মোডীক পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰত্যাহ্বান
২৭ এপ্ৰিল, ২০২২ তাৰিখ বুধবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবোৰৰ মুখ্যমন্ত্ৰীৰ সৈতে কোভিড পৰিস্থিতি সম্পৰ্কে হোৱা ভিডিঅ’ কনফাৰেন্সৰ সময়ত ৰাজ্যসমূহক ইন্ধনৰ ক্ষেত্ৰত ‘মূল্য সংযোজিত কৰ'( ভেট) হ্ৰাস কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ মাজত হোৱা বৈঠকত ইন্ধনৰ দামবৃদ্ধি আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি সম্পৰ্কীয় প্ৰসঙ্গই স্থান পায় হেতুকে প্ৰধানমন্ত্ৰীয়ে কয় যে ‘ ৰাইজৰ কল্যাণৰ হকে, ৰাষ্ট্ৰৰ হিতৰ হকে, মই আপোনালোকক আহ্বান জনাইছো ‘ভেট’ হ্ৰাস কৰক। যি হ’ব লাগিছিল, তেনে নহ’ল, এতিয়া আমাৰ স’তে সহযোগ কৰক।’
ইউক্ৰেনৰ আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ পটভূমিত যোগান শৃংখল ব্যাহত হোৱাৰ বিষয়ে উল্লেখ কৰি মোডীয়ে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ ভাবনা বৃদ্ধিৰ পোষকতা কৰে।
তেওঁ কয়,’ কেন্দ্ৰীয় চৰকাৰে ৰাইজৰ বোজা হ্ৰাস কৰাৰ বাবে বিগত নৱেম্বৰ মাহত পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী কৰ হ্ৰাস কৰিছিল।আমি ৰাজ্যসমূহকো কৰ হ্ৰাস কৰিবলৈ আহ্বান জনাইছিলো। কিছুমান ৰাজ্যই কৰ হ্ৰাস কৰিছিল, কিন্তু কিছুমান ৰাজ্যই ৰাইজক সকাহ নিদিলে। সেইবাবে পেট্ৰ’ল আৰু ডিজেলৰ দাম সেই ৰাজ্যবোৰত বৃদ্ধি হৈ থাকিল। এয়া কেৱল ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি কৰা অন্যায় নহয়, প্ৰতিৱেশী ৰাজ্য সমূহতো ইয়াৰ প্ৰভাৱ পৰে।’
মহাৰাষ্ট্ৰ, পশ্চিমবঙ্গ, তেলেঙ্গানা, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, কেৰালা আৰু ঝাৰখণ্ডৰ চৰকাৰে ইন্ধনৰ ক্ষেত্ৰত মূল্য সংযোজিত কৰ বা ‘ভেট’ ৰেহাই নিদিয়া বাবেই বৰ্দ্ধিত মূল্যই ৰাইজক জুৰুলা কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়।
মোডীয়ে পুনৰ কয়,’মই কাকো দোষাৰোপ বা সমালোচনা কৰা নাই, কেৱল আলোচনা হে কৰিছো। কৰ্ণাটকে যদি পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত থকা কৰ হ্ৰাস নকৰিলেহেঁতেন তেনে ক্ষেত্ৰত কৰ্ণাটকে যোৱা ৬ মাহত অতিৰিক্ত ভাবে ৫০০০ কোটি টকা সংগ্ৰহ কৰিব পাৰিলেহেঁতেন। একেদৰেই গুজৰাটেও ৩৫০০-৪০০০ কোটি টকা সংগ্ৰহ কৰিব পাৰিলেহেঁতেন। কিন্তু এইবোৰ ৰাজ্যই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি ৰাইজক সকাহ দিলে।’
যিবোৰ ৰাজ্যই ‘ভেট’ হ্ৰাস কৰা নাই,সেই ৰাজ্যবোৰে অতিৰিক্ত ৰাজহ সংগ্ৰহ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে কয় আৰু তেওঁ আহ্বান জনায় যাতে সেই ৰাজ্যবোৰে ইন্ধনৰ কৰ হ্ৰাস কৰে আৰু তাৰ লাভ যাতে ৰাইজে পাবলৈ সক্ষম হয়। কেন্দ্ৰীয় চৰকাৰৰ ৪২% ৰাজহ ৰাজ্যসমূহলৈ যায় বুলিও তেওঁ উল্লেখ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবোৰৰ ‘ভেট’ হ্ৰাস সম্পৰ্কে কোৱা কথাবোৰ ‘একপক্ষীয়’ আৰু ‘বিভ্ৰান্তিমূলক’ বুলি তীব্ৰ সমালোচনা কৰিছে পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। বুধবাৰে দুপৰীয়াই পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিযোগৰ প্ৰত্যুত্তৰ দি টুইটাৰ হেন্ডেলৰ দ্বাৰা প্ৰত্যাহ্বান জনাই কৈছে যে মোডী চৰকাৰে যদি পশ্চিমবঙ্গই পাবলগীয়া বকেয়া প্ৰেৰণ কৰে, তেনেহ’লে পশ্চিমবঙ্গৰ চৰকাৰে অহা ৫ বছৰলৈ পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত থকা সকলো কৰ নোহোৱা কৰি দিবলৈ সাজু। টুইটাৰত লেখা হৈছে, ‘আমি প্ৰতিশ্ৰুতি দিছো, যদি কেন্দ্ৰীয় চৰকাৰে আমাৰ বকেয়া ধনৰাশি পৰিশোধ কৰে, পশ্চিমবঙ্গ চৰকাৰে আগন্তুক ৫ বছৰলৈ পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত থকা সকলো কৰ উঠাই ল’ব। কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্যখনে পাবলৈ আছে ৯৭৮০৭ কোটি ৯২ লাখ টকা! নৰেন্দ্ৰ মোদীজী, দেখা যাওক আপুনি দিব পাৰে নে নোৱাৰে।‘
মমতা বেনাৰ্জীয়ে আৰু কয় যে পশ্চিমবঙ্গ চৰকাৰে বিচাৰিছিল পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত থকা ৰাজহৰ আধাআধি ভাগ হওক কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত। কিন্তু সেয়া নামানি ৭৫% ৰাজহ কেন্দ্ৰীয় চৰকাৰে লৈ গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি মমতা বেনাৰ্জীয়ে কয়,’ ৰাজ্যৰ ওপৰত বোজা জাপি দিবলৈ নিবিচাৰি নিজৰ ফালে চাওক। আপুনি পেট্ৰ’ল, ডিজেলৰ পৰা কিমান ৰাজহ আদায় কৰিছে?’
তাৰপিছত হিচাব দাখিল কৰি মমতা বেনাৰ্জীয়ে কয়,’ ২০১৪ চনৰ পৰা ২০২১ চনৰ ছেপ্তেম্বৰ মাহলৈ পেট্ৰ’ল আৰু ডিজেলৰ পৰা ১৭ লাখ ৩১২৪২ কোটি টকা ৰাজহ আদায় কৰিছে মোডী চৰকাৰে’; গতিকে ৰাজ্যৰ ওপৰত দায় জাপিবলৈ চেষ্টা কৰি কাম সিদ্ধ নহ’ব বুলিও তেওঁ কয়। মমতা বেনাৰ্জীয়ে কয়, ‘কেন্দ্ৰ চৰকাৰে অবিলম্বে পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ দাম কমাব লাগিব।’
কেৱল মমতা বেনাৰ্জীয়ে নহয়, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থেকাৰেই প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক মাহী আইৰ দৃষ্টিৰে চাইছে তথা ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰ দায়ী নহয় বুলি কয়।
২৮-০৪-২০২২
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.