ইম’জি(Emoji)ৰ ৰসাল কথা
মনস্বিনী শৰ্মা

ইণ্টাৰনেটৰ পৃথিৱীখনত ছ’চিয়েল মিডিয়া এক জনপ্ৰিয় মাধ্যম। পৃথিৱীৰ ভিন্ন কোণত সিঁচৰতি হৈ থকা ভিন্ন জনৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ আমি সততে ব্যৱহাৰ কৰো ভিন্ন ধৰণৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম।
এই ছ’চিয়েল মিডিয়া জগতখনত আমাৰ সঘনে চলি থাকে মেচেজ ছেটিঙ,প’ষ্ট চেয়াৰ আদি। হাতৰ আঙুলি বোলাই চলাই থকা মেচেজ ছেটিঙৰ মাজত আমি আমাৰ আৱেগ-অনুভূতি প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰো কিছুমান ই’মজি চিহ্ন।
বৰ্তমান ইণ্টাৰনেটৰ ডিজিটেল পৃথিৱীখনৰ মাজত ই’মজি ব্যৱহাৰৰ জনপ্ৰিয়তা বৃদ্ধি পাই আহিছে। এই ই’মজিৰ আছে বহু ৰসাল কথা। অনেকে হয় জানে আৰু অনেকে নাজানে ই’মজিৰ পৃথিৱীখনৰ আমোদজনক কথা।
‘ ইম’জি’ শব্দৰ উৎপত্তি হৈছে জাপানী ভাষাৰ পৰা। জাপানী ভাষাত Emoji ৰ E শব্দৰ অৰ্থ হৈছে ছবি আৰু ‘Moji’ শব্দৰ অৰ্থ হৈছে আখৰ বা ছবি। ১৯৯৯ চনত জাপানৰ ছিগেটাকা কুৰিটা নামৰ ব্যক্তিজনে ই’মজিৰ সৃষ্টি কৰিছিল। তেখেতে বতৰৰ চিহ্ন, চীনা ভাষাৰ আখৰ, ৰাস্তাৰ চিহ্নবোৰক ইম’জিলৈ ৰূপান্তৰ কৰিছিল। তেখেতে প্ৰথমে নিজেই ১৮০ টা ইম’জি সৃষ্টি কৰিছিল।
১৯৯০ দশকত জাপানী ম’বাইল ফোনত ইম’জিৰ প্ৰথম আৱিৰ্ভাৱ হয়। আপেল কোম্পানীৰ আইফোনত ইম’জি অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ইম’জিৰ জনপ্ৰিয়তা বৃদ্ধি হয়। ২০১০ চনত জাপানৰ ইম’জিবোৰৰ কেইবাটাকো ইউনিক’ডত অন্তৰ্ভুক্ত কৰা হয়। ফলত ইম’জিয়ে এক মান্য ৰূপ পায় আৰু সমগ্ৰ বিশ্বজুৰি ব্যৱহাৰৰ দুৱাৰ মুকলি হয়।
ইম’জিৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পায় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত ম’বাইল ফ’ন নিৰ্মাতা আৰু প্ৰতিষ্ঠানে ভিন ভিন দেশ আৰু লোকসংস্কৃতি দৰ্শোৱা ইম’জি যোগ কৰাৰ বাবে ইউনিক’ড সমিতিক হেঁচা দিয়ে।
ইউনিক’ডৰ দ্বাৰা নিৰ্ধাৰিত একে অৰ্থবহ ইম’জি প্লেটফৰ্ম অনুযায়ী দেখাত কিছু সালসলনি হ’ব পাৰে। কাৰণ সেই একেটা বস্তুকে বিভিন্ন কোম্পানীয়ে বেলেগ বেলেগ ধৰণৰ ছবিৰে ফুটাই তোলাৰ চেষ্টা কৰে।
পোনপ্ৰথমে ইম’জিৰ ৰং আছিল ক’লা আৰু বগা। বৰ্তমান ইম’জিৰ ৰং হালধীয়া। হালধীয়া ৰঙে সুখ-আনন্দক প্ৰতিনিধিত্ব কৰে আৰু হালধীয়া ৰঙৰ মাজত ইম’জিৰ ভাৱভঙ্গী স্পষ্টকৈ প্ৰকাশ হ’ব পাৰে। Swiftkey ৰ তথ্য অনুসৰি ‘আনন্দৰ চকুপানীসহ মুখ’ (Tears of joy) () ইম’জিটো হৈছে সৰ্বাধিক ব্যৱহৃত ইম’জি। ২০১৫ চনত উক্ত ইম’জিটোক ‘Emoji of the year’ হিচাপে স্বীকৃতি দিছিল।

আমেৰিকান উপভাষা সংস্থাই ‘বেঙেনা’ () ইম’জিক আটাইতকৈ উল্লেখযোগ্য ইম’জি হিচাপে ঘোষণা কৰে। ইম’জিৰ অন্য এক আমোদজনক কথা হ’ল যে ইম’জিৰ কোনো নাক,চকু,চুলি নাথাকে। ইয়াৰ কাৰণ হ’ল ইম’জিৰ কোনো লিংগ নাই। অৰ্থাৎ পুৰুষ-মহিলা হিচাপে পৃথক ভাগত ইম’জিক বিভক্ত কৰা নহয়।
তদুপৰি ইম’জিৰ অশুদ্ধ ব্যৱহাৰৰ বাবে ব্যৱহাৰকাৰীৰ জেল পৰ্যন্ত হ’ব পাৰে। ফ্ৰান্স দেশত এবাৰ এজন ব্যক্তিয়ে এগৰাকী মহিলালৈ বহুতো বন্দুক চিহ্নৰ ইম’জি প্ৰেৰণ কৰিছিল। মহিলাগৰাকীয়ে এই বিষয়ে আৰক্ষীক অভিযোগ দিয়াৰ ফলত ব্যক্তিজন আটক হ’বলগীয়া হয়।

কিছুমান ই’মজি আছে যিবোৰ সম্পূৰ্ণ জাপানী সংস্কৃতিৰ ওপৰত নিৰ্ভৰশীল। কিছু ভাষাবিদে ইম’জিসমূহক ভাৱ প্ৰকাশৰ উৎকৃষ্ট মাধ্যম বুলি মতপোষণ কৰিছে। ইম’জিক লৈ ‘The Emoji Movie ‘ নামৰ এখন চলচ্চিত্ৰ ২০১৭ চনত মুক্তি হয়। ১৯৯৭ চনত ইম’জিৰ প্ৰথম সৃষ্টিৰ পিছত প্ৰথমটো চেটত ৯০ টা ইম’জি অন্তৰ্ভুক্ত কৰা হৈছিল। বৰ্তমান ইম’জিৰ সংখ্যা ৩০০০ তকৈও অধিক। প্ৰতিদিনে প্ৰায় ১০০ কোটিতকৈও অধিক ইম’জি প্ৰেৰণ কৰা হয়।
ইউনিক’ড ৮.০ ত পাঁচটা চিহ্ন পৰিৱৰ্তকৰ যোগ কৰা হয়। ইয়াৰ দ্বাৰা মানৱ ইম’জিৰ গাৰ বৰণ সলাব পাৰি। তাৰোপৰি একাধিক ইম’জিক লগ লগাই এক নতুন ইম’জিৰ গঠন কৰিব পাৰি। যেনে স্বামী-স্ত্ৰী, কন্যাসহ ইম’জি, তিনিগৰাকী ছোৱালী লগ হৈ এটা ইম’জি গঠন কৰা ইত্যাদি। ইয়াৰোপৰি প্ৰতি বছৰে ১৭ জুলাই দিনটো ‘বিশ্ব ইম’জি দিৱস ‘ হিচাপে উদযাপন কৰা হয়।

আমি প্ৰতিজনে আমাৰ মেচেজ ছেটিঙৰ মাজত ই’মজি ব্যৱহাৰ কৰো বা ইম’জি ব্যৱহাৰ কৰি ভালপাওঁ। এই ই’মজিসমূহৰ মাজত আমাৰ থাকে কিছুমান ভাললগা, প্ৰিয় ইম’জি। ইম’জিবোৰৰ সহায়তে আমি এজনে আনজনৰ আগত নিজৰ অনুভৱ,আৱেগ ইত্যাদি প্ৰকাশ কৰিব পাৰো। আৱেগ-অনুভূতি প্ৰকাশ কৰিবলৈ ইম’জিবোৰ এক সহজ মাধ্যম। প্ৰতিটো ইম’জিৰ আছে কিছুমান নিজস্ব অৰ্থ।
আমি ব্যৱহাৰকাৰীসকলে নাজানো প্ৰতিটো ইম’জিৰ প্ৰকৃত অৰ্থ কি? সেয়ে আমি ইম’জিৰ ব্যৱহাৰ সম্পৰ্কে জ্ঞাত হ’ব লাগে,ক’ত, কেনেদৰে,কি ইম’জি প্ৰেৰণ কৰিব লাগে সেয়াও জ্ঞাত হোৱা উচিত। আৰু ইম’জি ব্যৱহাৰকাৰীসকলৰ কিছুমান নিৰ্দিষ্ট দুই-এক প্ৰিয় বা সঘনে ব্যৱহৃত ইম’জি থাকে। উক্ত ইম’জিটোক তেওঁলোকে জ্ঞাতে-অজ্ঞাতে সঘনে ব্যৱহাৰও কৰে।
বৰ্তমান এক্সপাৰ্ট সকলে মেচেজ টাইপিঙৰ শৈলী, ইম’জি ব্যৱহাৰ শৈলীৰ পৰাও ব্যক্তিজনৰ ব্যক্তিত্ব, স্বভাৱৰ বিষয়ে বহু কথা নিৰ্ধাৰণ কৰিব পাৰে। কাৰণ প্ৰতিজন ব্যক্তিৰে মেচেজ লিখাৰ ধৰণ, ইম’জিৰ ব্যৱহাৰ সুকীয়া। ইম’জিৰ যোগেদি আমি আমাৰ আৱেগ-অনুভূতিক যিমান প্ৰকাশ কৰিব পাৰো সিমানে লুকুৱাবও পাৰো।

কেতিয়াবা কাৰোবাৰ প্ৰতি আমাৰ বিৰক্তি ভাৱ থাকে,খং-ৰাগ থাকে সেই মূহুৰ্তত ব্যক্তিজনক আমাৰ প্ৰকৃত আৱেগক দেখুৱাবলৈ খঙাল বা বিৰক্তিদায়ক মুখৰ ইম’জি প্ৰেৰণ নকৰি সেই আৱেগক লুকুৱাই হাঁহি মুখৰ ইম’জিটো প্ৰেৰণ কৰিব পাৰো। এই ক্ষেত্ৰত ব্যক্তিজন আমাৰ প্ৰকৃত আৱেগক জনাৰ পৰা বিৰত হৈ ৰয়। সেয়ে আমি কাৰোবাৰ পৰা লাভ কৰা প্ৰতিটো ইম’জিয়ে যে সঁচা কথা কয় সেয়া শুদ্ধ নহ’বও পাৰে।
আৱেগ-অনুভূতিক ক্ষন্তেকৰ বাবে প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা ইম’জি এক কৃত্ৰিম মাধ্যমহে। চকুৰ সমুখত দেখি থকা মানুহৰ মন-মগজুৰ প্ৰকৃত আৱেগ-অনুভূতিক জানোতে আমাৰ কেতিয়াবা ভুল হয়। গতিকে ম’বাইলৰ সিপাৰে থকা মানুহজনৰ সঁচা আৱেগক যে তেওঁ প্ৰেৰণ কৰা ইম’জিয়ে প্ৰদৰ্শন কৰিছে সেয়া সদায় শুদ্ধ নহয়।
তথাপিও যোগাযোগ ব্যৱস্থাৰ মাজত ই’মজি আমাৰ বাবে সততে ব্যৱহাৰ কৰা ক্ষেত্ৰত এক সু মাধ্যম। ডিজিটেল পৃথিৱীখনো এখন সুকীয়া পৃথিৱী। এই পৃথিৱীৰ মাজত ই’মজিও এক সুকীয়া ব্যৱস্থা।

(লেখিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী)
Images collected from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)