• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

উৎসৱত মতলীয়া অসমীয়া

সঞ্জীৱ কুমাৰ নাথ

by Anjan Sarma
October 26, 2023
in Special Report
Reading Time: 5 mins read
0
উৎসৱত মতলীয়া অসমীয়া
Share on FacebookShare on TwitterShare on LinkedIn

উৎসৱত মতলীয়া অসমীয়া

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

১

(উৎসৱৰ আনন্দৰ ভিন্নতা)

আমাৰ সৰু চহৰখনৰ এজন মাৰোৱাৰী দোকানী। বয়স হৈছে, কাণখন কিছু গধুৰ হৈছে, কিন্তু দোকানত নবহাকৈ থাকিব নোৱাৰে। পুত্রই সুন্দৰকৈ দোকান চম্ভালিব পৰা হ’ল, কর্মচাৰীও কেবাজনো আছে। তথাপিও তেওঁ দিনটোৰ বেছি সময় দোকানতে পাৰ কৰে।

মই গুৱাহাটীত থাকো বাবে মাজে মাজে  গাঁৱৰ ঘৰলৈ আহিলেহে মোক লগ পায়, কিন্তু প্রত্যেকবাৰেই লগ পালে মোৰ খবৰ লয়। এইবাৰ পূজাৰ বন্ধত ঘৰলৈ যাওঁতে তেওঁৰ দোকানলৈ দিনত, পূজা চোৱা ৰাইজৰ ভীৰ কিছু কম থকা সময়ত চেগ বুজি যাবলগীয়া হৈছিল।

প্রতি বছৰে ভীৰৰ সংখ্যা বাঢ়িয়েই গৈ আছে : পূজা চোৱাৰ আনন্দত মতলীয়া জনতাৰ ভীৰ, হোটেল-ৰেষ্টোৰেন্টত খাবলৈ যোৱা মানুহৰ ভিৰ, স্থায়ী ৰেষ্টোৰেন্টৰ সমুখত নতুন ব্যৱস্থাৰে সাজু কৰা জেলেপী, খুৰমা আদিৰ অস্থায়ী দোকানলৈ সোঁত বোৱা ভক্ত-অভক্ত সকল, বিশ্বায়নৰ ধৌত আৰু প্রগতিৰ দৌৰত পেৰিছ-নিউ য়র্কৰ সৈতে ফেৰ মৰা ফেশ্যনৰ বস্ত্র/বিবস্ত্র(!) পৰিহিত যুৱক-যুৱতীৰ ভীৰ, হাতে হাতে বিভিন্ন প্রকাৰৰ এছল্ট ৰাইফল যেন লগা পুতলা বন্দুক ধাৰী আৰু নিজকে আৰনল্ড, ৰেম্ব’, খলি, অক্ষয় কুমাৰ, মহিষাসুৰ বুলি ভবা শিশু আৰু কিশোৰৰ ভীৰ, দশমীৰ দিনা গালত সেন্দুৰ সনা মহিলা আৰু কপালত সেন্দুৰ সনা পুৰুষৰ ফটো তুলিবলৈ কৰা হেতাওপৰাত ৰাস্তাত হোৱা যান-জঁট আৰু ভীৰ, উতুৱাবলৈ নিয়া প্রতিমাৰ সমুখত উদ্দাম নৃত্য কৰা, সুৰাৰ নিচাত বাটতে জিমনাষ্টিক কৰিবলৈ গৈ পৰি যোৱা যুৱকৰ দল……ভীৰ আৰু ভীৰ।

        ভীৰ কম থকা সময়ত তেওঁৰ দোকানলৈ গৈ দেখিলোঁ পূজাৰ সামগ্রীৰে দোকান ভৰি আছে। মোৰ কিনিব লগীয়া চাউল-দাইল জাতীয় বস্তু কেইপদৰ নাম আৰু পৰিমাণ লিখি এজন কর্মচাৰীক গটাই দি তেওঁ অন্য দিনাৰ দৰে মোৰ খবৰ সুধিলে।

চহৰৰ মাজেৰে যোৱা ৰাজআলিত চাৰি-লে’ন যুক্ত ৰাস্তাৰ কাম চলি থকা বাবে তেওঁলোকৰ দোকানখনৰ স্থান সলনি হৈছে। আগৰ সৰু দোকানখনৰ সলনি এতিয়া ওচৰৰে নতুন ঠাইত বৰ ডাঙৰ দোকান কৰিছে। প্রায় সমস্ত চহৰখনৰ মাৰোৱাৰী ব্যৱসায়ী সকলে নিজৰ নিজৰ সৰু দোকান এৰি এতিয়া বৰ ডাঙৰ ডাঙৰ দোকান কৰিছে।

বাটৰ কিছু ওচৰত থকা গাঁৱৰ মানুহৰ মাটি প্রায় আটাইখিনি এতিয়া এই ব্যৱসায়ী সকলে কিনি পেলাইছে। তেওঁলোকৰ মন্দিৰৰ ধ্বজা উৰিছে আকাশত।

        দোকানত থকা পূজাৰ বস্তুবোৰ দেখি মই সুধিলো : “ইমানবোৰ পূজাৰ বস্তু বিক্রী হ’বনে?”

মোৰ প্রশ্ন শুনি দোকানীৰ মুখত হাঁহি বিৰিঙি উঠিল। “এই আটাইবোৰতো বিক্রী হ’বই, এতিয়া আৰু নতুন পূজাৰ বস্তু আনিবহে লাগিব। এতিয়া দুর্গা পূজাৰ বস্তু বিক্রী হৈ আছে। ইয়াৰ পিছত আহিব লক্ষ্মী পূজা, তাৰ পিছত দিৱালী, তাৰ পিছত ছঠ পূজা…..তাৰ পিছত নিউ ইয়েৰছ, আমাৰ ইয়াত খ্রীষ্টমাছত বিক্রী সিমান বঢ়া নাই, কিন্তু মৰিয়নি, সৰু পথাৰত খ্রীষ্টমাছতো বহুত বিক্রী….”

সলসলীয়াকৈ অসমীয়া কোৱা তেওঁৰ বোৱাৰী সৰু পথাৰৰ। মিতিৰৰ ঘৰৰ দোকানত খ্রীষ্টমাছত বিক্রী বঢ়াৰ কথা চাগৈ তেওঁ শুনিছে। বোধকৰোঁ তেওঁলোকৰ কথা-বতৰাৰ মূল বিষয়-বস্তু হ’ল “বিক্রী কেনেকুৱা?”

তেওঁ ছঠ পূজাৰ কথাও কৈছিল, গতিকে মই সুধিলোঁ : “ছঠ পূজাতো আমাৰ ইয়াত বিক্রী ভাল হয় নেকি?”

“কি কৈছে? সাংঘাটিক বিক্রী ছঠ পূজাত। প্রতিবাৰে বাঢ়িয়েই আছে”।

উৎসৱত মতলীয়া অসমীয়া
ছঠ পূজা

মন কৰিলোঁ যে তেওঁৰ মুখৰ হাঁহিটোও বাঢ়িছে। তেওঁৰ বাবে নিউ ইয়েৰছ, খ্রীষ্টমাছ, দুর্গা পূজা আৰু কিবা পূজাৰ মাজত কি পার্থক্য? বিক্রী বিক্রীয়েই।

তেওঁৰ বাবে উৎসৱ মানেই বিক্রী। আৰু আমাৰ খাৰ খোৱা হিতাধিকাৰী, অ-হিতাধিকাৰী(!) সকলৰ বাবে উৎসৱ মানে বেলুন, বন্দুক, চীনা আলোক সজ্জা, ফাষ্ট ফুড, জেলেপী, খুৰমা, ভুজিয়া, মদ, মাংস, ভাং। তেওঁলোকৰ বাবে উৎসৱ মানে ঘৰ আৰু দোকান চাফ-চিকুণ কৰি, পূজা-পাতল কৰি লক্ষ্মীৰ আগমনৰ আনন্দ উপভোগ কৰা।

২

উৎসৱত মতলীয়া অসমীয়া
Photo by ArtHouse Studio on Pexels.com

(মানুহ সৃষ্টিৰ কাহিনী)

সপ্তদশ শতিকাৰ ইংৰাজ কবি জর্জ হার্বাটে তেওঁৰ এটা কবিতাত ভগৱানে মানুহ সৃষ্টি কৰাৰ কাহিনী কৈছে।

কবিতাটোৰ সৰল অনুবাদ :


ঘূর্ঘূৰী যন্ত্র

প্রথম যেতিয়া পৰমেশ্বৰে মানুহ সাজিছিল,

এগিলাচ আশীর্বাদ হাতত লৈ তেওঁ ক’লে,

“মানুহক সকলো দিওঁ, যিমান পাৰো ধালি দিওঁ।

সিঁচৰতি হৈ থকা বিশ্বৰ সকলো সম্পদ

গোট খাওক একেলগে”।

প্রথম আহিল শক্তি,

তাৰ পিছত সৌন্দর্য, তাৰ পিছত জ্ঞান, সন্মান, আনন্দ।

প্রায় সকলো ঐশ্বর্য শেষ হ’বলৈ ধৰাত ভগৱান ৰ’ল,

আৰু দেখিলে যে তেওঁৰ সকলো সম্পদৰ ভিতৰত

মাত্র বিশ্রাম আছে গিলাচৰ তলিত।

“যদি”, তেওঁ ক’লে,

“এই মুকুতাও দি দিওঁ মানুহক,

সি মোৰ সলনি মোৰ এই উপহাৰবোৰহে পূজিব;

প্রাকৃত জীৱনতেই সি সন্তুষ্ট হ’ব, স্বভাৱ জয় নকৰাকৈ;

এনেকৈ সৃষ্টিকর্ত্তা আৰু সৃষ্টি দুয়ো হাৰিব

তথাপি, বাকী সকলো সম্পদ ৰাখক সি,

কিন্তু অশান্তি, অতৃপ্তিত থাকক সি;

সি ধনী হৈও যেন হয় ভাগৰুৱা, যাতে

সমৃ্দ্ধিয়ে নহ’লেও অন্তত: ভাগৰে, অশান্তিয়ে

মোৰ বুকুলৈ ঠেলিব তাক”।

উৎসৱত মতলীয়া অসমীয়া

সহজেই ধৰিব পাৰি যে বহু সুখ সমৃদ্ধিৰ মাজতো যে মানুহ তৃপ্ত নহয়, সন্তুষ্ট নহয় তাৰ এক প্রকাৰৰ ব্যাখ্যা আছে ধার্মিক, খ্রীষ্টান কবি হার্বাটৰ এই কবিতাত।

        কিন্তু উৎসৱ-মতলীয়া অসমীয়া মানুহৰ সৃষ্টিৰ কথা হার্বাটৰ কবিতাটোত নাই। সেয়া এনেকৈ হৈছিল : হার্বাটে বর্ণনা কৰা দৰে সৃষ্টিকর্ত্তাই মানুহ সৃষ্টি কৰাৰ পিছতো তেওঁৰ হাতত মানু্হ গঢ়া মাটি অলপ থাকি গৈছিল। এনেয়ে পেলাই দিয়াতকৈ সেই মাটিকণেৰেও সৃষ্টিকর্ত্তাই এটা মানুহ সাজিলে।

এতিয়া এই নতুনকৈ সৃষ্টি কৰা মানুহজনক কি সম্পদ দিয়া হ’ব?

উৎসৱত মতলীয়া অসমীয়া

সম্পদেৰে ভৰা গিলাচৰ দ্রব্য ইতিমধ্যে মানুহ গঢ়োতে শেষ হৈছেই; মাত্র বিশ্রাম বা শান্তি-সন্তুষ্টিহে বাকী আছে। সেই সোপাতো মানুহক দিবলৈ সৃষ্টিকর্ত্তাৰ মন নায়েই (হার্বাটে সেই কথা তেওঁৰ কবিতাত কৈছেই), গতিকে এই নতুন মানু্টোক কি দিয়া যায় ভাবি চিন্তি শেষত সৃষ্টিকর্ত্তাই সেই শান্তি-সন্তুষ্টি দ্রব্যৰ এটা টোপাল তেওঁৰ নতুন সৃষ্টি অসমীয়াৰ গাত ধালি আশীর্বাদ কৰিলে যে “তোক এই মহামূল্যবান শান্তি-সন্তুষ্টি পূৰাকৈ দিয়া নাই যদিও এটা টোপাল দিছোঁ। তাৰ নিচাতে তই নাচি থাকিবি, পিকনিক কৰিবি, মতলীয়া হৈ থাকিবি—বিশেষকৈ উৎসৱ পাবর্ণত। আৰু তোৰ নিজৰ উৎসৱতে নহয়, আনৰ উৎসৱতো মতলীয়া হবি তই : পৰায়ে শাদী পে আদ্দুল্লা দিৱানা”।

৩

উৎসৱত মতলীয়া অসমীয়া

(আত্মকথা)

আমাৰ ককাৰ এজন ভায়েক আছিল। ককাৰ ভায়েক বাবে তেখেতো আমাৰ ককা। মানুহজন খঙাল। ককা-আইতাহঁতৰ পৰা যিধৰণৰ মৰম-স্নেহ সাধাৰণতে পোৱা যায়, এই ককাজনৰ পৰা সেইবোৰ আশা কৰাটো আমাৰ বাবে সম্ভৱ নাছিল।

আবেলি সময়ত যেতিয়া আমি সৰু ল’ৰা-ছোৱালীবোৰে হুলস্থুল কৰি খেলিবলৈ যাওঁ, প্রায়ে ককাক নিজৰ ঘৰৰ বাৰাণ্ডাত বহি থকা দেখোঁ। তেওঁৰ কাষত থাকে এডাল লাখুটি।

খোজ কাঢ়োতে ব্যৱহাৰ কৰা লাখুটিডালৰ যে অন্য ব্যৱহাৰো থাকিব পাৰে, আমি ভালদৰেই জানিছিলোঁ, আৰু আমি দৌৰা-ধাপৰা কৰি থাকিলেও তেওঁৰ আৰু তেওঁৰ লাখুটিৰ পৰা প্রয়োজনীয় দূৰত্ব বজাই ৰাখিছিলোঁ। আমাৰ হুলস্থুলত অতিষ্ঠ হৈ কেতিয়াবা ককাই লাখুটিডাল জোকাৰি গালি-শপনি পাৰে।

        এতিয়া বহুত দশক পাৰ হ’ল। যদি জীয়াই থাকোঁ, তেন্তে কিছু বছৰৰ পিছত নিজে সেই ককাৰ বয়সৰ হমগৈ। বয়সৰ লগে লগে ককাৰ দৰে খঙাল হৈ পৰিছো নেকি? যেনিয়ে যাওঁ তেনিয়ে দেখা দৃশ্যই দেখোন মূৰটো গৰম কৰি দিয়ে!

উৎসৱত মতলীয়া অসমীয়া

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 15, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
India’s Progress Highlighted in SDG Report 2026

India’s Progress Highlighted in SDG Report 2026

July 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d