• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 17, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Women

ইৰাণৰ হিজাব বিৰোধী প্ৰতিবাদ: মহিলাৰ পছন্দৰ অধিকাৰৰ বাবে সংগ্ৰাম!

কাকলি দাস

by Anjan Sarma
September 29, 2022
in Women, Justice, World
Reading Time: 3 mins read
0
Hijab
Share on FacebookShare on TwitterShare on LinkedIn

ইৰাণৰ হিজাব বিৰোধী প্ৰতিবাদ

কাকলি দাস

ইংৰাজীত এষাৰ কথা আছে: Hell hath no fury like a woman scorned…[ or in Iran, hell hath no fury like a woman wronged] ! 

ইংৰাজীৰ সেই উপৰিউক্ত বাক্যষাৰ উইলিয়াম কংগ্ৰেভৰ নাটক ‘দ্য মাউৰনিং ব্রাইড‘ (১৬৯৭)ৰ এটা সংলাপৰ পৰা আহি পিছলৈ এটা প্ৰবচন হৈ পৰিছে।

RelatedPosts

World War III: Could Water Be the Spark?

World War III: Could Water Be the Spark?

July 15, 2025
Rapid Arctic Ice Meltdown: New Research Predicts Ice-Free Summers by 2030s !

বৰফবিহীন পৃথিৱী: সুমেৰু, কুমেৰু, তৃতীয় মেৰু, অসম আৰু হ’ব পৰা সংকট !

July 15, 2025
Asia hit hard by warming and extreme weather

Asia hit hard by warming and extreme weather

July 15, 2025

 অৰ্থাৎ,নৰকত উদ্ভৱ হোৱা ক্ৰোধেও তুচ্ছজ্ঞান কৰা বা অন্যায়ৰ বলি কৰা মহিলাৰ ক্ৰোধক যিদৰে বলে নোৱাৰে .., একেদৰে এতিয়া ইৰাণতো অন্যায়ৰ বলি হোৱা মহিলাসকলৰ জাগ্ৰত হোৱা ক্ৰোধৰ সৈতে নৰকেও পাল্লা দিব নোৱাৰে! 

হয়, ইৰাণৰ মহিলাসকলে যথেষ্ট সহ্য কৰিছে, তেওঁলোকে আৰু নীৰৱে থাকিব নোৱাৰে!

যেতিয়া অন্যায়বোৰ দৈনন্দিন পৰিঘটনা হবলৈ ধৰে, তেতিয়া ধুমুহাও বলিবলৈ আৰম্ভ কৰে ।

ইৰাণত এতিয়া এই ধুমুহা বলিছে, ইৰাণৰ মহিলাসকলে প্ৰতিবাদ কৰি এই ধুমুহাৰ সৃষ্টি কৰি আছে। 

ঘটনাটো এনেদৰে আৰম্ভ হৈছিলঃ ইৰাণৰ নৈতিকতা-ৰক্ষা কৰা আৰক্ষীয়ে মাহছা আমিনীক (২২ বছৰীয়া) পুনৰ নৈতিকতাৰ পাঠ দিবলৈ লৈ যায়। কিন্তু, তেওঁ কোনোধৰণৰ কোনো প্ৰতিষ্ঠান বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰা নাছিল বা চৰকাৰৰ বিৰুদ্ধে কবিতাও লিখা নাছিল। গতিকে , এই পুনৰ নৈতিকতাৰ শিক্ষা কিহৰ বাবে আছিল?

তেওঁ ‘হিজাব সঠিকভাৱে নিপিন্ধা’ৰ বাবে পুনৰ শিক্ষাৰ প্ৰয়োজন হৈছিল! 

ইৰাণত যদি আপুনি আপোনাৰ হিজাব ‘যথাযথভাৱে’ পিন্ধা নাই, বা আপোনাৰ মেক-আপৰ এটা ছাঁ ইয়াত-তাত অলপ থাকে, তেন্তে ‘ধৰ্মীয় প্ৰথা’বোৰ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ বহি আছে নৈতিকতা-ৰক্ষা কৰা আৰক্ষী, আৰু সেই আৰক্ষীৰ কৃপাত পুনৰ শিক্ষাৰ বাবে কাৰাগাৰত ভৰ্তি হ’বলগীয়া হয়। 

(হুমুনিয়াহ) কি লাজৰ কথা!

ইৰাণৰ হিজাব বিৰোধী প্ৰতিবাদ: মহিলাৰ পছন্দৰ অধিকাৰৰ বাবে সংগ্ৰাম!

নৈতিকতা-ৰক্ষা কৰা আৰক্ষীয়ে কয় যে ‘হাৰ্ট এটেক’ত আক্ৰান্ত হৈ মাহছাৰ মৃত্যু হৈছিল, কিন্তু আৰক্ষীৰ এনে গোকাট মিছা কথা বিশ্বাস কৰিবলৈ কোনেও ইচ্ছুক নহয়।

 খবৰ অনুসৰি মাহছাক ক’মা অৱস্থাত চিকিৎসালয়লৈ অনা হৈছিল, তেওঁৰ মূৰৰ খোলা ভাঙি গৈছিল আৰু তেওঁৰ মগজুৰ ৰক্তক্ষৰণ হৈছিল। তেওঁৰ দেউতাকে কৰ্তৃপক্ষক ঘটনাটো ঢাকি ৰখাৰ বাবে অভিযোগ কৰি কয়, “মই মোৰ ছোৱালীজনীক চাব বিচাৰিছিলো, কিন্তু তেওঁলোকে মোক ভিতৰলৈ সোমাবলৈ নিদিলে।” 

যদি এইটো এটা ৱান অফ বা প্ৰকৃততে হাৰ্ট এটেকৰ গোচৰ আছিল, তেন্তে সেয়া বুজিব পৰা কথাই আছিল, কিন্তু ইৰাণত মহিলাৰ ওপৰত চলি থকা হিংসা এক সাধাৰণ কথা।

 তথাপিও এইবাৰ পৰিস্থিতি বেলেগ হৈ পৰিছে , কাৰণ মহিলাসকলৰ বৃহৎ সংখ্যকে বাহিৰলৈ ওলাই আহি প্ৰতিবাদ কৰিছে। ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় স্তৰত হুলস্থুলৰ সৃষ্টি হৈছে, যাৰ ছাঁ আমেৰিকাতো উপনীত হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কৈছে, “আমেৰিকানসকলে ইৰাণৰ সাহসী মহিলাসকলৰ সৈতে থিয় দিছে।” বাৰু, আমেৰিকাৰ মহিলাৰ অৱস্থাৰ বিষয়েও আমি অলপ পিছত চমুকৈ আলোচনা কৰিম!

ইৰাণৰ হিজাব বিৰোধী প্ৰতিবাদ: মহিলাৰ পছন্দৰ অধিকাৰৰ বাবে সংগ্ৰাম!

প্ৰথমতে, ইৰাণত কি হৈছিল আৰু কিয় প্ৰতিবাদ অব্যাহত আছে সেয়া বুজি লবলৈ চেষ্টা কৰো আহক!

১৯৭৯ চনৰ ইৰাণৰ ‘বিপ্লৱ’ৰ পিছত ১৯৮১ চনত ইৰাণত বাধ্যতামূলক হিজাব আইন গৃহীত হোৱাৰ পিছত বাহিৰৰ মানুহেও এই নিয়ম মানি চলিব লাগে। এতিয়া এই আইনখন কাৰ্যকৰী হোৱাৰ ৪০ বছৰতকৈও অধিক সময়ৰ পাছত ইৰাণত বাধ্যতামূলক হিজাব আইনখনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ চলি আছে আৰু ক্ষোভ বিশেষকৈ নৈতিকতা আৰক্ষী (গাইডেন্স পেট্ৰ’ল)ৰ ওপৰত নিক্ষেপ কৰা হৈছে।

যেতিয়া ধৰ্মই মনক দখল কৰে, তেতিয়া ই সীমাহীন শক্তিৰ ভ্ৰম উৎপত্তি কৰে। এইটো প্ৰযোজ্য হৈছিল ইৰাণৰ কৰ্তৃপক্ষৰ ক্ষেত্ৰত, যিয়ে সীমাহীন ক্ষমতা চৰ্চা কৰিছিল, নৈতিকতা আৰক্ষীৰ বলত। ই বহুত ক্ষেত্ৰত অৰৱেলিয়ান কাহিনীৰ দৰেই৷ ধৰ্মৰ নামত নৈতিকতা আৰক্ষীয়ে যিকোনো সময়তে যিকোনো ব্যক্তিক আটক কৰিব পাৰে, যাৰ পৰা মুক্তি পোৱাটো সহজ নহয়।

এইবৈৰে একবিংশ শতিকাৰ প্ৰতিফলন ঘটায় নেকি? এখন সভ্য পৃথিৱীত এইটো ন্যায্য নেকি? এই কাৰণেই ইৰাণৰ মহিলাসকলে বাধ্যতামূলক হিজাব আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ ফলত কি হ’ব পাৰে – সময়ে ক’ব! ইয়াৰ বাবে মোৰ মনত পৰিছে ‘মেৰী কম’ (২০১৪) চিনেমাখনত প্ৰিয়ংকা চোপ্ৰাৰ সংলাপটোৰ কথা: “কভি কিচিকো ইতনা ভি মত দৰাও, কি দৰ হি খটম হো যায়” (কাকো ইমান ভয় খুৱাব নালাগে যে তেওঁৰ ভয়েই শেষ হৈ যায়)।

ইৰাণৰ মহিলাসকলে ভয় খাই খাই ভয়ক খায়েই শেষ কৰাৰ দৰে হৈছে, তেওঁলোকে নিজে ভয়ৰ শিৰত উঠিছে – যেন কালীয়দমন।

ইয়াত, অৰ্থাৎ ভাৰতত, প্ৰতিবাদ কৰিলে বা পোষ্টাৰ লগালে গ্ৰেপ্তাৰ হ’ব পাৰে, কিন্তু ইৰাণত মহিলাসকলে প্ৰতিবাদ কৰিলে নিজৰ জীৱন, পৰিচয় আৰু প্ৰায় সকলো বিপন্ন হৈ পৰিব পাৰে। সকলো নেতিবাচক পৰিণতিৰ মাজতো এই প্ৰতিবাদ মুকলিকৈ ভালদৰে দেখা গৈছে, মহিলাসকলে কৈছে, “আমি যুঁজিম, আমি মৰি যাম, আমি আমাৰ আগৰ ইৰাণখনক ঘূৰাই আনিম।”

ইৰাণৰ হিজাব বিৰোধী প্ৰতিবাদ: মহিলাৰ পছন্দৰ অধিকাৰৰ বাবে সংগ্ৰাম!
কিছুমান মহিলাই হাজাৰ হাজাৰ মানুহৰ সন্মুখত ৰাস্তাৰ মাজত নিজৰ দীঘল দীঘল মনোমোহা চুলিবোৰ কাটি পেলাইছিল

১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদ, হিজাব বিৰোধী প্ৰতিবাদৰ মাজতে ৩১ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। মাত্ৰ এবাৰ চকু ফুৰাওক, মতানৈক্য কিমান তীব্ৰতাৰে দেখুওৱা হৈছে – মহিলাসকলে চুলি কাটি থাকোঁতে ‘লাইভ’ত দেখা গৈছিল – তেওঁলোকে অহিংসভাৱে প্ৰতিবাদ কৰিছিল, মুখবোৰ লুকুওৱাও নাছিল – তেওঁলোকে গৌৰৱেৰে নিজৰ জীৱন বিপন্ন কৰি প্ৰতিবাদ কৰিছিল। 

কিছুমান মহিলাই হাজাৰ হাজাৰ মানুহৰ সন্মুখত ৰাস্তাৰ মাজত নিজৰ দীঘল দীঘল মনোমোহা চুলিবোৰ কাটি পেলাইছিল – ইৰাণীসকলে কোৱাৰ দৰে, এইটো এক অভূতপূৰ্ব ঘটনা আছিল। একাংশ পুৰুষেও তেওঁলোকক সমৰ্থন কৰিছিল। পুৰুষ জনসংখ্যাই ক’ৰবাত এই কথাত একমত যে ধৰ্মৰ নামত নাৰীৰ ওপৰত হোৱা অন্যায় বৃদ্ধি পাইছে, আৰু ইৰাণ আন এখন আফগানিস্তান হ’বলৈ বেছি সময় নাই।

ইৰাণে, আনকি, ইণ্টাৰনেটো ব্লক কৰিছিল; কাৰণ প্ৰতিবাদ বৃদ্ধি পোৱাৰ লগে লগে মহিলাসকলে ছ’চিয়েল মিডিয়াত ইৰাণত কি হৈ আছে সেই কথা বুজাই দিছিল – যে, ইৰাণৰ কৰ্তৃপক্ষই ইউক্ৰেইনত পুটিনে যি যি কৰি আছে, সেইধৰণৰ কাম তেওঁলোকৰ মহিলাৰ ওপৰত কৰি আছে। ক্ৰমবৰ্ধমান প্ৰতিবাদত পুৰুষ-মহিলা দুয়ো পক্ষই অংশগ্ৰহণ কৰিছে, আৰু সেইবাবেই ইণ্টাৰনেট ব্লক কৰা হৈছে, নহ’লে ক্ষমতাত থকাসকলে নিয়ন্ত্ৰণ আৰু কৰ্তৃত্ব হেৰুৱাব পাৰে!

ইৰাণৰ হিজাব বিৰোধী প্ৰতিবাদ: মহিলাৰ পছন্দৰ অধিকাৰৰ বাবে সংগ্ৰাম!

এতিয়া ইৰাণৰ ৰাষ্ট্ৰপতিয়ে কৈছে যে মাহছা আমিনিৰ আৰক্ষীৰ জিম্মাত মৃত্যুৰ তদন্ত কৰা হ’ব.. (যিদৰে তেওঁকো ৰাষ্ট্ৰসংঘই সোধা-পোছা কৰিছিল)। ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে সাক্ষাৎকাৰত বহি থকাৰ সময়ত, সাক্ষাৎকাৰ লবলৈ বহি থকা ক্রিষ্টিয়ান আমানপুৰে (চিএনএনৰ প্রবীণ মহিলা এংকৰ) তেওঁৰ ওপৰত কেনেদৰে প্রভাৱ পেলাব পাৰে সেই কথা প্রমাণ কৰিবলৈ সাজু হৈ আছিল যদিও ক্রিষ্টিয়ানে হিজাব পিন্ধা নাছিল বাবে তেওঁ সাক্ষাৎকাৰ অনুষ্ঠানত উপস্থিত নহ’ল ৷ ইয়াৰ পৰাই বুজা যায় যে এখন দেশ হিচাপে ইৰাণ কিমান বেছি ৰক্ষণশীল, মৌলবাদী আৰু কঠোৰ হৈ পৰিছে।

এতিয়া কথাটো হ’ল, ইৰাণতেই হওক, ভাৰততেই হওক বা আমেৰিকাতেই হওক, নাৰীৰ নিজৰ পছন্দ আছেনে? ক’ত লিখা আছে যে যদি মহিলাসকলে হিজাব নিপিন্ধে, তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব বা চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব? কোনবোৰ ধৰ্মীয় পাঠ্যপুথিত এই কথা লিখা হৈছে? 

আমি কি খাওঁ, কেনেদৰে সাজ-পোছাক পিন্ধো, কাক বিয়া কৰাম ইত্যাদি ধৰ্মই ক’ত নিৰ্দেশ দিয়ে? ‘চয়ছ'(Choice) শব্দটো অস্তিত্বহীন নেকি? 

য’তেই মৌলবাদ বাঢ়ে, পছন্দবোৰ কমি যায়।যদি পুৰুষসকল ইমান নিয়ন্ত্ৰণৰ বাহিৰত থাকে, তেন্তে তেওঁলোকে ক’লা চশমা পিন্ধি থকা উচিত – নিজৰ চকু ঢাকি বা লুকুৱাই ৰাখিব পাৰিব। আপোনাৰ ধৰ্মতো পুৰুষৰ বাবে নিয়ম নাই নেকি?

ইৰাণৰ হিজাব বিৰোধী প্ৰতিবাদ: মহিলাৰ পছন্দৰ অধিকাৰৰ বাবে সংগ্ৰাম!
আমেৰিকাত মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে

আমেৰিকা আৰু ইৰাণক বৰ্ণালীৰ বিপৰীত দিশত থকা বুলি গণ্য কৰা হয়, তথাপিও, আমেৰিকাইও এতিয়া আটাইতকৈ ডাঙৰ সমস্যাৰ সৈতে যুঁজি আছে। গৰ্ভপাতৰ ওপৰত আদালতে সৰ্বাত্মকভাবে আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে আমেৰিকাত মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। ধৰ্মৰ বাবে পুনৰ গৰ্ভপাতৰ অধিকাৰ নাইকিয়া কৰা হৈছে, এইক্ষেত্ৰত ধৰ্মটো হ’ল খ্ৰীষ্টান ধৰ্ম! সেইবাবেই অহাইঅ’ৰ এগৰাকী ১১ বছৰীয়া ধৰ্ষণৰ বলি হোৱা যুৱতীক নতুন ৰাষ্ট্ৰীয় আইন অনুসৰি গৰ্ভপাতৰ অনুমতি দিয়া হোৱা নাই।

 আপুনি দেখিব পাৰে যে, যেতিয়াই আৰু য’তেই ধৰ্মই প্ৰৱেশ কৰে, নাৰীৰ ক্ষতি হোৱাটো নিশ্চিত। এইখনেই আমেৰিকা, য’ত ইলহান ওমৰে কংগ্ৰেছত প্ৰথম হিজাব পিন্ধিছিল। কিন্তু গৰ্ভপাতৰ অধিকাৰ মহিলাৰ হাতৰ পৰা পিছলি গৈ আছে, একেখন দেশতে।

ভাৰতত পুনৰ উজলি উঠিছে হিজাবৰ বিতৰ্ক। ইৰাণত মহিলাসকলে হিজাব জাপি দিয়াৰ বিৰুদ্ধে যুঁজ দিয়ে। ভাৰতত মহিলাসকলে আকৌ হিজাব বলপূৰ্বকভাৱে নিষিদ্ধ কৰাৰ বিৰোধী! অৱশ্যে কিছুমান ঠাইত যেনে স্কুল, সেনা, আৰক্ষী আদিত হিজাব, এই বিষয়টো বিতৰ্কিত আৰু আদালতত এই বিষয়ে গোচৰ চলি আছে। ইউনিফৰ্মৰ লগত পিন্ধা হিজাবৰ ভাগ্য নিৰ্ণয় কৰিব উচ্চতম ন্যায়ালয়ে।

Hijab
হিজাবৰ ভাগ্য নিৰ্ণয় কৰিব উচ্চতম ন্যায়ালয়ে

 প্ৰথমতে, ধৰ্মত ই এক অত্যাৱশ্যকীয় প্ৰথা নেকি সেইটো প্ৰমাণ কৰিব লাগিব।

ভাৰতত কাইলৈ ​​যদি পৰ্দা ব্যৱস্থাক বাধ্যতামূলক কৰা নিয়ম হয়, তেন্তে এই কথা মানি নচলাসকলক নৈতিকতা আৰক্ষীয়ে আটক কৰিবনে? 

ইয়াৰ পৰিৱৰ্তে ই পছন্দৰ বিষয় হে হ’ব লাগে। এইটো এটা জটিল বিতৰ্কিত বিষয়, কিন্তু হিজাব নিপিন্ধাৰ বাবে নাৰীক শাস্তি দিয়াটো ভুল আৰু মধ্যযুগীয় বুলি আমি সকলোৱে অন্ততঃ একমত হ’ব পাৰোনে?

বহল মনেৰে চিন্তা কৰো আহক –ধৰ্মই আমেৰিকা, ভাৰত আৰু ইৰাণক ক’লৈ লৈ গৈছে? ইছলামৰ আভ্যন্তৰীণ সংস্কাৰৰ প্ৰয়োজন বুলি কিছুমান পণ্ডিতে একমত হৈছে। হিন্দু ধৰ্মত ইতিপূৰ্বে কিছু সংস্কাৰ ঘটিছে, আজি আমি পৰম শ্ৰদ্ধাৰে, এসময়ত আমি (প্ৰথমে) গালি-গালাজ কৰা ৰাজা ৰাম মোহন ৰায়ৰ নাম লওঁ। খ্ৰীষ্টান ধৰ্মতো সংস্কাৰ হৈছে – য’ত পৃথিৱীখন বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰত নাই বুলি কোৱাৰ বাবে কাৰাগাৰত বন্দী হৈ থকা গেলিলিও গেলিলিক এতিয়া পৰ্যবেক্ষণমূলক জ্যোতিৰ্বিজ্ঞান, আধুনিক পদাৰ্থ বিজ্ঞান আদিৰ “পিতৃ” বুলি কোৱা হৈছে। 

গতিকে, সংস্কাৰ প্ৰতিটোতে ঘটে, ধৰ্মত আভ্যন্তৰীণভাৱে, আৰু ইয়াত ডাঙি ধৰো ডুবাইৰ এটা উদাহৰণ – ডুবাইৰ মুছলমানসকল ভুৱা নেকি? কাৰণ, তেওঁলোকে নাৰীৰ পছন্দ সহ্য কৰিব পাৰে, নে চিন্তাৰ ক্ষেত্ৰত তেওঁলোক অধিক বিকশিত?কাৰণ ডুবাইত থাকি সকলোৱে সুখী, নাৰীও তাত মুক্ত।

বি:দ্ৰ – নিজৰ পছন্দৰ প্ৰতি সন্মান জনোৱা, লগতে বিশ্বাস আৰু আচাৰ-ব্যৱহাৰ জাপি নিদিয়াটো গুৰুত্বপূৰ্ণ। নিজৰ পছন্দ মতে জীয়াই থাকিবলৈ দিয়াটোও সম্ভৱ। ইৰাণৰ মহিলাসকলে মৌলবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে থিয় দিয়াৰ সাহসৰ বাবে তেওঁলোকক সহস্ৰ প্ৰণাম!

[কাকলি দাসৰ মূল ইংৰাজী লেখাৰ অসমীয়া ভাঙনিঃ অৰবিন্দ ৰাভা ]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

World War III: Could Water Be the Spark?
Climate Change

World War III: Could Water Be the Spark?

by Nilim Kashyap Barthakur
July 15, 2025
0

World War III: Could Water Be the Spark? NILIM KASHYAP BARTHAKUR Nilim Kashyap Barthakur Water, the essence of life, is...

Read moreDetails
Rapid Arctic Ice Meltdown: New Research Predicts Ice-Free Summers by 2030s !

বৰফবিহীন পৃথিৱী: সুমেৰু, কুমেৰু, তৃতীয় মেৰু, অসম আৰু হ’ব পৰা সংকট !

July 15, 2025
Asia hit hard by warming and extreme weather

Asia hit hard by warming and extreme weather

July 15, 2025
WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average

WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average

July 15, 2025
HerCatalyst: Empowering Young Women to Lead in STEM

HerCatalyst: Empowering Young Women to Lead in STEM

July 14, 2025
ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

July 13, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

July 16, 2025
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 16, 2025
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

July 16, 2025
World War III: Could Water Be the Spark?

World War III: Could Water Be the Spark?

July 15, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12805 shares
    Share 5122 Tweet 3201
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    597 shares
    Share 239 Tweet 149
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1625 shares
    Share 650 Tweet 406
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1283 shares
    Share 513 Tweet 321
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3232 shares
    Share 1293 Tweet 808
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5676 shares
    Share 2270 Tweet 1419
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2264 shares
    Share 906 Tweet 566
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    995 shares
    Share 398 Tweet 249
  • মিচিং সমাজ আৰু সংস্কৃতি

    2999 shares
    Share 1200 Tweet 750
  • ছাৰ ধীৰেন্দ্ৰ তালুকদাৰক সদায় পাই থাকিম ‘বজালীৰ শব্দকোষ’ৰ পৃষ্ঠাসমূহত

    104 shares
    Share 42 Tweet 26
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d