ইয়াচিন পাঠান
ৰেজাউল কৰিম
ঝাৰগ্ৰামৰ পৰা জুনৰ পহিলা তাৰিখে মেদিনীপুৰলৈ গৈছিলোঁ। মকবুল ইছলাম চাহাবে কৈছিল ‘আজি আপোনাক এক সংগ্ৰামী জীৱনৰ সৈতে পৰিচয় কৰাই দিম’। তেতিয়াৰ পৰাই মনটো উগুল থুগুল লাগি আছিল।
মেদিনীপুৰ চহৰৰ পৰা আঠ কিলোমিটাৰমান দুৰৰ এখন গাওঁ। নাম হাতীহালকা। গাওঁখনৰ কাষেৰে পাৰ হৈ গৈছে কংসাৱতী নদী। কংসাৱতীৰ পাৰৰ পাথৰা নামৰ এখন সৰু গাঁৱত শাৰী শাৰী কিছুমান তিনিশ চাৰিশ বছৰৰ পুৰণি মন্দিৰ পৰিত্যক্ত হৈ পৰি আছিল। মন্দিৰৰ সংখ্যা 34 টা। মন্দিৰৰ চাৰিওকাষৰ মাটিত 66 জন কৃষকে যুগ যুগ ধৰি 25 বিঘামান মাটিত কৃষি কৰ্ম কৰি আছিল।
হাতীহালকা গাঁওৰ তহৰিত পাঠান এজন দুখীয়া লোক। তেওঁৰ কোনো পঢ়া শুনা নাই। গাঁৱৰ পৰা গৰু ছাগলী কিনি বজাৰত বিক্ৰি কৰি পৰিয়াল চলায়। তেওঁৰ ল’ৰা ইয়াচিন পাঠানে বাপেকৰ লগে লগে বজাৰলৈ যায় বাপেকক সহায় কৰিবলৈ। বাটৰ কাষৰ পৰিত্যক্ত মন্দিৰবোৰ দেখি ইয়াচিনৰ মনত কৌতুহল ওপজে ইয়াৰ অতীত ইতিহাস জানিবলৈ।
“ইয়াচিনৰ সংকল্প হ’ল মন্দিৰ সমূহ সংৰক্ষণ কৰিব লাগিব। কাৰণ এইবোৰেই তেওঁৰ অঞ্চলৰ ঐতিহ্য। গাওঁৰ মানুহক বুজালে ঐতিহ্য সংৰক্ষণৰ গুৰুত্ব। গাওঁখনৰ অধিকাংশ বাসিন্দা মুছলমান। মন্দিৰ নিৰ্মাণ কৰা একালৰ জমিদাৰ সকল এই ঠাই পৰিত্যাগ কৰি কাহানিবাই গুছি গৈছে। ইয়াচিন পাঠানৰ মন্দিৰ সংৰক্ষণৰ কামক অনেকেই বলিয়ালি বুলি হাঁহিলে। তেওঁ নিজৰ সংসাৰৰ কাম এৰি মন্দিৰ সংৰক্ষণত লাগি থাকিল। ঘৰৰ বস্তু বন্ধকত থৈ কলিকতালৈ অহা যোৱা চলি থাকিল। চাকৰিত অনিয়মীয়া হৈ বিছবাৰ মান কাৰণ দৰ্শোৱা জাননীও লাভ কৰিলে। কিন্তু তেওঁ লাগি থাকিল। চল্লিছ বছৰ ধৰি তেওঁ লাগি আছে। এটা সময়ত চৰকাৰে আৰু পুৰাতত্ব বিভাগে তেওঁৰ কামৰ স্বীকৃতি দিলে।“
এদিন গাঁওখনত দুজন পুৰাতত্ত্ববিদ আহি উপস্থিত হৈছিল পাথৰালৈ যাবলৈ। ইয়াচিনে তেওঁলোকৰ পিছে পিছে পাথৰা পাইছিলগৈ। দিনটো তেওঁলোকৰ লগতে আছিল। আবেলিলৈ ইয়াচিন ঘৰলৈ নহা দেখি তাক কোনোবা সোপাধৰাই লৈ গ’ল বুলি গাঁৱৰ মানুহে লাঠি জোং লৈ বিচাৰি গৈ পাথৰা পালে। মানুহবোৰে পুৰাতত্ববিদ দুজনক সোপাধৰা বুলি মাৰিবলৈ লওঁতেই ইয়াচিনে সমুখত ঠিয় দি বুজাই দিলে যে তেওঁলোক সোপাধৰা নহয়। সেইটো আছিল 1968 চনৰ কথা। সিদিনা ইয়াচিনৰ হৃদয়ত সোমাই গ’ল মন্দিৰৰ ইতিবৃত্ত উলিয়াব লাগিবই।

অষ্টমমান শ্ৰেণীতে বিদ্যা সামৰি ইয়াচিন ওলাল ঘৰ চলাবলৈ। দিন হাজিৰা কৰাত লাগি গ’ল। পিতৃভিটা বুলি যিডোখৰ ঠাই আছিল এদিন কংসাৱতীয়ে উটুৱাই নিলে। এইবাৰ পৰিয়ালৰ সকলোৱে বাটৰ কাষত অস্থায়ী চালি সাজি থাকিবলৈ ল’লে। দৰিদ্ৰতাৰ সীমা চেৰাই ইয়াচিনহঁত দিশহাৰা হ’ল। এনেতে গাঁওখনৰ স্কুলত ইয়াচিনক চকিদাৰৰ চাকৰি এটা দিলে। ইয়াচিনে হাজিৰা কৰিব লগা নহ’ল। এই সুযোগতে তেওঁ নামি পৰিল মন্দিৰৰ ইতিহাস উদ্ধাৰ কৰিবলৈ। পাথৰাৰ পুৰণি জমিদাৰ সকলৰ বংশ তালিকা বিচৰাত লাগিল তেওঁ। জমিদাৰ সকলেই নিৰ্মাণ কৰিছিল এই সমূহ মন্দিৰ। আভিজাত হিন্দু জমিদাৰ পৰিয়ালৰ মানুহৰ পৰা নাম গোন্ধ নজনা অষ্টম শ্ৰেণীলৈ পঢ়া মুছলমান মানুহ এজনে তেওঁলোকৰ বংশ তালিতা উদ্ধাৰ কৰাটো কিমান কঠিন সেইটো বুজা সহজ।

ঘৰ সংসাৰ বাদ দি ইয়াচিনে দিনে ৰাতি কষ্ট কৰি উদ্ধাৰ কৰিলে পাথৰাৰ পৰিত্যক্ত মন্দিৰৰ ইতিহাস। এইবাৰ ইয়াচিনৰ সংকল্প হ’ল মন্দিৰ সমূহ সংৰক্ষণ কৰিব লাগিব। কাৰণ এইবোৰেই তেওঁৰ অঞ্চলৰ ঐতিহ্য। লগে লগেই তেওঁ নামি পৰিল চৰকাৰৰ সৈতে যোগাযোগ কৰাত। গাওঁৰ মানুহক বুজালে ঐতিহ্য সংৰক্ষণৰ গুৰুত্ব। গাওঁখনৰ অধিকাংশ বাসিন্দা মুছলমান। মন্দিৰ নিৰ্মাণ কৰা একালৰ জমিদাৰ সকল এই ঠাই পৰিত্যাগ কৰি কাহানিবাই গুছি গৈছে। ইয়াচিন পাঠানৰ মন্দিৰ সংৰক্ষণৰ কামক অনেকেই বলিয়ালি বুলি হাঁহিলে। তেওঁ নিজৰ সংসাৰৰ কাম এৰি মন্দিৰ সংৰক্ষণত লাগি থাকিল। ঘৰৰ বস্তু বন্ধকত থৈ কলিকতালৈ অহা যোৱা চলি থাকিল। চাকৰিত অনিয়মীয়া হৈ বিছবাৰ মান কাৰণ দৰ্শোৱা জাননীও লাভ কৰিলে। কিন্তু তেওঁ লাগি থাকিল। চল্লিছ বছৰ ধৰি তেওঁ লাগি আছে। এটা সময়ত চৰকাৰে আৰু পুৰাতত্ব বিভাগে তেওঁৰ কামৰ স্বীকৃতি দিলে।

এই পথত তেওঁ কিমান যে অপমানিত আৰু লাঞ্চিত হৈছে তাৰ শেষ নাই। এবাৰ এটা সংগঠনে পাথৰালৈ দলে বলে আহি এটা মন্দিৰক নতুনকৈ নামকৰণ কৰাৰ আয়োজন কৰিছিল। বাধা দিলে ইয়াচিন পাঠানে। কাৰণ ঐতিহ্যক সলনি কৰিব নিদিয়ে তেওঁ। এজন মুছলমানৰ এই বাধাত খৰ্গহস্ত হৈছিল দলটো। কিন্তু ইয়াচিন পাঠানৰ লগত থিয় দিছিল হিন্দু মুছলিম সকলোৱে।
এবাৰ পূৰ্বৰ জমিদাৰ বংশৰ সূত্ৰ ধৰি কিছু হিন্দু প্ৰভাৱশালী লোকে এটা মন্দিল ভাঙি তাৰ শিলেৰে বেলেগ এঠাইত এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ আহিল। বাধা দিলে পাঠানে। লগে লগেই পাঠানৰ ওপৰত চলিল মাৰ পিট। আক্ৰান্ত পাঠানে কোনোমতে পলাই গৈ জিলা উপায়ুক্তক লগ ধৰি মন্দিৰ ৰক্ষা কৰিবলৈ কাকুতি কৰিলে। জিলা উপায়ুক্তই লগে লগেই তেওঁৰ সঙ্গ দিলে আৰু মন্দিৰটো ৰক্ষা পৰিল।

1992 চনত যেতিয়া বাবৰি মছজিদ ধ্বংস কৰা হ’ল তেতিয়া মুছলমান মানুহে ইয়াচিন পাঠানৰ ঘৰ ঘেৰাও কৰি তেওঁক হত্যা কৰিব খুজিছিল। ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত সেইবাৰ ইয়াচিন পাঠান ৰক্ষা পৰিল। কিন্তু অকনো বিচলিত নহৈ তেওঁ চলাই গ’ল মন্দিৰ সংৰক্ষণৰ আন্দোলন।
ইতিমধ্যে ইয়াচিন পাঠানক প্ৰধানমন্ত্ৰীয়ে সমন্বয়ৰ নায়কৰ সন্মানেৰে ‘কবিৰ’ বটা প্ৰদান কৰিছে। তেওঁৰ ওপৰত ডকুমেন্টেৰী হৈছে। গ্ৰন্থ ৰচনা হৈছে। একাধিক সন্মানেৰে ওপচাই দিয়া হৈছে তেওঁক। পাথৰাত মন্দিৰ সংৰক্ষিত হৈছে।ইয়াৰ মেৰামতি হৈছে। পৰ্য্যটকৰ বাবে ব্যৱস্থা হৈছে।পৰিত্যক্ত মন্দিৰ চৌহদত এতিয়া পাঠানৰ তৎপৰতাত দুৰ্গোৎসৱ হয়।

কিন্তু ইয়াৰ পিচতো লাহে লাহে মৰুভূমি নামি আহিছে তেওঁৰ জীৱনত। তেওঁৰ অৱসৰৰ পিছত এতিয়া ঘৰ নচলে পাঠানৰ। বিভিন্ন ৰোগত আক্ৰান্ত পাঠানৰ নাই চিকিৎসা কৰিবৰ সাম্যৰ্থ। মন্দিৰ সংৰক্ষণৰ বাবে ভূমি এৰি দিয়া কৃষকৰ অভিযোগ পাঠানৰ কথাত যোৱা উনৈশ বছৰধৰি ক্ষতিপূৰণৰ অপেক্ষাত আছে কৃষকসকল। এইবাৰ ক্ষতিপূৰণ নাপালে এৰি দিয়া মাটি দখলৰ ভাবুকি দিছে কৃষকে।
কৃষকৰ নামত আবন্টিত ক্ষতিপূৰণৰ ধন নিদিলে ‘কবিৰ‘ সন্মান ওভতাই দিয়াৰ হুমকি দিছে ইয়াচিন পাঠানে।
ইয়াচিন পাঠানক তেওঁৰ ঘৰত লগ ধৰি আহিছোঁ। তেওঁৰ খ্যাতি শুনিছোঁ। তেওঁৰ দৰিদ্ৰতা দেখিছোঁ। লগতে অনুভৱ কৰিছো তেওঁৰ সংগ্ৰামী সত্তা। তেওঁৰ ৰুগীয়া দেহৰ দুচকুত এতিয়াও আছে যুঁজাৰুৰ দৃষ্টি।
সঁচাকৈয়ে তেওঁ এজন যুঁজাৰু। যি সময়ত দেশত হিন্দু মুছলমানৰ মন্দিৰ মছজিদ ভঙা ভঙিৰ ৰাজনীতি চলি আছে সেই সময়ত পাথৰাৰ মন্দিৰ সংৰক্ষণৰ নায়ক ইয়াচিন পাঠান দেশৰ বাবেই আদৰ্শ।
এইজন সমন্বয়ৰ মহাপুৰুষক চালাম।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.