– তনয় চক্ৰৱৰ্তী |
পৃথিৱীৰ সকলোতকৈ উত্তৰৰ ভূমিখন্ড হ’ল গ্ৰীণলেন্ড। ২০২১ চনৰ আগষ্ট মাহত বিজ্ঞানীসকলে গ্ৰীণলেন্ডত গৱেষণা কৰা সময়ত এটা নতুন দ্বীপৰ সন্ধান পাইছে। গৱেষক সকলৰ মতে সেই দ্বীপটোৱেই হ’ল পৃথিৱীৰ সবাতোকৈ উত্তৰৰ স্থলভাগ। ইমানদিনে বৰফৰে ঢাক খাই আছিল সেই দ্বীপটো। বৰফ গলি যোৱাৰ ফলত দ্বীপটো বিজ্ঞানীসকলৰ দৃষ্টিগোচৰ হৈছে বুলি জানিব পৰা গৈছে।
গৱেষক সকলৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, কানাডা, ডেনমাৰ্ক আৰু নৰৱেৰ দৰে দেশবোৰে উত্তৰৰ দিশে অধিক অগ্ৰসৰ হৈ ৭০০ কিলোমিটাৰ বা ৩৬৫ মাইল উত্তৰৰ সমুদ্ৰত শ্বিপিং ৰুট, মাছ ধৰা কাম আদিত অত্যাধিক লিপ্ত হোৱা হেতুকে আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে উত্তৰৰ বৰফ গলি গলি এই দ্বীপ প্ৰকট হৈছে বাবেই আৱিষ্কাৰ কৰা সম্ভৱ হৈছে।
পোলাৰ এক্সপ্লোৰাৰ আৰু গ্ৰীণলেন্ডৰ আৰ্কটিক ষ্টেচন ফেচিলিটিৰ প্ৰধান মৰ্টেন ৰাশ্ব-এ কৈছে যে,’ নতুন দ্বীপ আৱিষ্কাৰ কৰিম, তেনে উদ্দেশ্য আমাৰ নাছিল। আমি মাথো নমুনা সংগ্ৰহ কৰিবলৈ সেই স্থানলৈ গৈছিলো।’ জানিব পৰা গৈছে যে তেওঁলোকে প্ৰথমতে ভাবিছিল ১৯৭৮ চনত ডেনমাৰ্কে আৱিষ্কাৰ কৰা ওডাক দ্বীপত উপস্থিত হৈছে। কিন্তু পিছত নিজৰ সঠিক অৱস্থান অনুসন্ধান কৰি বুজিবলৈ সক্ষম হয় যে তেওঁলোকে উত্তৰ-পশ্চিমৰ পৰা ৭৮০ মিটাৰ দূৰৈৰ এটা নতুন দ্বীপত অৱস্থান কৰিছে।
এই নতুন গৱেষণাৰ স্পনছৰ আছিল চুইজাৰলেণ্ডৰ ব্যৱসায়ী ক্ৰিস্টিন লেস্টাৰ। তেওঁ কৈছে, ‘ সকলোৱে আনন্দিত হৈছিল ওডাক দ্বীপত উপস্থিত হ’বলৈ পাই।’ এই ঘটনাই অতীতৰ অভিজ্ঞতালৈ ওভোতাই লৈ গৈছিল। ধাৰণা কৰা হৈছিল যে লক্ষ্য অনুযায়ী এক নিৰ্দিষ্ট ভূ-খন্ডত উপস্থিত হৈছে, কিন্তু পিছত দেখা গৈছিল যে সেয়া এক নতুন ভূ-খন্ড আৱিষ্কাৰ কৰা হ’ল! এইবাৰো সেয়াই হ’ল। সমুদ্ৰৰ বোকা-মাটি, শিলৰ টুকুৰা আদিৰে সৃষ্ট এই দ্বীপটোৰ আয়তন মাত্ৰ ৩০ মিটাৰ।
সমুদ্ৰপৃষ্ঠৰ পৰা এই দ্বীপৰ সবাতোকৈ উচ্চ স্থানৰ উচ্চতা হ’ল মাত্ৰ ৩ মিটাৰ। গৱেষকসকলে আৱেদন কৰিছে, এই নতুন দ্বীপৰ নাম ‘কাকাৰ্তাক আভাননাৰ্লেক’ ৰখা হওক। গ্ৰীণলেন্ডৰ স্থানীয় ভাষাত ইয়াৰ অৰ্থ হল, সকলোতকৈ উত্তৰৰ দ্বীপ। বিগত কিছু দশক ধৰি যুক্তৰাষ্ট্ৰৰ উদ্যোগত বিশ্বৰ সকলোতকৈ উত্তৰৰ ভূখণ্ডৰ সন্ধান কৰা অভিযান চলি আছে। ইতিপূৰ্বে ২০০৭ চনত আৰ্কটিক ডেনিছ স্মিথ-এ নতুন এই দ্বীপটোৰ কাষত অইন এটা দ্বীপ আৱিষ্কাৰ কৰা বুলি জানিব পৰা গৈছে। গৱেষক সকলৰ মতে কিছু দশক ধৰি বিশ্ব-উষ্ণায়নৰ প্ৰভাৱত গ্ৰীণলেন্ডত হাজাৰ হাজাৰ বছৰ ধৰি জমা হৈ থকা বৰফ গলা আৰম্ভ হোৱাৰ পিছত এনে ভূখণ্ডৰ সন্ধান পোৱা গৈছে। অৱশ্যে নতুনকৈ আৱিষ্কাৰ হোৱা এই ভূখণ্ডক দ্বীপ বোলা হ’ব নে অইন কিবা কোৱা হ’ব – এতিয়াও থিৰাং কৰা হোৱা নাই। কাৰণ দ্বীপ হবলৈ হ’লে অনবৰতে সমুদ্ৰপৃষ্ঠৰ ওপৰত থাকিব লাগিব, ডুবি গ’লে নহ’ব। বিজ্ঞানীসকলে দাবী কৰিছে যে এয়াই পৃথিৱীৰ উত্তৰ মেৰুৰ একেবাৰে অন্তিম ভূমি। তেওঁলোকৰ এই সন্ধান কাৰ্যৰ বিষয়ে ডেনমাৰ্কৰ ‘উইকেনডাভিচেন’ পত্ৰিকাত প্ৰকাশিত হৈছে।