• দিলীপ দৈমাৰী
অহাবছৰ গুৰুত্বপূৰ্ণ নিৰ্বাচন উত্তৰপ্ৰদেশত, গতিকে জয়লাভৰ বাবে অজস্ৰ পৰিকল্পনা, যোজনা, ঝুমলা, আশ্বাস, ভাষণ আদিৰে ইতিমধ্যে উত্তৰপ্ৰদেশৰ আকাশ-বতাহ কপিবলৈ আৰম্ভ কৰিছে। জয়লাভ কৰিবলৈ ভোট লাগে, বিশেষকৈ বিজেপিক লাগে অনগ্ৰসৰৰ ভোট। সেই ভোট নিশ্চিত কৰিবলৈ ময়দানত জপিয়াই পৰিছে প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি দলৰ সভাপতি জগৎ প্ৰসাদ নাড্ডা, উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি বহু ৰথী-মহাৰথী। সমগ্ৰ নৱেম্বৰ মাহটো ধৰি উত্তৰপ্ৰদেশৰ বিভিন্ন ঠাইত সভা-সমাৱেশ আয়োজন কৰা হৈছে আৰু সেই ঠাইসমূহ নিৰ্বাচন কৰোতে লক্ষ্য ৰখা হৈছে যাতে অনগ্ৰসৰ মানুহৰ স্থান হয়। একেসময়তে প্ৰতীকীৰূপে অনগ্ৰসৰ, দলিত, পিছপৰা সম্প্ৰদায় আৰু জনজাতি সকলোকো বাৰ্তা দিবলৈ যত্ন কৰা হৈছে যে বিজেপি আৰু মোডী তথা যোগী তেওঁলোকৰ লগত আছে। সোমবাৰে, ১৫ নৱেম্বৰ তাৰিখে (২০২১) ৰাতিপুৱাৰে পৰা জনজাতীয় গৌৰৱ দিৱস পালনৰ নানান ধৰণৰ কৰ্মসূচীত অংশগ্ৰহণ কৰি বাৰ্তা দিলে যে জনজাতিৰ কল্যাণৰ বাবে বিজেপি চৰকাৰেই এইপৰ্যন্ত সকলোতকৈ বেছি কাম কৰিছে আৰু ভৱিষ্যতেও কৰি যাব। ১৫ নৱেম্বৰ তাৰিখটো বৃটিছ বিৰোধী সংগ্ৰামৰ সংগ্ৰামী বিদ্ৰোহী বীৰছা মুন্ডাৰ জন্মদিন উপলক্ষে ‘জনজাতীয় গৌৰৱ দিৱস’ হিচাপে পালন কৰাৰ কথাও ঘোষণা কৰিছে মোডী চৰকাৰে ( যদিও আৰ-এছ-এছ বা বিজেপিৰ পূৰ্বপুৰুষসকলে বৃটিছৰ বিৰুদ্ধে সংগ্ৰামত অংশ লোৱা নাছিল বাবে সেই সম্পৰ্কে বহুতেই আঙুলিয়াই দিছে)। সেই চেলুতে অহা ২২ নৱেম্বৰ পৰ্যন্ত একেধৰণে এসপ্তাহ উত্তৰপ্ৰদেশৰ বিভিন্ন ঠাইত চলি থাকিব নানান অনুষ্ঠান, শ্ৰদ্ধানুষ্ঠান, ঘোষণা, জনজাতিৰ প্ৰতি থকা অনাবিল প্ৰেমৰ প্ৰদৰ্শনৰ কাৰ্যসূচী। তেনে প্ৰেমৰ প্ৰমাণ স্বৰূপে ভূপালৰ হাবিবগঞ্জ ৰেল ষ্টেচনৰ নাম সলনি কৰি ‘কমলাপাতি জংচন’ কৰা হ’ল। উল্লেখযোগ্য যে জনজাতি সম্প্ৰদায়ৰ এক প্ৰাচীন ৰাজ্যৰ তেওঁ ( কমলাপাতি) ৰাণী আছিল।
এনেদৰে ভালেমান কৰ্মসূচী হাতত লৈ অনগ্ৰসৰ আৰু পিছপৰা সম্প্ৰদায়ৰ মন জয় কৰিবলৈ মোডী আৰু যোগী সাজু হৈছে আসন্ন সভা, সমাৱেশত সেইবোৰ ঘোষণা কৰিবলৈ। অৰ্থাৎ, উচ্চবৰ্ণৰ লগতে ও-বি-চি, জনজাতি, অনগ্ৰসৰ সকলোৰে মন জয় কৰিবলৈ বিশেষ পৰিকল্পনা হাতত লৈ বিজেপি অগ্ৰসৰ হৈছে। বিশেষকৈ এইবেলি ৰাজনৈতিক মহলত প্ৰৱল গুঞ্জণ আৰম্ভ হৈছে যে মায়াৱতীয়ে ইতিমধ্যে নিজৰ ভোটবেংক হেৰুৱাইছে। দলিত, অনগ্ৰসৰ ভোটাৰে আগৰ দৰে মায়াৱতীক নিজৰ পৰিত্ৰাতা বুলি নভবা হৈছে। ২০১৭ চনৰ বিধানসভাৰ ভোট, ২০১৯ চনৰ লোকসভাৰ ভোট, সাম্প্ৰতিক পঞ্চায়ত নিৰ্বাচনৰ ভোটৰ পেটাৰ্ণ আৰু ফলাফলৰ বিশ্লেষণৰ পৰা ষ্পষ্ট যে অনগ্ৰসৰৰ ভোটবেংক এতিয়া আৰু চৰ্তবিহীনভাৱে মায়াৱতীৰ লগত নাই। বৰং সেই ভোটবেংকৰ আচৰণ সম্প্ৰতি বিশেষভাৱে দিশহাৰা। বিজেপিয়ে সেই ভোটবেংকক দিশ দেখুৱাবলৈ আৰম্ভ কৰিছে। আনকি কংগ্ৰেছ দলেও সেই ভোটৰ কিয়দংশ লাভ কৰিব। সমাজবাদী দললৈ সাধাৰণতে দলিত আৰু অনগ্ৰসৰৰ ভোট কেতিয়াও নাযায়, কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত সেই প্ৰৱণতাৰ পৰিৱৰ্তন দেখা গ’ল।
অৰ্থাৎ, অখিলেশ যাদৱৰ দলেও সেই ভোটৰ একাংশ গ্ৰাস কৰিছে। এনে সমীকৰণৰ মাজেৰে অহা বছৰৰ উত্তৰপ্ৰদেশৰ নিৰ্বাচন অনুষ্ঠিত হ’ব হেতুকে ইতিমধ্যে জনমত সমীক্ষা আৰম্ভ হৈছে আৰু সেই সমীক্ষামতে মায়াৱতী বহু পিছপৰি আছে। অহাবছৰ প্ৰধানতঃ নিৰ্বাচনী যুদ্ধ বিজেপি আৰু সমাজবাদী দলৰ মাজতেই হ’ব। সমাজবাদী দলৰ ভোটৰ পৰা যদি ‘অযাদৱ’ আৰু ‘ও-বি-চি’ৰ ভোট টানি আনিব পৰা যায়, বিজেপি স্বস্তিকৰ অৱস্থাত থাকিব বাবেই মোডী আৰু যোগী জপিয়াই পৰিছে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ। কিন্তু অখিলেশ যাদৱেও যোগীৰ দিনত মহিলাৰ ওপৰত চলা নিৰ্যাতন, হত্যা, সাংবাদিক নিগ্ৰহ, গঙ্গাৰ বক্ষৰে মৃতদেহ ভাহি যোৱা, শ্ৰমিকৰ পদযাত্ৰা, লকডাউন, ত্ৰিৱেণী সংগমৰ বালিত পুতি থোৱা শত শত মৃতদেহ, মৃতদেহ সৎকাৰ কৰিব নোৱাৰি টিনপাতেৰে মৃতদেহ ঘেৰি থোৱা কাৰ্য, বস্তু-বাহানিৰ মূল্য, সাম্প্ৰদায়িক ৰাজনীতি আদি বিভিন্ন বিষয় লৈ ময়দানত নামি পৰিছে বাবে মোডী, যোগীৰ বাবেও অত্যন্ত মসৃণ হৈ থকা নাই পথ! তাৰোপৰি অমিত শ্বাহ পন্হীসকলৰ বাবে যোগী চকুৰ কুটা! দেখা যাওক, সময়ে কি কয়!