উৎসৱত মতলীয়া অসমীয়া
সঞ্জীৱ কুমাৰ নাথ
১
(উৎসৱৰ আনন্দৰ ভিন্নতা)
আমাৰ সৰু চহৰখনৰ এজন মাৰোৱাৰী দোকানী। বয়স হৈছে, কাণখন কিছু গধুৰ হৈছে, কিন্তু দোকানত নবহাকৈ থাকিব নোৱাৰে। পুত্রই সুন্দৰকৈ দোকান চম্ভালিব পৰা হ’ল, কর্মচাৰীও কেবাজনো আছে। তথাপিও তেওঁ দিনটোৰ বেছি সময় দোকানতে পাৰ কৰে।
মই গুৱাহাটীত থাকো বাবে মাজে মাজে গাঁৱৰ ঘৰলৈ আহিলেহে মোক লগ পায়, কিন্তু প্রত্যেকবাৰেই লগ পালে মোৰ খবৰ লয়। এইবাৰ পূজাৰ বন্ধত ঘৰলৈ যাওঁতে তেওঁৰ দোকানলৈ দিনত, পূজা চোৱা ৰাইজৰ ভীৰ কিছু কম থকা সময়ত চেগ বুজি যাবলগীয়া হৈছিল।
প্রতি বছৰে ভীৰৰ সংখ্যা বাঢ়িয়েই গৈ আছে : পূজা চোৱাৰ আনন্দত মতলীয়া জনতাৰ ভীৰ, হোটেল-ৰেষ্টোৰেন্টত খাবলৈ যোৱা মানুহৰ ভিৰ, স্থায়ী ৰেষ্টোৰেন্টৰ সমুখত নতুন ব্যৱস্থাৰে সাজু কৰা জেলেপী, খুৰমা আদিৰ অস্থায়ী দোকানলৈ সোঁত বোৱা ভক্ত-অভক্ত সকল, বিশ্বায়নৰ ধৌত আৰু প্রগতিৰ দৌৰত পেৰিছ-নিউ য়র্কৰ সৈতে ফেৰ মৰা ফেশ্যনৰ বস্ত্র/বিবস্ত্র(!) পৰিহিত যুৱক-যুৱতীৰ ভীৰ, হাতে হাতে বিভিন্ন প্রকাৰৰ এছল্ট ৰাইফল যেন লগা পুতলা বন্দুক ধাৰী আৰু নিজকে আৰনল্ড, ৰেম্ব’, খলি, অক্ষয় কুমাৰ, মহিষাসুৰ বুলি ভবা শিশু আৰু কিশোৰৰ ভীৰ, দশমীৰ দিনা গালত সেন্দুৰ সনা মহিলা আৰু কপালত সেন্দুৰ সনা পুৰুষৰ ফটো তুলিবলৈ কৰা হেতাওপৰাত ৰাস্তাত হোৱা যান-জঁট আৰু ভীৰ, উতুৱাবলৈ নিয়া প্রতিমাৰ সমুখত উদ্দাম নৃত্য কৰা, সুৰাৰ নিচাত বাটতে জিমনাষ্টিক কৰিবলৈ গৈ পৰি যোৱা যুৱকৰ দল……ভীৰ আৰু ভীৰ।
ভীৰ কম থকা সময়ত তেওঁৰ দোকানলৈ গৈ দেখিলোঁ পূজাৰ সামগ্রীৰে দোকান ভৰি আছে। মোৰ কিনিব লগীয়া চাউল-দাইল জাতীয় বস্তু কেইপদৰ নাম আৰু পৰিমাণ লিখি এজন কর্মচাৰীক গটাই দি তেওঁ অন্য দিনাৰ দৰে মোৰ খবৰ সুধিলে।
চহৰৰ মাজেৰে যোৱা ৰাজআলিত চাৰি-লে’ন যুক্ত ৰাস্তাৰ কাম চলি থকা বাবে তেওঁলোকৰ দোকানখনৰ স্থান সলনি হৈছে। আগৰ সৰু দোকানখনৰ সলনি এতিয়া ওচৰৰে নতুন ঠাইত বৰ ডাঙৰ দোকান কৰিছে। প্রায় সমস্ত চহৰখনৰ মাৰোৱাৰী ব্যৱসায়ী সকলে নিজৰ নিজৰ সৰু দোকান এৰি এতিয়া বৰ ডাঙৰ ডাঙৰ দোকান কৰিছে।
বাটৰ কিছু ওচৰত থকা গাঁৱৰ মানুহৰ মাটি প্রায় আটাইখিনি এতিয়া এই ব্যৱসায়ী সকলে কিনি পেলাইছে। তেওঁলোকৰ মন্দিৰৰ ধ্বজা উৰিছে আকাশত।
দোকানত থকা পূজাৰ বস্তুবোৰ দেখি মই সুধিলো : “ইমানবোৰ পূজাৰ বস্তু বিক্রী হ’বনে?”
মোৰ প্রশ্ন শুনি দোকানীৰ মুখত হাঁহি বিৰিঙি উঠিল। “এই আটাইবোৰতো বিক্রী হ’বই, এতিয়া আৰু নতুন পূজাৰ বস্তু আনিবহে লাগিব। এতিয়া দুর্গা পূজাৰ বস্তু বিক্রী হৈ আছে। ইয়াৰ পিছত আহিব লক্ষ্মী পূজা, তাৰ পিছত দিৱালী, তাৰ পিছত ছঠ পূজা…..তাৰ পিছত নিউ ইয়েৰছ, আমাৰ ইয়াত খ্রীষ্টমাছত বিক্রী সিমান বঢ়া নাই, কিন্তু মৰিয়নি, সৰু পথাৰত খ্রীষ্টমাছতো বহুত বিক্রী….”
সলসলীয়াকৈ অসমীয়া কোৱা তেওঁৰ বোৱাৰী সৰু পথাৰৰ। মিতিৰৰ ঘৰৰ দোকানত খ্রীষ্টমাছত বিক্রী বঢ়াৰ কথা চাগৈ তেওঁ শুনিছে। বোধকৰোঁ তেওঁলোকৰ কথা-বতৰাৰ মূল বিষয়-বস্তু হ’ল “বিক্রী কেনেকুৱা?”
তেওঁ ছঠ পূজাৰ কথাও কৈছিল, গতিকে মই সুধিলোঁ : “ছঠ পূজাতো আমাৰ ইয়াত বিক্রী ভাল হয় নেকি?”
“কি কৈছে? সাংঘাটিক বিক্রী ছঠ পূজাত। প্রতিবাৰে বাঢ়িয়েই আছে”।
মন কৰিলোঁ যে তেওঁৰ মুখৰ হাঁহিটোও বাঢ়িছে। তেওঁৰ বাবে নিউ ইয়েৰছ, খ্রীষ্টমাছ, দুর্গা পূজা আৰু কিবা পূজাৰ মাজত কি পার্থক্য? বিক্রী বিক্রীয়েই।
তেওঁৰ বাবে উৎসৱ মানেই বিক্রী। আৰু আমাৰ খাৰ খোৱা হিতাধিকাৰী, অ-হিতাধিকাৰী(!) সকলৰ বাবে উৎসৱ মানে বেলুন, বন্দুক, চীনা আলোক সজ্জা, ফাষ্ট ফুড, জেলেপী, খুৰমা, ভুজিয়া, মদ, মাংস, ভাং। তেওঁলোকৰ বাবে উৎসৱ মানে ঘৰ আৰু দোকান চাফ-চিকুণ কৰি, পূজা-পাতল কৰি লক্ষ্মীৰ আগমনৰ আনন্দ উপভোগ কৰা।
২
(মানুহ সৃষ্টিৰ কাহিনী)
সপ্তদশ শতিকাৰ ইংৰাজ কবি জর্জ হার্বাটে তেওঁৰ এটা কবিতাত ভগৱানে মানুহ সৃষ্টি কৰাৰ কাহিনী কৈছে।
কবিতাটোৰ সৰল অনুবাদ :
ঘূর্ঘূৰী যন্ত্র
প্রথম যেতিয়া পৰমেশ্বৰে মানুহ সাজিছিল,
এগিলাচ আশীর্বাদ হাতত লৈ তেওঁ ক’লে,
“মানুহক সকলো দিওঁ, যিমান পাৰো ধালি দিওঁ।
সিঁচৰতি হৈ থকা বিশ্বৰ সকলো সম্পদ
গোট খাওক একেলগে”।
প্রথম আহিল শক্তি,
তাৰ পিছত সৌন্দর্য, তাৰ পিছত জ্ঞান, সন্মান, আনন্দ।
প্রায় সকলো ঐশ্বর্য শেষ হ’বলৈ ধৰাত ভগৱান ৰ’ল,
আৰু দেখিলে যে তেওঁৰ সকলো সম্পদৰ ভিতৰত
মাত্র বিশ্রাম আছে গিলাচৰ তলিত।
“যদি”, তেওঁ ক’লে,
“এই মুকুতাও দি দিওঁ মানুহক,
সি মোৰ সলনি মোৰ এই উপহাৰবোৰহে পূজিব;
প্রাকৃত জীৱনতেই সি সন্তুষ্ট হ’ব, স্বভাৱ জয় নকৰাকৈ;
এনেকৈ সৃষ্টিকর্ত্তা আৰু সৃষ্টি দুয়ো হাৰিব
তথাপি, বাকী সকলো সম্পদ ৰাখক সি,
কিন্তু অশান্তি, অতৃপ্তিত থাকক সি;
সি ধনী হৈও যেন হয় ভাগৰুৱা, যাতে
সমৃ্দ্ধিয়ে নহ’লেও অন্তত: ভাগৰে, অশান্তিয়ে
মোৰ বুকুলৈ ঠেলিব তাক”।
সহজেই ধৰিব পাৰি যে বহু সুখ সমৃদ্ধিৰ মাজতো যে মানুহ তৃপ্ত নহয়, সন্তুষ্ট নহয় তাৰ এক প্রকাৰৰ ব্যাখ্যা আছে ধার্মিক, খ্রীষ্টান কবি হার্বাটৰ এই কবিতাত।
কিন্তু উৎসৱ-মতলীয়া অসমীয়া মানুহৰ সৃষ্টিৰ কথা হার্বাটৰ কবিতাটোত নাই। সেয়া এনেকৈ হৈছিল : হার্বাটে বর্ণনা কৰা দৰে সৃষ্টিকর্ত্তাই মানুহ সৃষ্টি কৰাৰ পিছতো তেওঁৰ হাতত মানু্হ গঢ়া মাটি অলপ থাকি গৈছিল। এনেয়ে পেলাই দিয়াতকৈ সেই মাটিকণেৰেও সৃষ্টিকর্ত্তাই এটা মানুহ সাজিলে।
এতিয়া এই নতুনকৈ সৃষ্টি কৰা মানুহজনক কি সম্পদ দিয়া হ’ব?
সম্পদেৰে ভৰা গিলাচৰ দ্রব্য ইতিমধ্যে মানুহ গঢ়োতে শেষ হৈছেই; মাত্র বিশ্রাম বা শান্তি-সন্তুষ্টিহে বাকী আছে। সেই সোপাতো মানুহক দিবলৈ সৃষ্টিকর্ত্তাৰ মন নায়েই (হার্বাটে সেই কথা তেওঁৰ কবিতাত কৈছেই), গতিকে এই নতুন মানু্টোক কি দিয়া যায় ভাবি চিন্তি শেষত সৃষ্টিকর্ত্তাই সেই শান্তি-সন্তুষ্টি দ্রব্যৰ এটা টোপাল তেওঁৰ নতুন সৃষ্টি অসমীয়াৰ গাত ধালি আশীর্বাদ কৰিলে যে “তোক এই মহামূল্যবান শান্তি-সন্তুষ্টি পূৰাকৈ দিয়া নাই যদিও এটা টোপাল দিছোঁ। তাৰ নিচাতে তই নাচি থাকিবি, পিকনিক কৰিবি, মতলীয়া হৈ থাকিবি—বিশেষকৈ উৎসৱ পাবর্ণত। আৰু তোৰ নিজৰ উৎসৱতে নহয়, আনৰ উৎসৱতো মতলীয়া হবি তই : পৰায়ে শাদী পে আদ্দুল্লা দিৱানা”।
৩
(আত্মকথা)
আমাৰ ককাৰ এজন ভায়েক আছিল। ককাৰ ভায়েক বাবে তেখেতো আমাৰ ককা। মানুহজন খঙাল। ককা-আইতাহঁতৰ পৰা যিধৰণৰ মৰম-স্নেহ সাধাৰণতে পোৱা যায়, এই ককাজনৰ পৰা সেইবোৰ আশা কৰাটো আমাৰ বাবে সম্ভৱ নাছিল।
আবেলি সময়ত যেতিয়া আমি সৰু ল’ৰা-ছোৱালীবোৰে হুলস্থুল কৰি খেলিবলৈ যাওঁ, প্রায়ে ককাক নিজৰ ঘৰৰ বাৰাণ্ডাত বহি থকা দেখোঁ। তেওঁৰ কাষত থাকে এডাল লাখুটি।
খোজ কাঢ়োতে ব্যৱহাৰ কৰা লাখুটিডালৰ যে অন্য ব্যৱহাৰো থাকিব পাৰে, আমি ভালদৰেই জানিছিলোঁ, আৰু আমি দৌৰা-ধাপৰা কৰি থাকিলেও তেওঁৰ আৰু তেওঁৰ লাখুটিৰ পৰা প্রয়োজনীয় দূৰত্ব বজাই ৰাখিছিলোঁ। আমাৰ হুলস্থুলত অতিষ্ঠ হৈ কেতিয়াবা ককাই লাখুটিডাল জোকাৰি গালি-শপনি পাৰে।
এতিয়া বহুত দশক পাৰ হ’ল। যদি জীয়াই থাকোঁ, তেন্তে কিছু বছৰৰ পিছত নিজে সেই ককাৰ বয়সৰ হমগৈ। বয়সৰ লগে লগে ককাৰ দৰে খঙাল হৈ পৰিছো নেকি? যেনিয়ে যাওঁ তেনিয়ে দেখা দৃশ্যই দেখোন মূৰটো গৰম কৰি দিয়ে!
(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)
[Images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)