• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, July 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle

ইম’জিৰ ৰসাল কথা

মনস্বিনী শৰ্মা

by Anjan Sarma
October 26, 2023
in Lifestyle, Media, Social Media, Tech
Reading Time: 4 mins read
0
ইম’জিৰ ৰসাল কথা
Share on FacebookShare on TwitterShare on LinkedIn

ইম’জি(Emoji)ৰ ৰসাল কথা

মনস্বিনী শৰ্মা

manaswini sarma
মনস্বিনী শৰ্মা

      ইণ্টাৰনেটৰ পৃথিৱীখনত ছ’চিয়েল মিডিয়া এক জনপ্ৰিয় মাধ্যম। পৃথিৱীৰ ভিন্ন কোণত সিঁচৰতি হৈ থকা ভিন্ন জনৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ আমি সততে ব্যৱহাৰ কৰো ভিন্ন ধৰণৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম।

এই ছ’চিয়েল মিডিয়া জগতখনত আমাৰ সঘনে চলি থাকে মেচেজ ছেটিঙ,প’ষ্ট চেয়াৰ আদি। হাতৰ আঙুলি বোলাই চলাই থকা মেচেজ ছেটিঙৰ মাজত আমি আমাৰ আৱেগ-অনুভূতি প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰো কিছুমান ই’মজি চিহ্ন। 

     বৰ্তমান ইণ্টাৰনেটৰ ডিজিটেল পৃথিৱীখনৰ মাজত ই’মজি ব্যৱহাৰৰ জনপ্ৰিয়তা বৃদ্ধি পাই আহিছে। এই ই’মজিৰ আছে বহু ৰসাল কথা। অনেকে হয় জানে আৰু অনেকে নাজানে ই’মজিৰ পৃথিৱীখনৰ আমোদজনক কথা। 

      ‘ ইম’জি’ শব্দৰ উৎপত্তি হৈছে জাপানী ভাষাৰ পৰা। জাপানী ভাষাত Emoji ৰ E শব্দৰ অৰ্থ হৈছে ছবি আৰু ‘Moji’ শব্দৰ অৰ্থ হৈছে আখৰ বা ছবি। ১৯৯৯ চনত জাপানৰ ছিগেটাকা কুৰিটা নামৰ ব্যক্তিজনে ই’মজিৰ সৃষ্টি কৰিছিল। তেখেতে বতৰৰ চিহ্ন, চীনা ভাষাৰ আখৰ, ৰাস্তাৰ চিহ্নবোৰক ইম’জিলৈ ৰূপান্তৰ কৰিছিল। তেখেতে প্ৰথমে নিজেই ১৮০ টা ইম’জি সৃষ্টি কৰিছিল।

১৯৯০ দশকত জাপানী ম’বাইল ফোনত ইম’জিৰ প্ৰথম আৱিৰ্ভাৱ হয়। আপেল কোম্পানীৰ আইফোনত ইম’জি অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ইম’জিৰ জনপ্ৰিয়তা বৃদ্ধি হয়। ২০১০ চনত জাপানৰ ইম’জিবোৰৰ কেইবাটাকো ইউনিক’ডত অন্তৰ্ভুক্ত কৰা হয়। ফলত ইম’জিয়ে এক মান্য ৰূপ পায় আৰু সমগ্ৰ বিশ্বজুৰি ব্যৱহাৰৰ দুৱাৰ মুকলি হয়।

ইম’জিৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পায় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত ম’বাইল ফ’ন নিৰ্মাতা আৰু প্ৰতিষ্ঠানে ভিন ভিন দেশ আৰু লোকসংস্কৃতি দৰ্শোৱা ইম’জি যোগ কৰাৰ বাবে ইউনিক’ড সমিতিক হেঁচা দিয়ে।

ইউনিক’ডৰ দ্বাৰা নিৰ্ধাৰিত একে অৰ্থবহ ইম’জি প্লেটফৰ্ম অনুযায়ী দেখাত কিছু সালসলনি হ’ব পাৰে। কাৰণ সেই একেটা বস্তুকে বিভিন্ন কোম্পানীয়ে বেলেগ বেলেগ ধৰণৰ ছবিৰে ফুটাই তোলাৰ চেষ্টা কৰে। 

      পোনপ্ৰথমে ইম’জিৰ ৰং আছিল ক’লা আৰু বগা। বৰ্তমান ইম’জিৰ ৰং হালধীয়া। হালধীয়া ৰঙে সুখ-আনন্দক প্ৰতিনিধিত্ব কৰে আৰু হালধীয়া ৰঙৰ মাজত ইম’জিৰ ভাৱভঙ্গী স্পষ্টকৈ প্ৰকাশ হ’ব পাৰে। Swiftkey ৰ তথ্য অনুসৰি ‘আনন্দৰ চকুপানীসহ মুখ’ (Tears of joy) (😂) ইম’জিটো হৈছে সৰ্বাধিক ব্যৱহৃত ইম’জি। ২০১৫ চনত উক্ত ইম’জিটোক ‘Emoji of the year’ হিচাপে স্বীকৃতি দিছিল।

ইম'জিৰ ৰসাল কথা
জাপানৰ ছিগেটাকা কুৰিটা

আমেৰিকান উপভাষা সংস্থাই ‘বেঙেনা’ (🍆) ইম’জিক আটাইতকৈ উল্লেখযোগ্য ইম’জি হিচাপে ঘোষণা কৰে। ইম’জিৰ অন্য এক আমোদজনক কথা হ’ল যে ইম’জিৰ কোনো নাক,চকু,চুলি নাথাকে। ইয়াৰ কাৰণ হ’ল ইম’জিৰ কোনো লিংগ নাই। অৰ্থাৎ পুৰুষ-মহিলা হিচাপে পৃথক ভাগত ইম’জিক বিভক্ত কৰা নহয়।

তদুপৰি ইম’জিৰ অশুদ্ধ ব্যৱহাৰৰ বাবে ব্যৱহাৰকাৰীৰ জেল পৰ্যন্ত হ’ব পাৰে। ফ্ৰান্স দেশত এবাৰ এজন ব্যক্তিয়ে এগৰাকী মহিলালৈ বহুতো বন্দুক চিহ্নৰ ইম’জি প্ৰেৰণ কৰিছিল। মহিলাগৰাকীয়ে এই বিষয়ে আৰক্ষীক অভিযোগ দিয়াৰ ফলত ব্যক্তিজন আটক হ’বলগীয়া হয়। 

ইম'জিৰ ৰসাল কথা

        কিছুমান ই’মজি আছে যিবোৰ সম্পূৰ্ণ জাপানী সংস্কৃতিৰ ওপৰত নিৰ্ভৰশীল। কিছু ভাষাবিদে ইম’জিসমূহক ভাৱ প্ৰকাশৰ উৎকৃষ্ট মাধ্যম বুলি মতপোষণ কৰিছে। ইম’জিক লৈ ‘The Emoji Movie ‘ নামৰ এখন চলচ্চিত্ৰ ২০১৭ চনত মুক্তি হয়। ১৯৯৭ চনত ইম’জিৰ প্ৰথম সৃষ্টিৰ পিছত প্ৰথমটো চেটত ৯০ টা ইম’জি অন্তৰ্ভুক্ত কৰা হৈছিল। বৰ্তমান ইম’জিৰ সংখ্যা ৩০০০ তকৈও অধিক। প্ৰতিদিনে প্ৰায় ১০০ কোটিতকৈও অধিক ইম’জি প্ৰেৰণ কৰা হয়।

ইউনিক’ড ৮.০ ত পাঁচটা চিহ্ন পৰিৱৰ্তকৰ যোগ কৰা হয়। ইয়াৰ দ্বাৰা মানৱ ইম’জিৰ গাৰ বৰণ সলাব পাৰি। তাৰোপৰি একাধিক ইম’জিক লগ লগাই এক নতুন ইম’জিৰ গঠন কৰিব পাৰি। যেনে স্বামী-স্ত্ৰী, কন্যাসহ ইম’জি, তিনিগৰাকী ছোৱালী লগ হৈ এটা ইম’জি গঠন কৰা ইত্যাদি। ইয়াৰোপৰি প্ৰতি বছৰে ১৭ জুলাই দিনটো ‘বিশ্ব ইম’জি দিৱস ‘ হিচাপে উদযাপন কৰা হয়।

ইম'জিৰ ৰসাল কথা

       আমি প্ৰতিজনে আমাৰ মেচেজ ছেটিঙৰ মাজত ই’মজি ব্যৱহাৰ‌ কৰো বা ইম’জি ব্যৱহাৰ কৰি ভালপাওঁ। এই ই’মজিসমূহৰ মাজত আমাৰ থাকে কিছুমান ভাললগা, প্ৰিয় ইম’জি। ইম’জিবোৰৰ সহায়তে আমি এজনে আনজনৰ আগত নিজৰ অনুভৱ,আৱেগ ইত্যাদি প্ৰকাশ কৰিব পাৰো। আৱেগ-অনুভূতি প্ৰকাশ কৰিবলৈ ইম’জিবোৰ এক সহজ মাধ্যম। প্ৰতিটো ইম’জিৰ আছে কিছুমান নিজস্ব অৰ্থ।

আমি ব্যৱহাৰকাৰীসকলে নাজানো প্ৰতিটো ইম’জিৰ প্ৰকৃত অৰ্থ কি? সেয়ে আমি ইম’জিৰ ব্যৱহাৰ সম্পৰ্কে জ্ঞাত হ’ব লাগে,ক’ত, কেনেদৰে,কি ইম’জি প্ৰেৰণ কৰিব লাগে সেয়াও জ্ঞাত হোৱা উচিত। আৰু ইম’জি ব্যৱহাৰকাৰীসকলৰ কিছুমান নিৰ্দিষ্ট দুই-এক প্ৰিয় বা সঘনে ব্যৱহৃত ইম’জি থাকে। উক্ত ইম’জিটোক তেওঁলোকে জ্ঞাতে-অজ্ঞাতে সঘনে ব্যৱহাৰ‌ও কৰে। 

      বৰ্তমান এক্সপাৰ্ট সকলে মেচেজ টাইপিঙৰ শৈলী, ইম’জি ব্যৱহাৰ শৈলীৰ পৰাও ব্যক্তিজনৰ ব্যক্তিত্ব, স্বভাৱৰ বিষয়ে বহু কথা নিৰ্ধাৰণ কৰিব পাৰে। কাৰণ প্ৰতিজন ব্যক্তিৰে মেচেজ লিখাৰ ধৰণ, ইম’জিৰ ব্যৱহাৰ সুকীয়া। ইম’জিৰ যোগেদি আমি আমাৰ আৱেগ-অনুভূতিক যিমান প্ৰকাশ কৰিব পাৰো সিমানে লুকুৱাব‌ও পাৰো।

ইম'জিৰ ৰসাল কথা
Photo by Oleksandr P on Pexels.com

কেতিয়াবা কাৰোবাৰ প্ৰতি আমাৰ বিৰক্তি ভাৱ থাকে,খং-ৰাগ থাকে সেই মূহুৰ্তত ব্যক্তিজনক আমাৰ প্ৰকৃত আৱেগক দেখুৱাবলৈ খঙাল বা বিৰক্তিদায়ক মুখৰ ইম’জি প্ৰেৰণ নকৰি সেই আৱেগক লুকুৱাই হাঁহি মুখৰ ইম’জিটো প্ৰেৰণ কৰিব পাৰো। এই ক্ষেত্ৰত ব্যক্তিজন আমাৰ প্ৰকৃত আৱেগক জনাৰ পৰা বিৰত হৈ ৰয়। সেয়ে আমি কাৰোবাৰ পৰা লাভ কৰা প্ৰতিটো ইম’জিয়ে যে সঁচা কথা কয় সেয়া শুদ্ধ নহ’বও পাৰে।

আৱেগ-অনুভূতিক ক্ষন্তেকৰ বাবে প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা ইম’জি এক কৃত্ৰিম মাধ্যমহে। চকুৰ সমুখত দেখি থকা মানুহৰ মন-মগজুৰ প্ৰকৃত আৱেগ-অনুভূতিক জানোতে আমাৰ কেতিয়াবা ভুল হয়। গতিকে ম’বাইলৰ সিপাৰে থকা মানুহজনৰ সঁচা আৱেগক যে তেওঁ প্ৰেৰণ কৰা ইম’জিয়ে প্ৰদৰ্শন কৰিছে সেয়া সদায় শুদ্ধ নহয়।

তথাপিও যোগাযোগ ব্যৱস্থাৰ মাজত ই’মজি আমাৰ বাবে সততে ব্যৱহাৰ কৰা ক্ষেত্ৰত এক সু মাধ্যম। ডিজিটেল পৃথিৱীখনো এখন সুকীয়া পৃথিৱী। এই পৃথিৱীৰ মাজত ই’মজিও এক সুকীয়া ব্যৱস্থা।

ইম'জিৰ ৰসাল কথা
Photo by Karl Solano on Pexels.com

(লেখিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী)

Images collected from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

The fountain of youth
Lifestyle

The fountain of youth

by Angshuman Dutta
July 7, 2026
0

The fountain of youth Angshuman Dutta Do you want to get older? I am sure we all want to hold...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
EMPOWERING SUB-SAHARAN AFRICA: COMMUNITY-BASED HYBRID MICROGRIDS FOR RENEWABLE ENERGY ACCESS

EMPOWERING SUB-SAHARAN AFRICA: COMMUNITY-BASED HYBRID MICROGRIDS FOR RENEWABLE ENERGY ACCESS

July 3, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 30, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

June 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Unemployment in Modi’s India: A Dive into Trends

Inside the Fragmented Realities of Assam’s Educated Unemployed

July 14, 2026
Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

July 14, 2026
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

July 14, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

July 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37372 shares
    Share 14948 Tweet 9343
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16904 shares
    Share 6762 Tweet 4226
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2140 shares
    Share 856 Tweet 535
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    142 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6742 shares
    Share 2697 Tweet 1686
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3934 shares
    Share 1574 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d