উচ্চ শিক্ষাৰ অনুষ্ঠানত প্রকৃতার্থত ৰেগিং কেতিয়া বন্ধ হ’ব?
সঞ্জীৱ কুমাৰ নাথ
উচ্চ শিক্ষাৰ অনুষ্ঠান সমূহত শিক্ষার্থীৰ নামভর্ত্তিৰ পিছত হোষ্টেলত হোৱা ৰেগিঙৰ বিষয়ে কেতিয়াবা সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰে; সচেতন নাগৰিকে বাতৰি কাকতত চিঠি, প্রবন্ধ লিখে।
যেতিয়া কোনো নির্যাতিত শিক্ষার্থীৰ আত্মহত্যা, হত্যাৰ দৰে বৰ ডাঙৰ ঘটনা এটা হৈ যায়, বা অন্য ধৰণৰ যুৱ-উচ্ছৃঙ্খলতাৰ ঘটনা, দুর্ঘটনা ঘটে, তেতিয়া খুব হুলস্থুল হয়।
সংবাদ মাধ্যম, সামাজিক মাধ্যম, হোষ্টেলৰ প্রশাসন, অনুষ্ঠানটোৰ উচ্চতম কতৃপক্ষ, চৰকাৰ সকলো সাৰ পাই উঠে। কি হ’ল, কিয় হ’ল, কি কৰিব লাগিছিল, কি কৰা হোৱা নাছিল, কোন দায়ী, কোন দায়ী নহয়—বিভিন্ন দিশৰ আলোচনা, পর্যালোচনা, তর্ক হয়।
আৰু কিছুদিন পিছত এই সকলোবোৰ ব্যস্ততা সাম কাটে। পুনৰ নতুন নামভর্ত্তি হয়, পুনৰ ৰেগিং হয়। সদায় যে ডাঙৰ ঘটনা ঘটে সেইটো নহয়, কিন্তু তেওঁলোকৰ অনুষ্ঠানত কোনো ধৰণৰ ৰেগিং নহয় বুলি কিমান উচ্চ শিক্ষাৰ অনুষ্ঠানে ডাঠি ক’ব পাৰিব? যোৱা বছৰ সামাজিক মাধ্যমত ওলোৱা এটা ভিডিঅ’ত ভেল্লোৰৰ খ্রীষ্টান মেডিকেল কলেজত হোৱা ৰেগিঙৰ এটা দৃশ্য চোৱাৰ পিছত বহুতে আশ্চর্য প্রকাশ কৰিছিল যে এনেহেন ভাল অনুষ্ঠানতো ৰেগিং হয়নে? আচলতে কৰিবলগীয়া প্রশ্নটো হ’ল আমাৰ ইয়াত ৰেগিং নহয় ক’ত?
এতিয়ালৈকে কিন্তু এই সামাজিক ব্যাধিৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাৰ ক্ষেত্রত সমাজ হিচাপে আমি ব্যর্থ হৈছোঁ। ডাঙৰ ঘটনা এটা ঘটিলে সাৰ পাবলৈ ৰৈ থাকি এই ব্যাধি নির্মূল কৰিব নিশ্চয় নোৱাৰি; সৰু সৰু ঘটনাবোৰো ঘটিব নোৱৰা এটা ব্যৱস্থা, ৰেগিঙৰ কোনো ঘটনাই ঘটিব নোৱৰা এটা ব্যৱস্থা কৰিব পাৰিব লাগিব। সৰু সৰু ঘটনাবোৰ কেনেকুৱা?
ধৰক শিক্ষানুষ্ঠানখনত এটা উৎসৱ বা এটা প্রতিযোগিতা হৈছে। সেই উৎসৱ বা প্রতিযোগিতাত ভাগ লোৱাটো ভাল কথা, কিন্তু দিনটোৰ আৰু ৰাতিটোৰ বেছি সময়, অনিচ্ছা সত্ত্বেও বেছিভাগ সময় কেৱল সেই নির্বাচন বা উৎসৱ বা প্রতিযোগিতাৰ কামত লাগি থাকিবলৈ যদি জ্যেষ্ঠ ছাত্র-ছাত্রীসকলে কনিষ্ঠসকলক বাধ্য কৰায়—ইমান বেছিকৈ কাম কৰোৱাই যে তেওঁলোকৰ পঢ়া-শুনা কৰিবলৈতো সময় নহয়েই, শুবলৈকে সময় নহয়, তেন্তে সেয়া ৰেগিং নহয় জানো? আমাৰ উচ্চ শিক্ষাৰ অনুষ্ঠান, বিশেষকৈ বিশ্ববিদ্যালয় সমূহত, এনে ৰেগিং যে মাহ মাহ ধৰি চলি থাকে, সেই কথা কোনে নাজানে?
সাধাৰণতে উচ্চ শিক্ষাৰ প্রতিষ্ঠান সমূহৰ বিদ্যার্থীয়ে বহুত কথা জানে আৰু বহুত পৰিস্থিতি নিজে মোকাবিলা কৰিব পাৰে বুলিয়েই ধৰি লোৱা হয়। কিন্তু মহাবিদ্যালয়, বিশ্ববিদ্যালয় পর্যায়ৰ ছাত্র-ছাত্রীৰ ক্ষেত্রতো কিছুমান সমস্যা থাকে যিবোৰ তেওঁলোকে সমাধান কৰিব নোৱাৰে আৰু তেওঁলোকৰ শ্রেণীৰ শিক্ষকেও এই বিষয়ে তেওঁলোকক বিশেষ সহায় কৰিব নোৱাৰে।
বিশ্ববিদ্যালয়ৰ শ্রেণীকোঠাত কেতিয়াবা এজন ছাত্র বা ছাত্রীক টোপনিৰ সৈতে যুঁজ দি হাৰ মনা দেখা যায়। শিক্ষকৰ পাঠদান ইমান নিৰস নহয় যে শ্রোতাই নিদ্রাৰ আশ্রয় ল’ব লাগিব; তাৰোপৰি অন্য ছাত্র-ছাত্রীসকলে মনোযোগেৰে বক্তৃতা শুনি থকা সময়ত এজন বা দুজনৰ কিয় ইমান টোপনি? ভালদৰে খবৰ কৰিলে জনা যায় যে বেছিভাগ ক্ষেত্রতে এওঁলোক ৰেগিঙৰ বলি।
দুই এবাৰ এনে ছাত্র-ছাত্রীৰ সৈতে কথা পাতি গম পাইছোঁ যে প্রথম ষাণ্মাসিকৰ ছাত্র-ছাত্রী সকলে হোষ্টেলৰ জ্যেষ্ঠ সকলৰ সকলো কথা মানিব লাগে, আৰু তেওঁলোকক সময়ে সময়ে এনেদৰে দিনে-ৰাতিয়ে ব্যস্ত কৰি ৰখা হয় যে একেৰাহে টোপনি খতি হয়। বিশ্ববিদ্যালয় সপ্তাহ, নির্বাচন আদিৰ সময়ত হোষ্টেলৰ কনিষ্ঠসকলক জ্যেষ্ঠসকলে অনবৰতে কামত লগাই থাকে।
নির্বাচনৰ সময়ত ভোট বিচাৰি বিশ্ববিদ্যালয়ৰ ভিতৰৰ হোষ্টেলে হোষ্টেলেতো ঘূৰিব লাগেই, বিশ্ববিদ্যালয়ৰ বাহিৰত থকা ভাড়া ঘৰ, পেয়িং গেষ্ট একমডেশ্যন আদিলৈও যাব লাগে আৰু ৰাতি শুবলৈ সময় নহয়। যিসকল ছাত্র-ছাত্রীৰ ৰাতি সোনকালে শোৱাৰ আৰু পুৱা সোনকলে উঠাৰ অভ্যাস থাকে, তেওঁলোকে বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকিবলৈ লৈ বিশেষ অসুবিধাৰ সন্মুখীন হয়।
জ্যেষ্ঠসকলৰ আদেশ মানি ঘূৰি ফুৰোঁতে তেওঁলোকে ৰাতি বহুত দেৰিকৈহে শুবলৈ নাপায়, আৰু ফলত তেওঁলোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত অতি বেয়া প্রভাৱ পৰে। এই ধৰণৰ অত্যাচাৰৰ কথা সাধাৰণতে প্রথম ষাণ্মাসিকৰ ছাত্র-ছাত্রীয়ে আনক ক’বলৈ ভয় কৰে কাৰণ তেওঁলোকৰ জ্যেষ্ঠ সকলে তেওঁলোকক ভয় খুৱাই থয় যে এইবোৰ বাহিৰত ক’ব লাগিলে শাস্তি পাব বা হোষ্টেলত থাকিবলৈ নাপাব।
ফলত কেতিয়াবা হোষ্টেল প্রশাসনে খবৰ কৰিলেও সকলো ঠিকেই আছে বুলি হে গম পায়। সাধাৰণ ভাৱে খবৰ নকৰি যদি দিনে ৰাতিয়ে যিকোনো সময়ত আকস্মিক ভাবে হোষ্টেল পৰিদর্শন কৰা গ’ল হেঁতেন, তেন্তে সঁচা কথা জনা গ’ল হেঁতেন। নতুন ছাত্র-ছাত্রীয়ে নিজে একোটা গোচৰ লৈ প্রশাসনৰ ওচৰ চপাটো প্রায় অসম্ভৱ। তেওঁলোকৰ মনত কেৱল এটা কথা—যিকল অত্যাচাৰীৰ সৈতে এনেয়ো থাকিবই লাগিব, তেওঁলোকৰ বিৰুদ্ধে গোচৰ নিদিয়াই ভাল।
প্রথম ষাণ্মাসিকত নাম ভর্ত্তি কৰা ছাত্র-ছাত্রী সকলে প্রত্যেকেই তেওঁলোকে কোনো ধৰণৰ ৰেগিং কাণ্ডৰ সৈতে জড়িত নহ’ব বুলি এক শপতনামা জমা দিয়াৰ নিয়ম থাকে। প্রথম ষাণ্মাসিকৰ এই শপতনামা জমা দিয়া ছাত্র-ছাত্রী সকলে নিজে ৰেগিঙৰ ভয়ত থাকে, তেওঁলোকে আনক অত্যাচাৰ কৰাৰ প্রশ্নই নুঠে। কিন্তু দেশৰ নিয়ম – প্রথম নামভর্ত্তি কৰোঁতে ৰেগিং নকৰোঁ বুলি শপত ল’ব লাগে যাতে ভৱিষ্যতে তেওঁলোকে কাকো ৰেগিং নকৰে।
তাৰ পিছত এই শপতনামা জমা দিয়া সকলক তেওঁলোকৰ জ্যেষ্ঠ সকলে ৰেগিং কৰিব, আৰু নতুনসকলে বুজি পাই যাব যে শপতনামা জমা দিয়া মানেই কোনো কাহানিও ৰেগিঙত জড়িত নোহোৱা নুবুজায়। হোৱা হ’লেতো জ্যেষ্ঠ তেওঁলোকক অত্যাচাৰ নকৰিলেহেঁতেন—নিশ্চয় এই জ্যেষ্ঠসকলেও এদিন প্রথম ষাণ্মাসিকত নামভর্ত্তি কৰিছিল আৰু ৰেগিং নকৰোঁ বুলি শপতনামা দিছিল।
আৰু ভৱিষ্যতে যেতিয়া নতুনসকল নিজে জ্যেষ্ঠ হ’বগৈ, তেতিয়া তেওঁলোকেও তেওঁলোকৰ কনিষ্ঠসকলক অত্যাচাৰ কৰিব। জ্যেষ্ঠৰ ওপৰততো প্রতিশোধ ল’ব নোৱাৰি; গতিকে তেওঁলোকেও নিজে জ্যেষ্ঠ হ’লে কনিষ্ঠসকলক সুদাই নেৰে। সাধাৰণতে এইটোৱেই চলি থাকে – এক অন্তহীন অশুভ চক্র।
যেতিয়া বৰ ডাঙৰ ঘটনা এটা ঘটে, ৰেগিঙত হোৱা অত্যাচাৰত কোনো বিদ্যার্থীয়ে আত্মহত্যা কৰে বা তেনে কোনো ঘটনা ঘটে, তেতিয়া শিক্ষানুষ্ঠানৰ মুৰব্বী সকল, বাতৰি কাকত, চৰকাৰ সকলো সাৰ পাই উঠে — হোষ্টেলৰ চৰম উচ্ছৃঙ্খল অৱস্থাৰ ফল স্বৰূপে গুৱাহাটী অভিযান্ত্রিক মহাবিদ্যালয়ৰ কেবাজনো ছাত্রৰ মাজৰাতি শোকাৱহ পথ দুর্ঘটনাত মৃত্যু হোৱাৰ ফলত যিদৰে সকলো সাৰ পাই উঠিছিল। কিন্তু সাধাৰণতে কিছুদিনৰ পিছত পুনৰ সেই হোষ্টেলৰ অস্বাভাৱিক অৱস্থাই “স্বাভাৱিক” হৈ পৰে।
কেৱল এটা ডাঙৰ ঘটনা হ’লেহে কিয় এনেবোৰ কথাত মন দিয়া যায়? হোষ্টেলত সুস্থ পৰিবেশত থাকি ল’ৰা-ছোৱালীয়ে পঢ়া-শুনা কৰিব লাগে — এই সাধাৰণ কথাটো আমি কিয় নিশ্চিত কৰিব নোৱাৰোঁ? ছাত্র-ছাত্রীৰ নির্বাচনৰ নামত, বিশ্ববিদ্যালয় সপ্তাহৰ দৰে বিভিন্ন অনুষ্ঠানৰ নামত যে একেৰাহে নতুন চাম ছাত্র-ছাত্রীয়ে সময়ত শুবলৈ নাপায়, পঢ়িবলৈ নাপায়, এইটো তেনেই সৰু কথা নেকি?
চৰকাৰী শিক্ষানুষ্ঠানত নামভর্ত্তি কৰি হোষ্টেলত থাকি পঢ়া বিদ্যার্থীসকলৰ বহুতৰ আকৌ বেছি খৰচী অনুষ্ঠানত নামভর্ত্তি কৰিবলৈ বা খৰচী ব্যক্তিগত হোষ্টেলত থাকিবলৈ ধনৰ অভাৱ। এই চাম ছাত্র-ছাত্রীৰ কল্যাণ কৰাটো চৰকাৰৰ যিদৰে কর্ত্তব্য, তেওঁলোকে সাধাৰণ ভাৱে, সুস্থিৰ পৰিবেশত থাকি পঢ়িব পৰাটো নিশ্চিত কৰা শিক্ষানুষ্ঠানসমূহৰো দায়িত্ব নহয় জানো? আমাৰ চৰকাৰী উচ্চ শিক্ষাৰ অনুষ্ঠানবোৰে এই দায়িত্ব কিমান নিষ্ঠাৰে পালন কৰিছে?
Images from different sources
(Sanjeev Kumar Nath, English Department, Gauhati University; sanjeevnath21@gmail.com)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)