উত্তম হিতাধিকাৰী আৰু শ্ৰেষ্ঠ নাগৰিক
ৰেজাউল কৰিম

আমাৰ ৰাজ্যত কিমান হিতাধিকাৰী আছে নাজানো। কিন্তু ক’ব গ’লে ৰাজ্যখনত দুই ধৰণৰ নাগৰিক আছে।
এবিধ হিতাধিকাৰী আৰু আনবিধ অহিতাধিকাৰী ।
আমাৰ দৰে এচাম মধ্যবিত্ত শ্ৰেণীৰ লোক কোনো ধৰণৰ আঁচনিভূক্ত হিতাধিকাৰী নহয়। হিতাধিকাৰীৰ অনেক শ্ৰেণী আছে। দৰিদ্ৰ, ৰুগীয়া, শাৰীৰিকভাৱে অক্ষম, বৃদ্ধ, পুৰুষ, মহিলা আদিৰ পৰা আৰম্ভ কৰি সাহিত্যিক, সাংবাদিক, বুদ্ধিজীবী,পুৰোহিত এনেকুৱা অনেক।
হিতাধিকাৰী সকলৰ একাংশই বিনা পৰিশ্ৰমে, বিনা কষ্টেৰে ঘৰত বহি বহি চৰকাৰৰ পৰা ধন পায়। হিতাধিকাৰী পুহি ৰাখিবলৈ খৰচ হোৱা ধন আমাৰ দৰে সাধাৰণ লোকৰ পৰা আদায় কৰা হয় বিভিন্ন কৰ কাটল জাপি দি ।
কোনো মন্ত্ৰী বিধায়কে নিজৰ ধনেৰে হিতাধিকাৰী নুপুহে।
অৰ্থাত আমি নাগৰিক সকলেহে হিতাধিকাৰী পুহি ৰাখিছো।
বৰ্তমানে হিতাধিকাৰী ব্যৱস্থাটোক লৈ মানুহৰ মাজত প্ৰতিবাদ আৰম্ভ হ’বলৈ ধৰিছে। সাধাৰণ মানুহে যি সকল হিতাধিকাৰীৰ বিৰুদ্ধে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে সেই সকলৰ উপৰিও আমাৰ মাজত আন এবিধ মাৰাত্মক হিতাধিকাৰী আছে যাৰ বিষয়ে আলোচনা নহয়েই।
দৰিদ্ৰ জনক খাদ্য দিয়া বা ঘৰ নথকাক ঘৰ দিয়া কথা আমি জানো। কিন্তু যাৰ সকলো আছে আৰু আপোনাৰ মোতকৈ অনেক অনেক গুণে বেছি আছে, আমি সাধাৰণ নাগৰিকে যে তেনে এচামকো হিতাধিকাৰী সজাই বিনামূলীয়া অনেক সুবিধা দি পুহি আছো সেই কথাটো মন কৰিছেনে ?
এচামক দুচলীয়া ঘৰহে দিছে, কিন্তু এওঁলোকক আমাৰ ধনেৰে অট্টালিকা সজাই দিছো, টেলিফোন বিনামূলীয়া কৰি দিছো, দামীৰো দামী গাড়ী দিছো, নিজে বিজুলীৰ নামত জ্বলা কলা খাই থাকিও এওঁলোকক বিনামূলীয়া বিজুলী দিছো, আমি গছৰ তলত থাকিও এওঁলোকক এয়াৰ কণ্ডিছনাৰ দিছো, ট্ৰেইন, বিমানৰ ভ্ৰমণ বিনামূলীয়া কৰি দিছো, আনহে নালাগে মন গলেই যাব পৰাকৈ হেলিকপ্তাৰ আৰু চাৰ্টাড বিমানো দিছো, আজীৱনৰ কাৰণে পেন্সন দিছো আৰু লগতে আমাক পেংলাই কৰিবলৈ সম্পূৰ্ণ একচ্ছত্ৰী অধিকাৰো দিছো।
এই হিতাধিকাৰী সকলক আমি মন্ত্ৰী,বিধায়ক, সাংসদ আদি নামেৰে জানো।
এওঁলোকেই দেশৰ উত্তম হিতাধিকাৰী।

আমাৰ দৰে যিসকল নাগৰিকে নিজৰ পেটত গামোচা বান্ধি এওঁলোকক ৰাজকীয় সুবিধা প্ৰদান কৰি আহিছে তেওঁলোকেই হৈছে দেশৰ শ্ৰেষ্ঠ নাগৰিক।
যদি হিতাধিকাৰী ব্যৱস্থাটোক উঠাই দিব লাগে তেনেহলে এইচাম হিতাধিকাৰীকো সাঙুৰি ল’ব নালাগেনে ?
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)