–ডা° সুকৃতি চৌধুৰী |
নমস্কাৰ বন্ধু-বান্ধৱীসকল
সেইদিনা গধূলি হঠাতেই হুৰহুৰাই এজাক বৰষুণ নামি আহিছিল… পথৰ দাঁতিৰ মন্দিৰটোত দৌৰাদৌৰিকৈ দুজন বাটৰুৱাই আশ্ৰয় ল’লে৷ ক্ষন্তেক পিছত, আন এজন বাটৰুৱাও লৰাধপৰাকৈ মন্দিৰটোলৈ সোমাই আহিল…….দপদপাই অহা বৰষুণজাক নোৰোৱাই হ’ল৷ লাহে লাহে ৰাতিৰ আন্ধাৰে ঠাইখিনি যেন গিলি পেলালে৷ দোপালপিটা বৰষুণ আৰু ঘিটমিটিয়া আন্ধাৰৰ মাজেৰে ৰাতিখন ক’লৈকো নগৈ তিনিও বাটৰুৱাই নিশা মন্দিৰটোতেই আশ্ৰয় লৈ থকাৰ কথা ভাবিলে…… লাহে লাহে তিনিওৰে ভোক লাগি আহিল৷ কিন্ত এই ৰাতিখন খাদ্য পাবই বা ক’ৰ পৰা.. তেনেতে প্ৰথম মানুহজনে ক’লে : মোৰ সৈতে তিনিখন ৰুটি আছে৷ আজি কামলৈ যাওঁতে লগতে নিছিলো যদিও খোৱা নহ’ল৷
তাকে শুনি দ্বিতীয় মানুহজনে ক’লে: মোৰ টোপোলাটোত ৫ খন ৰুটি আছে৷ ঘৈনীয়ে বাটৰ আহাৰ বুলি বান্ধি দি পঠিয়াইছিল৷
তৃতীয় মানুহজনে ইতস্ততঃভাৱে ক’লে : চেঃ মোৰ সৈতেহে খাবলৈ একো নাই৷
তাকে শুনি আন দুজন মানুহে ক’লে : এহ্ একো নাই দিয়ক৷ আমাৰ দুজনৰ হাতত ৫+৩ = ৮ (আঠ) খন ৰুটি আছেই যিহেতু আমি তিনিওজনে ভগাই খাব পাৰিম৷
কিন্তু কিন্তু কিন্তু…..
সমস্যাটো হ’ল আঠখন ৰুটি তিনিজন মানুহৰ মাজত ভগোৱা যায় কিদৰে…..
অলপ পৰ গমিপিতি থাকি প্ৰথম মানুহজনে ক’লে–আমি দেখোন এটা কাম কৰিব পাৰো—–আমি যদি আঠোখন ৰুটিৰ প্ৰত্যেকখনকে তিনি টুকুৰাকৈ সৰ্বমুঠ ২৪ টুকুৰা (৮ x৩ =২৪) কৰো তেনেহ’লে আমি তিনিওজন মানুহৰ প্ৰত্যেকৰে ভাগত আঠ টুকুৰাকৈ পৰিব (২৪ ÷৩ =৮)৷
প্ৰথমজনৰ বক্তব্য শুনি বাকী দুজনে চিঞৰি উঠিল : বাঃ বাঃ ইমান সুন্দৰ আইডিয়া৷
অৱশেষত আঠখন ৰুটিৰ একোখনৰ তিনিটুকুৰা আৰু সৰ্বমুঠ ২৪ টুকুৰা কৰি তিনিওজন মানুহৰ প্ৰত্যেকেই আঠ টুকুৰাকৈ খাই শুই পৰিল…..
কিচমিচ কিচমিচ চৰাইৰ মাতত মানুহ তিনিজনে ৰাতিপুৱা সাৰ পালে৷ বৰষুণ নাছিল৷ তৃতীয়জন মানুহ লৰালৰিকৈ যাবলৈ ওলাল৷ যোৱাৰ পৰত তৃতীয় মানুহজনে আন দুজন মানুহৰ হাতত ৰাতি খাদ্য খাবলৈ দিয়াৰ কৃতজ্ঞতাৰ চিন স্বৰূপে আঠটা স্বৰ্ণমুদ্ৰা উপহাৰ দি গ’লগৈ৷
আঠোটাকৈ স্বৰ্ণমুদ্ৰা হাতত পাই মানুহ দুজনৰ মুখ উজ্জ্বল হৈ পৰিল৷
দ্বিতীয় মানুহজনে ক’লে :- মইতো মোৰ টোপোলাৰ পৰা ৫খন ৰুটি খুৱাইছিলো৷ গতিকে মই ৫ টা মুদ্ৰা পাম৷ প্ৰথম মানুহজনে গৰজি উঠিল:- নাই নহ’ব৷ আমি দুয়োজনে স্বৰ্ণমুদ্ৰাবোৰ গাইপতি চাৰিটাকৈ ভগাই ল’ম…….দুয়োজন মানুহৰ তৰ্ক-বিতৰ্ক বাক-বিতণ্ডা শুনি পুৱাতে মন্দিৰত পুজা দিবলৈ অহা পুজাৰীজন কাষ চাপি আহি বুজাবলৈ ধৰিলে৷ পিছে মানুহ দুজনৰ এজনেও নিজৰ মতটো এৰি নিদিয়েহে নিদিয়ে৷
উপায় নাপাই পুজাৰীয়ে ক’লে: তোমালোক দুজনে এই আঠোটা স্বৰ্ণমুদ্ৰা মোৰ হাতত দিয়া৷ মই ধ্যানস্থ হৈ ঈশ্বৰক সুধিম যে তোমালোক দুজনে কোনে কিমানটা পাবা আৰু সেইমতে ভগাই দিম ৷ পুজাৰীৰ কথাত মানুহ দুজন সৈমান হ’ল৷
এইবাৰ পুজাৰীয়ে মন্দিৰৰ ফাটকখন বন্ধ কৰি ধ্যানত বহিল৷ অকণমান পিছতে স্বয়ং ঈশ্বৰে তেওঁক দেখা দিলে৷ পুজাৰীয়ে আঠোটা স্বৰ্ণমুদ্ৰা মানুহ দুজনৰ কোনে কিমানটাকৈ পাব সুধিলে৷
ঈশ্বৰে মিচিকিয়া হাঁহি এটা মাৰি উত্তৰ দিলে:- প্ৰথমজনে স্বৰ্ণমুদ্ৰা পাব ১ টা আৰু দ্বিতীয়জনে পাব ৭ টা৷
পুজাৰী হতচকিত হৈ উঠি ক’লে:- প্ৰভু এয়া কেনেকৈ ন্যায় হ’ল?
এইবাৰ কৰুণাময় ঈশ্বৰে পুজাৰীক এনেকৈ বুজালে: চোৱা বৎস, প্ৰথম মানুহজনৰ হাতত আছিল তিনিখন ৰুটি৷ এই তিনিওখন ৰুটিৰ প্ৰত্যেকখন তিনিটুকুৰা কৰিলে মুঠ টুকুৰা হ’ব ৯ টা৷ মানুহ তিনিজনে প্ৰত্যেকেই আঠ টুকুৰাকৈ খোৱাৰ অৰ্থ হ’ল প্ৰথম মানুহজনৰ ৯ টুকুৰা ৰুটিৰ আঠ টুকুৰা ৰুটি তেওঁ নিজেই খালে৷ আনক খুৱালে এটুকুৰাহে৷ গতিকে তেওঁ পাব লগা স্বৰ্ণমুদ্ৰা হ’ল ১ টা৷
আনহাতে দ্বিতীয় মানুহজনৰ টোপোলাত থকা ৫ খন ৰুটিৰ প্ৰত্যেকৰে ৩ টুকুৰা কৰাৰ অৰ্থ হ’ল মুঠ ১৫ টুকুৰা৷ এই পোন্ধৰ টুকুৰা ৰুটিৰ আঠ টুকুৰাহে দ্বিতীয় মানুহজনে নিজে খাইছিল৷ কাৰণ নিশা মানুহ তিনিজনৰ প্ৰত্যেকেই আঠ টুকুৰাকৈ ৰুটি খাইছিল৷ ১৫ টুকুৰা ৰুটিৰ আঠ টুকুৰা নিজেই খোৱাৰ অৰ্থ হ’ল বাকী ৭ টুকুৰা ৰুটী তেওঁ আনক খুৱাইছিল৷ গতিকে তেওঁ ৭ টা স্বৰ্ণমুদ্ৰা পোৱাৰ দাবীদাৰ৷
ঈশ্বৰৰ ন্যায়িক বিশ্লেষণত পুজাৰীজন নতমস্তক হৈ পৰিল আৰু মানুহ দুজনেও কথাটো মানি ল’লে….!
গল্পটোৰ সাৰাংশ এয়াই যে আমাৰ আৰু সৃষ্টিকৰ্তা প্ৰকৃতিৰ দৃষ্টিভংগীত আকাশ-পাতাল পাৰ্থক্য আছে৷ “মোৰ লগতেই কিয় এনেকুৱা হ’ল” বুলি আমি বহুতো সময়ত দুখতে ভাঙি পাৰো৷ কিন্ত প্ৰকৃতিৰ দৃষ্টি বৰ বিশাল আৰু অ’তি সুক্ষ্ম৷ সাধাৰণ দৃষ্টিৰে আমি যিটো ন্যায় বুলি ভাবো প্ৰকৃতিয়ে হয়তো তাৰ বিচাৰ আন প্ৰকাৰেহে কৰে৷সেয়া বুজি উঠিবলৈ আমি বিজ্ঞান আৰু দৰ্শনৰ বহু গভীৰতালৈ যাব লাগিব৷
এই বিশ্বব্ৰহ্মাণ্ডৰ একোয়েই বিনা-হিচাবী হৈ চলা নাই৷ প্ৰকৃতিৰ প্ৰত্যেকটো কথাত সুক্ষ্মতম লজিক থাকে৷ সেয়ে হাজাৰ দুখৰ মাজতো বাস্পাকুল নেত্ৰেৰে আমি পাব পৰা ন্যায়ৰ মুহূৰ্তলৈ অপেক্ষা কৰিবই লাগিব৷
আপুনি যদি ঈশ্বৰ নাই বুলিও ধৰে, তেতিয়াও আপুনি এই কথাটো স্বীকাৰ কৰিবই লাগিব যে প্ৰত্যেকটো কাৰ্য্যৰ আঁৰত ব্যাপক “কাৰণ” থাকে৷ থাকে প্ৰকৃতিৰ ন্যায় বিচাৰ৷ এই ক্ষন্তেকীয়া জীৱনটো পৰিভাষিত কৰিব পাৰি অপৰিসীম ধৈৰ্য্য আৰু ক্ষমাৰ মাজেৰে৷ এয়াই সুখী জীৱনৰ সংজ্ঞা৷৷
আপোনাৰ সদায়েই যেন কিবা নহয় কিবা ক্ষেত্ৰত বহুত ভাল হয়৷মনৰ আশাবোৰ যেন পুৰা হয়৷ ইয়াৰ বাবে সদায় প্ৰাৰ্থনা কৰিম৷ ভালে থাকক ৷