-মহাবাহুৰ মেজৰ পৰা… |
ৱাশ্বিংটনৰ বাতৰিঃ আজিৰ পৃথিৱী যিদৰে উত্তপ্ত হৈ পৰিছে, এসময়ত সেইদৰেই উত্তপ্ত হৈ পৰিছিল সৌৰজগতৰ নীলা গ্ৰহ শুক্ৰ। পৃথিৱীৰ দশাও শুক্ৰৰ দৰেই হৈ পৰিব নেকি? কেলিফ’ৰ্ণিয়াৰ ডেথ ভেলিৰ সাম্প্ৰতিক উষ্ণতাৰ হাৰ বিচাৰ কৰি ভূ-বিজ্ঞানীসকলে এনে এক আশংকাই কৰিছে। পৃথিৱীৰ প্ৰতিৱেশী গ্ৰহ শুক্ৰ কাৰ্যতঃ উতলি থাকে – ইমান উষ্ণতা! শুক্ৰৰ বায়ুমণ্ডলত ঘন হৈ ভৰি আছে চালফাৰ। বিষাক্ত এই গ্ৰহৰ উষ্ণতা প্ৰায় ৯০০ ডিগ্ৰী ফাৰেনহাইট, অৰ্থাৎ ৪৮২ ডিগ্ৰী চেলচিয়াছ। ভূ-বিজ্ঞানীসকলে আশংকা কৰিছে যে অদূৰ ভবিষ্যতে পৃথিৱীৰ এই দশাই হ’ব। মূলতঃ সূৰ্যৰ তেজ বৃদ্ধি পালে পৃথিৱীৰ উষ্ণতা বাঢ়ে। কিন্তু শুক্ৰৰ উষ্ণতা বৃদ্ধিৰ অন্যতম কাৰণ হ’ল আগ্নেয়গিৰিৰ বিস্ফোৰণ। আমেৰিকাৰ ‘নৰ্থ কেৰোলিনা ষ্টেট ইউনিভাৰ্ছিটি’ৰ ‘প্লেনেটৰি চাইন্টিষ্ট’ পল ব্যাৰেল-এ কৈছে যে লক্ষ কোটি বছৰৰ আগতে হয়তো শুক্ৰ গ্ৰহত বাসযোগ্য প্ৰাকৃতিক পৰিৱেশ আছিল। বিজ্ঞানীসকলৰ অনুমান এয়ে যে নানাবিধ প্ৰাকৃতিক বিপৰ্যয়ৰ কাৰণে শুক্ৰৰ আজি এই জ্বলন্ত দশা। পৃথিৱীৰ দশা এনে হ’ব পাৰে বুলি বিজ্ঞানীসকলে ধাৰণা কৰি কেইটামান কাৰণ উল্লেখ কৰিছে – (১) আগ্নেয়গিৰিৰ লাভা উদ্গীৰণ, (২) সমুদ্ৰগৰ্ভৰ পৰা মিথেন নিৰ্গমন, (৩) মানৱজাতিৰ নিয়ন্ত্ৰণহীন কাৰ্বন প্ৰস্তুতকৰণ, (৪) গ্ৰীণহাউচ গেছৰ উপস্থিতি। এই চাৰিটা কাৰণৰ বাবেই ধীৰে ধীৰে পৃথিৱীও ধ্বংস হ’বলৈ আগবাঢ়িছে।
পৃথিৱীৰ গড় তাপমাত্ৰা যিদৰে উদ্বেগজনক হাৰত বৃদ্ধি পাইছে, তাৰে ফলত আগন্তুক দিনত চৰম দুৰ্যোগ প্ৰাণীকুলৰ বাবে আহি আছে – এনে আশংকা বহুদিনৰে পৰাই বিজ্ঞানীসকলে কৰি আহিছে। উত্তপ্ত এই পৃথিৱীৰ বাবে মূলতঃ দায়ী যি গ্ৰীণহাউচ গেছ, তাকে লৈ বহুদিন ধৰি চৰ্চা চলি আছে।যোৱা মাহত কেলিফ’ৰ্ণিয়াৰ ডেথ ভেলিত তাপৰ পাৰাই ১৩০ ডিগ্ৰী ফাৰেণহাইট স্পৰ্শ কৰিছিল, অৰ্থাৎ ৫৪ ডিগ্ৰী চেলচিয়াছৰো অধিক। পাৰাৰ এনে অকল্পনীয় উত্থান দেখি বিজ্ঞানীসকল শিহৰিত আৰু আতংকিত হৈ পৰিছে। পৰিসংখ্যাই ডাঙি ধৰিছে যে ১৯৩১ চনৰ পিছত যোৱা ৮৯ বছৰত এই প্ৰথমবাৰৰ বাবে পৃথিৱীৰ কোনো স্থানত পাৰাৰ এনে উত্থান হৈছিল। আজি পৰ্যন্ত পৃথিৱীৰ যিমান উষ্ণতা পৰিমাপ কৰা হৈছে, কেলিফ’ৰ্ণিয়াৰ ডেথ ভেলিৰ তাপমাত্ৰা সেই তালিকাত শীৰ্ষস্থানৰ তৃতীয় স্থানত আছে।
ভূ-বিজ্ঞানীসকলে অৱশ্যে এয়াও কৈছে যে অতীততো এনে উষ্ণতা ভূ-পৃষ্ঠত নোহোৱাকৈ থকা নাই; কিন্তু যোৱা কেইটামান দশকত নজীৰবিহীন ভাবে উষ্ণতা বৃদ্ধি পাইছে। ভৱিষ্যতে পাৰাৰ উত্থান আৰু অধিক হ’ব পাৰে বুলি তেওঁলোক উদ্বিগ্ন হৈ পৰিছে। এইকথাও কৈছে যে অতীতত পৃথিবীৰ গড় তাপমাত্ৰা এতিয়াতকৈ বেছি আছিল, বায়ুমণ্ডলৰ সৰহ অংশই গ্ৰীণহাউচ গেছৰ দখলত আছিল, প্ৰতিটো দিনৰ তাপমাত্ৰা ভয়াবহ দু: স্বপ্নৰ দৰে আছিল। কিন্তু এতিয়া ইমান হুলস্থূল কিয়? বিজ্ঞানীসকলৰ মতে মনুষ্যাকৃত কাৰ্বন নিঃসৰণৰ বাবে ভূ-পৃষ্ঠ যিমান উত্তপ্ত হৈছে, তাতকৈ বেছিকৈ পৃথিৱীৰ জলবায়ু আৰু তাপমাত্ৰাৰ ক্ষতি হৈছে প্ৰাকৃতিক বিপৰ্যয়ৰ কাৰণে। ইয়াৰ ফলত বিশ্বত তাপমাত্ৰাৰ প্ৰবাহ আৰু তেজ অস্বাভাবিক ভাবে বাঢ়িছে আৰু সেইবাবে কেলিফ’ৰ্ণিয়াৰ ডেথ ভেলিৰ সাম্প্ৰতিক উষ্ণতাও ইমান বৃদ্ধি পাইছে। ভূ-বিজ্ঞানীসকলৰ মতে ক্ৰমশঃ পৃথিৱীৰ উষ্ণতা মানুহৰ সহনক্ষমতাৰ বাহিৰলৈ গুচি যাব।
অথচ আমাৰ এই পৃথিৱীখন এসময়ত এতিয়াতকৈ বহু বেছি উষ্ণ আছিল। কিন্তু সেই হিচাব বুজিবলৈ আমি ৫ কোটি বছৰ পিছুৱাই যাব লাগিব, ইয়োচিন যুগলৈ যাব লাগিব। আমেৰিকাৰ আৰিজ’না বিশ্ববিদ্যালয়ৰ প্যালিওক্লাইমেটোলজিস্ট জেচিকা টিয়েৰনি-এ জনাইছে যে ইয়োচিন যুগত পৃথিৱীৰ উষ্ণতা বহুগুণে বেছি আছিল। ৫ কোটি বছৰ আগৰ পৃথিৱীত মেৰু অঞ্চল বৰফাবৃত নাছিল, ক্ৰান্তীয় সমুদ্ৰৰ উষ্ণতা আছিল ৯৫ ডিগ্ৰী ফাৰেনহাইট বা ৩৫ ডিগ্ৰী চেলচিয়াছ। আদি ইয়োচিন যুগৰ বহু লক্ষ বছৰ আগতে পৃথিৱী আৰু অধিক উষ্ণ আছিল। ৱাশ্বিংটন ডি-চি স্মিথচ’নিয়ান ইন্সটিটিউটৰ মতে ২৫ কোটি বছৰৰ আগতে পৃথিৱীৰ গড় তাপমাত্ৰা আছিল ৯০ ডিগ্ৰী ফাৰেনহাইট বা ৩২ ডিগ্ৰী চেলচিয়াছৰ কিছু বেছি্