-ডা° সুকৃতি চৌধুৰী |
নমস্কাৰ বন্ধু-বান্ধৱী সকল
উঠি অহা ছোৱালী সকলৰ বাবে আৰু ল’ৰাহঁতৰ বাবে বেলেগে বেলেগে ইতিমধ্যে চিঠিৰ আকাৰত কিছু কথা লিখিছো৷ আৰু বহু কথাই লিখিবলৈ বাকী আছে৷ লাহে-ধীৰে বাকী থকা কথাবোৰো লিখিম৷ কিন্তু আজি কথা পাতিব খুজিছো ল’ৰা-ছোৱালীৰ অভিভাৱক সকলৰ সৈতেহে৷
আপোনালৈ বুলি এই লেখাটোৰ সৈতে অসমীয়া ভাষাত শ্ৰীযুত বিনয় মোহন শইকীয়া দেৱৰ দ্বাৰা লিখিত “আপোনাৰ সন্তানে কেনেকৈ পঢ়িব” নামৰ কিতাপ খনৰ নামটো গুঠি দিলো ৷
আপোনাক মই জনাব খোজো যে শ্ৰী বিনয় মোহন শইকীয়াই ১৯৭৫ চনত মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম হৈ ষ্টেণ্ড কৰিছিল ৷
পেছাত অভিযন্তা এই মহৎ হৃদয়ৰ উচ্চ মেধাসম্পন্ন গুণীলোকজনে মাত্ৰ ৭৬ পৃষ্ঠাৰ ” আপোনাৰ সন্তানে কেনেকৈ পঢ়িব” নামৰ কিতাপ খনত ল’ৰা-ছোৱালীয়ে কেনেকৈনো ভালদৰে পঢ়াশুনা কৰিব লাগে তাৰ ওপৰত থকা বিজ্ঞানসন্মত কথাবোৰৰ ইমান মনোৰম বৰ্ণনা দিছে যে মই ভাবো প্ৰতিজন অভিভাৱকেই এই কিতাপখন পঢ়া উচিত ৷
কিতাপখনৰ ২০১০ চনৰ সংস্কৰণটোৰ দাম আছিল মাত্ৰ ৫০ টকা আৰু প্ৰকাশ কৰিছিল-ভৱানী বুকচ, পাণবজাৰ, আনন্দৰাম বৰুৱা পথ, ডনবস্কো স্কুলৰ প্ৰভিঞ্চিয়েল হাউচৰ সন্মুখত, গুৱাহাটী-৭৮১০০১ । আগ্ৰহী সকলে কিতাপ খন সংগ্ৰহ কৰাতো সহজ হ’ব বুলি ভাবিয়েই প্ৰকাশকৰ বিতং ঠিকনাটো দিলো ৷
এতিয়া আহো কিতাপখনত থকা এটা বিশেষ অধ্যায়লৈ ৷ পৰিশিষ্টত থকা এই অধ্যায়টোত শ্ৰীযুত শইকীয়াই মহান বিজ্ঞানী ৰিচাৰ্ড ফিলিপছ ফাইনমেনৰ কথা লিখিছে৷ শিক্ষিত মানুহ মাত্ৰেই জানে যে ফাইনমেন আছিল আইনষ্টাইন আৰু পল ডিৰাকক একে শ্ৰেনীৰে মহান বিজ্ঞানী৷ এই অধ্যায়টোত ফাইনমেনৰ মহান দেউতাকে কেনেকৈ সৰুৰে পৰা তেওঁক জীৱন,জগত আৰু বিজ্ঞানৰ শিক্ষা দিছিল এই বিষয়ে শ্ৰীযুত শইকীয়াই ইমান নিখুঁত বৰ্ণনা দিছে যে মই ভাবো অসমীয়া ভাষাত অভিভাৱকে কেনেকৈ ল’ৰা-ছোৱালী ডাঙৰ কৰিব লাগে বা ইংৰাজীত ক’বলৈ গ’লে Parenting ৰ ওপৰত ইমান উত্তম লেখা আন এটা নাই আৰু এই বুলি মই দাবী কৰিব পাৰো৷ মই বৰকৈ আশা কৰিছো যে আপুনি কিতাপখন পঢ়িব ৷ সেয়ে এই কিতাপখনৰ বৰ্ণনা এইখিনিতে সামৰি মই আপোনাক আন কেইটামান কথাহে ক’ব খোজো৷
কথা-১ :
———–
ল’ৰা-ছোৱালীক, লাগে আপোনাৰ যিমানেই খং নুঠক কিয়, মানুহৰ আগত কোনো কাৰণতেই গালি-গালাজ নকৰিব ৷ মাৰ-পিট কৰাটো বহুত দুৰৰে কথা৷ কাৰণ এনে কৰিলে ল’ৰা-ছোৱালীয়ে ভাবিবলৈ লয় যে –“মোৰতো সন্মান গ’লেই৷ গতিকে আৰু কৰিম এই উৎপাত৷” এনেদৰে লাহে লাহে লাজ নোহোৱা হৈ আপোনাৰ কাবুৰ বাহিৰ হৈ যাব৷
ল’ৰা-ছোৱালীয়ে কৰা ভুলৰ বাবে আপুনি তাহাঁতক একাষৰীয়াকৈ মাতি আনি বুজাব পাৰে৷ সতৰ্ক কৰি দিব পাৰে৷ শাসন কৰিব পাৰে৷ কিন্ত ৰাজহুৱাভাৱে অপমান নকৰিব ৷ অন্যথা তাহাতেও ৰাজহুৱা সন্মান নুবুজি ডাঙৰ হৈ আনক য’তে-ত’তে বেয়া ব্যৱহাৰ কৰা হ’ব৷ অসমীয়াত যে কয়–“স্থান-কাল-পাত্ৰ” এয়া তাহাতে নুবুজা হ’ব৷ জীৱনত “স্থান-কাল-পাত্ৰ” বুজি নেপালে যিমান পঢ়াত চোকা হ’লেও কেতিয়াও যশস্বী হ’ব নোৱাৰিব৷
কথা-২:
———
বহুত ডাঙৰ মানুহৰ সৰু সৰু ল’ৰাবোৰৰ যৌনাংগত চুই ধেমালি কৰা বদ অভ্যাস আছে৷ তদুপৰি সৰু ল’ৰাক ধেমালি কৰিবলৈ গৈ পেন্ট খুলি দিয়া, বিভিন্ন প্ৰকাৰৰ অদ্ভুত আচৰণ কৰা,যেনে –চকুত আচিনা হ’লে সৰু ল’ৰাৰ যৌনাংগৰে স্পৰ্শ কৰোৱা আদি কৰে …….এইবোৰ আচলতে ধেমালি নহয়৷ ই সাংঘাতিক ধৰনৰ অসভ্যালি আৰু বিকৃত আচৰণ ৷ এই বিলাক কথাই যে সৰু ল’ৰা একোটাৰ মনত কিমান সুদুৰ প্ৰসাৰী বেয়া প্ৰভাৱ পেলায় তাক ভাষাৰে বৰ্ণনা কৰা টান৷
সৰু ল’ৰা একোটাৰ লজ্জাক যদি ডাঙৰে সন্মানেই নকৰে তেনেহ’লে সি ডেকা হৈ কোনোবা নাৰী বা পুৰুষৰ লজ্জাক সন্মান কৰিবলৈ শিকিব ক’ৰ পৰা?
বহুতো মাক-দেউতাকে শিশুৰ আগত একেবাৰে উলংগ হৈয়েই কাপোৰ সলায়৷ ই যে এটা কিমান বেয়া অভ্যাস৷
সৰুকালৰে পৰায়েই ল’ৰা-ছোৱালীক লজ্জাৰ ধাৰণাটো দিব লাগে৷ ডাঙৰ হৈ তেতিয়াহে সি আনৰ আবুৰটো সন্মান কৰা হ’ব৷
অধিক কি–কোনোবাই যদি আপোনাৰ সন্তানৰ লজ্জা হানি কৰা কিবা কৰিছে আজিয়েই কৰোতাক খবৰদাৰ কৰক৷ সৰু ল’ৰাক এনে কৰি ফুৰা বহুতো পুৰুষৰ মাজত সমকামী ভাৱনাও থাকিব পাৰে৷ সাৱধান হওঁক৷
কথা-৩ :
______
ল’ৰা-ছোৱালীক আনৰ লগত তুলনা নকৰিব৷ এনে কৰিলে তাহাঁতৰ inferiority complex হয়৷ তাহাঁতক “হাম কিচি চে কম নেহী” বুলিহে শিকাব লাগে৷
কথা-৪ :
________
ল’ৰা-ছোৱালীয়ে নেজানি বহুত সময়ত বেয়া কথা কয়৷ তাৰ কথা শুনি নেহাঁহিব৷ মাত্ৰ বুজাই কওক যে এইটো বেয়া কথা আৰু ক’ব নাপায়৷ হাঁহিলে আসৈ পাই আৰু বেয়া কথা কোৱা হ’ব৷
কথা-৫ :
________
আপোনাৰ পুৰণা ৰেডিও, টিভি, কিবা মেচিন, বাইক বা গাড়ী আদিৰ মেচিনেৰী পাৰ্টচ বোৰ খুলি চাবলৈ ল’ৰা-ছোৱালীক encourage কৰক৷ খুলি-মেলি জোৰাব নোৱাৰিলেও তাক/তাইক গালি নিদিব ৷ গালি দিলে আত্মবিশ্বাস নোহোৱা হ’ব৷ তাৰ সলনি encourage কৰক৷ উৎসাহ দিলে সি/তাই যে কিমান জনা হৈ উঠিব৷
কথা-৬ :
________
ল’ৰা-ছোৱালীক সদায় out of the box চিন্তা কৰিবলৈ শিকাব লাগে৷
যেনে ধৰক –ৰামধেনুৰ সাতোটা ৰং সি/তাই ক’ব পাৰে৷ কিন্ত কোনটো ৰঙৰ পিছত কোনটো ৰং থাকে কিয় থাকি সদায় এই segmentটো একে হয়নে সেয়া সি/তাই বাৰু ভাবিছেনে?
ল’ৰাটোৱে ফুটবল খেলে৷ খেলখনৰ নিয়মবোৰ বা ফিল্ডখনৰ জোখ-মাপ সকলো জানে৷ কিন্ত সি বাৰু জানেনে ফুটবলটোৰ ওজন কিমান?
Thematic Test ৰ উদাহৰণবোৰ ল’ৰা-ছোৱালীক সদায় এটা হ’লেও কৰিবলৈ দিব লাগে৷
ক্লাছ ছিক্সমানৰ পৰাই ল’ৰা-ছোৱালীক Verbal and Non-verbal Reasoning বোৰ কৰিবলৈ লগাব লাগে৷ এইবোৰ বিষয়ৰ Self tutorial টাইপ বহুত কিতাপ পায় ৷
কথা-৭ :
________
কিশোৰী ছোৱালী জনীৰ মাহেকীয়া হ’লেই যে ৰেষ্ট লৈ থাক, ইটো নকৰিবি সিটো নকৰিবি কৰি থাকে এইবোৰ কোৱা বন্ধ কৰক৷ মোক এটা কথা কওকচোন :
মহিলাই বগাই-বগাই এভাৰেষ্ট শৃংগৰ ওপৰত উঠিছেগৈ৷ এভাৰেষ্ট শৃংগ বগোৱাৰ বাটত যদি তেওঁৰ নিয়মমাফিক মাহেকীয়া ঋতুস্ৰাৱ হয় তেনেহ’লে কি তেওঁ অভিযান আধাতে সামৰি আহি ঘৰত নাকত তেল দি শুই থাকেহি নেকি?
এগৰাকী মহিলা চিকিৎসকে আজি এটা গুৰতৰ অপাৰেচন কৰিব৷ যদি নাৰী হিচাপে চিকিৎসক গৰাকীৰ আজি মাহেকীয়া ঋতুস্ৰাৱ হয় তেনেহ’লে কি তেওঁ কি নিজৰ কৰ্তব্য নকৰিব নেকি?
সেইদৰে মহিলা মহাকাশচাৰী, মহিলা পাইলট আদি সকলোৰে কথা ভাবকচোন৷ একো নহ’লেও আপোনালোকৰ ওচৰত বনাই থকা বিল্ডিংটোত মহিলা শ্ৰমিকে এনে অৱস্থাটো হাড় ভঙা পৰিশ্ৰম কৰা নাই নে?
মাহেকীয়া ঋতুস্ৰাৱ হৈছে বুলিয়েই কোনো কিশোৰীক তাইৰ দৈনিক ৰুটিন ব্যাহত হ’বলৈ নিদিব৷ মাহেকীয়া হোৱাৰ সুবিধাত আৰাম কৰিহ শুই থাকিবলৈ নিদিব৷ মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ হোৱাটো এটা তেনেই স্বাভাৱিক প্ৰাকৃতিক কথা৷ ইয়াৰ বাবে দৈনন্দিন কামত সামান্যও গাফিলতি কৰা অনুচিত৷
কথা-৮ :
________
ল’ৰা-ছোৱালীৰ আগত মদ্যপান কৰা, চিগাৰেট হুপা, স্বামী-স্ত্ৰীয়ে আকাৰে ইংগিতে যৌনতা সম্পৰ্কীয় কথা কোৱা একেবাৰেই BIG NO NO.
ব্যাখ্যা নকৰিলেও সকলোৱে জানে এইবিলাকে ল’ৰা-ছোৱালীক আওবাটে নিয়ে৷
Last but not least কথাটো হ’ল :-
_________________________________
ল’ৰা-ছোৱালীক আদেশ দি কিবা কৰোৱাতকৈ motivate কৰক৷ অধিক ফল পাব৷ ভয়তে কিবা কৰাতকৈ enthusiastic হৈ কিবা কৰাটো লাখ গুণে শ্ৰেয়৷
উপসংহাৰঃ
____________
আৰু বহুত কথা ক’ব লগা আছে৷ আপুনি যেতিয়ালৈ আমনি নেপায়, মাজে মাজে কৈয়েই যাম৷
নমস্কাৰ