• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

ইন্দিৰা-মুজিব সন্ধি আৰু সংবিধান

-ডঃ কুমুদ নাথ শৰ্মা

by Anjan Sarma
June 25, 2021
in Politics, Special Report
Reading Time: 1 min read
0
ইন্দিৰা-মুজিব সন্ধি আৰু সংবিধান
Share on FacebookShare on TwitterShare on LinkedIn

-ডঃ কুমুদ নাথ শৰ্মা |

অসমত থকা বিদেশী লোকৰ চিনাক্তকৰণ, তেওঁলোকৰ নাম মতদাতা সূচীৰপৰা উলিয়াই এখন বিশুদ্ধ সূচী প্ৰকাশন আৰু সকলো বিদেশী লোককে দেশৰপৰা বহিষ্কাৰ কৰাৰ সন্দৰ্ভত যি জীৱন-মৰণ সংগ্ৰাম চলিছে তাৰ তৃতীয় অংক পাৰ হৈ গৈছে। অসমৰ এই সমস্যাৰ চৰিত্ৰ আৰু ব্যাপকতা সম্পৰ্কে এতিয়া আৰু কোনো সন্দেহৰ অৱকাশ নাই। মাত্ৰ সমস্যা সমাধানৰ কাৰ্যপদ্ধতি আৰু সময়সীমা সম্পৰ্কে ভাৰত চৰকাৰ আৰু আন্দোলনৰ কুশীলৱসকলৰ মাজত মতভেদ দূৰ হ’বলৈ বাকী আছে। সাময়িকভাৱে আন্দোলন স্থগিত কৰা হ’লেও এয়া পৰৱৰ্তী কাৰ্যপদ্ধতিৰ বাবে সাজু হোৱাৰ উদ্যোগহে।

সংবিধানসন্মত আৰু আইন সমৰ্থিত এই গণ-আন্দোলনক বিপথগামী কৰাৰ প্ৰয়াসত ব্যৰ্থ হৈ ৰাজনৈতিক দলসমূহে সাময়িকভাৱে হ’লেও ভাৰত চৰকাৰক ইন্দিৰা-মুজিব সন্ধিৰ দোহাই দি অসমৰপৰা অবাঞ্ছিত বিদেশী লোকক ১৯৭১ চনলৈ ৰাখি থোৱাৰ ষড়যন্ত্ৰ কৰা কাৰ্যত সফল হৈছে।

এই ইন্দিৰা-মুজিব সন্ধি বাৰু কি, ইয়াৰ উদ্দেশ্য কি আৰু পৰিসৰ কিমান। এই চুক্তিয়ে জানো দেশৰ সংবিধানৰ পৱিত্ৰ সোঁতৰ পৰিপন্থী হৈ বিদেশী লোকক অসমতে নিগাজিকৈ থকাৰ সুবিধা দিব পাৰে? এই চমু লিখনিৰ উদ্দেশ্য এই বিষয়ে আলচ কৰি যথোচিত সিদ্ধান্তত উপনীত হোৱা।

ইন্দিৰা-মুজিব সন্ধি স্বাক্ষৰিত হৈছিল ১৯৭২ চনৰ ১৯ মাৰ্চ তাৰিখে ঢাকাত। নতুন দিল্লীত ১৯৭৪ চনৰ ১৬ মে’ তাৰিখে ইন্দিৰা-মুজিবৰ পুনৰ এখন চুক্তি স্বাক্ষৰিত হয়। প্ৰথমখনক সন্ধিপত্ৰ (ট্ৰিটী) আৰু দ্বিতীয়খনক চুক্তি (এগ্ৰিমেণ্ট) বোলা কথাষাৰ প্ৰণিধানযোগ্য।

১৯৭২ চনৰ সন্ধিৰ শীৰ্ষত ইয়াক মিত্ৰতা, সহযোগিতা আৰু শান্তিৰ বাৰ্তাবাহী বুলি অভিহিত কৰিছে। ইয়াৰ আমুখ অংশ অতি দীঘলীয়া। ভাৰতীয় গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু বাংলাদেশী গণৰাজ্যৰ প্ৰতিনিধিস্বৰূপে ইন্দিৰা গান্ধী আৰু শ্বেখ মুজিবুৰ ৰহমানে ইয়াত অংশগ্ৰহণ কৰে। এই সন্ধিপত্ৰৰ বাৰটা অনুচ্ছেদৰ প্ৰথমটোত চিৰস্থায়ী শান্তি, মিত্ৰতা, আদৰ্শ প্ৰতিৱেশীৰ নীতি সাৰোগত কৰি একমত হোৱাৰ কথা ঘোষণা কৰা হৈছে। চতুৰ্থ অনুচ্ছেদত দুয়ো ৰাষ্ট্ৰৰ উমৈহতীয়া স্বাৰ্থৰ ক্ষেত্ৰত নিয়মীয়া সংযোগ সাধনৰ ওপৰত জোৰ দিয়া হৈছে। বানপানী নিয়ন্ত্ৰণ, নদী অৱবাহিকা উন্নয়ন, জলবিদ্যুৎ প্ৰকল্প, জলসিঞ্চন আঁচনি (ষষ্ঠ অনুঃ), সাহিত্য, কলা, শিক্ষা, সংস্কৃতি, খেলা-ধূলা আৰু স্বাস্থ্যোন্নতি সম্পৰ্কীয় অৰাজনৈতিক (সপ্তম অনুঃ) বিষয়েও আগঠাই পাইছে। অষ্টম অনুচ্ছেদৰ দ্বিতীয় দফাত দুয়ো ৰাষ্ট্ৰই পৰস্পৰৰ বিৰুদ্ধে কোনো ধৰণৰ আক্ৰমণ বা ৰাষ্ট্ৰৰ নিৰাপত্তাৰ পৰিপন্থী কাৰ্যৰপৰা বিৰত থকাৰ সংকল্প লৈছে। সামৰিক সংঘাতত তৃতীয় ৰাষ্ট্ৰক সাহায্যদানৰপৰা বিৰত থকা আৰু তেনেকুৱা বিপদৰ সময়ত পৰস্পৰৰ ৰক্ষাৰ বাবে আগবাঢ়ি অহাৰ নীতি ঘোষণা কৰাটো আন এটা উল্লেখযোগ্য কথা (নৱম অনুঃ)। সাম্প্ৰতিক সন্ধিৰ প্ৰতিপক্ষ হিচাপে গণ্য কৰিব পৰা কোনো ধৰণৰ প্ৰতিশ্ৰুতি—গোপনীয় বা ঘোষিত—এই সন্ধিৰ সৈতে বিৰুদ্ধাচৰণ কৰাৰ লেখীয়া কাৰ্য বুলি গণ্য কৰা হ’ব বুলি দশম অনুচ্ছেদত স্পষ্ট কৰি দিয়া হৈছে। সন্ধিৰ কাৰ্যকাল ২৫ বছৰ আৰু সন্দেহ আৰু সন্দেহৰ থল ওলালে মীমাংসাৰ পন্থা দ্বিপক্ষীয় শান্তিপূৰ্ণ আলাপ-আলোচনাহে হ’ব বুলি শেষৰ দুটা অনুচ্ছেদত কোৱা হৈছে। ১৯৭২ চনৰ মাৰ্চৰ ১৯ তাৰিখে স্বাক্ষৰিত হোৱা সন্ধিপত্ৰৰ থূলমূল ধাৰাকেইটাৰ এয়া ৰূপৰেখা।

এই সন্ধিপত্ৰৰ সৈতে দুয়ো ৰাষ্ট্ৰৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ প্ৰতিনিধিৰ আলাপ-আলোচনাৰ এটা বিশদ বিৱৰণাত্মক প্ৰতিৱেদনো যুটীয়া ঘোষণাৰূপে প্ৰকাশিত কৰা হৈছে। দুয়ো ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে ইন্দিৰা গান্ধী আৰু শ্বেখ মুজিবে সন্মত হোৱা কাৰ্যসূচীৰ ৰূপায়ণৰ পদক্ষেপৰ লেখ-জোখ দিবৰ বাবেই এই সন্ধিপত্ৰ স্বাক্ষৰৰ উদ্দেশ্যৰ সমৰ্থনত কাম কৰি যাবলৈ দুয়ো প্ৰতিৱেশী ৰাষ্ট্ৰই উদ্বুদ্ধ বুলি ঘোষণা কৰিছে।

দিল্লীলৈ উভতি গৈ ইন্দিৰা গান্ধীয়ে পিছদিনা অৰ্থাৎ ২০ মাৰ্চৰ দিনা সদনৰ আগত যুটীয়া ঘোষণা আৰু সন্ধিৰ মূল কথা দোহাৰি এছিয়াৰ এই উপ-মহাদেশীয় অঞ্চলটোত শান্তি আৰু সহযোগিতা স্থায়ী হ’ব বুলি আশা প্ৰকাশ কৰে।

এই দুয়োজন নেতাৰ মাজত ১৯৭৪ চনৰ ১৬ মে’ তাৰিখে নতুন দিল্লীত আন এখন যৌথ চুক্তি বা সন্মতিপত্ৰ স্বাক্ষৰিত হয়। ইয়াৰ উদ্দেশ্য দুয়ো দেশৰ ভূমি সীমা নিৰ্ধাৰণ সম্পৰ্কীয় সন্দেহৰ নিৰাকৰণ আৰু তৎসম্বন্ধীয় সমস্যাৰ বিবেচনা বুলি কোৱা হৈছে। এই চুক্তিপত্ৰৰ আমুখ চুটি আৰু ইয়াৰ গৰ্ভাংশটোত কেৱল পাঁচটা অনুচ্ছেদহে আছে। প্ৰথমটোত দুয়ো দেশৰ সীমান্তৱৰ্তী এলেকাৰ পোন্ধৰটা অংশবিশেষৰ সীমা নিৰ্ধাৰণৰ সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰা হৈছে। দ্বিতীয়টোত সীমাংশৰ মানচিত্ৰ প্ৰস্তুতিৰ সময়সীমা ৩১ মে’ ১৯৭৪ চনলৈ বান্ধি দি এবছৰ ভিতৰত কূটনীতিক পৰ্যায়ত মানচিত্ৰ সলনা-সলনিৰ নিৰ্দেশ দিয়া হৈছে। পৰস্পৰে সলনি কৰা ক্ষেত্ৰবিশেষৰ জনসমূহক নতুনকৈ লগ লগা দেশৰ নাগৰিক হিচাপে বিলয় হোৱাৰ অধিকাৰ দি শান্তিপূৰ্ণভাৱে স্থিতাৱস্থাৰ মৰ্যাদা ৰক্ষাৰ বাবে তৃতীয় অনুচ্ছেদত নিৰ্দেশ দিয়া হৈছে। চতুৰ্থ আৰু পঞ্চম অনুচ্ছেদ ক্ৰমে অনুচ্ছেদসমূহৰ সন্দেহাতীত ব্যাখ্যা তথা মীমাংসাৰ আৰু দুয়ো ৰাষ্ট্ৰৰদ্বাৰা অনুমোদন দানৰ ব্যৱস্থা কৰা হৈছে। এই চুক্তি দুয়ো দেশৰ অনুমোদনৰ সাপেক্ষে চুক্তিপত্ৰৰ সলনা-সলনিৰ পিছতহে কাৰ্যকৰী হ’ব বুলি একমত হোৱাৰ উল্লেখ আছে।

এই দুই যৌথ সন্ধি আৰু চুক্তিৰ অনুচ্ছেদসমূহ অধ্যয়নৰ পিছত এইটো সহজে বুজিব পাৰি যে ১৯৭১ৰ ২৫ মাৰ্চৰ দিনটোৰ গুৰুত্বৰ কথা ক’তো উল্লেখ কৰা হোৱা নাই। মাথোন ১৯৭১ চনৰ নৱেম্বৰ মাহত ভাৰত চৰকাৰে অসম চৰকাৰৰ জিলা উপায়ুক্ত বৰ্গলৈ প্ৰেৰিত এখন চিঠিত সেই সময়ৰ পূব পাকিস্তানৰপৰা অহা ভগনীয়াসকলক ভাৰতৰ নাগৰিকত্ব বিচাৰি দাখিল কৰা বা কৰিব পৰা সম্ভাব্য প্ৰতিৱেদনসমূহ গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কিয়নো ১৯৭১ চনৰ ২৫ মাৰ্চৰপৰা আৰম্ভ কৰি যিসকল লোক পূৰ্ববংগৰপৰা ভাৰতলৈ আহি আছে তেওঁলোকক সাধাৰণতে ভাৰতৰ নিগাজি বাসিন্দা বুলি ক’ব নোৱাৰি। তেওঁলোক অদূৰ ভৱিষ্যতে নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ আশা আছে। তেওঁলোকক ১৯৫৫ চনৰ ভাৰতীয় নাগৰিকত্ব অধিনিয়মৰ ৫(১) (ক) অনুচ্ছেদ আৰু ১৯৫৬ চনৰ নাগৰিকত্ব পৰিনিয়মাৱলী অনুসাৰে ভাৰতীয় নাগৰিক বুলি পঞ্জীয়নভুক্ত কৰিব লাগে, যদিহে তেনেকুৱা কোনো লোকে ইচ্ছাকৃতভাৱে ভুল তথ্য যোগান ধৰি ২৫/৩/৭১ৰ আগৰ কোনোবা দিনৰপৰা ভাৰতত বাস কৰি থকাৰ দাবী লিখিতভাৱে কৰে, তেনেহ’লে তেনেকুৱা সুবিধা দিব নালাগে।

ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে ১৯৭২ চনৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ এসপ্তাহৰ ভিতৰতে দুখন চিঠি লিখি আগৰ কথাটোৰপৰা ফালৰি কাটি গৈ এই কেইটা নতুন কথাৰ অৱতাৰণা কৰে।

(ক)    ২৫ মাৰ্চ, ১৯৭১ তাৰিখৰ আগতে ভাৰতলৈ অহা ভগনীয়া বঙালীয়ে হওক বা অবঙালীয়ে হওক, কাকো ঘূৰাই পঠোৱা নহ’ব।

(খ)    ২৫/৩/৭১ আৰু ১৬/১২/৭১ৰ মাজত অহা ভগনীয়াৰ ভিতৰত মাত্ৰ বঙালী ভগনীয়াকহে প্ৰত্যাৱৰ্তিত কৰা হ’ব। সেই সময়ৰ ভিতৰত অহা অবঙালী লোকৰ প্ৰত্যাৱৰ্তনৰ বিষয়ত সিদ্ধান্ত পিছত জনোৱা হ’ব।

(গ)    ২৬/১২/৭১ৰ পিছত অহা সকলো লোকক লাগে তেওঁ আইন শুদ্ধ পাৰপত্ৰ প্ৰভৃতি লৈয়ে আহক বা তেনে অনুমতি নোলোৱাকৈয়ে আহক প্ৰত্যাৱৰ্তিত কৰা হ’ব। বাংলাদেশ চৰকাৰে এই কথাৰ সম্পূৰ্ণ দায়িত্ব মানি লৈছে।

(ঘ)    বিহাৰী মুছলমানসকলে যদিহে তেওঁলোক ২৬/১২/৭১ৰ পিছত আহিছে আৰু কোনোবা ৰাজনৈতিক দলৰ প্ৰৰোচনাত ঘূৰি যাবলৈ নিবিচাৰে, তেনে লোকক প্ৰত্যাৱৰ্তিত কৰিব খুজিলে সৃষ্টি হ’ব পৰা আইন-শৃংখলাৰ প্ৰশ্ন সম্বন্ধে চৰকাৰৰ আশংকাৰ অৱকাশ আছে।

(ঙ)     যিসকল বাংলাদেশী ১৬/১২/৭১ তাৰিখৰ পিছত আহিছে, তেওঁলোক নিঃসন্দেহে ভাৰতৰপৰা ঘূৰি যাব লাগিব। ভাৰত চৰকাৰে এই মৌলিক সিদ্ধান্তৰপৰা এখোজো পিছুৱাই যাব নোৱাৰে। কিন্তু, এনেকুৱা অবঙালীৰ প্ৰত্যাৱৰ্তন আঁচনি কাৰ্যকৰী কৰাৰ আগতে সম্ভাব্য ৰাজনৈতিক বাক-বিতণ্ডা বা আন্দোলনৰ আশংকা সম্পৰ্কে দকৈ ভাবি চাব লাগিব।

এতিয়া আমি ১৯৭১ চনৰ ইন্দিৰা-মুজিব সন্ধিপত্ৰ আৰু ১৯৭৪ চনৰ চুক্তিপত্ৰ অধ্যয়ন কৰিলে এই সিদ্ধান্তত উপনীত হওঁ যে দুয়োখনৰ ক’তো ১৯৭১ চনৰ ২৫ মাৰ্চ বা ১৬ ডিচেম্বৰ তাৰিখৰ উল্লেখ নাই। এয়া চৰকাৰৰ কাৰ্যপালিকাৰ সিদ্ধান্তহে। ইমান গম্ভীৰ বিষয় এটাত সন্ধিপত্ৰৰ ভিতৰত নথকা কথা এটা জানো কাৰ্যপালিকাই নিজৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত সামৰি ল’ব পাৰে? এয়া এটা গভীৰ আৰু বিবেচ্য বিষয় যাৰ ক্ষমতাৰ স্ৰোত দেশৰ প্ৰচলিত আইন বিশেষকৈ এই বিষয়ত আদ্যাশক্তিস্বৰূপিণী সংবিধানৰপৰা প্ৰৱাহিত হ’বই।

ভাৰতীয় সংবিধানৰ ধাৰা ৫১ (গ), ২৫৩ আৰু সপ্তম অনুসূচীৰ কেন্দ্ৰীয় বিধায়িনী তালিকাৰ ১৪ দফাত এই বিষয়ে উল্লেখ আছে। কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকাৰিণী শক্তিৰ পৰিধিৰ পৰিসৰ ধাৰা ৭৩(খ)ৰপৰা বিবেচনা কৰি চাব লাগিব। ধৰা ৫১ (গ) মতে এই বিষয়টো ৰাজ্যৰ নীতি-নিৰ্দেশক তত্ত্বৰ ভিতৰত গণ্য কৰি আন্তঃৰাষ্ট্ৰীয় সন্ধিপত্ৰৰপৰা সৃষ্টি হোৱা দায়িত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ ৰাষ্ট্ৰই কৰিব লগা প্ৰচেষ্টাৰ নৈতিক দায়িত্বৰ কথা কোৱা হৈছে। ২৫৩ ধাৰাত সংসদক কোনো সন্ধিপত্ৰ কাৰ্যকৰী কৰিবৰ বাবে যথোচিত আইন প্ৰণয়নৰ অধিকাৰ দিয়া হৈছে। ১৪ দফাত এই সম্পৰ্কত আইন প্ৰণয়ন কৰাৰ বিষয়ৰ উল্লেখ আছে। ৭৩ (খ) ধাৰাই কেন্দ্ৰীয় কাৰ্যপালিকাক এই বিষয়ত কৰিব পৰা ক্ষমতাৰ বিষয়ে অধিকাৰ দিয়া হৈছে।

কোনো সংবিধানৰ অধীনত আন্তঃৰাষ্ট্ৰীয় সন্ধিপত্ৰ স্বাক্ষৰিত কৰাৰ অধিকাৰত কেৱল তাৰ বহিঃক্ষেত্ৰৰ অধিকাৰসমূহ বিবেচনা কৰিলেই নহ’ব; ৰাষ্ট্ৰৰ আভ্যন্তৰীণ আইন-কানুন, নাগৰিকৰ অধিকাৰসমূহ যাতে খৰ্ব বা হনন কৰা নহয় তাকো লক্ষ্য কৰিব লাগিব। এই আইনগত আভ্যন্তৰীণ বাধাসমূহ মানি চলিহে আন্তঃৰাষ্ট্ৰীয় সন্ধিপত্ৰৰ অৱতাৰণা বা তাৰ কাৰ্যকাৰিতা সম্পৰ্কে আগবঢ়াৰ থল থাকে। উদাহৰণস্বৰূপে, আমেৰিকাৰ ৰাষ্ট্ৰপতি যদিও সন্ধিপত্ৰ সমাধা কৰাৰ ক্ষেত্ৰত একমাত্ৰ অধিকাৰিক ব্যক্তি তেৱোঁ সেই দেশৰ চিনেট সভাৰ উপদেশ আৰু সন্মতিসাপেক্ষেহে এই কাম কৰিব পাৰে। কোনো দেশৰ কাৰ্যকাৰিণীয়ে এনেকুৱা কোনো আন্তঃৰাষ্ট্ৰীয় সন্ধিপত্ৰ বা চুক্তিপত্ৰ স্বাক্ষৰিত কৰিব নোৱাৰে, যাৰ ফলশ্ৰুতি হিচাপে সেই দেশৰ সংবিধানখন ব্যৱহাৰিক দিশত সংশোধন কৰাৰ নিচিনা হয়গৈ। এই বৈধিক তত্ত্ব সেই ক্ষেত্ৰত শিলৰ ৰেখাৰ দৰে দৃঢ়তৰ হৈ উঠে যদিহে আন কথাৰ লগতে ই ভাৰতীয় নাগৰিকৰ আইন শুদ্ধ কোনো অধিকাৰ তেনেকুৱা সন্ধিপত্ৰৰ চৰ্তৰদ্বাৰা আক্ৰান্ত হয়। ভাৰতৰ উচ্চতম ন্যায়ালয়ে ১৯৬৯ চনৰ মগনভাই মোকৰ্দমাত এই মৰ্মে ৰায় দিছে। কচ্ছৰ ৰাণ ক্ষেত্ৰৰ তিনিটা এলেকা ভাৰত-পাকিস্তান সন্ধিপত্ৰ অনুযায়ী পাকিস্তানক হস্তান্তৰিত কৰা কথাৰ বৈধতাৰ প্ৰশ্ন তুলি উচ্চতম ন্যায়ালয়ত তেওঁলোকে সংবিধানৰ ১৯ ধাৰাৰ অধিকাৰ ক্ষুণ্ণ বা খৰ্ব হোৱাৰ অভিযোগ কৰি এই মোকৰ্দমা ৰুজু কৰিছিল। এই মোকৰ্দমাৰ ৰায়ত মুখ্য ন্যায়াধীশ হিদায়ৎ উল্লাহ (তেতিয়াৰ) আৰু ন্যায়াধীশ শ্বাহে এই কথা মানি লয় যে যদিও সন্ধিপত্ৰ স্বাক্ষৰ কৰা কামটো কাৰ্যপালিকাৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত পৰে, কিন্তু আইন প্ৰণয়নৰ সহায় নোলোৱা তেওঁলোকে দেশৰ আভ্যন্তৰীণ আইনৰ বিকৃতি সাধন কৰি এনেকুৱা সন্ধিপত্ৰ কাৰ্যকৰী কৰাৰ বাবে কোনো পদক্ষেপ ল’ব নোৱাৰে। ইয়াৰ আগতে ১৯৬০ চনতো সেই আদালতে বেৰুবাৰীৰ সীমা সম্পৰ্কীয় ৰায়ত ৰাষ্ট্ৰৰ সন্ধিপত্ৰ স্বাক্ষৰিত কৰাৰ অধিকাৰ আৰু কাৰ্যকাৰিণীৰ সেই সম্পৰ্কীয় ব্যৱহাৰিক অধিকাৰৰ বিষয়ে সমুচিতভাৱে আলচ কৰিছে। অসমৰ বিদেশী লোকৰ সমস্যাৰ সন্দৰ্ভত সংবিধানৰ ধাৰাসমূহৰ প্ৰয়োগ আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰতিপাদিত আইনৰ তথ্য আৰু তত্ত্বসমূহৰ প্ৰাসংগিকতা প্ৰণিধানযোগ্য।

সংবিধানৰ সন্ধিপত্ৰ সম্বন্ধীয় ধাৰা বা বিধানসমূহে নাগৰিকৰ অধিকাৰ বা প্ৰাপ্য সুবিধা মৰ্যাদাৰ মূলভেটিত আঁচোৰ মাৰিলে বিধিশাস্ত্ৰ মতে ইয়াক পৰিৱৰ্তন বা সংশোধন কৰাৰ ঔচিত্য বা যুক্তিযুক্ততা সম্পৰ্কে আলোচনা কৰাৰ যথেষ্ট অৱকাশ আছে। আন্তৰ্জাতিক খ্যাতিসম্পন্ন আইনবিদ্ মৰিছ গিনছবাৰ্গৰ মতে যদিহে কোনো ৰাষ্ট্ৰই সন্ধিপত্ৰ সম্পাদন কৰাৰ পিছত পৰিস্থিতিৰ মৌলিক পৰিৱৰ্তন ঘটে আৰু তাৰ পৰিণতিস্বৰূপে সেই সন্ধিপত্ৰৰ মাথোঁ এটা দলৰ ওপৰতহে ই অসহ্য ভাৰৰ বোজাৰূপে পৰিগণিত হয় নাইবা আন আনুষংগিক কাৰণত এই সন্ধিপত্ৰ ক্ৰমে একপক্ষীয়, অত্যাচাৰী আৰু ন্যায় যুক্তিৰ পৰিপন্থী হৈ পৰে—তেনে সন্ধিপত্ৰৰ যুঁৱলিৰপৰা কোনো দেশ ওলাই আহিব খুজিলে বা ওলাই আহিলে সেই কাম নীতি বিগৰ্হিত বুলি গৰিহণা দিয়াৰ থলো নাই। আন্তঃৰাষ্ট্ৰীয় আইনৰ Rebus Sie Stantibus সূত্ৰৰ মূল ভেটিও এয়াই যে যেতিয়ালৈ পৰিস্থিতি পূৰ্বৰ দৰে বৰ্তমান হৈ থাকে, তেতিয়ালৈহে কোনো সন্ধিপত্ৰক বেদবাক্য বুলি মানি যোৱাৰ যুক্তি আছে; অন্যথাই ইয়াক নতুন পৰিস্থিতি সাপেক্ষেহে গ্ৰহণ কৰিব লাগিব।

বৰ্তমানৰ সমস্যাৰ সন্দৰ্ভত সন্ধিপত্ৰ যে সমগ্ৰ ভাৰতৰ বাবে নহ’লেও ইয়াৰে অবিচ্ছেদ্য অংগৰাজ্য অসমৰ স্বাৰ্থৰ প্ৰতিকূলে গৈ ইয়াৰ অস্তিত্বকে গ্ৰাস কৰিবলৈ ৰঘুমলাৰ দৰে বাঢ়ি আহিছে, ই সম্পূৰ্ণ একপক্ষীয় হৈছে, সংবিধানৰ নিৰ্দেশ অনুযায়ী যথোচিত আইনৰদ্বাৰা সমৰ্থিত নহয়, কাৰ্যপালিকাৰ আতিশয্যৰ ফলত ইয়াৰ কাৰ্যকাৰিতাৰ প্ৰণালীয়ে ভাৰতীয় নাগৰিকৰ ন্যায়োচিত অধিকাৰ খৰ্ব কৰিবলৈ উদ্যত হৈছে নাইবা তাৰ উচিত ভোগ ব্যৱহাৰক দুৰ্যোগপূৰ্ণ কৰি তুলিছে আৰু পৰিস্থিতিৰ মৌলিক পৰিৱৰ্তনৰ বাবে এই সন্ধিপত্ৰ আৰম্ভণিতে থকা বহুমুখী আৰ্থিক, সামাজিক, সাংস্কৃতিক খতিয়ানৰপৰা পতিত হৈ দেশৰ সাৰ্বভৌমত্বৰ বাবেই বিপদৰ সুস্পষ্ট সংকেত বহন কৰি আনিছে—ইয়াত সন্দেহ কৰাৰ থল নাই। এনেকুৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইন্দিৰা-মুজিব সন্ধিপত্ৰ (১৯৭২) আৰু ইন্দিৰা-মুজিব চুক্তি (১৯৭৪) দুখন পুনৰ বিবেচনা কৰি সময়োচিত সিদ্ধান্ত লোৱাৰ সময় আহিছে। এই শতিকাৰ আগভাগত পূৰ্ব ইউৰোপত হোৱা ঐতিহাসিক পূৰ্ব ঘটনাসমূহ আমি উলাই কৰিব নালাগিব। ভাৰতীয় মহাজাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে এই ঐতিহাসিক শিক্ষাৰপৰা আমি শিকনি ল’বই লাগিব। আইন, সংবিধান ইত্যাদি তাৰ অধীনত থকা নাগৰিকৰ বাবেহে প্ৰতিপাদিত হৈছে। আইন, সংবিধান যেনেকৈ আৱশ্যক হ’লে সংশোধন কৰি সময়োপযোগী কৰি লোৱা হয়, আন্তঃৰাষ্ট্ৰীয় সন্ধিপত্ৰৰ ক্ষেত্ৰতো সেয়া প্ৰযোজ্য।

[ ‘দৈনিক অসম‘, ১ মাৰ্চ, ১৯৮০, লেখক কুমুদ নাথ শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ডীন আছিল]

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ইন্দিৰা-মুজিব সন্ধি
Anjan Sarma

Anjan Sarma

Related Posts

Supreme Court Stands Firm Against Wealthy Silencing Media!
Special Report

India’s Judicial Transparency In the path of Transition

by Pradakshina Sarmah
August 15, 2026
0

India’s Judicial Transparency In the path of Transition PRADAKSHINA SARMAH Judicial Transparency refers to the openness, accessibility, and accountability of...

Read moreDetails
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39758 shares
    Share 15903 Tweet 9939
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18619 shares
    Share 7448 Tweet 4655
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3766 shares
    Share 1506 Tweet 942
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    275 shares
    Share 110 Tweet 69
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4185 shares
    Share 1674 Tweet 1046
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5107 shares
    Share 2043 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d