• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

উত্তৰ ভাৰতৰ ৰঙা মলুৱা বান্দৰ আৰু দাক্ষিণাত্যৰ খিলঞ্জীয়া  জটি!

ASSAMESE SECTION/ Special Report

by Anjan Sarma
July 30, 2025
in Special Report, History, Opinion
Reading Time: 6 mins read
0
উত্তৰ ভাৰতৰ ৰঙা মলুৱা বান্দৰ আৰু দাক্ষিণাত্যৰ খিলঞ্জীয়া  জটি!
Share on FacebookShare on TwitterShare on LinkedIn

উত্তৰ ভাৰতৰ ৰঙা মলুৱা বান্দৰ আৰু দাক্ষিণাত্যৰ খিলঞ্জীয়া জটি !

অঞ্জন শৰ্মা

Anjan Sarma
অঞ্জন শৰ্মা 

কথা নাই বতৰা নাই, হঠাৎ ‘ৰঙা মলুৱা বান্দৰ‘!

হয়, ৰঙা বান্দৰ বা ‘ৰেচাচ মেকাক‘!

আৰু লগতে ‘ব’নেট মাকাক‘ বা ‘জটি’ৰ বিষয়েও অলপ অচৰপ!

ব’লক, একেলগে চমু যাত্ৰা আৰম্ভ কৰো….

‘ৰেচাচ মেকাক’ ( Rhesus Macaque) বা ৰঙা বান্দৰৰ বৈজ্ঞানিক নাম হ’ল ‘Macaca Mulatta‘; আৰু এই ৰেচাচ মেকাক হ’ল প্ৰাচীন বিশ্বৰ বান্দৰ প্ৰজাতিৰ মাজত পৰিচিত বিশেষ বান্দৰ….. ‘

এখন আন্তৰ্জাতিক মানদণ্ড সম্পন্ন শিক্ষা প্ৰতিষ্ঠানত গৱেষণা কৰি থকা অসমীয়া ছাত্ৰী এগৰাকীয়ে অলপতে মোক জীৱ-জন্তুৰ বিষয়ে হোৱা এক ঘৰুৱা আলোচনাৰ মাজত ‘ৰেচাচ মেকাক’ৰ বিষয়ে এনেদৰেই অৱগত কৰাবলৈ ধৰিছিল ।

মই মনোযোগ দি শুনিবলৈ ধৰাত তেওঁ পুনৰ কৈছিল যে মনস্তাত্ত্বিক গৱেষণাৰ পৰা দেখা গৈছে যে ৰঙা বান্দৰ বা ‘ৰেচাচ মেকাক‘ জটিল মানসিক ক্ষমতাৰ অধিকাৰী তথা বিচাৰ-বুদ্ধি প্ৰয়োগ কৰিব পাৰে, সাধাৰণ নিয়ম-কানুন প্ৰতিপালন কৰে, নিজস্ব মানসিক ৰাজ্যত বিচৰণ কৰিবলৈ সক্ষম আৰু নিজস্ব সচেতনতাৰ ক্ষেত্ৰতো ‘ৰেচাচ মেকাক’ বা ৰঙা বান্দৰ অতি পাৰদৰ্শী।

মই শুনি গৈছিলো আৰু গৱেষক ছাত্ৰীগৰাকীয়ে কৈছিল যে তেওঁৰ বান্ধৱী এগৰাকীয়ে এই বিষয়টোক লৈ এতিয়া গৱেষণা কৰি আছে।

” মই নো কি ক’ম তেওঁক! উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া বুলিলে যিসকলৰ মুখবোৰ ভাহি উঠে – সেই সকলোৰে অৱস্থা ৰঙা বান্দৰৰ আগ্ৰাসনৰ বাবে অস্তিত্বৰ সংকটত পৰা ব’নেট মাকাক বা ‘জটি’ প্ৰজাতিৰ বান্দৰৰ দৰে হোৱা বুলি তেওঁ যে মোক বুজাবলৈ বিচাৰিছে আৰু কিছুমান ব’নেট মাকাক প্ৰজাতিৰ বান্দৰে যে ভেশচন কৰি ‘ৰঙা মলুৱা’ হ’বলৈ প্ৰয়াস কৰি খক্ খক্ শব্দ কৰি কৰি আছে – সেয়া মই বুজি নোপোৱা বুলি তেওঁক বুজাব বিচাৰিলেও তেওঁ জানো বুজিব যে মই একো বুজা নাই বা নুবুজাৰ অভিনয় কৰা নাই!!”

তেওঁ কৈছিল – স্তন্যপায়ী আৰু চতুষ্পদী ৰঙা বান্দৰৰ দেহ বাদামী ৰঙৰ হয় অথবা ধূসৰ বৰ্ণৰ নোমেৰে আচ্ছাদিত হয়। এনে বান্দৰৰ মুখমণ্ডল আৰু পিছফালৰ অংশ গোলাপী ৰঙৰ হয়, নেজৰ দৈৰ্ঘ মধ্যমীয়া আকাৰৰ – প্ৰায় ৮.১ ইঞ্চিৰ পৰা ৯ ইঞ্চি হয়। প্ৰাপ্তবয়স্ক মতা বান্দৰৰ দৈৰ্ঘ গড়ে ২১ ইঞ্চি তথা ওজন প্ৰায় ৭.৭ কিলোগ্ৰাম হয়। মাইকী বান্দৰৰ আকাৰ ( দৈৰ্ঘ্য) হয় ১৯ ইঞ্চি আৰু ওজন হয় ৫.৩ কিলোগ্ৰাম।

মোক গৱেষক ছাত্ৰীগৰাকীয়ে যিখিনি কথা কৈছিল, ইতিপূৰ্বে কেতিয়াও শুনা নাছিলো তথা সেই ক্ষেত্ৰত বিচৰণ কৰাও নাছিলো। কিন্তু তেওঁ কোৱা কথাখিনি আমাৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছিল বাবে অধিক জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিলো।

মোৰ আগ্ৰহক সহাঁৰি দি তেওঁ সাৱলীলভাৱে কৈ গৈছিল- বাংলাদেশ, ভাৰতবৰ্ষৰ উত্তৰাঞ্চল, পাকিস্তান, নেপাল, ম্যানমাৰ, থাইলেণ্ড, আফগানিস্তান, চীনৰ দক্ষিণাংশ সহকাৰে কিছু প্ৰতিৱেশী দেশ হ’ল ৰঙা বান্দৰৰ আৱাসস্থলী।

উত্তৰ ভাৰতৰ ৰঙা মলুৱা বান্দৰ আৰু দাক্ষিণাত্যৰ জটি!
ৰেচাচ মেকাক

উন্মুক্ত এলেকা, তৃণভূমি, বনভূমি, আনকি পাহাৰ-পৰ্বতৰ ২৫০০ মিটাৰ (৮২০০ ফুট) উচ্চ অঞ্চলতো এই বান্দৰে বাস কৰে। এনে ৰঙা বান্দৰে নিয়মিতভাৱে সাতুৰিও থাকে – যিবোৰ ঠাইত পানী থাকে আৰু দ্বীপ এলেকাৰ ৰঙা বান্দৰে আধা মাইলৰো অধিক দূৰত্ব সাতুৰি পাৰ হ’ব পাৰে।

মই তেওঁৰ মুখেৰে পুনৰ শুনিলো, ৰঙা বান্দৰ বা ‘ৰেচাচ মেকাক’-এ কাজিয়া-পেচাল কৰি ভাল পায়। ‘ৰেচাচ মেকাক’-এ দিনটোৰ ৬৫ ভাগ সময় খাদ্যৰ অনুসন্ধান কৰে আৰু আহাৰৰ নামত ব্যয় কৰে।

গৱেষক ছাত্ৰীগৰাকীৰ পৰা ইতিমধ্যে আমি গম পালো যে বাংলাদেশ, ভাৰতবৰ্ষৰ উত্তৰাঞ্চল, পাকিস্তান, নেপাল, ম্যানমাৰ, থাইলেণ্ড, আফগানিস্তান, চীনৰ দক্ষিণাংশ সহকাৰে কিছু প্ৰতিৱেশী দেশ হ’ল ৰঙা বান্দৰৰ আৱাসস্থলী।

উত্তৰ ভাৰতৰ ৰঙা মলুৱা বান্দৰ আৰু দাক্ষিণাত্যৰ জটি!
ৰেচাচ মেকাক

এতিয়া আমি যদি ইমান বিস্তীৰ্ণ অঞ্চলত দুৰ্দান্ত প্ৰতাপেৰে বাস কৰি থকা ‘ৰেচাচ মেকাক‘ নামৰ বান্দৰবোৰক ‘X‘ বুলি ধৰি লওঁ বা ‘তুৰ্কী, মোগল, ইংৰাজ, হিন্দুস্থানী, বাংলাদেশী’ বুলি ধৰি লও, তেনে পটভূমিত এনে বান্দৰ আছেনে – যিবোৰ বান্দৰে অইন বান্দৰ ( যেনে- ৰঙা বান্দৰ)ৰ আক্ৰমণৰ বলি হৈ অস্তিত্বৰ সংকটত ভুগি আছে বা অসমীয়াৰ দৰে অৱস্থা হৈছে – এনে প্ৰশ্ন তেওঁলৈ এৰি দিলো!

“কাৰণ, ব’নেট মাকাকবোৰ বান্দৰ হেতুকে তোমালোকৰ দৰে অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলন কৰি ‘ঐতিহাসিক অসম চুক্তি’ৰ দৰে ‘ঐতিহাসিক দাক্ষিণাত্যৰ ব’নেট মাকাক চুক্তি’ কৰাও খুব সহজ নহয়, উত্তৰ ভাৰতৰ ৰঙা বান্দৰৰ অবাধ প্ৰব্ৰজনক গোপনে উৎসাহ দিয়া বজৰঙ্গী ভাইজানসকলৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ আমাৰ কোনো জাতীয় নায়কো এতিয়া নাই; বাংলাদেশ, ভাৰতবৰ্ষৰ উত্তৰাঞ্চল, পাকিস্তান, নেপাল, ম্যানমাৰ, থাইলেণ্ড, আফগানিস্তান, চীনৰ দক্ষিণাংশ সহকাৰে কিছু প্ৰতিৱেশী দেশৰ বিশাল অঞ্চলত থকা হিংস্ৰ ৰঙা বান্দৰৰ অবাধ প্ৰব্ৰজনৰ বাবে অস্তিত্বৰ সংকট হোৱা ব’নেট মাকাকৰ ৰক্ষণাবেক্ষণৰ বাবে ৬ নং দফাৰ দৰে দফাও নাই; নাই দাক্ষিণাত্যৰ খিলঞ্জীয়া বান্দৰপঞ্জী; নাই তোমালোকৰ দৰে ইমানবোৰ বলিষ্ঠ জাতীয় সংগঠন!”

উত্তৰ ভাৰতৰ ৰঙা মলুৱা বান্দৰ আৰু দাক্ষিণাত্যৰ জটি!
ৰেচাচ মেকাক

 মোৰ প্ৰশ্ন শুনি তেওঁ হাহিলে আৰু ক’লে যে মই আপোনালৈ এই সম্পৰ্কীয় সামান্য তথ্য পঠিয়াই দিম আৰু পঢ়িলে কিছু কথা গম পাব।

কথামতেই কাম।

তেওঁ মোলৈ পিছদিনাই পঠিয়াই দিলে কিছু তথ্য।

সেই তথ্য-পাতিৰ পৰাই গম পালো অইন এক সুকীয়া প্ৰজাতিৰ বান্দৰৰ বিষয়ে। সেই বিশেষ বান্দৰৰ নাম হ’ল- “ব’নেট মাকাক” ( Bonnet Macaque) বা ‘মাকাকা ৰেডিয়’তা‘ , যাক ‘জটি‘ বুলিও কোৱা হয়। এনে প্ৰজাতিৰ বান্দৰ দক্ষিণ ভাৰতৰ স্থানীয় বান্দৰ বুলিয়েই পৰিচিত। ব’নেট মাকাকৰ বিচৰণ হ’ল গোদাৱৰী – তাপ্তী নদীৰ মাজৰ অংশৰ পৰা ভাৰত মহাসাগৰ পৰ্যন্ত।

উত্তৰ ভাৰতৰ ৰঙা মলুৱা বান্দৰ আৰু দাক্ষিণাত্যৰ জটি!
ব’নেট মাকাক

ব’নেট মাকাক বা ‘জটি‘ৰ মতা বান্দৰৰ দৈৰ্ঘ ২০.৩ ইঞ্চিৰ পৰা ২৩.৬ ইঞ্চি পৰ্যন্ত হয় আৰু নেজৰ দৈৰ্ঘ হয় ২০ ইঞ্চিৰ পৰা ২৭ ইঞ্চি পৰ্যন্ত। মাইকী ব’নেট মাকাকৰ দৈৰ্ঘ ১৩.৬ ইঞ্চিৰ পৰা ২০.৭ ইঞ্চি পৰ্যন্ত হয় আৰু নেজৰ দৈৰ্ঘ হয় ১৮.৫ ইঞ্চিৰ পৰা ২৫ ইঞ্চি হয়। ব’নেট মাকাক মতা বান্দৰৰ ওজন ৫.৪ কিলোগ্ৰামৰ পৰা ১১.৬ কিলোগ্ৰাম পৰ্যন্ত হয় আৰু মাইকী ব’নেট মাকাকৰ ওজন ২.৯ কিলোগ্ৰামৰ পৰা ৫.৫ কিলোগ্ৰাম হয়।

উত্তৰ ভাৰতৰ ৰঙা মলুৱা বান্দৰ আৰু দাক্ষিণাত্যৰ জটি!
ব’নেট মাকাক

ব’নেট মাকাক প্ৰজাতিৰ বান্দৰ আক্ৰমণাত্মক স্বভাৱৰ নহয় বা কম পৰিমাণৰ আক্ৰমণাত্মক স্বভাৱৰ।

এতিয়া মূল কথালৈ আহো-

গৱেষক ছাত্ৰী গৰাকীৰ কথাখিনি শুনাৰ পিছত তেওঁ মোক যিখিনি তথ্য প্ৰদান কৰিলে আৰু মই নিজেও যি পাৰো খুচৰি খুচৰি যিখিনি পালো, তাৰেই আধাৰত জানিবলৈ সক্ষম হ’লো যে ‘ৰেচাচ মেকাক‘ প্ৰজাতিৰ বা ৰঙা বান্দৰে উত্তৰ ভাৰতৰ পৰা দক্ষিণ ভাৰতলৈ অবাধ প্ৰব্ৰজন কৰাৰ ফলত আৰু আক্ৰমণাত্মক হোৱাৰ ফলত দক্ষিণ ভাৰতৰ ব’নেট মাকাক ( জটি) বিপদাপন্ন হৈ পৰিছে।

কাৰণ ৰেচাচ মেকাক বা ৰঙা বান্দৰ আক্ৰমণাত্মক আৰু ব’নেট মাকাক হ’ল সহনশীল! 

গৱেষণাৰ ফলত গম পোৱা গৈছে যে ৪ দশকৰো কম সময়ৰ ভিতৰতেই উত্তৰ ভাৰতৰ ৰঙা বান্দৰে ব’নেট মাকাকৰ প্ৰায় ২৮০০০ বৰ্গকিলোমিটাৰ ক্ষেত্ৰ আক্ৰমণ কৰিছে। গতিকে, কেৱল দক্ষিণ ভাৰতত বিচৰণ কৰা ব’নেট মাকাকৰ ক্ষেত্ৰত এতিয়া আহি পৰিছে অস্তিত্বৰ সংকটৰ প্ৰশ্ন! 

উত্তৰ ভাৰতৰ পৰা নিৰ্বিবাদে দক্ষিণ ভাৰতলৈ প্ৰব্ৰজন কৰা ৰঙা বান্দৰৰ আক্ৰমণাত্মক ভূমিকাৰ বাবে এটা দশকৰ সামান্য অধিক সময়ৰ ভিতৰতেই দক্ষিণ ভাৰতত ব’নেট মাকাক ( জটি)ৰ সংখ্যা আধালৈ হ্ৰাস পাইছে! 

উত্তৰ ভাৰতৰ ৰঙা মলুৱা বান্দৰ আৰু দাক্ষিণাত্যৰ জটি!
ব’নেট মাকাক

সামৰণি:

ৰেচাচ মেকাক আৰু ব’নেট মাকাকৰ বিষয়ে দাক্ষিণাত্যৰ বন্ধু এজনৰ লগত অলপতে আলোচনা কৰি থাকোতে বন্ধুজনে হঠাৎ আৱেগিক হৈ পৰিল আৰু মোক ক’লে – ‘বন্ধু, আমাৰ ব’নেট মাকাক প্ৰজাতিৰ বান্দৰবোৰ সচাই দুৰ্ভগীয়া! আমি দাক্ষিণাত্যৰ মানুহে হিন্দী সম্প্ৰসাৰণবাদৰ বিৰুদ্ধে আৰম্ভণিৰ পৰাই যুজি আছো যদিও বান্দৰৰ ক্ষেত্ৰত আমাৰ সমস্যা হৈছে!

‘কাৰণ, ব’নেট মাকাকবোৰ বান্দৰ হেতুকে তোমালোকৰ দৰে অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলন কৰি ‘ঐতিহাসিক অসম চুক্তি’ৰ দৰে ‘ঐতিহাসিক দাক্ষিণাত্যৰ ব’নেট মাকাক চুক্তি’ কৰাও খুব সহজ নহয়, উত্তৰ ভাৰতৰ ৰঙা বান্দৰৰ অবাধ প্ৰব্ৰজনক গোপনে উৎসাহ দিয়া বজৰঙ্গী ভাইজানসকলৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ আমাৰ কোনো জাতীয় নায়কো এতিয়া নাই ।

‘বাংলাদেশ, ভাৰতবৰ্ষৰ উত্তৰাঞ্চল, পাকিস্তান, নেপাল, ম্যানমাৰ, থাইলেণ্ড, আফগানিস্তান, চীনৰ দক্ষিণাংশ সহকাৰে কিছু প্ৰতিৱেশী দেশৰ বিশাল অঞ্চলত থকা হিংস্ৰ ৰঙা বান্দৰৰ অবাধ প্ৰব্ৰজনৰ বাবে অস্তিত্বৰ সংকট হোৱা ব’নেট মাকাকৰ ৰক্ষণাবেক্ষণৰ বাবে ৬ নং দফাৰ দৰে দফাও নাই; নাই দাক্ষিণাত্যৰ খিলঞ্জীয়া বান্দৰপঞ্জী; নাই তোমালোকৰ দৰে ইমানবোৰ বলিষ্ঠ জাতীয় সংগঠন!

‘গতিকে তুমি কোৱাৰ দৰে যদি ৰেচাচ মেকাক’ নামৰ বান্দৰবোৰক ‘X‘ বুলি ধৰি লওঁ বা ‘তুৰ্কী, মোগল, ইংৰাজ, হিন্দুস্থানী, বাংলাদেশী’ বুলি ধৰি লও – আৰু আমাৰ ব’নেট মাকাকবোৰক ‘Y’ বুলি ধৰি লও বা ‘তোমালোকৰ দৰে’ বুলি ধৰি লও – অৱশ্যে তোমালোকৰ কথা সুকীয়া , কাৰণ তোমালোকৰ ‘অসম চুক্তি ‘ আছে, ৬ নং দফা আছে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আছে, জাতীয় নায়ক আছে, মামা আছে, চাচা আছে, আলফাইও কোনোবাদিনা ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিব!

‘কিন্তু আগন্তুক দিনবোৰত উত্তৰ ভাৰতৰ ৰঙা বান্দৰৰ ভয়ংকৰ আগ্ৰাসনৰ ফলত দাক্ষিণাত্যত ‘Y‘ বা ব’নেট মাকাক প্ৰজাতিৰ বান্দৰবোৰ একেবাৰে নি:শ্চিহ্ন হৈ যোৱাটো খাটাং যেন অনুভৱ হৈছে!

‘তাৰোপৰি, আমাৰ যিবোৰ ব’নেট মাকাক বা ‘জটি’য়ে ৰেচাচ মেকাক বা ‘ৰঙা মলুৱা’ৰ ভেশ ধাৰণ কৰি তথা অনুকৰণ কৰি ‘ৰঙা মলুৱা’ হ’বলৈ গৈছিল – সেইবোৰক লৈও চিন্তাৰ উদ্ৰেক হৈছে – কাৰণ সেই ‘নকল ৰঙা মলুৱা’বোৰ ‘জেনেটিকেলি’ প্ৰকৃত ‘ৰঙা মলুৱা’ বা ৰেচাচ মেকাক নহয় আৰু মানসিকভাবে সেইবোৰে ব’নেট মাকাক বা ‘জটি’ প্ৰজাতিৰো হৈ থকা নাই !

‘সেইবোৰ ‘তৃতীয় লিঙ্গ‘ সদৃশ এক বেলেগ শ্ৰেণীৰ বান্দৰ হৈ পৰিছে আৰু সেইবোৰে এতিয়া মন্দিৰ-দেৱালয়ৰ চৌহদলৈও কল-ফল খাবলৈ নাযায়, জঙ্গললৈও নাযায় – আমন-জিমনকৈ ৰাষ্ট্ৰীয় পথৰ ওচৰে পাজৰে থকা বৃক্ষৰ ডালত বহি থাকে! সিহতক প্ৰকৃত ৰঙা মলুৱাইও দেখিব নোৱাৰে আৰু জটিয়েও দেখিব নোৱাৰে! সেই তৃতীয় লিঙ্গসদৃশ হৈ পৰা বান্দৰবোৰক লৈও জটিল সমস্যা সৃষ্টি হৈছে – বান্দৰীয় ( ‘মানৱীয়’ শব্দটোৰ বান্দৰভিত্তিক শব্দ) দৃষ্টিকোণৰ পৰা!

‘তুমি কি কোৱা বন্ধু?‘

উত্তৰ ভাৰতৰ ৰঙা মলুৱা বান্দৰ আৰু দাক্ষিণাত্যৰ জটি!

[ মই নো কি ক’ম তেওঁক! উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া বুলিলে যিসকলৰ মুখবোৰ ভাহি উঠে – সেই সকলোৰে অৱস্থা ৰঙা বান্দৰৰ আগ্ৰাসনৰ বাবে অস্তিত্বৰ সংকটত পৰা ব’নেট মাকাক বা ‘জটি’ প্ৰজাতিৰ বান্দৰৰ দৰে হোৱা বুলি তেওঁ যে মোক বুজাবলৈ বিচাৰিছে আৰু কিছুমান ব’নেট মাকাক প্ৰজাতিৰ বান্দৰে যে ভেশচন কৰি ‘ৰঙা মলুৱা’ হ’বলৈ প্ৰয়াস কৰি খক্ খক্ শব্দ কৰি কৰি আছে – সেয়া মই বুজি নোপোৱা বুলি তেওঁক বুজাব বিচাৰিলেও তেওঁ জানো বুজিব যে মই একো বুজা নাই বা নুবুজাৰ অভিনয় কৰা নাই!!]

উত্তৰ ভাৰতৰ ৰঙা মলুৱা বান্দৰ আৰু দাক্ষিণাত্যৰ জটি!

* ৰেচাচ মেকাক আৰু ব’নেট মাকাকৰ বিষয়ে মোক অৱগত কৰোৱা গৱেষক ছাত্ৰী পদ্মজা তালুকদাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিলো।

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 15, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

July 6, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
Land of Missed Opportunities!

Land of Missed Opportunities!

July 5, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d