‘চিঙ্গল ইউনিট আইচ’টপ’ বুলি কোৱা হয়। আৰু ভালেমান ব্যৱহাৰকাৰীৰ পৰিৱৰ্তনশীল সংকেতক ‘লাইভ আইচ’টপ’ বুলি কোৱা হয়। প্ৰতিদিনৰ ইন্টাৰনেট ব্যৱহাৰকাৰীৰ পৰিসংখ্যাৰ পৰা মাহটোৰ গড় হিচাব আৰু তাৰেপৰাই বাৰ্ষিক গড় হিচাব ঠাৱৰ কৰি চূড়ান্ত সমীক্ষাৰ প্ৰতিবেদন প্ৰস্তুত কৰা হয়। ইন্টাৰনেট ব্যৱহাৰকাৰীৰ প্ৰকৃত সংখ্যা জানিবলৈ ‘ইন্টাৰনেট লাইভ স্টেটাচ’ৰ পদ্ধতিক সমগ্ৰ বিশ্বতে গ্ৰহণযোগ্য হিচাপে বিবেচনা কৰা হৈছে। বিশ্ববেংক-এ ইন্টাৰনেট ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত আন্তৰ্জাতিক টেলিযোগাযোগ ইউনিয়ন বা ‘আই-টি-ইউ’ৰ লগতে ‘এলায়েন্স ফৰ এফোৰ্ডেবল ইন্টাৰনেট’ৰ দৰে আন্তৰ্জাতিক সংস্থাৰ প্ৰতিবেদনৰ ভিত্তিত নিজৰ সমীক্ষাৰ প্ৰতিবেদন প্ৰস্তুত কৰে। লকডাউনৰ আগতে তৃতীয় বিশ্বৰ দেশবোৰত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা আছিল বিশ্বৰ মুঠ জনসংখ্যাৰ মাত্ৰ ১৫% ; আৰু ‘আই-টি-ইউ’ৰ ‘তথ্য আৰু যোগাযোগ প্ৰযুক্তি উন্নয়ন সূচক ২০১৬’ প্ৰতিবেদনৰ তথ্য অনুসৰি ইন্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ৩২ খন দেশৰ ভিতৰত ভাৰতৰ অৱস্থান আছিল ৩১! এতিয়া কেৱল এছিয়া – প্ৰশান্ত মহাসাগৰীয় অঞ্চল নহয়, সমগ্ৰ বিশ্বৰ ভিতৰতেই ভাৰতে দ্বিতীয় স্থানত প্ৰৱেশ কৰিছে।
টেলিযোগাযোগ ভিত্তিক গৱেষণাৰ প্ৰথম শাৰীৰ গৱেষক আবু চৈয়দ খান-এ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন প্ৰকাশিত হোৱা সময়ত কৈছিল যে লকডাউন, বিদ্যালয় বন্ধ, আৰু ৰিমোট বেংকিং-অৰ দৰে পৰিসেৱাসমূহ দ্ৰুতভাবে গ্ৰহণ কৰিবলৈ ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা উন্নয়নশীল দেশসমূহত উল্লেখযোগ্য ভাবে হু হু কৈ বাঢ়িছে, আকৌ চীন তথা ভাৰতৰ জনসংখ্যাও বিশ্বৰ ভিতৰতেই সৰ্বাধিক। গণিতীয় হিচাব ডাঙি ধৰি খান-এ কৈছে যে ৪৬ খন অল্পোন্নত দেশত প্ৰায় তিনি-চতুৰ্থাংশ মানুহ কেতিয়াও’অনলাইন’ত নাছিল, এতিয়া সেইবোৰ দেশত অন্ততঃ অৰ্দ্ধেক সংখ্যক মানুহে ইন্টাৰনেট ব্যৱহাৰ কৰিছে।