• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, May 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

ইয়াৰ পিছত কি কৰিবা?

ASSAMESE SECTION / Unemployment

by Nilim Kashyap Barthakur
January 10, 2026
in ASSAMESE SECTION, ASSAM, Opinion
Reading Time: 4 mins read
0
ইয়াৰ পিছত কি কৰিবা?
Share on FacebookShare on TwitterShare on LinkedIn

ইয়াৰ পিছত কি কৰিবা?

ইয়াৰ পিছত কি কৰিবা?

নীলিম কাশ্যপ বৰঠাকুৰ

Nilim Kashyap Barthakur
নীলিম কাশ্যপ বৰঠাকুৰ

সৰুতে সকলোৱে কৈছিল ভাল দৰে পঢ়া শুনা কৰিলে ভাল চাকৰি এটা পাম বুলি।সেই আশা বুকুতে লৈ বিদ্যালয়ত ভাল দৰে পঢ়িলোঁ আৰু মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পাই উত্তীৰ্ণ হ’লো।

ৰিজাল্ট দিয়াৰ দিনা খবৰ লবলৈ ওচৰৰ খুড়া এজন আহিল।তেওঁ ক’লে ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট যদি ভাল হয় তেন্তে জীৱনত আৰু একো চিন্তা কৰিব নালাগে,এইখিনিয়ে হেনো জীৱন গঢ়াৰ মূল সময়।

ময়ো চিন্তা কৰিলোঁ কথাটো নোহোৱাও নহয়,টিভি আৰু বাতৰি কাকত বোৰতো এই দুটা পৰীক্ষাক ইমান গুৰুত্ব দিয়ে সেইদিনা কেৱল স্থান পোৱা সকলেই জিলিকি থাকে আৰু ডেকা বুঢ়া সকলোৱে তেওঁলোকৰ উপদেশ বোৰ মন দি শুনি থাকে, নিশ্চয় ই মোৰ জীৱন সলনি কৰি দিব।
ইয়াৰ পিছত কি কৰিবা?

ময়ো খুড়াৰ কথা শিৰোগত কৰি দুই বছৰ পৰীক্ষাত ভাল নম্বৰ পাবৰ বাবে বিৰাট কষ্ট কৰিলো। আহিল আকৌ ৰিজাল্টৰ দিন আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাও যেনিবা ভাল হ’ল। পুনৰ আহিল সকলো খবৰ লবলৈ লগতে সেই খুড়াও আহিল আৰু সুধিলে ৰিজাল্ট কেনেকুৱা হ’ল বুলি, মই কলো ভালেই হল, গোটেই কেইটা বিষয়ত লেটাৰ পালো।

খুড়াই ৰিজাল্টটো পাই বৰ সন্তোষ পাইছে বুলি জনালে আৰু লগতে সুধিলে ইয়াৰ পিছত কি ভাবিছোঁ। মই উত্তৰ দিলো ভাবিবলৈ নো কি আছে আপুনিয়ে চোন কৈছিলে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা ভাল হ’লে জীৱনত একো চিন্তাই কৰিব নালাগে বুলি – সেইবাবে কৰা নাই একো চিন্তা।

RelatedPosts

Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 10, 2026
Tamil Nadu vs Assam: What is the Future of Regional Politics in India?

Tamil Nadu vs Assam: What is the Future of Regional Politics in India?

May 9, 2026
Love in the Age of Ghosting and Situationships

Love in the Age of Ghosting and Situationships

May 8, 2026

খুড়াই মুৰ তল কৰি হাঁহি  ক’লে ইয়াৰ পিছৰ খনহে বোলে মোৰ শেষ যুদ্ধ, এইবাৰ মোৰ জীৱনৰ হেনো গতিপথ নিৰ্ধাৰণ হ’ব গতিকে আকৌ ভালকৈ পঢ়িবলৈ ক’লে। মই অলপ সময় চাই থাকিলোঁ খুড়াৰ ফালে আৰু মনে মনে ভাবিলোঁ মানে মোৰ জীৱনৰ গতিপথ নিৰ্ধাৰণ হ’বলৈ বাকী আছেই এতিয়ালৈকে।

যিয়ে নহওক ইমান দূৰ আহি পালোঁৱে যেতিয়া ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰীটো লয়ে থওঁ আৰু কবলৈও ভাল লাগিব ৰাজনীতি বিজ্ঞানত স্নাতক বুলি।অৱশেষত কলেজত নামভৰ্তি কৰিলো আৰু তিনিটা বছৰ খুব মন দি পৰীক্ষাৰ আগত ভাল দৰে পঢ়ি স্নাতক ডিগ্ৰীধাৰী হলো। কিন্তু এইবাৰ খুড়া খবৰ লবলৈ নাহিল। জীৱনৰ গতিপথটো কোন ফালে তাকেই সুধিবলৈ খুড়াক বিচাৰি গলো , কিন্তু নাপালো বিচাৰি। পৰিলো বিপাঙত যে ইয়াৰ পিছত কি কৰিম, এইবাৰ খুড়াও নাই উপদেশ দিবলৈ। গতিকে এই চিন্তাই দিনে ৰাতিয়ে মোক দহিব ধৰিলে।

চাকৰিৰ বাবে ইন্টাৰভিও দুটা মানকে দিলোঁ কিন্তু কোনোবাই যদি অভিজ্ঞতা বিচাৰিলে আকৌ কোনোবাই দক্ষতা।ময়ো নিজকে প্ৰশ্ন কৰিলোঁ কথাটো নোহোৱাও নহয়, চাকৰি এটাৰ বাবেতো মোৰ অভিজ্ঞতাও নাই আৰু স্কিলছৰ নামত মই ৰাজনীতি বিজ্ঞানৰ প্লেটো, এৰিষ্ট’টল,জেমচ মিলৰ বাহিৰে একোৱে নাজানো।চিন্তা আৰু বাঢ়ি গ’ল আৰু সময় কমি গ’ল।

ভাবিলো এনেই থকাত কৈ দুবছৰ মাষ্টাৰ ডিগ্ৰীকে কৰি থওঁ হয়তো কিবা নতুন শিকিবয়ে পাৰো।সেইবুলিয়ে আকৌ স্নাতকোত্তৰ শিক্ষা লবলৈ প্রৱেশিকা পৰীক্ষাত বহিলো আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত ছিট পাই সাংবাদিকতা বিভাগত নামভৰ্তি কৰিলো। নামভৰ্তিৰ দিনা গম পালো মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰীৰ চাৰ্টিফিকেটৰ সঁচাকৈয়ে প্ৰয়োজন হয় কিন্তু কেৱল জন্মৰ প্ৰমাণ পত্ৰ হিচাপে তাৰ বাহিৰে অন্য একোতে প্ৰয়োজন নাই,সেই দিনা জীৱন সলনি কৰা খুড়ালৈ বৰকৈ মনত পৰিছিল।

ইয়াৰ পিছত কি কৰিবা?

বাৰু যিয়ে হওক আহিলো পঢ়িবলৈ আৰু ভাল দৰে পঢ়িলো, কেইবাবিধো স্কিলছ শিকিলো এই দুইবছৰত।আহি আহি আকৌ শেষ পৰ্যায় পালো, কিন্তু এতিয়া পুনৰ এটা চিন্তা যে ইয়াৰ পিছত কি?

ইয়াৰ পিছত কষ্ট কৰি বেচৰকাৰী প্ৰতিষ্ঠান এটাত ১০,০০০ টকীয়া এটা চাকৰিত সোমাই (যিটো পাবলৈ টান) গুৱাহাটীৰ নিচিনা এটা ঠাইত জীৱনটো চলিব পাৰিম জানো? য’ত ঘৰৰ ভাড়াই দৰমহাত কৈ বেছি।নে পুনৰ পি.এইচ.ডি ৰ বাবে ৫বছৰ নিজকে ব্যস্ত কৰি ৰাখো, কিন্তু তাৰ পিছত কি হব? এই প্ৰতিযোগিতাৰ যুগত নিজৰ নামৰ আগফালে ড° লাগি যোৱাৰ লগে লগেই জানো চাকৰি এটা পাম, নে তাৰ পিছতো আকৌ কিবা পঢ়াৰ চেষ্টা কৰিব লাগিব?

নিজকে এটাই প্রশ্ন কৰোঁ যে ইমান বোৰ পঢ়া শুনা কৰিলোঁ কেৱল এজন শিক্ষিত নিবনুৱা হ’বৰ বাবেহে নে? শেষত বাকী থাকিল লোকসেৱা পৰীক্ষা বা অন্য চৰকাৰী পৰীক্ষা যাৰ বাবে পুনৰ কোচিংৰ প্ৰয়োজন, কিন্তু কোচিং লব পৰাকৈ ঘৰৰ পৰিস্থিতি আৰু অৱস্থা সকলোৰে একে নহয় আৰু কোচিং নোহোৱাকৈ উত্তীৰ্ণ হবলৈ তীক্ষ্ণ মেধাৰ লগতে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। এজন নিম্ন মধ্য বিত্ত ঘৰৰ ল’ৰা বা ছোৱালীৰ বাবে পঢ়া শুনা শেষ হোৱাৰ পিছত ঘৰৰ পৰা পৰা টকা খুজিবলৈ কিমান কষ্টকৰ আৰু লাজ লগা বিষয় সেইটো কেৱল ল’ৰা বা ছোৱালী জনীয়ে হে বুজি পায়।

Unemployment

শুনিছো চৰকাৰে মাহে মাহে নিবনুৱা সকলক আৰ্থিক সাহায্য আগবঢ়াব। যদি চৰকাৰী সাহায্যৰ বাবে ৰৈ থাকো তেন্তে এম.এ পাছ কৰা ল’ৰা এজনৰ বাবে ইয়াতকৈ লাজৰ কথা আৰু একো নাই।চৰকাৰে ৰাইজৰ টকাৰে ৰাইজক সাহায্য প্ৰদান কৰাতকৈ নিবনুৱা সকলৰ সংস্থাপনৰ ব্যৱস্থা কৰক।সকলোকে চৰকাৰী চাকৰিত নিযুক্তি দিয়াটো সম্ভৱপৰ নহয় সেইবাবে অসমত উদ্যোগ প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰক যাতে শিক্ষিত নিবনুৱা সকলে এটা নিৰ্ভৰযোগ্য সংস্থাপন পায়।চৰকাৰে স্বাৱলম্বী হোৱাৰ কথা কলেও তাৰ বাবে প্ৰয়োজন হয় বৃহৎ পৰিমাণৰ ধনৰ যি সকলোৰে বাবে সম্ভৱ নহয়।

আজি স্নাতক ডিগ্ৰী থকা এজন ছাত্ৰয়েও কৰবাত এটা চতুৰ্থ বৰ্গৰ চাকৰি ওলালে ধপলিয়াই যায় কাৰণ চাকৰিৰ অভাৱ আৰু এই অভাৱৰ বাবেই মানুহৰ সপোন বোৰ সংকীৰ্ণ হৈ আহিছে।আগতে যদি কাৰোবাৰ প্ৰশাসনীক বিষয়া বা কোনোবা কোম্পানীত উচ্চ পদস্থ চাকৰি কৰাৰ হেঁপাহ আছিল, কিন্তু আজি তেওঁলোক এটা সাধাৰণ চতুৰ্থ বৰ্গৰ চাকৰিতে সন্তুষ্ট।সময়ৰ লগে লগে নিবনুৱাৰ সংখ্যাও বাঢ়ি গৈ থাকিব।যদি সময়ত সঠিক ব্যৱস্থা লোৱা নহয় তেন্তে সকলোৰে ভৱিষ্যত অন্ধকাৰ হোৱাৰ লগতে সকলো মানসিক ভাৱে হতাশগ্ৰস্থ হৈ পৰিব।

Unemployment 1

চৰকাৰে দহলাখ চাকৰিৰ সপোন দেখুৱাই একলাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহৰ পৰা লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে প্ৰত্যেক বছৰে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষা শেষ কৰি ওলাই আহে, গতিকে একলাখ চাকৰিৰ বিপৰীতে বাকীবোৰৰ ভৱিষ্যত কি হব? আজি যদি দহ হাজাৰ চাকৰিৰ বাবে দহ লাখ ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছে তেন্তে সেই ন লাখ নব্বৈ হাজাৰ ছাত্ৰ ছাত্ৰী কলৈ যাব?

আজি যদি আপুনি কাৰোবাক সোধে যে চাকৰি নাপালে কি কৰিবা তেন্তে এটা উত্তৰ সহজে পাব, সেইটো হৈছে “দীঘলী পুখুৰীৰ পাৰত চাহৰ দোকান দিম”। আজি কালি B.Tech, M.Tech, MA পাছ কৰা লৰা-ছোৱালীয়ে নিজৰ ডিগ্ৰীৰ নামেৰে চাহৰ দোকান বা ম’মৰ দোকান দিয়া আমি দেখিবলৈ পাওঁ যেনে- B.Tech Chaiwala, BA Chaiwala ইত্যাদি।

কোনো কাম সৰু বা ডাঙৰ নহয়, কিন্তু ইমান কষ্ট কৰি পঢ়া শুনা কৰাৰ পিছত কিহৰ বাবে তেওঁলোকে নিজৰ সপোন বোৰ শেষ কৰি চাহৰ দোকানখন দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল? তেওঁলোকে নিশ্চয় চাহৰ দোকান দিয়াৰ সপোন দেখি উচ্চ শিক্ষা গ্ৰহণ কৰা নাছিল। তেওঁলোক হয়তো ইয়াতকৈ বহু বেছি যোগ্যতা সম্পন্ন, কিন্তু চাকৰিৰ অভাৱৰ বাবে তেওঁলোকে নিজৰ ভৰিত নিজে থিয় হোৱাৰ মানসেৰে সেই কামটো হাতত লয়। কিন্তু ইয়াৰ দ্বাৰা নিজৰ লগতে সেই গাওঁৰ অশিক্ষিত, দুখীয়া খুড়া জনৰ সৰু চাহৰ দোকান খনতো জানো সমানেই প্ৰভাৱ নপৰে?

Unemployment 2
Unemployment 3

চৰকাৰে যিমান পাৰে সিমান হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকক আঁচনি দিয়াত ব্যস্ত। ১২৫০ টকাত অৰুনোদই আঁচনিত বিক্ৰী যোৱা অসমীয়াই এইটো বুজা উচিত যে চৰকাৰে এইবোৰৰ জৰিয়তে কেৱল তেওঁলোকক মূল সমস্যাৰ পৰা আঁতৰত ৰখাৰ চেষ্টা কৰি আহিছে। দিনটোত দহ বাৰ অমুক আঁচনি তামুক আঁচনিৰ নামত ঘূৰি থাকি, আবেদন কৰি থাকোতে লাখপতি বাইদেউ সকলে নিজৰ সন্তানৰ ভৱিষ্যতৰ কথা হয়তো পাহৰি গৈছে।

তিনি কোটি জনসংখ্যাৰ অসমত দুই কোটি পঞ্চাশ লাখেই হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হ’ল অৰ্থাৎ অসমত ৩কোটি জনসংখ্যাৰ মাত্ৰ ৫০লাখ লোকৰ বাহিৰে বাকী সকলো দৰিদ্ৰ সীমা ৰেখাৰ তলৰ। এফালে ঋণত পুত গৈ থকা অসম চৰকাৰে চৰকাৰী চাকৰিয়ালক কিতাপ কিনি পঢ়িবলৈ ১০০০ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা তথা স্নাতক উত্তীৰ্ণ নিবনুৱা সকলক সংস্থাপনৰ ব্যৱস্হা নকৰি মাহে মাহে ২৫০০টকাকৈ অনুদান প্ৰদান কৰাৰ দৰে আঁচনি ঘোষণা কৰে।

Orunudoi scheme

মুঠতে কোনো যাতে বাদ পৰি যাতে নাযায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে, কাৰণ নিৰ্বাচন সমাগত। আৰু এইবোৰ সকলো দেখিও চকু মুদা কুলিৰ ভাও জুৰিছে বিৰোধী পক্ষই। কৰবাত হকে বিহকে উৰণীয়া সেতু নিৰ্মান কৰাই হওক নাইবা ৰাইজৰ কোটি কোটি টকা ব্যয় কৰি ঝুমুৰৰ প্ৰদৰ্শন কৰাই হওক চৰকাৰে যি মন গৈছে তাকেই কৰিব পাৰিছে। সদনত বিৰোধীয়ে আকৌ এই সমূহ সমস্যাৰ কথা দাঙি নধৰি চিঞৰ বাখৰ কৰি ব্যক্তিগত জীৱনত আক্ৰমণ কৰাহে বেছিকৈ দেখা পোৱা গল,যাৰ বাবে মূল সমস্যা সমূহ কৰবাতে নাইকিয়া হল।

ইয়াৰ পিছত কি কৰিবা? এই প্রশ্নটোৰ সন্মুখীন হয়টো মোৰ দৰে বহুতে হৈছে বা হ’বলৈ গৈ আছে।কিন্তু এই প্রশ্নটোৰ উত্তৰ আজিৰ দিনত আমাৰ বহুতৰে হাতত নাই। আমাৰ ভৱিষ্যত কি হ’ব সেয়া সঠিককৈ আমিও হয়তো গম নাপাওঁ।

গতিকে ইয়াৰ পৰা বুজিব পাৰি যে সকলো পৰীক্ষাই গুৰুত্বপূৰ্ণ, কিন্তু কোনোৱে নিজৰ জীৱনৰ গতিপথ নিৰ্ধাৰণ নকৰে।পৰীক্ষা বেয়া হলেও হতাশগ্ৰস্থ নহৈ কেনেধৰনে নিজৰ জীৱনটো সুস্থিৰ আৰু নিৰাপদ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো উচিত; কাৰণ শেষত সকলো একেটা স্থানতে লগ হম !পাৰ্থক্য এটাই কোনোবা হয়তো নিবনুৱা আৰু কোনোবা শিক্ষিত নিবনুৱা।

Bihu

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Nilim Kashyap Barthakur

Nilim Kashyap Barthakur

Related Posts

Legal profession takes a heavier toll on Female Advocates
Opinion

Legal profession takes a heavier toll on Female Advocates

by Pradakshina Sarmah
May 10, 2026
0

Legal profession takes a heavier toll on Female Advocates Pradakshina Sarmah The Legal profession has long been associated with prestige...

Read moreDetails
Tamil Nadu vs Assam: What is the Future of Regional Politics in India?

Tamil Nadu vs Assam: What is the Future of Regional Politics in India?

May 9, 2026
Love in the Age of Ghosting and Situationships

Love in the Age of Ghosting and Situationships

May 8, 2026
bihu2

ব’হাগ আৰু অসমৰ অৰ্থনীতি

May 8, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 8, 2026
Secularism : meaning and implication in the Indian context

Secularism : meaning and implication in the Indian context

May 7, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 10, 2026
Preserving Deepor Beel

দীপৰ বিলৰ নীৰৱ বিননি আৰু উন্নয়নৰ কুঠাৰঘাত : “তহঁতে মোক মাৰি পেলালি”

May 10, 2026
Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

May 10, 2026
Urban Mobility, Women Safety and Climate Change: Building Gender Inclusive Cities in India

Urban Mobility, Women Safety and Climate Change: Building Gender Inclusive Cities in India

May 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    31925 shares
    Share 12770 Tweet 7981
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13729 shares
    Share 5492 Tweet 3432
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    168 shares
    Share 67 Tweet 42
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3702 shares
    Share 1481 Tweet 926
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6509 shares
    Share 2604 Tweet 1627
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    911 shares
    Share 364 Tweet 228
  • Love in the Age of Ghosting and Situationships

    75 shares
    Share 30 Tweet 19
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    74 shares
    Share 30 Tweet 19
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    73 shares
    Share 29 Tweet 18
  • Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

    63 shares
    Share 25 Tweet 16
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d