• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

উচ্চ ৰক্তচাপ ৰোগৰ ঘৰুৱা উপশম

ASSAMESE SECTION / Blood Pressure / Health

by Editor
February 16, 2025
in Health, ASSAMESE SECTION, Lifestyle
Reading Time: 4 mins read
0
hand resting on a person s forearm

Photo by Yaroslav Shuraev on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

উচ্চ ৰক্তচাপ ৰোগৰ ঘৰুৱা উপশম

ডাঃ মনোজ শইকীয়া

Dr Monoj Saikia
ডাঃ মনোজ শইকীয়া

এজন মানুহৰ স্বাভাৱিক ৰক্তচাপ ১১০-১২০/৭০-৯০ mmHg আৰু ইয়াতকৈ বেছি হ’লে উচ্চ ৰক্তচাপ বোলা হয়।

আহাৰ খোৱাৰ পিছত , দৌৰিলে, পৰিশ্ৰম কৰাৰ পিছত আৰু টোপনি খতি কৰাৰ পিছত ৰক্তচাপ স্বাভাৱিকতে বাঢ়ে ‌।

এইদৰে ৰক্তচাপ বঢ়াক উচ্চ ৰক্তচাপ বোলা নহয়‌‌‌ ।

মনত ৰাখিব, ৰক্তচাপ ৰোগ নিজে সৃষ্টি কৰি লোৱা ৰোগ।

উচ্চ ৰক্তচাপৰ কাৰণ:

(১) কোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰম নকৰা ব্যক্তি।

(২) ঘিউ, মাখন, বনস্পতি ঘি , মাংস, কণী, নাৰিকল তেল ,কডলিভাৰ অইন আদি সম্পৃক্ত চৰ্বি আৰু প্ৰোটিন বিশিষ্ট আহাৰ বেছিকৈ খোৱা। প্ৰোটিন আৰু সম্পৃক্ত আহাৰ বেছিকৈ খালে তেজত কলেষ্টেৰল বঢ়াৰ ঊপৰিও সিৰা,-ধমনীত কলেষ্টৰল সঞ্চিত হয় । ক্ৰমে সিৰা-ধমনীৰ বেৰ কঠিন আৰ ফুটা ঠেক হয় (Atherosclerosis) বাবে ৰক্তচাপ বাঢ়ে।

উচ্চ ৰক্তচাপ আৰু হৃদৰোগীয়ে ” ৰিফাইন তেল ” খাব লাগে বুলি এক ভ্ৰান্ত ধাৰণা আছে।

সৰিয়হ বা তিলতেল কেতিয়াও গোট নামাৰে , কাৰণ এই বোৰ তেল অসম্পৃক্ত তেল(Unsaturated oil ) আৰু ইয়াৰ পৰা কলেষ্টৰল নাবাঢ়ে । সেয়েহে সৰিয়হ বা তিলতেল নিৰ্ভয়ে খাব পাৰে। গোটমৰা (Saturated) আৰু আধা গোটমৰা (Semi Saturated ) চৰ্বি বা তেল নাখাব ।

(৩) নিমখ বেছিকৈ খোৱা। এদিনত মাত্ৰ পাচগ্ৰাম নিমখ খাব লাগে। নিমখ বেছিকৈ খালে তেজৰ গাঢ়তা বাঢ়ে আৰু ৰক্তচাপ বৃদ্ধি হয়।

(৪) মদপীৰ তেজত এলকহলৰ পৰিমাণ বাঢ়িলে ৰক্তচাপ বাঢ়ে।

(৫) হৃদৰোগত আক্ৰান্ত ব্যক্তিৰ ৰক্তচাপ বাঢ়ে।

(৬) মানসিক চিন্তা তথা উৎকন্ঠা।

(৭) ধমনী ক্ষয়, ডায়েবেটিচ, বৃক্কৰোগ, কেন্দ্ৰীয় স্নায়ুমণ্ডলৰ ৰোগ, অন্তস্ৰাৱী গ্ৰন্থিৰ ৰোগ, গৰ্ভৱতী নাৰী, ঔষধৰ পাৰ্শ্বক্ৰিয়া, বংশগত আৰু জাতিগত কাৰণবশত: উচ্চ ৰক্তচাপ হয়। মহিলাৰ তুলনাত পুৰুষ অধিক আক্ৰান্ত হয়। সচৰাচৰ দুকুৰি বছৰ বয়সৰ পিছত উচ্চ ৰক্তচাপ হোৱা দেখা পোৱা যায়।

ৰোগৰ লক্ষণ

মূৰঘুৰণি, ডিঙি আৰু কান্ধৰ বিষ,বমি বা ওকালি, টোপনি কম হোৱা, উশাহ-নিশাহত কষ্ট, বুকুৰ ধপনপনী আৰু বিষ,নাড়ী গতি বৃদ্ধি, কানত গুমগুমনি, মুখ-কাণ ৰঙা পৰা, মানসিক অশান্তি আদি লক্ষণ দেখা পোৱা যায়।

graphic illustration of heart pulse rate
Photo by cottonbro studio on Pexels.com

উপসৰ্গ

ৰক্তচাপ বেছি হলে নাক আৰু মস্তিষ্কৰ ৰক্তক্ষৰণ হয়। মস্তিষ্কৰ আৰু হৃদয় অভিঘাত (Stroke) ,  পক্ষাঘাত (paralysis) ইউৰেমীয়া,মূৰ্চ্ছা আদি হয়।

আহাৰ-বিহাৰ

(১) মানসিক চিন্তাৰ পৰা বিৰত থাকিব।

(২) টোপনি খতি নকৰিব।

(৩) ধপাত জাতীয় বস্ত আৰু মাদকদ্ৰব্য নাখাব।

(৪) প্ৰাত:ভ্ৰমন আৰু সাধ্যানুযায়ী শাৰীৰিক শ্ৰম কৰিব।

(৫) নিমখ আৰু শৰ্কৰা কমকৈ খাব ।

(৬) মাংস, কণী ইত্যাদি জীৱ-জন্তু ৰ পৰা উৎপাদিত প্ৰোটিন খাদ্য নাখাব , খালেও কমাই খাব । ঘিউ , মাখন , বনস্পতি ঘি , পনীৰ আদি সম্পৃক্ত আহাৰ নাখাব । মাহজাতীয় শস্যৰ প্ৰোটিন যেনে চয়াবিন, লেচেৰা আদি খালে কোনো ধৰণৰ অপকাৰ নহয়।

(৭) চাহ বেছিকৈ খাব । একাপ চাহত ১০০মিলি গ্ৰাম এছপিৰিন থাকে‌। চাহত থকা এছপিৰিনে তেজৰ গাঢ়তা কমাই আৰু ৰক্তসন্চালন নিয়মীয়া কৰি ৰাখে।

(৮) মটৰ মাহ উপকাৰী। মটৰ মাহত “আৰ্জেনিন”থাকে আৰু আৰ্জেনিনে হৃদপিণ্ড শক্তিশালী কৰি ৰক্তচাপ নিয়ন্ত্ৰিত কৰি ৰাখে।

(৯) ৰাতিপুৱা খালি পেটত ৪-৫ ফুটা নহৰু বাকলিৰ সৈতে গিলি খাব । ক্ষুদ্ৰান্ত্ৰত নহৰু তেল শোষণ হয় । নহৰু তেলে কলেষ্টৰল কমাই ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে।নহৰুৰ বাকলি আৰু সাৰ অং‌শৰ মাজত থকা তেল (Volatile oil) বাকলি এৰুৱাই দিয়াৰ লগে লগেই বাস্পীভূত হৈ যায় আৰু নহৰুৰ ওপৰত গন্ধকৰ চামনি পৰে বাবে নহৰু গোন্ধায়। সেয়েহে বাকলি এৰুৱাই নহৰু খালে গন্ধকৰ পাৰ্শ্বক্ৰিয়াৰ বাবে বমিভাৱ , বুকু জ্বলা-পোৰা কৰে।

(১০) প্ৰতিদিনে দুই-চাৰিটা কল খাব । কলত থকা মেগনেছিয়ামে সিৰা-ধমনীত সঞ্চিত হোৱা কলেষ্টৰল আতৰ কৰে আৰু তেজত কলেষ্টৰল নিয়ন্ত্ৰণ কৰে। সেয়েহে কল খালে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ হোৱাৰ সম্ভাৱনা নাথাকে।

(১১) ৰাতিপুৱা  ১০-১৫ টা বৰমানিমুনি পাত চোবাই খালে টোপনি ভালহয়, মানসিক চিন্তা আৰু উৎকন্ঠা কমাৰ উপৰিও উচ্চ ৰক্তচাপ কমে । মানিমুনিয়ে স্মৃতি শক্তি বঢ়াই আৰু পেটৰ গেছ উপসম কৰে।

(১২) অৰ্জুনৰ বাকলি ১ কেজি ৪ লিটাৰ পানীত সিজাব । পানী কমি ১ লিটাৰমান হলে নমাব । ঠাণ্ডা হলে ছেকি লব আৰু এইদৰে প্ৰস্তুত কৰাক ক্বাথ বোলা হয় ।অৰ্জুনৰ ক্বাথ ২০ মিলি লিটাৰকৈ ৩ বাৰ খালে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ ভাল হয় ।

(১৩) উচ্চ ৰক্তচাপ ৰোগীয়ে উত্তৰ দিশত মূৰ আৰু দক্ষিণ দিশত ভৰি দি শুব। ৰাতি ভাল টোপনিৰ উপৰিও ৰক্তচাপ স্বাভাৱিক অৱস্থালৈ আহে।

(১৪) বাহু বা ভকুৱা  মাছ উচ্চ ৰক্তচাপ ৰোগীৰ বাবে উপকাৰী । বাহু মাছৰ ছালৰ ভিতৰ অংশ কোমল , বগা আৰু তেলেতীয়া। ইয়াত ওমেগা-৩ ফেটি এচিড থাকে । ওমেগা-৩ ফেটি এচিডে তেজত থকা অতিৰিক্ত কলেষ্টৰল কমায় । সেয়েহে ছালসহ বাহুমাছ খালে উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা নাথাকে।

(১৫)এদিনত দুই-তিনিবাৰৰ পৰিৱৰ্তে পাচ-ছবাৰ আহাৰ কম পৰিমাণে খাব । পাৰিলে সপ্তাহত এদিন উপবাস ৰাখিব।

stress handwritten text on white printer paper
Photo by Pedro Figueras on Pexels.com

আয়ুৰ্বেদিক ঔষধ

(১) উচ্চ ৰক্তচাপৰ কাৰণে সৰ্পগন্ধা গছৰ পৰা তৈয়াৰী SARPAGANDHA GHANA VATI নামৰ আয়ুৰ্বেদিক ঔষধ ১-২ টা দিনে এবাৰ খাব । এইবিধ ঔষধ কেবাহেজাৰ বছৰৰ পৰা ব্যৱহাৰ কৰি আহিছে‌। এই গছৰ এলকালীনৰ পৰা  RESERPIN টেবলেত আৰু ইঞ্জেকচন বনোৱা হয়।

(২) কলেষ্টৰল কমাবৰ কাৰণে NAVAK GUGULU , SUDHA GUGULU যিকোনো এবিধ ২ টাকৈ ৩ বাৰ  ব্যৱহাৰ কৰা হয়। এই দুবিধ ঔষধৰ দ্বাৰা উচ্চ ৰক্তচাপ সম্পূৰ্ণ আৰোগ্য হয় আৰু ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নায়  ওপৰোক্ত ঔষধ আৰু আহাৰ-বিহাৰৰ পৰা মাত্ৰ ২-৩ মাহত উচ্চ ৰক্তচাপ আৰু হৃদৰোগ ৮০-৯০% কমিব ।  উচ্চ ৰক্তচাপ আৰোগ্য লাভৰ কাৰণে ওচৰত থকা চৰকাৰী আয়ুৰ্বেদিক চিকিৎসকৰ লগত পৰামৰ্শ কৰিহে ঔষধ খাব।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: উচ্চ ৰক্তচাপঘৰুৱা উপশম
Editor

Editor

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

June 4, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 4, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 31, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 7, 2026
From universities to influence networks: Russia’s long-term strategy for India

From universities to influence networks: Russia’s long-term strategy for India

June 7, 2026
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34013 shares
    Share 13605 Tweet 8503
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15189 shares
    Share 6076 Tweet 3797
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    644 shares
    Share 258 Tweet 161
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    552 shares
    Share 221 Tweet 138
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3508 shares
    Share 1403 Tweet 877
  • মাধৱদেৱৰ সাহিত্যকৃতি

    694 shares
    Share 278 Tweet 174
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1012 shares
    Share 405 Tweet 253
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3802 shares
    Share 1521 Tweet 951
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6594 shares
    Share 2638 Tweet 1649
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d