-ড০ ৰাস্না ৰাজখোৱা |
তাপঃ গড় উষ্ণতা বৃদ্ধিৰ লগত প্ৰায়ে উদ্ভৱ হোৱা তাপ তৰংগৰ লগত উষ্ণতাৰ স্পষ্ট সর্ম্পক আছে৷ যেতিয়া তাপ তৰংগৰ উদ্ভৱ হয়, তেতিয়া তাৰ পৰিণাম কিমান ঋণাত্মক সেয়া জলজল পটপট৷ অধ্যয়নটোয়ে ইতিমধ্যে দেখুৱাইছে গোলকীয় উষ্ণীভৱনৰ চিহ্ন হিচাপে বর্তমানৰ জলবায়ুত মূখ্য তাপ তৰংগৰ ফলত গোলকীয় গড়তকৈ অতি উষ্ণীয় দিন দ্ৰুতভাৱে বৃদ্ধি পাইছে৷ জলবায়ু আর্হি ব্যৱহাৰ কৰি নতুন অধ্যয়নটোত উল্ল্যেখ কৰিছে বিশ্বৰ কিমান জনসাধৰণ তাপ তৰংগৰ মুখামুখীৰ পৰিৱর্তন কৰিব পাৰি৷ সংখ্যাটো বৃদ্ধি হ’ব 10% ৰ তলৰ পৰা 50% আবাসীলৈ, যদি 1.50 উষ্ণতা বৃদ্ধি হয়, আৰু 20 বৃদ্ধি হ’লে 70%তকৈ বেছি হ’ব৷
পৰিৱেশ তন্ত্ৰঃ উষ্ণতা বৃদ্ধি আৰু মহাসাগৰৰ পানী এচিডযুক্ত হোৱাৰ কাৰণে ইতিমধ্যে বিগত বছৰ কেইটাত প্ৰবাল দ্বীপ ক্ষতিগ্ৰস্ত হৈছে, বিৰঞ্জক হৈছে৷ দ্বীপটোৰ এটা অন্ধকাৰ ভৱিষ্যত প্ৰতিফলিত হৈছে, য’ত জলবায়ুৰ 20 ছেলচিয়াছ উষ্ণতা বৃদ্ধিয়ে বর্তমানৰ দ্বীপটোৰ 99% নোহোৱা কৰিব; কিন্তু 1.50 ছেলচিয়াছ উষ্ণতা বৃদ্ধিত দ্বীপটো অলপ হ’লেও ৰক্ষা পৰিব৷ তাৰ ক্ষতিৰ পৰিমাণ হ’ব 70% আৰু 90% ৰ মাজত৷ অন্য জীৱ-জন্তুৱেও সিহঁতৰ আবাস ভূমি হেৰুৱাব৷1.50 ছেলচিয়াছৰ পৰিৱর্তে 20 ছেলচিয়াছ উষ্ণতা বৃদ্ধিত জলবায়ু উপযোগী আবাস স্থল মেৰুদণ্ডী আৰু উদ্ভিদে হেৰুৱাৰ পৰিমাণ প্ৰায় দুগুণ হ’ব আৰু তিনিগুণ হ’ব অমেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত৷
উত্তৰ মেৰুঃ গোটেই গ্ৰহটো উষ্ণতাৰ তুলনাত উত্তৰ মেৰুৰ উষ্ণতা বৃদ্ধিৰ হাৰ ইতিমধ্যে প্ৰায় দূগুণ, যাৰ ফলত স্থায়ী তুষাৰৰ গলন হৈছে আৰু সাগৰৰ বৰফ ধীৰে ধীৰে গলিছে৷ 1.50 ছেলচিয়াছৰ পৰা 20 ছেলচিয়াছৰ অর্থ অতিৰিক্ত 1.50 নিযুতৰ পৰা 2.5 নিযুত বর্গ কিলোমিটাৰ স্থায়ী তুষাৰ লুপ্ত হোৱা৷ 1.50 ছেলচিয়াছৰ পৰা 20 ছেলচিয়াছৰ অর্থ উত্তৰ মহাসাগৰৰ প্ৰতি 100 বছৰত মুক্ত হ’ব লগা বৰফ প্ৰতি 10 বছৰত মুক্ত হ’ব৷
আহাৰ আৰু পানীঃ উষ্ণতা বৃদ্ধিয়ে মানুহে নির্ভৰ কৰা পানী আৰু খাদ্যলৈও সংকট কঢ়িয়াই আনিছে৷ 20 ছেলচিয়াছ উষ্ণতা বৃদ্ধি হ’লে, সাগৰত মাছ ধৰা দূগুণলৈ কমি যাব, পানীৰ সংকটত পৰিব মানুহ আৰু মাকৈ, ধান, ঘেঁহু উৎপন্নৰ হাৰ যথেষ্ঠ কমি যাব৷