-অঞ্জন শৰ্মা |
১৮২৬-১৯৪৭ চনৰ সময়ছোৱাৰ তথা ১৯৪৭-২০১৮ চনৰ সময়ছোৱাৰ অসমখনৰ বিষয়ে বিতংকৈ চিন্তা কৰি অতীতৰ গৌৰৱপূৰ্ণ ইতিহাসৰ ভিত্তিত সুপৰিকল্পিত পৰিকল্পনা গ্ৰহণ কৰি অসমখনক এক মৰ্যদাপূৰ্ণ অনন্য ভূ-খন্ড হিচাপে গঢ় দিবলৈ যাতে কাৰো আহৰিয়েই নহয়, ভাৰত ৰাষ্ট্ৰৰ তেনে এক ভয়ংকৰ ষড়যন্ত্ৰৰ বাবেই অসমৰ খিলঞ্জীয়া অসমীয়াই নিজৰ মূল সমস্যাৰ লগতে সাধাৰণ সমস্যাবোৰৰ বিষয়েও চিন্তা-চৰ্চা কৰিবলৈ আহৰি নোপোৱা হৈছে। উদাহৰণ স্বৰূপে, ‘অবৈধ বিদেশী’ৰ সমস্যাটো দেখাত মাত্ৰ ‘এটা সমস্যা’ যদিও সেই সমস্যাটোক কেন্দ্ৰ কৰিয়েই নেহৰু-লিয়াকৎ চুক্তি, ইন্দিৰা-মুজিব চুক্তি, জিন্নাৰ পৰিকল্পনা, মুছলিম লীগৰ সপোন, চাদুল্লাৰ ষড়যন্ত্ৰ, আমছু, গোলাম ওচমানীৰ ষড়যন্ত্ৰ, আব্দুল মুহিব মজুমদাৰৰ আচনি, PIP আচনি, অসম আন্দোলন, অশুদ্ধ ভোটাৰ তালিকা, ১৯৫১ চন সময়সীমা/১৯৬৭ চন সময়সীমা/১৯৭১ চন সময়সীমা, ১৯৫১ চন সময়সীমাক লৈ হোৱা ৮৫৫ জন শ্বহীদ আৰু ১৯৭১ চনক লৈ আন্দোলনৰ নেতৃত্বই কৰা অসম চুক্তি,আই-এম-ডি-টি, অসম চুক্তি ৰূপায়ণ কৰাৰ বাবে পুনৰ অইন এখন চুক্তি, অগপ দল, অগপ চৰকাৰ, আই-এম-ডি-টি বাতিল, ওকালতনামাত চহী কৰি ‘জাতীয় নায়ক’, D ভোটাৰ, নাগৰিকপঞ্জী, নাগৰিকপঞ্জীৰ নথিক লৈ বিবাদ, সংজ্ঞাহীন অসমীয়াৰ ‘সংজ্ঞা’হীনতা, বোকাত ফুলি উঠা পদুম আৰু অবৈধ বিদেশীৰ মাজৰ পৰা হিন্দু বিদেশীক বাচি বাচি উলিয়াই নাগৰিকত্ব দিবলৈ কৰা পৰিকল্পনাৰ দ্বাৰা অসমক পুনৰ ষড়যন্ত্ৰৰ বলি কৰা, বদৰুদ্দিন আজমলৰ উথ্থান, কোনোবা শিলাদিত্যক উচতাই দিয়া, জাতীয় নায়কৰ অখণ্ড নীৰৱতা, অগপৰ ভেকোভাওনা, হিন্দু বিদেশীৰ তৰ্জন-গৰ্জন, ……এনেদৰেই পাৰ হ’ল প্ৰায় ৩৯ টা বছৰ!! অইন সমস্যাৰ পিনে, কামৰূপ-অসম-কমতাৰ ইতিহাসৰ পিনে চকু দিবলৈ আহৰি ক’ত!! তাতে অসমত ইমানবোৰ উৎসৱ উদযাপন কৰাৰ বাবেও সময় জমা ৰাখিব লাগিব!
আজিৰ অসমত যদি কোনোবাই সুখূ-সন্তোষেৰে আছে, তেওঁলোক হ’ল ১৯৭১ চনলৈ অসমত প্ৰৱেশ কৰা আৰু অসম আন্দোলনৰ নেতৃবৃন্দই অসম চুক্তিৰ দ্বাৰা ‘নাগৰিকত্ব’ দিয়া বাংলাদেশীসকল -নেপালীসকল; মাৰোৱাৰী-বঙালী-বিহাৰী…; আৰু ৰাজনৈতিক (যি দলৰেই নহওক কিয়)দলৰ নেতাসকলৰ লগতে কিছুমান বিশেষ অৰাজনৈতিক দল-সংগঠনৰ নেতাসকল!! মৰ্মাহত হৈছো এইবাবেই যে আজি আমি যিমানেই চিঞৰি নাথাকো কিয়, এসময়ৰ অসমৰ ৰাজনৈতিক নেতাসকলে এসময়ৰ স্বাধীন অসমখনক বৃটিছৰ ‘ক্ষমতা-হস্তান্তৰ’ৰ সময়ত নিশ্চুপে থাকি যিদৰে ভাৰতৰ উপনিৱেশ কৰি পেলালে, একেদৰেই অতি সু-পৰিকল্পনাৰে বৰ্তমানৰ ভাৰতৰ-অসমৰ তথাকথিত ৰাজনৈতিক নেতাসকলেও অসমখনক উপনিৱেশৰ ভিতৰতেই অইন এক উপনিৱেশ কৰি অনতিপলমেই দ্বিতীয় ত্ৰিপুৰা অথবা বাংলাদেশৰ অংগ কৰাটো খাটাং -যিহেতু আজিৰ অসমত বদন বৰফুকন এজন নহয়, বহুজন !