-ডা° সুকৃতি চৌধুৰী |
নমস্কাৰ বন্ধু-বান্ধৱী সকল,
আমি ল’ৰাবোৰক ভাল হোৱাটো কামনা কৰো৷ কিন্তু ক’তো ল’ৰাৰ কথা আলোচনা নকৰো৷ ল’ৰাবোৰৰ শাৰীৰিক আৰু মানসিক বিকাশৰ কথা আমি নাপাতো৷ এয়া যে কিমান জৰুৰী৷
আহক আমি কোনেও ক’তো পাতিব নোখোজা ল’ৰাৰ শাৰীৰিক আৰু মানসিক বিকাশৰ কথা পাতো আৰু তাহাঁতৰ সুবিকাশৰ বাবে সহযোগ কৰো৷
উঠি অহা ল’ৰাবোৰলৈ চিঠিৰ আকাৰে আজি এয়া কিছু কথা লিখিলো৷
গোৰখপুৰ
৩০-০৯-২০২০
মৰমৰ উঠি অহা ল’ৰাহঁত,
মোৰ হৃদয়ৰ মৰম আৰু শুভেচ্ছা ল’বা৷
এইখন তোমালোকলৈ বুলি লিখা এখন চিঠি৷
ইতিপূৰ্বে মই উনুকিয়াইছিলো যে তোমাৰ বয়সৰ ছোৱালী এজনীৰ তোলনী বিয়া হওঁতে তুমি শুনিবলৈ পালা যে তাই ডাঙৰ ছোৱালী হ’ল৷
কিন্ত তুমিও যে ডাঙৰ ল’ৰা হৈ আহিছা তাৰ দুটামান লক্ষণ তোমাক কৈছিলো৷
তোমাক মই কৈছিলো যে ৰাতি শুই থাকোতে আজিকালি তুমি কেতিয়াবা দেখা তীব্ৰ উত্তেজনামূলক সপোনৰ টাইপটো কেনেকুৱা হয়৷ ধৰা মাজতে তুমি এদিন দেখিলা–পৰীক্ষা আৰম্ভ হৈয়েই গ’ল কিন্ত তুমি স্কুললৈ গৈ নোপোৱাহে নোপোৱা৷ অবশেষত তুমি সাৰ পাই উঠি দেখিলা যে তোমাৰ পিন্ধা পেন্টটো তুমি সলাব লগীয়াকৈ নষ্ট হ’ল৷ অথচ তুমি প্ৰস্ৰাৱো কৰা নাছিলা৷ তেনেহ’লে? অথচ এই কথা তুমি কাকো ক’ব নোৱৰা ৷ দেউতালৈ ভয় লাগে৷ মায়ে ভেকাহি মাৰি উঠে৷ বেলেগৰ আগত ক’বলৈ লাজ লাগে৷ হয়নে?
জানানে তোমাৰ বয়সৰ কিমান ল’ৰাই যে এইবোৰ হ’লে “মোৰ কি হ’ল এইবোৰ” বুলি বিৰাট ভয় খাই যায় ৷ অলপ ধতুৱা দুটামানে আক’ ভে এ কৈ কান্দিও দিয়ে ৷ একো নাই অ’ ৷ Relax হোৱা মোৰ কণমানি ভাইটিটো৷ তোমাৰ এই গোপন কথাটোৰ বাবে তুমি অকণমানো ভয় কৰিব লগা বা চিন্তা কৰিব লগা নাই ৷ এয়া শতকৰা এশভাগেই স্বাভাৱিক৷
তুমিও যে ডাঙৰ হৈছা আৰু ডাঙৰ হোৱাৰ ফলত তোমাৰ শৰীৰটোৰ ভিতৰত যে কিছুমান নতুনকৈ ৰাসায়নিক ক্ৰিয়া-বিক্ৰিয়া আৰম্ভ হৈছে আৰু শৰীৰত নতুনকৈ কিছুমান গ্ৰন্থিৰ উৎপাদন হ’বলৈ লৈছে এয়া তাৰেই স্পষ্ট লক্ষণ৷ এইবিলাক হৈছে মানে তাৰ অৰ্থটো হ’ল তুমিও ডাঙৰ ল’ৰা হ’বলৈ আৰম্ভ হৈছা৷ আচল কথাটো কি জানা, এনেকৈয়েই তোমাৰ শৰীৰটো বিকাশ হৈ পুৰ্ণাংগ পুৰুষ হৈ পৰিবা৷
বাৰু তোমাৰ নাকৰ তলত অকণমান মোচ অহা, বুকুখন বহল হোৱা,বাহু দুটা সুঠাম হোৱা, তুমি আগতকৈ ওখ হোৱা, কাষলতি তলত নোম অহা আৰু মাতটো ভাঙি ডাঙৰ মানুহৰ দৰে গলগলীয়া হোৱা (তোমাৰ মাতটো শুনি মায়ে বা ভন্তি/বাইদেউয়ে “ভঙা টিং” বুলি জোকোৱা নাইতোমই হ’লে স্কুলত কাৰোবাক এনেকৈ জোকাই কাণত ধৰি থিয় হৈছিলো পায়)______এইবিলাক লক্ষণৰ বাদে তোমাক কোনেও নোকোৱা তুমি ডাঙৰ হোৱাৰ শাৰীৰিক লক্ষণ কেইটা কি কি জানা :-
(২) Enlargement of penis and tests
(২)Pubic hair growth
(৩) A deepening voice
(৪) Frequent erections and sometime ejaculation
থিক আছে, এতিয়া তুমি গম পালা যে তুমিও ডাঙৰ ল’ৰা হ’লা৷ ডাঙৰ যদি হ’লাই তেনেহ’লে তোমাৰ সৰ্বপ্ৰথম কাম কি বাৰু ?
মোৰ কণমানি বাবুটো, তোমাৰ সৰ্বপ্ৰথম কাম হ’ল–নিজকে জানা৷ Know yourself.
তোমাৰ শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্যংগক তুমি জানিব লাগিব৷ ইয়াৰ বাবে তোমাৰ বয়সৰ জেন্টেলমেনহঁতৰ() উপযোগীকৈ বজাৰত পোৱা Human body/anatomy ৰ ৰংচঙীয়া কিতাপ এখন মা-দেউতাক কৈ অনাবা৷প্ৰথমে তোমাৰ স্থানীয় দোকানত চাবা৷ নাপালে amazon ত পাবাই পাবা৷আৰু এটা কথা কওঁ, দোকানীয়ে তোমাক মেডিকেল পঢ়া দাদা/বাইদেউহঁতক লগা বিশাল চাইজৰ Anatomy ৰ কিতাপ উলিয়াই দিব পাৰে৷ তোমাক এইখনৰো এতিয়াই দৰকাৰ নাই৷ সাধাৰণভাৱে মানব শৰীৰৰ বিষয়ে ভাঙি-পাতি বৰ্ণনা কৰা ৰংচঙীয়া ছবিৰে সৈতে থকা তুমি বুজিব পৰা যিকোনো এখন কিতাপ হ’লেই হ’ব৷
থিক আছে, মই জানিলো যে তুমি মানৱ দেহৰ অংগ-প্ৰত্যংগৰ বিষয়ে জানিলা৷ নিজৰ বিষয়ে তুমি জানিলা যে তুমি পুৰুষ হৈ উঠিছা৷
এতিয়া তুমি যদি পুৰুষ হৈ উঠিছা তেনেহ’লে সৰ্বপ্ৰথমে তোমাৰ কাম হ’ল “পুৰুষত্ব ” আহৰণ কৰা৷ মনত ৰাখিবা, কেবল মতা মানুহৰ শৰীৰ এটা পালেই পুৰুষত্ব নুবুজায়৷ পুৰুষত্ব বা ইংৰাজীত ক’লে Manhood যত্ন কৰি আহৰণ কৰা বস্তুহে৷
বাৰু পুৰুষত্বনো কি?
পুৰুষত্ব মানে তুমি ছোৱালীবিলাকতকৈ ওপৰত বুলি কিবা অহংকাৰ লৈ ফুৰাটো নুবুজায়৷ অথবা তোমাৰ গাত বল-শক্তি বাঢ়িছে আৰু এতিয়া তুমি গুৰু-গোসাই নেমানি যি মন যায় কৰি ফুৰিবা সেইটোও নুবুজায়৷
মোৰ মৰমৰ কণমানি ভাইটিটো, তুমি পুৰুষ হৈ উঠিছা মানে মই ক’ম যে তুমি শক্তিৰ বিৰাট storehouse হৈ উঠিছা৷ তোমাৰ মাজত যদি ইমানবোৰ শক্তি গোট খাবলৈ লৈছেই, তেনেহ’লে এই শক্তিৰ সমুচিত প্ৰয়োগেৰে তুমি এই পৃথিৱীৰ মানৱ সভ্যতাৰ অগ্ৰগতিৰ বাবে কত যে মহান কাম কৰিবলৈ সক্ষম হ’বা যিবোৰৰ বাবে শ শ বছৰৰ পিছতো তোমাৰ নাম পৃথিৱীখনত ৰৈ বৈ যাব৷ লাচিত বৰফুকনৰ নাম বা নেপোলিয়ন বোনাপাৰ্টৰ বা নিউটনৰ বা আব্ৰাহাম লিংকনৰ নাম শ শ বছৰ পিচতো আমি নলওঁ জানো?
তুমি বিশ্বাস কৰিবই লাগিব যে তুমি বিৰাট শক্তিৰ ভাণ্ডাৰ৷ তুমি মন কৰিলে দৌৰি গৈ পাহাৰৰ ওপৰত উঠিব পাৰিবা বা ইংলিছ চেনেল সাতুঁৰি পাৰ হ’ব পাৰিবা৷ কি যে কৰিব নোৱাৰিবা৷ তুমি সকলো পাৰা৷ পাৰিবই লাগিব৷ তোমাৰ বাবে সকলো সম্ভৱ৷
পুৰুষত্ব 05 প্ৰকাৰে আহৰণ কৰিব লাগিব৷ সেয়া হ’ল—-
(১) শাৰীৰিক বিকাশ
(২) নিয়ন্ত্ৰণ
(৩) মানসিক বিকাশ
(৪) চৰিত্ৰ বল
(৫) আচাৰ-আচৰন/ শিষ্টাচাৰ/ব্যক্তিত্ব
তুমি যদি পুৰুষ হৈ উঠিছা তেনেহ’লে তুমি বাৰু কিমান খিনি minimum শাৰীৰিক শক্তি আহৰণ কৰা উচিত?
তুমি বিশ্বাস কৰিবই লাগিব যে তুমি বিৰাট শক্তিৰ ভাণ্ডাৰ৷ তুমি মন কৰিলে দৌৰি গৈ পাহাৰৰ ওপৰত উঠিব পাৰিবা৷ ইংলিছ চেনেল সাতুঁৰি পাৰ হ’ব পাৰিবা৷
তুমি যদি ২২ মিনিটত ৫ কিলোমিটাৰ দৌৰি আহি মোক ০৪ টা চিন্ আপ্ + ২৪ টা চিট আপ+ 11 টা বুকডন মাৰি দেখুৱাবা পাৰা তেনেহ’লেহে মই ক’ম যে তুমি পুৰুষ হ’বৰ জোখাৰে minimum বল আহৰণ কৰিছা৷ যদি তোমাৰ গাত এই বল নাই তেনেহ’লে অভ্যাসৰ জৰিয়তে তুমি এই বল আহৰণ কৰিবই লাগিব৷ আৰু শুনা, তুমি এদিনতেই ইমান খিনি কৰিবলৈ নাযাবা৷ অকন অকনকৈ অভ্যাস কৰা৷ পাৰিবা৷ আজিৰে পৰাই অকন অকনকৈ আৰম্ভ কৰা আৰু ০৬ মাহৰ পিছত তুমি এই সক্ষমতা পাবাই পাবা৷ ভালকৈ জানি লোৱা যে শৰীৰৰ কোমলতা পুৰুষৰ ডিক্সনেৰীত নাথাকে৷ তোমাৰ কেৱল হৃদয়খন হে কোমল হোৱা উচিত যিটোয়ে তোমাক মহান পুৰুষ কৰিব৷
তুমি দৌৰা, ব্যায়াম কৰ,যোগাসন কৰা, জিমত জইন কৰ৷, দৌৰি খেলা খেল–যেনে ফুটবল খেলা, পাহাৰ বগোৱা, চাইকেল ৰেচ লগোৱা আদিবোৰ কৰিবা৷ দুৰ্বল আৰু লেহুকা হ’লে নহ’ব৷ বল শক্তি আৰু সুস্বাস্থ্যৰ বাবে তুমি সকলোখিনি কৰিব লাগিব৷
দ্বিতীয় কথা –নিয়ন্ত্ৰণ ৷ এই সময়ত তুমি সকলো সময়তে নিজক নিয়ন্ত্ৰণ কৰিব লাগিব৷ ধৰি লোৱা এখন মিঠাইৰ দোকানত সোমালা৷ হঠাতে লাইট গ’ল৷ মন গ’লে তুমি আন্ধাৰতে দুটামান মিঠাই পকেটত ভৰাই ল’ব পাৰা৷ কিন্তু নোলোৱাকৈ থাকি নিজক কন্ট্ৰ’ল কৰা৷ ভিৰৰ মাজত আছিলা৷ লাইট গ’ল৷ সেইবুলিয়েই তুমি যা-তা কৈ চিঞৰিবা নে? কন্ট্ৰ’ল কৰি শান্ত হৈ বহি থাকা৷ ৰাজহুৱা টয়লেটলৈ যাওঁতে চক্ পেঞ্চিলেৰে যে বহুতে বেয়া কথা লিখে৷ কোনে লিখিলে দেখা নাযায় হয়৷ কিন্তু নিজকে কন্ট্ৰ’ল কৰি তুমি নিলিখাকৈ থাকাচোন৷ এনেকুৱা যে কত উদাহৰণ তোমাক দিব পাৰিম৷ এই যে কলো নিয়ন্ত্ৰণ বা কন্ট্ৰ’ল =সেইটোয়েই পুৰুষত্ব৷ তুমি যদি বেয়াবোৰৰ পৰা নিজকে নিজেই শাসন কৰিব নোৱাৰা বা ঠাণ্ডা/গৰম বুলিয়েই নপঢ়া, ভাগৰ লাগিছে বুলিয়েই নেখেলা বা ব্যায়াম নকৰা তেনেহ’লে তুমি পুৰুষত্ব আহৰণ কৰিব পৰা নাই৷ পুৰুষত্ব অবিহনে তুমি পুৰুষ হ’লা জানো?
মৰমৰ কণমানি ভাইটিটো, তোমাক ক’ব লগা আৰু বহুত কথা আছে৷ মই তোমালৈ আৰু কেইবাখনো চিঠি লিখিম৷ আজি পুৰুষত্বৰ প্ৰথম দুটা পইন্টৰ কথাহে ক’লো৷ পিছৰ পইন্ট কেইটা ক’বলৈ আছেই৷
তুমি বাৰু এটা কাম কৰোচোন৷ আজিয়েই মাৰ পৰা টকা লৈ তলৰ কিতাপ কেইখন কিনি আনাগৈ:-
(১) কামত কৃতিত্ব লভিবৰ সংকেত
লেখক: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা
(২) অসমীয়া ল’ৰাৰ মিত্ৰ
লেখক: আনন্দৰাম বৰুৱা
(৩) মহাত্মা গান্ধীৰ আত্মজীৱনী : মোৰ সত্য অন্বেষণৰ কাহিনী /The story of my experiment witb truth
পিছলৈ আমি আৰু বহুত কথা পাতিম৷
কুশলে থাকা৷
ইতি
সুকৃতি বা