• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Spirituality Spirituality

ঈশ্বৰ-বিশ্বাস

by Editor
March 17, 2024
in Spirituality, Opinion, Spirituality
Reading Time: 5 mins read
0
ঈশ্বৰ-বিশ্বাস
Share on FacebookShare on TwitterShare on LinkedIn

ঈশ্বৰ–বিশ্বাস

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

কেইদিনমান আগতে এজন আগশাৰীৰ বুদ্ধিজীৱিয়ে ধর্মৰ বিষয়ে তেওঁৰ ধাৰণা কি লিখা পঢ়িবলৈ পাই স্তম্ভিত হ’লোঁ।

তেওঁৰ লেখাৰ পৰা বুজা যায় যে কিছুমান ধূর্ত্ত মানুহে কিছুমান মূর্খ মানুহক ঠগিবলৈ ধর্ম ব্যৱহাৰ কৰে। অর্থাৎ ধর্ম এটা মস্ত ফাঁকি।

উপলুঙাৰ সুৰত লিখা সেই ৰচনাই মোৰ মনত বিভিন্ন প্রশ্ন উত্থাপন কৰিলে।

সঁচাই ধর্ম কেৱল এটা প্রহসনহে নেকি?

আদি শংকাৰাচার্য বা ভগৱান বুদ্ধৰদৰে মানুহবোৰ মূর্খহে আছিল নেকি? উপনিষদবোৰত, বাইবেলৰ “গছপেল”ত, কোৰাণত কেৱল অদৰকাৰী কথা এসোপাহে আছে নেকি?

মোৰ মনত সৃষ্টি হোৱা অনেক এনে প্রশ্নৰ উত্তৰ দিবলৈ প্রয়োজনীয় পর্যাপ্ত পৰিমাণৰ পঢ়া-শুনা, জ্ঞান, অভিজ্ঞতা আদি মোৰ নাই।

তথাপিও কিন্তু এটা কথা কব পাৰি—যে নিজৰ ধর্মীয় আচৰণেৰে সমাজৰ অন্য লোকক কোনো প্রকাৰে হানি নকৰা ধার্মিক লোক সকলেও আধুনিক গণতান্ত্রিক সমাজত তিৰস্কৃত নোহোৱাকৈ, লাঞ্চনা নোভোগাকৈ জীয়াই থাকিব পাৰিব লাগে।

ঈশ্বৰ-বিশ্বাস

আধুনিক গণতন্ত্রৰ নাগৰিকৰ অন্তত ইমানকণ সহনশীলতা থকা উচিত। আজি আমাৰ সমাজত বিভিন্ন “গোট”ৰ অধিকাৰ আৰু স্বাধীনতাৰ কথা কোৱা যায় — অনুন্নত গোষ্ঠী বা গোটৰ স্বাধীনতাৰ কথা কোৱা যায়, নাৰী-স্বাধীনতাৰ কথা কোৱা যায়, লিংগপৰিবর্ত্তনকামী বা এলজিবিটিক্যু সকলৰ স্বাধীনতা, আত্মসন্মানৰ কথা কোৱা যায়।

গতিকে ঈশ্বৰ-বিশ্বাসী সকলৰো “অধিকাৰ”ৰ কথা ক’লে নিশ্চয় সেয়া গণতান্ত্রিক ব্যৱস্থাৰ পৰিপন্থী নহ’ব। অৱশ্যে কেৱল যে আধুনিক সমাজতহে এনে সমাধিকাৰৰ ধাৰণা থাকে সেইটো নহয়। নাইজেৰিয়াৰ ইব’ জনগোষ্ঠী সকলে অতীজৰে পৰা কৈ আহিছে যে “শেন চৰাইটো (গছৰ ডালত) পৰক, ঈগল চৰাইটোও পৰক….” (“Let the kite perch, and let the eagle perch, too…”)

নোবেল বঁটা বিজয়ী ইহুদী চিন্তাবিদ এ’লী উইজেলৰ (Elie Wiesel 1928-2016) জন্ম হৈছিল ৰোমানিয়াৰ এটা ইহুদী পৰিয়ালত, আৰু ধর্ম বিশ্বাসেৰে ভৰা এটা বাতাৱৰণতে তেওঁৰ শৈশৱ পাৰ হৈছিল। বিশেষকৈ তেওঁৰ মাকৰ পৰা উইজেলে ধর্ম-বিশ্বাসৰ প্রশিক্ষণ পাইছিল। দ্বিতীয় বিশ্ব যুদ্ধৰ ইহুদী-সংহাৰৰ বিভীষিকা আৰম্ভ হওঁতে উইজেলৰ বয়স আছিল ১৫ বছৰ।

১৯৪৪ চনৰ মার্চ মাহত জার্মানীয়ে হাংগেৰী অধিকাৰ কৰি, ৰোমানিয়াৰো উত্তৰ ট্রান্সিলভেনিয়া অধিকাৰ কৰিলে, আৰু মে’ মাহত সেই ঠাইৰ ইহুদীসকলক ধৰি Auschwitzৰ কুখ্যাত বন্দী শিবিৰলৈ নিয়া হ’ল। এ’লী উইজেল আৰু তেওঁৰ পৰিয়ালৰ সকলো সদস্যকে সেই শিবিৰলৈ নিয়া হ’ল আৰু অতি সোনকালে তেওঁৰ মাক আৰু ভনীয়েকক হত্যা কৰা হ’ল।

তাত তেওঁ যি অসহনীয়, অবর্ণনীয় হত্যালীলা দেখা পাইছিল, তাৰ বর্ণনা পোৱা যায় তেওঁৰ Night (ফৰাচী La Nuit ১৯৫৫, ইংৰাজী অনুবাদ Night ১৯৬০) নামৰ গ্রন্থত:

“এখন নীৰৱ নীলা আকাশৰ তলত যাৰ শৰীৰবোৰ ধোঁৱাৰ কুণ্ডলীলৈ পৰিবর্ত্তন হৈ পৰিছিল, সেই কণমানিহঁতৰ সৰু সৰু মুখবোৰ মই কেতিয়াও নাপাহৰোঁ। মোৰ বিশ্বাসক চিৰকালৰ বাবে গিলি পেলোৱা সেই ধোঁৱাবোৰ মই কেতিয়াও নাপাহৰোঁ। মোৰ জীয়াই থকাৰ ইচ্ছা সর্বকালৰ বাবে কাঢ়ি নিয়া সেই নৈশ নীৰৱতা মই কেতিয়াও নাপাহৰোঁ। যিবোৰ মুহূর্ত্তই মোৰ ঈশ্বৰক আৰু মোৰ আত্মাক হত্যা কৰিলে আৰু মোৰ সপোনবোৰ ধূলি কৰি পেলালে সেইবোৰ মুহূর্ত্তক মই কোনো কালে নাপাহৰোঁ। ঈশ্বৰৰ সমান  দীর্ঘ জীৱন জীয়াই থকাৰ দণ্ডেৰেও যদি মই দণ্ডিত হ’বলগীয়া হয়, এইবোৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰিম। কেতিয়াও নোৱাৰিম।

ঈশ্বৰ-বিশ্বাস
এ’লী উইজেল

১৯৯৩ চনত প্রকাশিত আৰু নিউ য়র্ক টাইমছৰ “best-seller list”ত এবছৰতকৈ অধিক কাল থকা কাৰেণ আর্মষ্ট্রঙৰ (Karen Armstrong, জন্ম ১৯৪৪) A History of God  কিতাপখনৰ দশম অধ্যায়ত লেখিকাই এ’লি উইজেলৰ এই অভিজ্ঞতাৰ কথা উল্লেখ কৰি কৈছে যে যিখন সামূহিক শ্মশানত উইজেলৰ মাক আৰু ভনীয়েকৰ শৱ দলিয়াই পেলোৱা হয়, সেই শ্মশানৰ ক’লা ধোঁৱাই কুণ্ডলী পকাই আকাশলৈ গতি কৰা দেখি তেওঁ উপলব্ধি কৰিছিল যে সেই অগ্নিয়ে তেওঁৰ ঈশ্বৰ-বিশ্বাস চিৰ কালৰ বাবে শেষ কৰি দিলে।

        এদিন তাত হিটলাৰৰ গেস্তাপ’ বাহিনীয়ে এটি শিশুক ফাঁচি দিয়াও উইজেলে দেখিলে। উইজেলে বর্ণোৱা মতে, সেমেকা চকুৰ দেৱদূত যেন লগা শিশুটি নীৰৱেই ফাঁচি কাঠত উঠিলেগৈ। ইহুদী বন্দীবোৰৰ বাবে আকৌ সেই অকণমানিটোৰ ফাঁচি চোৱাটো বাধ্যতামূলক আছিল। ল’ৰাটো ফাঁচি কাঠত উঠাৰ মুহূর্ত্তত উইজেলৰ লগৰ অন্য এজন ইহুদী বন্দীয়ে প্রশ্ন কৰিছিল, “ঈশ্বৰ ক’ত? ক’ত তেওঁ?”

ঈশ্বৰ-বিশ্বাস
Children, like Elie Wiesel, were numbered and photographed after arriving at Auschwitz concentration camp. Photograph: AFP/AFP/Getty Images

ফাঁচিত ওলমাৰ আধা ঘন্টাৰ পিছতহে শিশুটিৰ মৃত্যু হ’ল, আৰু সেই গোটেই সময়চোৱা উইজেল আৰু অন্য বন্দীসকলে তাক সমুখৰ পৰা চাই আছিল। সেই বন্দীজনে আকৌ প্রশ্ন কৰিলে, “এতিয়া ঈশ্বৰ ক’ত?” আৰু উইজেলে তেওঁৰ অন্তৰৰ ভিতৰত তাৰ উত্তৰ শুনা পালে : “ক’ত তেওঁ? এয়া, ইয়াতে আছে—ফাঁচী কাঠত ওলমি আছে”।

বিশ্বৰ মহান একেশ্বৰবাদী ধর্মসমূহত (ইহুদী ধর্ম বা জুদাইজম, ইছলাম আৰু খ্রীষ্টান ধর্মত)—আৰু হিন্দু ধর্মতো—যি মহান, সর্বশক্তিমান আৰু পৰম কৰুণাময় ঈশ্বৰৰ ধাৰণা আছে, সেই ধাৰণাৰ আধাৰত যদি ওপৰোক্ত সঁচা ঘটনাটোৰ ব্যাখ্যা কৰা যায়, তেন্তে কি বুজিব লাগিব? এজন সর্বশক্তিমান আৰু পৰম কৰুণাময় ঈশ্বৰ, যি এই সমস্ত ব্রহ্মাণ্ডৰ ৰচয়িতা আৰু নিয়ন্ত্রণ কৰোঁতা, তেওঁ এনেকুৱা নিষ্ঠুৰতা কিদৰে সহ্য কৰে?

যদি তেওঁ সর্বশক্তিমান হয়, তেন্তে তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে একো ঘটিব নোৱাৰে। সেই শিশুটিৰ ফাঁচি তেন্তে তেওঁৰ ইচ্ছাতে হৈছিল নেকি? যদি তেওঁৰ ইচ্ছামতে এনেবোৰ ঘটনা নঘটে, তেন্তে তেওঁ সর্বশক্তিমান নহয়। আৰু এয়া মাত্র এটা উদাহৰণহে। বিশ্বৰ ইতিহাসে আৰু বর্ত্তমানে নিষ্ঠুৰতা আৰু দুখৰ পর্বতসমান বোজা কঢ়িয়াই থকা নাই জানো?

ঈশ্বৰ-বিশ্বাস

বার্ট্রেণ্ড ৰাছেলে তেওঁৰ “An Outline of Intellectual Rubbish” নামৰ ৰচনাত কৈছে যে ১) পাপীয়ে পাপ কৰা আৰু ২) এজন সর্বশক্তিমান ঈশ্বৰৰ অস্তিত্ব—এই দুয়োটা কথা একেলগে সঁচা বুলি মানিবলৈ যুক্তিৰ ফালৰ পৰা অসুবিধা আছে।

অন্যায়-অবিচাৰ, নিষ্ঠুৰতা, দুখ-কষ্টেৰে ভৰা এই সংসাৰত এজন সর্বশক্তিমান আৰু পৰম দয়ালু ঈশ্বৰৰ বাবে কোনো স্থান বিচাৰি নোপোৱা সকলো লোকেই কিন্তু ঠিক নাস্তিক নহ’ব পাৰে। ধর্ম মনা বহুতে ভাবে যে ঈশ্বৰ নথকাটোহে বেচি সম্ভৱ; এনেখন পৃথিৱীত ঈশ্বৰ থকাৰ সম্ভাৱনা অতি ক্ষীণ। কিন্তু তথাপিও তেওঁলোকে “বিশ্বাস” কৰে, ধর্ম মানে, আৰু তেনে কৰাতো উচিত আৰু অর্থপূর্ণ বুলি ভাবে।

জার্মান দার্শনিক ইমানুৱেল কান্টৰ বন্ধু য়’হান গিয়র্গ হামানে (Johann Georg Hamann 1730-1788) ইউৰোপৰ যুক্তি-সর্বস্ব Enlightenmentৰ যুগত আৰু উনবিংশ শতাব্দীৰ বিজ্ঞান, প্রযুক্তি-সর্বস্ব ঔদ্যোগিক বিপ্লৱৰ যুগত ডেনিছ দার্শনিক ছ’ৰেন কিয়েৰকিগাদে (Soren Kierkegaard 1813-1855) যুক্তিতকৈ বিশ্বাসত গুৰুত্ব বেছি দিছিল।

হামান আৰু কিয়েৰকিগাদৰ দ’ৰে fideistic চিন্তাবিদ সকলৰ মতে যুক্তিৰে ঈশ্বৰৰ অস্তিত্বৰ প্রমাণ দিয়াতো সম্ভৱ নহয়, আৰু সম্ভৰ হোৱা হ’লেও তেনে প্রমাণ দিয়াতো অনুচিত হ’ল হেঁতেন কাৰণ সম্পূর্ণ বিশ্বাসে প্রমাণ নিবিচাৰে। তেওঁলোকৰ মতে বিশ্বাস আৰু যুক্তিৰ ভিতৰত বিশ্বাসক গ্রহণ কৰিলেহে জীৱনটো অর্থপূর্ণ হয়। অনেক ধর্মতত্ত্বৰ পণ্ডিতৰ মতে আকৌ প্রকৃত ধর্ম-বিশ্বাস বা ঈশ্বৰ বিশ্বাসৰ বাবে ঈশ্বৰ সদায় ৰহস্যাবৃত আৰু গুপ্ত (mysterious, hidden) হ’ব লাগিব। বুজা নাযায় বাবেই বিশ্বাস।

ঈশ্বৰ-বিশ্বাস

Blaise Pascal আৰু (১৬২৩-১৬৬২) Fyodor Dostoevskyৰ (১৮২১-১৮৮১) দৰে বিশ্বাসীয়ে ভাবে যে ধর্মীয় বিশ্বাস অযুক্তিকৰ হ’লেও প্রয়োজনীয়। পাছকেলে কৈছে যে সকলো ক্ষেত্রতে যুক্তিৰ প্রয়োজনীয়তাৰ বিষয়ে সজাগ লোকেও ঈশ্বৰত বিশ্বাস কৰা উচিত আৰু ধর্ম মানি চলা উচিত।

যদি প্রকৃততে ঈশ্বৰৰ অস্তিত্ত্ব নাই, তেন্তে ধর্ম মানি চলা মানুহজনৰ কিছু সৰু সুৰা লোকচান হোৱা বুলি ক’ব পাৰি—যদি ধর্ম পথত চলাৰ বাবে তেওঁ কৰা “ত্যাগ” সমূহক লোকচান বুলিব পাৰি। কিন্তু যদি ঈশ্বৰ প্রকৃততে আছে, তেন্তে নিশ্চয় ধর্ম পথত চলা মানুহজনৰ লাভ হ’ব অপাৰ—স্বর্গসুখ আদি। Dostoevskyৰ মতে  বিশ্বাসহীন জীৱন অর্থহীন, আৰু ঈশ্বৰ-বিশ্বাস অবিহনে নৈতিকতাৰো কোনো অর্থ নাথাকিব।

কিন্তু উচিত-অনুচিত, ভাল-বেয়াৰ বিচাৰ জানো ঈশ্বৰ বিশ্বাস অবিহনে কৰিব নোৱাৰি? নৈতিকতা বুজি পোৱা মানৱ-সামর্থ্য ঈশ্বৰ-প্রদত্ত নেকি? নৈতিকতা এক ঐশ্বৰিক, দৈবিক গুণ নেকি? ভগৱান বুদ্ধই নৈতিকতাৰ কথা কয়, কিন্তু ঈশ্বৰৰ কথা নকয়। জৈন মততো ঈশ্বৰৰ প্রয়োজন নাই।

ৰাইনল্ড নীবাৰৰ (Reinhold Niebuhr ১৮৯২-১৯৭১) দৰে বিশ্বাসীৰ মতে আকৌ ধর্মৰ তত্ববোৰ প্রকৃততে ৰপকাত্মক (metaphorical), আৰু সেইবাবে ধর্মতত্ত্বক যুক্তিৰে বুজিবলৈ যত্ন কৰাটো সম্পূর্ণ শুদ্ধ নহয়। তেওঁৰ মতে সংসাৰখন ঈশ্বৰৰ সৃষ্টি বুলি মানিলেহে সংসাৰ আৰু জীৱনৰ অর্থ বিচাৰি পোৱা যায়।

 যিসকল লোকক অতি উচ্চ শ্রেণীৰ সিদ্ধযোগী (mystic) বুলি ধৰা হয় তেওঁলোকে ঈশ্বৰৰ অনুভূতি পোনপটীয়াকৈ পায় বুলি দাবী কৰে, কিন্তু লগতে কয় যে এনে অনুভূতিৰ বিষয়ে ভাষাৰে বর্ণনা দিয়া অসম্ভৱ।

Ramkrishna
ৰামকৃষ্ণ পৰমহংস

ৰামকৃষ্ণ পৰমহংসৰ সমাধি অৱস্থাত হোৱা তেওঁৰ ঈশ্বৰৰ অনুভূতি বা ব্রহ্মজ্ঞানৰ বিষয়ে প্রশ্ন কৰাত তেওঁ উত্তৰ দিছে এটা উপমাৰে—“নিমখৰ পুতলা এটাই সাগৰ কিমান গভীৰ জুখিবলৈ সাগৰত ডুব দিলে, কিন্তু সাগৰৰ গভীৰতাৰ খবৰ দিবলৈ পুতলাটো উভতি আহিব নোৱাৰিলে”। সমাধিত ব্যক্তিৰ নিজৰ ক্ষুদ্র “মই/অহম্” ভাৱ শেষ হৈ যায় আৰু তাৰ ঠাইত থাকে বৃহতৰ, অনন্তৰ, ব্রহ্মৰ “মই/অহম” ভাৱ।

বোধকৰোঁ এইটোৱেই সঁচা যে ঈশ্বৰ বিশ্বাস আৰু ধর্মীয় অভিজ্ঞতাৰ অনেক কথাৰ যুক্তি বিচাৰ কৰি লাভ নাই। যুক্তি-বিচাৰৰ পৰিসৰৰ বাহিৰৰ আটাইবোৰ কথা যদি কোনোৱে অর্থহীন বুলি ভাবে তেন্তে তেওঁৰ আৰু বিশ্বাসী এজনৰ মাজত পকৃততে অর্থপূর্ণ বার্ত্তালাপ হ’ব নোৱাৰে—তেনে বার্ত্তালাপৰ পৰা কোনো এটা পক্ষৰো লাভ নহয়।

GOD 1

প্রখ্যাত জার্মান চিন্তাবিদ ৰুদল্ফ অট’ৰ (Rudolf Otto ১৮৬৯-১৯৩৭) মতে মানুহৰ ধর্মীয় অভিজ্ঞতাৰ উৎস হ’ল সৃষ্টিৰ অত্যন্ত বিস্ময়কৰ আৰু ৰহস্যময় সত্তা (mysterium tremendum)ৰ প্রতি মানুহৰ মনৰ অযুক্তিকৰ (irrational) অংশটোৱে জনোৱা সঁহাৰি।

২০০৯ চনত প্রকাশিত কাৰেণ আর্মষ্ট্রঙৰ A Case for God নামৰ গ্রন্থত লেখিকাই দুই ধৰণৰ বিশ্বাসৰ বিৰুদ্ধে যুক্তি আগবঢ়াইছে — গোড়া ধর্মীয় উগ্রপন্থাৰ বিৰুদ্ধে আৰু উগ্র নাস্তিকতাবাদৰ বিৰুদ্ধে। গোড়া ধর্মান্ধতা যিদৰে ত্যাজ্য, সেইদৰে উগ্র নাস্তিকতাবাদো গ্রহণযোগ্য নহয়।

ব্রহ্মাণ্ডৰ, জীৱ-জগতৰ, মনুষ্য-জীৱনৰ, মানৱ মন-আত্মাৰ গূঢ় ৰহস্য যে ধর্মই ভেদ কৰে তেনে নহয়, কিন্তু সেই ৰহস্যৰ অনুভূতিয়েই ধর্মীয় অনুভূতি, আৰু সেই অনুভূতি মূল্যহীন নহয়। বিশ্বাসীজনে ধর্মৰ পৰা পোৱা নৈতিকতা, প্রেম, কৰুণাৰ শিক্ষা নিশ্চয় মূল্যহীন নহয়।

History of God

কাৰেণ আর্মষ্ট্রঙৰ A History of God ৰ উল্লেখ ইতিমধ্যে কৰা হৈছে। সেই গ্রন্থত থকা এটা কাহিনীৰেই এই আলোচনা শেষ কৰা হওক। কাহিনীটো এই ধৰণৰ : দ্বিতীয় বিশ্ব যুদ্ধৰ ভয়াবহ দিনবোৰত লাখ লাখ ইহুদীয়ে প্রাণ হেৰুৱালে। অন্য লাখ লাখ জন বলি হ’ল অবর্ণনীয় শাৰীৰিক, মানসিক অত্যাচাৰৰ; অলেখ জন ঘুণীয়া হ’ল জীৱনৰ বাবে ।

যুদ্ধৰ অন্তত হেনো ইহুদী সকলৰ এটা গোটে এখন বিচাৰ সভা পাতিলে—ঈশ্বৰৰ বিচাৰ। ঈহুদীসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি নিষ্ঠাৰে ধর্ম পালন কৰিছিল, কিন্তু ঈহুদী-বিদ্বেষীবোৰে যেতিয়ে তেওঁলোকক জাকে জাকে ধৰি শাস্তি দিবলৈ ধৰিলে, হত্যা কৰিবলৈ ধৰিলে, তেতিয়া তেওঁলোকৰ ঈশ্বৰে তেওঁলোকক কোনো সহায় নকৰিলে। তেওঁলোকৰ ঈশ্বৰে বিশ্বাসঘাতকতা কৰিলে। গতিকে ঈশ্বৰৰ বিৰুদ্ধে এই বিচাৰ।

এজন জ্যেষ্ঠ ইহুদী ৰাবাই বিচাৰকৰ আসনত বহিল, আৰু ঈশ্বৰৰ পক্ষে আৰু বিপক্ষে বহুতো তর্ক শুনিলে। আৰু শেষত বিচাৰকে তেওঁৰ ৰায় দিলে। তেওঁ ক’লে যে তেওঁলোকৰ ঈশ্বৰ অত্যাধিক নিষ্ঠুৰতা আৰু চূড়ান্ত বিশ্বাসঘাটকতাৰ দোষত দোষী আৰু মৃত্যুদণ্ডৰ যোগ্য। ঈশ্বৰৰ মৃত্যুদণ্ডৰ ৰায় দি উঠি ঈহুদী ৰাবাই জনে ক’লে, “এতিয়া বিচাৰ শেষ হ’ল, আৰু আমি এতিয়া যোৱা উচিত কাৰণ সন্ধিয়াৰ প্রার্থনাৰ সময় হৈছে”।

prayer1

Images from different sources

(Sanjeev Kumar Nath, English Department, Gauhati University; sanjeevnath21@gmail.com)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science
Opinion

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

by Olha Konsevych
July 12, 2026
0

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science...

Read moreDetails
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

July 6, 2026
Land of Missed Opportunities!

Land of Missed Opportunities!

July 5, 2026
অষ্টাঙ্গ যোগ নে বিকলাঙ্গ যোগ?

The Art of Spiritual Evolution in Human Lives-A Modern Day Approach

July 2, 2026
Rivers beyond Borders: Why the Siang Is More than Water

Rivers beyond Borders: Why the Siang Is More than Water

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d