পুনৰ্বিবেচনা নকৰা পৰ্যন্ত ৰাষ্ট্ৰদ্ৰোহ আইন স্থগিত
দিলীপ দৈমাৰী
কেন্দ্ৰই পুনৰ্বিবেচনা নকৰালৈ ৰাষ্ট্ৰদ্ৰোহ আইনমতে কোনো গোচৰ পঞ্জীয়ন নহ’ব
ৰাষ্ট্ৰদ্ৰোহ আইন ( Sedition Law)ৰ ক্ষেত্ৰত আপাতত স্থগিতাদেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে। যোৱা সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছিল যে এই আইনখন পুনৰ্বিবেচনা কৰা হ’ব। তাৰেই ফলস্বৰূপে উচ্চতম ন্যায়ালয়ে জানিবলৈ বিচাৰিছিল যে পুনৰ্বিবেচনা নোহোৱা পৰ্যন্ত এই আইনখন স্থগিত ৰখা হ’ব নেকি? সেই প্ৰশ্নৰেই আজি বুধবাৰে, ১১-০৫-২০২২ তাৰিখে উত্তৰ পোৱা গ’ল।
উচ্চতম ন্যায়ালয়ে জানিবলৈ দিছে, সম্প্ৰতি ৰাষ্ট্ৰদ্ৰোহ আইন অনুসৰি কোনো এফ-আই-আৰ দায়েৰ কৰা উচিত নহ’ব। বৃটিছ আমোলত সৃষ্ট এই আইনখন ১৬২বছৰৰ পিছত পোন প্ৰথমবাৰৰ বাবে স্থগিত ৰখা হ’ল। উচ্চতম ন্যায়ালয়ে কৈছে, যদি ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত গোচৰ তৰা হয়,তেনে ক্ষেত্ৰত অভিযুক্তসকলে উচ্চতৰ আদালতলৈ যাব পাৰিব। যদি কোনোবাৰ নামত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰজু হৈ আছে, তেনে ক্ষেত্ৰত এতিয়াই গ্ৰেপ্তাৰ কৰিব নোৱাৰিব।
ইয়াৰোপৰি পুৰণি গোচৰসমূহৰ দ্ৰুত নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আদালত সমূহক। ইতিমধ্যে এই আইনৰ অধীনত যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁলোকে জামিনৰ বাবে আবেদন কৰিব পাৰিহ বুলি কোৱা হৈছে। অত্যন্ত প্ৰয়োজনত এছ-পি মৰ্যদাৰ বিষয়াই হে এনে আইন অনুসৰি গোচৰ তৰিব পাৰিব। কিন্তু বিনোদ দুৱা গোচৰৰ ৰায় অনুসৰি নতুন গোচৰ তৰিব লাগিব।
প্ৰসঙ্গক্ৰমে, যোৱাকালিয়েই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন-ভি ৰামানাই কৈছিল, “আমাৰ চিন্তা সেইসকলক লৈ, যিসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত গোচৰ তৰা হৈছে। যেতিয়ালৈকে আইনখনক লৈ নতুনকৈ পুনৰ্বিবেচনা নহ’ব, তেতিয়ালৈ এইসকল অভিযুক্তৰ কি হ’ব? পুৰণি গোচৰবোৰক লৈ কি ভাবিছে কেন্দ্ৰীয় চৰকাৰে? অহাকালি আগবেলাৰ ভিতৰতে চৰকাৰৰ উত্তৰ বিচাৰিছো।”

ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত স্বাধীনতা সংগ্ৰামৰ সময়ত মহাত্মা গান্ধীৰ দৰে নেতাসকলক গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়াও এই আইনৰ প্ৰয়োজন আছে নে নাই, সেই সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছে উচ্চতম ন্যায়ালয়ে। আনকি এই আইনৰ বলত চৰকাৰে ক্ষমতাৰ অপপ্ৰয়োগ কৰিব পাৰে বুলিও উচ্চতম ন্যায়ালয়ে শংকা প্ৰকাশ কৰিছিল।
১১-০৫-২০২২
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.