-দিলীপ দৈমাৰী |
অসম আৰু মধ্যপ্ৰদেশৰ ফলাফল আশানুৰূপ হ’লেও সামগ্ৰিকভাৱে ভাৰতত হোৱা ২৯ টা বিধানসভা সমষ্টিৰ আসনত আৰু ৩ টা লোকসভাৰ সমষ্টিৰ আসনত ভোটৰ ফলাফলে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ বাবে উদ্বেগজনক হৈ পৰিছে। বিভিন্ন ৰাজ্যত বিজেপিয়ে জোকাৰণি খাইছে। অহাবছৰ যিবোৰ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন হ’ব, তাৰে ভিতৰত অন্যতম হ’ল হিমাচল প্ৰদেশ। উত্তৰ ভাৰতৰ এই পাৰ্বত্য ৰাজ্যৰ কেইখনমান আসনৰ উপ-নিৰ্বাচনে কোনো বিশেষ তাৎপৰ্য বহন নকৰে যদিও সেই ৰাজ্যত মুখ থেকেচা খোৱাটো অৱশ্যেই এক বৃহৎ সংকটৰ আভাস বহন কৰিছে। হিমাচল প্ৰদেশৰ ৩ খন বিধানসভা সমষ্টিৰ আসনত বিজেপি পৰাস্ত। মান্ডি লোকসভা আসনতো কংগ্ৰেছৰ প্ৰতিভা সিং বিজয়ী হৈছে। কংগ্ৰেছ নেতা বীৰভদ্ৰ সিঙৰ মৃত্যুৰ পিছত এই আসনৰ বাবে ভোট হৈছিল। গতিকে যিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অহা বছৰ অনুষ্ঠিত হ’ব, সেই ৰাজ্যৰ উপ-নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে শূণ্য আসন পোৱা বিষয়টো বিজেপিৰ বাবে বিপদজনক বাৰ্তা হৈ পৰিছে। একেদৰে ৰাজস্থানতো কংগ্ৰেছে দুখন বিধানসভা আসন দখল কৰিছে। ৰাজস্থানৰ কংগ্ৰেছৰ গোষ্ঠীদ্বন্দ আছিল বিশেষ আলোচনাৰ বিষয়। শচীন পাইলট আৰু অশোক গেহলটৰ মাজৰ ক্ষমতাৰ যুদ্ধত কংগ্ৰেছ হাইকমান্ড বিপৰ্য্যস্ত হৈ পৰা দেখা গৈছিল যদিও দুয়োখন আসনতে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈছে। অৰ্থাৎ, সেই দ্বন্দৰ দ্বাৰা কংগ্ৰেছৰ কোনো ক্ষতি নহ’ল। হাৰিয়ানাত চলি আছে কৃষক আন্দোলন। ১১ মাহ পাৰ হৈ সেই আন্দোলন এবছৰ হ’বৰ হৈছে। বিজেপিৰ মতে কৃষক আন্দোলনৰ কোনো প্ৰভাৱ নাই; কিন্তু দেখা গ’ল যে হাৰিয়ানাৰ এখন বিধানসভা আসনৰ উপ-নিৰ্বাচনত বিজেপি ধৰাশায়ী। আনকি কংগ্ৰেছ প্ৰাৰ্থীৰ উপস্থিতি স্বত্ত্বেও ইন্ডিয়ান লোকদল প্ৰাৰ্থী অভয় চৌতালাই ৬৫০০০ ৰ অধিক ভোটত জয়ী হৈছে। অৰ্থাৎ বিজেপিক কৃষক সমাজে সমৰ্থন কৰা নাই, কাৰণ চৌতালা হ’ল বিজেপিৰ মিত্ৰজোঁটৰ সঙ্গী বৰ্তমানৰ হাৰিয়ানাৰ উপ-মুখ্যমন্ত্ৰী দুষ্যন্ত চৌতালাৰ পিতৃ। বিজেপিক কৰ্ণাটকেও জোকাৰিছে। হাঙ্গানৰ আসনখন কংগ্ৰেছে আজুৰি লৈ গৈছে। মধ্যপ্ৰদেশৰ ফলাফল ভাল হ’লেও অপ্ৰত্যাশিতভাৱে কংগ্ৰেছৰ হাতত এখন গুৰুত্বপূৰ্ণ আসনত পৰাস্ত হৈছে। গতিকে জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্ৰেছৰ চোলা সলাই বিজেপিলৈ আহিলেও মধ্যপ্ৰদেশৰ ৰাজনীতিৰ ক্ষেত্ৰত সেয়া কোনো গুৰুত্বপূৰ্ণ ঘটনা হোৱা নাই, শিৱৰাজ চৌহানৰ ভাৱমূৰ্তি এতিয়াও বাহাল আছে। বঙ্গত প্ৰৱল জোকাৰণিৰে পুনৰ বিজেপি বিধ্বস্ত হৈ পৰিছে, আনকি শক্তিশালী হৈ থকা বুলি অনুমান কৰা উত্তৰবঙ্গতো বিজেপি উটি ভাঁহি গৈছে। বিজেপিৰ আমানত জব্দ হৈছে দিনহাটাত। বঙ্গৰ ৪ খন আসনতেই বিজেপি পৰাস্ত। অসমত কংগ্ৰেছৰ বিধায়ক আৰু এ-ইউ-ডি-এফৰ বিধায়কক তথা ভোটাৰক ‘সোণৰ হৰিণ’ৰ দিবাস্বপ্ন দেখুৱাই বিজেপিৰ চোলা পিন্ধাই জয়ী কৰিলেও সামগ্ৰিকভাৱে ভাৰতৰ ৰাজনৈতিক পৰিস্থিতিৰ পটভূমিত বিজেপিৰ নিদ্ৰাহৰণ হৈছে আৰু কংগ্ৰেছে সামান্য অম্লজান পাইছে আগন্তুক নিৰ্বাচনবোৰৰ পূৰ্বে।