উত্তৰ প্ৰদেশত ছাত্ৰ-ছাত্ৰীৰ প্ৰৱল বিক্ষোভ
•দিলীপ দৈমাৰী
বিহাৰ আৰু উত্তৰ প্ৰদেশৰ ছাত্ৰ তথা কৰ্মপ্ৰাৰ্থী যুৱ সম্প্ৰদায়ৰ চৰম আন্দোলনৰ ফলত বিপাঙত পৰিছে কেন্দ্ৰীয় চৰকাৰ। ৰেলৱেৰ পৰীক্ষাক লৈ যিদৰে তীব্ৰ আন্দোলন, বিক্ষোভ বিয়পি পৰিছে দুখনকৈ হিন্দীভাষী ৰাজ্যত – সেই আন্দোলন তথা বিক্ষোভে আগন্তুক দিনবোৰত কেনে ৰূপ ধাৰণ কৰে, তাকে লৈ প্ৰৱল উদ্বেগ সৃষ্টি হৈছে নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰৰ ভিতৰচৰাত আৰু যোগী আদিত্যনাথৰ চৰকাৰখনত। গৃহ মন্ত্ৰালয়ৰ পৰা, ৰেলৱেৰ পৰা দফাই দফাই বিবৃতি দিয়া হৈছে, সিদ্ধান্ত সলনি কৰা হৈছে, নিয়োগ প্ৰক্ৰিয়া স্থগিত কৰি আন্দোলনকাৰীক তুষ্ট কৰিবলৈ যত্ন কৰা হৈছে, কিন্তু দালি সিজা নাই। প্ৰয়াগৰাজ (এলাহাবাদ)ৰ পৰা বিহাৰলৈ, সকলোতে ব্যাপক অশান্তি, সামগ্ৰী লন্ড-ভন্ড কৰা কাৰ্য, বিক্ষোভ অৱস্থান, ঘেৰাও, বিভিন্ন ধৰণৰ প্ৰতিবাদ চলি আছে আৰু শাম কটাৰ কোনো লক্ষণ নাই। পৰিস্থিতি এনে হৈছে যে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে চৰকাৰী প্ৰচাৰ মাধ্যমত সাক্ষাৎকাৰ দিবলগীয়া হৈছে যোৱাকালি সন্ধিয়া। তেওঁ সেই মাধ্যমৰ দ্বাৰা কৈছে যে আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত কোনো ধৰণৰ দমন- পীড়ণ চলোৱা নহ’ব। প্ৰয়াগৰাজত আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত ৰেলৱে পুলিচে লাঠীচালনা কৰাত অৱস্থা অধিক শোচনীয় হৈ পৰে। ছাত্ৰ-ছাত্ৰী সকল অধিক বিক্ষুব্ধ হৈ পৰে। কেন্দ্ৰীয় চৰকাৰে অৱস্থা দেখি পিছুৱাই আহিবলৈ বাধ্য হোৱাৰ লগতে লাঠীচালনা কৰা বহু পুলিচক নিলম্বন কৰে। কিন্তু কেইদিনমানৰ আগতে একেখন কেন্দ্ৰ চৰকাৰে কঠোৰ মনোভাৱ প্ৰকাশ কৰি কৈছিল যে যিসকলে আন্দোলনৰ নামত ৰেলৰ সম্পত্তি ধ্বংস কৰিব, তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ’ব তথা ভৱিষ্যতে পৰীক্ষাত বহিবলৈ দিয়া নহ’ব। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ সুৰ সলনি হৈছে। কাৰণ সন্মুখত উত্তৰ প্ৰদেশৰ নিৰ্বাচন ! সবাতোকৈ গুৰুত্বপূৰ্ণ তাৎপৰ্য হ’ল গোৰখপুৰ ডিভিজনতো আৰম্ভ হৈছে প্ৰৱল আন্দোলন আৰু সেই গোৰখপুৰৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হ’ব যোগী আদিত্যনাথ! গতিকে চৰম উদ্বেগ বিৰাজ কৰিছে বিজেপিৰ অন্দৰমহলত। সেই বাবেই এতিয়া যি কোনো প্ৰকাৰে সমস্যা সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে উত্তৰ প্ৰদেশৰ চৰকাৰ, বিজেপি জপিয়াই পৰিছে ! দেখা যাওক, কি হয় অদূৰ ভবিষ্যতে! (২৭-০১-২০২২)