• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, February 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Environment

উৎসৱৰ আনন্দ আৰু প্ৰদূষণ

গৌতম শৰ্মা

by Admin
October 24, 2022
in Environment, Cultural, Lifestyle, Special Report
Reading Time: 3 mins read
0
উৎসৱৰ আনন্দ আৰু প্ৰদূষণ
Share on FacebookShare on TwitterShare on LinkedIn

উৎসৱ আৰু প্ৰদূষণ

গৌতম শৰ্মা

Gautam Sarma
গৌতম শৰ্মা

এতিয়া উৎসৱৰ বতৰ।

জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলি আনন্দ কৰাৰ সময়। পোহৰৰ উৎসৱ দিপাৱলীক আদৰাৰ হেতু সকলো ব্যস্ত।

RelatedPosts

Hate Speech: Turning the tide

Hate Speech: Turning the tide

February 1, 2023
Korean Beauty Hydrating Sheet Mask !

Korean Beauty Hydrating Sheet Mask !

January 31, 2023
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023

 উৎসৱকেন্দ্ৰিক প্ৰদূষণ তথা এই উৎসৱসমূহে আমাৰ চৌপাশৰ প্ৰাকৃতিক আৰু সামাজিক পৰিবেশৰ ওপৰত পেলোৱা নেতিবাচক প্ৰভাৱসমূহৰ কথাবোৰ এই ক্ষণত বৰকৈ আমাৰ মনলৈ আহিছে; যিসমূহ প্ৰভাৱে ইতিমধ্যে আমাৰ পৰা ক্ৰমশঃ বহু কিবাকিবি নি আমাৰ চৌপাশৰ প্ৰাকৃতিক আৰু সামাজিক বাতাবৰণক ব্যাপকমাত্ৰাত কলুষিত কৰি তুলিছে।

প্ৰকৃতি আৰু মানুহ – এটাৰ লগত আনটোৰ আছে এৰাব নোৱাৰা এক আদিম সম্পৰ্ক। কিন্তু আমি আজি বহুসময়ত এই উৎসৱৰ আনন্দত মচগুল হৈ প্ৰকৃতি আৰু মানুহৰ মাজত থকা সেই নিবিড় সম্পৰ্কৰ কথা পাহৰি প্ৰকৃতি আৰু মানুহৰ সম্পর্কলৈ প্ৰবল এক প্ৰত্যাহ্বান নমাই আনিছোঁ।

উল্লেখযোগ্য যে, দেৱীৰ মৃণ্ময় মূৰ্তিবোৰ সজাই-পৰাই আটকধুনীয়া কৰি পূজা-অৰ্চনা কৰাৰ বাবে আমি সাজু হৈছোঁ। যিবোৰ মূৰ্তিত কাঠ, বাঁহ, প্লাষ্টিক, বোকামাটি, খেৰ, মৰাপাট, প্লাষ্টাৰ অব পেৰিছ, থাৰম’ক’ল, নানা ধৰণৰ ৰং তথা সংশ্লেষিত পদাৰ্থবোৰ ব্যৱহাৰ কৰা হয়।

আকৌ এই মূৰ্তিবোৰক আটকধুনীয়াকৈ সজাবৰ বাবে সেইবোৰত বস্ত্ৰ, ফুল, অলংকাৰ, ফুলৰ মালা, সেন্দুৰ, তেল আদিকো প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰি অহা হৈছে; যিবোৰ মূৰ্তিক পূজাৰ শেষত নদ-নদীবোৰৰ প্ৰতিবছৰে বিসৰ্জন দি অহা হৈছে।

বিসৰ্জিত এই মূৰ্তিবোৰে নদীৰ পানী কিমান প্ৰদূষণ কৰি আহিছে সেয়া কিন্তু আমি এবাৰো ভাবি চোৱা নাই। যিটো দিশে আমাৰ পৰিৱেশৰ ভাৰসাম্যতালৈ দিনকদিনে প্ৰবল প্ৰত্যাহ্বান নমাই অনাটো ব্যাপকহাৰত দৃষ্টিগোচৰ হৈছে। বিশেষকৈ জল প্ৰদূষণ তথা জলজ জীৱ আৰু উদ্ভিদৰ ক্ষতিসাধনৰ লগতে নদীৰ বুকু বাম কৰি বানপানী সৃষ্টিতো এইসমূহ প্ৰত্যক্ষ কাৰক হিচাপে পৰিগণিত হৈছে।

উৎসৱৰ আনন্দ আৰু প্ৰদূষণ

মূৰ্তি বনাবৰ বাবে ব্যৱহাৰ হোৱা কাপোৰ, সংশ্লেষিত বিভিন্ন ৰঙৰ দ্ৰব্যবোৰ, প্লাষ্টাৰ অব পেৰিছ আৰু কৃত্ৰিম অলংকাৰসমূহত থকা ৰাসায়নিক তথা ধাতব পদাৰ্থসমূহ পানীত মিহলি হোৱাৰ ফলত এইবোৰে ব্যাপক জল প্ৰদূষণৰ সৃষ্টি কৰিছে। মূৰ্তিৰ গাত দিয়া ৰং, কাপোৰত ব্যৱহৃত ৰঞ্জকদ্ৰব্য তথা সেন্দুৰত অনেক তৰহৰ ধাতু বা ধাতুজাতীয় দ্ৰব্য যেনে সীহ, পাৰা, দস্তা বা জিংক, ক্ৰমিয়াম আদি থাকে। এই ধাতুবিলাকৰ অতি কম পৰিমাণে হ’লেও জীৱকূলৰ বাবে অপকাৰী।

গতিকে পানীত বিসৰ্জিত মূৰ্তিৰ পৰা এই সকলো অপকাৰী ধাতু পানীত মিহলি হৈ পানীৰ গূণাগুণ নষ্ট কৰি জলজ জীৱৰ ক্ষতি কৰে। সাধাৰণতে মূৰ্তিত ব্যৱহৃত মাটি কেঁচাকৈয়ে থাকিলে সি পানীত মিহলি হৈ যায়। পূজাত ব্যৱহৃত ফুল, প্ৰসাদ জাতীয় দ্ৰৱ্য আদিবোৰ জৈৱজাত সামগ্ৰী বাবে পানীত পৰাৰ পাছত এইবোৰ পছিবলৈ আৰম্ভ কৰে। পৰিমাণ বহু বেছি হয় বাবে, এইবোৰে ক্ৰমান্বয়ে পানীত থকা অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰি আনে।

উৎসৱৰ আনন্দ আৰু প্ৰদূষণ

একেদৰে বাঁহ বা সৰু সৰু কাঠৰ কাঠি, থাৰ্ম’ক’ল আদিবোৰ নদী বা হ্ৰদৰ তলিভাগত জমা হ’বলৈ ধৰে। অন্যহাতে পূজাৰ ব্যৱহৃত তেলজাতীয় সামগ্ৰীৰ তৈলাক্ত অংশই পানীৰ ওপৰত চামনি সৃষ্টি কৰাই নহয়, জলজ জীৱ যেনে মাছৰ শ্বাসাংগ অৰ্থাৎ ফুল আদিত একোটা চামনিৰ তৰপ পেলায়। ফলত এই জীৱবিলাকৰ শ্বসন প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়। তদুপৰি মূৰ্তি বিসৰ্জনৰ ফলত নদী বা হ্ৰদৰ পানীত দ্ৰৱীভূত গোটা পদাৰ্থ, অদ্ৰৱণীয় গোটা পদাৰ্থ আদিৰো মাত্ৰা বাঢ়ি, পানী অধিক ঘোলা হয়। ইয়াৰ ফলত জলভাগৰ ভিতৰলৈ প্ৰৱেশ কৰা  সূৰ্য্যৰ ৰশ্মিৰ পৰিমাণ কমি, শেলাই বা অন্য জলজ উদ্ভিদৰ সালোক-সংশ্লেষণ প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰে।

অন্যহাতেদি, পানীত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ ফলত অবাত শ্বসন প্ৰক্ৰিয়া আৰম্ভ হয় আৰু পানীৰ গোন্ধ, স্বাদ ক্ৰমে বেয়া হ’বলৈ ধৰে। ২০০৯ চনত গুৱাহাটীৰ কাছাৰী ঘাট আৰু পাণ্ডুঘাটত দূৰ্গাপূজাৰ মূৰ্তি বিসৰ্জনৰ আগত আৰু পাছত কৰা এক অধ্যয়ন অনুযায়ী মূৰ্তি বিসৰ্জনৰ পাছত এই দুই  স্থানত ব্ৰহ্মপুত্ৰৰ পানীত ১৮ শতাংশ অক্সিজেনৰ হ্ৰাস, পানীৰ অস্বচ্ছতা ৫০ শতাংশ অধিক তথা নিকেল আৰু দস্তাৰ দৰে গধুৰ ধাতুৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি হোৱাৰ কথা জানিব পৰা গৈছিল।

উৎসৱৰ আনন্দ আৰু প্ৰদূষণ

এই জল প্ৰদূষণৰ সমান্তৰালকৈ শব্দ আৰু বায়ু প্ৰদূষণো হৈছে শাৰদীয় দুৰ্গোৎসৱৰ অন্য এক নেতিবাচক দিশ। পূজা স্থলীসমূহত উচ্চ স্তৰত মাইক বজোৱা, বন্দুক-বৰুদ, ব’ম-ফটকা, পেঁপাৰ কাণ তালমৰা শব্দসমূহে বহুতকে বিপাঙত পেলায়। আকৌ দুৰ্গোৎসৱৰ ঠিক পিছতেই উদযাপিত দিপাৱলীৰ আতচবাজীয়ে অনা শব্দ আৰু বায়ু প্ৰদূষণৰ কথা নক’লেও সকলোৰে জ্ঞাত। সঁচাকৈ, পোহৰৰ এই উৎসৱটিক যেন আমি আজিও কেনেদৰে উদযাপন কৰিব লাগে তাক ভালদৰে জনা নাই!

কিয়নো এতিয়ালৈকে এবাৰো প্ৰদূষণমুক্ত দীপাৱলী পাতিবলৈ আমি সক্ষম হোৱা নাই। দীপাৱলীৰ আতচবাজীসমূহত মিহলি হৈ থাকে পটাছিয়াম নাইট্ৰেট, পটাছিয়াম ক্ল’ৰেট, পটাছিয়াম পাৰক্ল’ৰেট, এঙাৰ, ছালফাৰ, মেংগানিজ, ছডিয়াম অক্‌জেলেট, এলুমিনিয়াম আৰু আইৰণৰ গুড়ি, ষ্ট্ৰ্নছিয়াম নাইট্ৰেট তথা বেৰিয়াম নাইট্ৰেট আদিৰ দৰে উদ্বায়ী ৰাসায়নিক পদাৰ্থ। যিবোৰ জ্বলোৱাৰ ফলত প্ৰবল শব্দ প্ৰদূষণৰ সৃষ্টি কৰাৰ লগতে বায়ুমণ্ডলত সেইসমূহে বিষাক্ত গেছবোৰ এৰি দি আমাৰ চৌপাশৰ বায়ুক প্ৰদূষিত কৰি তোলে।

উৎসৱৰ আনন্দ আৰু প্ৰদূষণ

জ্বলন্ত আতচবাজীৰ পৰা ওলোৱা তথা উৎপন্ন হোৱা যৌগিক ক্ষুদ্ৰ কণিকা আৰু ধোঁৱাবোৰে প্ৰাণীকূলৰ শ্বাস-প্ৰশ্বাসলৈ অসুবিধা সৃষ্টি কৰে। অন্যহাতেদি এইসমূহ বিষাক্ত ধোঁৱা আৰু ধূলিকনাই উদ্ভিদৰ পাতৰ পত্ৰৰন্ধক বন্ধ কৰি দি সালোক-সংশ্লেষণ প্ৰক্ৰিয়াতো ব্যাঘাত জন্মায়। মুঠৰওপৰত, এইসমূহে আমাৰ চৌপাশৰ বায়ু, পানী, মাটি, শব্দ আদি সকলোকে প্ৰদূষণ ঘটাই আহিছে।

এতিয়া পূজা মানেই যেন বৰ্হিমুখী, জাকজমকতাপূৰ্ণ আৰু বিলাসীতা। পূৰ্বে যি উৎসৱে প্ৰকৃতিৰ সৌন্দৰ্য্যক নকৈ বিচাৰি চোৱাৰ সুযোগ দিছিল, এতিয়া সেইবোৰ উৎসৱত প্ৰকৃতিৰ অৱস্থিতি শতযোজন দূৰৈত। পূজা বুলিলেই ব্যৱহৃত অলেখ-অসংখ্য বিজুলী চাকি, উচ্চগ্ৰামৰ সংগীত, বিলাসী মণ্ডপৰ ধামখুমীয়াত আটাইতকৈ অপচয় হয় বিজুলী শক্তিৰ। ফলত পৰোক্ষভাৱে ই বিৰূপ প্ৰভাৱ পেলায় পৃথিৱীৰ সেউজ পৰিৱেশত। বিজুলী শক্তিৰ অপচয় মানেই অধিক কাৰ্বন-ডাই-অক্সাইড নিৰ্গমন আৰু পৰিৱেশৰ প্ৰদূষণ।

তদুপৰি অপচয় হয় খাদ্যসামগ্ৰীৰ, অপচয় হয় জলসম্পদৰ। আমি অনুধাৱন নকৰিলেও এনে অপচয়ৰ সামগ্ৰিক পাৰিৱেশিক পৰিণতি অতি গভীৰ আৰু বিপদজনক। সমাজ আছে মানে উৎসৱ থাকিবই। পিছে মন কৰিবলগীয়া কথাষাৰ হ’ল, এসময়ত এনে পূজা-পাৰ্বন আদিত ব্যৱহৃত সামগ্ৰীবোৰ আছিল কম ক্ষতিকাৰক বা ক্ষতিশূণ্য। মূৰ্তিত ব্যৱহৃত হৈছিল হেঙুল-হাইতালৰ দৰে প্ৰাকৃতিক ৰং, ফাকুৱাৰো ৰং আছিল প্ৰকৃতিদত্ত।

উৎসৱৰ আনন্দ আৰু প্ৰদূষণ

পিছে আজিৰ তাৰিখত বজাৰত উপলব্ধ আৰু বহুলভাৱে ব্যৱহৃত সামগ্ৰীবোৰৰ অধিকাংশই কৃত্ৰিম ভাৱে সংশ্লেষিত আৰু পৰিৱেশৰ বাবে প্ৰতিকূল। সেইবাবেই এনেবোৰ ক্ষেত্ৰত উৎসৱত মতলীয়া হোৱাৰ আগতে কিছু কথা আমি চিন্তা কৰি চোৱা উচিত।

মূৰ্তি নিৰ্মাণত যিমান পাৰি প্ৰাকৃতিক সামগ্ৰীৰ ব্যৱহাৰ, মণ্ডপত বিজুলী-বতিৰ সুচিন্তিত প্ৰয়োগ, প্ৰতীকি ৰূপত জলভাগত মূৰ্তি বিসৰ্জন দি উঠাই আনি সেই মূৰ্তিক ভালদৰে পেলাই দিয়া, সম্ভৱক্ষেত্ৰত কাঠ বা বাঁহৰ স্থায়ী মূৰ্তি নিৰ্মাণ, মণ্ডপ তথা মূৰ্তিৰ উচ্চতা বা আকাৰৰ ক্ষেত্ৰত নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ, পূজাত ব্যৱহৃত ফুল-তুলসী-ফুলৰ মালা আদিক পচন সাৰ নিৰ্মাণত ব্যৱহাৰ; নিম, নাৰ্জী, হালধি আদিৰ ৰঙক ফাকুৱাত ৰং হিচাপে প্ৰয়োগ; ফটকা-ব’ম আদিৰ বিক্ৰী নিয়ন্ত্ৰণ  আদিৰ জৰিয়তে উৎসৱৰ স’তে জড়িত বিপদবোৰকো নিয়ন্ত্ৰণ কৰিব পৰা যায়।

উৎসৱৰ আনন্দ আৰু প্ৰদূষণ

একেদৰে পৰম্পৰাৰ নামত নদীৰ দৰে অতি মূল্যৱান জলসম্পদক আৱৰ্জনাস্থলীলৈ ৰূপান্তৰিত কৰাৰ বিষয়টোতো নিয়ন্ত্ৰণ আৰোপ কৰাৰ প্ৰয়োজন। কিয়নো সত্যটো হ’ল, আমি কৰা প্ৰতিটো কামেই প্ৰকৃতি তথা আমাৰ পৰিৱেশক নানাধৰণে প্ৰতিকূলতাৰ মুখামুখী কৰিছে। গতিকে উৎসৱৰ বতৰত প্ৰকৃতিৰ এই দূৰ্গতিক নোহোৱা কৰিবলৈ প্ৰয়োজন সাপেক্ষে প্ৰচলিত ৰীতি-নীতিৰ সময়-সাপেক্ষ সংশোধন বা পৰিমাৰ্জনহে প্ৰকৃততে আধুনিকতা আৰু প্ৰগতিশীলতাৰ চানেকি।

উৎসৱৰ আনন্দ আৰু প্ৰদূষণ

প্ৰাকৃতিক পৰিৱেশৰ বিস্তৰ ক্ষতিসাধনৰ সমান্তৰালকৈ সামাজিক পৰিৱেশকো ওপৰোক্ত উৎসৱসমূহে বহু ক্ষতিসাধন কৰি আহিছে। বিশেষকৈ পূজাৰ নামত চলা অদ্ভুত বলি প্ৰথাই বহু জীৱ-জন্তু আৰু পক্ষীলৈ প্ৰবল সংশয় নমাই আনে। ঘৰচীয়া হ’লেও সেই অবুজ, অবোধ প্ৰাণীবোৰক ধৰ্মক দোহাই দি বলি দি নিজৰ মংগল বিচৰা কাৰ্য কেতিয়াও সামাজিকভাৱে সভ্য সমাজৰ দ্বাৰা স্বীকৃত আৰু মানৱীয় হ’ব নোৱাৰে।

যিবোৰ অৰ্থহীন ব্যৱস্থাই আমাৰ চৌপাশৰ সামাজিক পৰিৱেশৰ লগতে অৰ্থনৈতিক দিশটোকো যথেষ্ট পৰিমাণে দুৰ্বল কৰাত সহায় কৰি আহিছে। আকৌ উৎসৱৰ বতৰত তথা পূজা আহিলেই দেশীয়েই হওক, বিদেশীয়েই হওক বহুতেই ডিঙিত এটুপি নেপেলালে যেন তেওঁলোকৰ পূজাই নহয়; যিটো দিশে উৎসৱৰ বতৰত বহুসময়ত সামাজিক বিশৃংখলতা সৃষ্টিতো প্ৰভূত অৰিহণা যোগাই আহিছে।

উৎসৱ উদযাপনৰ প্ৰকৃতি যিয়েই নহওক ইয়াৰ মূল লক্ষ্য হোৱা উচিত শান্তি, সম্প্ৰীতি আৰু সমন্বয় স্থাপন তথা সমাজ সংগঠন। এইসমূহ উদ্দেশ্যৰ পৰা ফালৰি কাটি আহি উৎসৱ উদযাপন কৰিবলৈ গ’লে হিতে বিপৰীত হোৱাৰ সম্ভাৱনাই বহু বেছি; যিটো প্ৰবল হাৰত বৃদ্ধি হৈছে।

আমাৰ বোধেৰে, উৎসৱ মানেই উলাহ-আনন্দ, মন মুকলি হোৱাৰ সময়। গতিকে এই উৎসৱৰ বতৰত নিজৰ লগতে প্ৰকৃতিকো সুন্দৰ আৰু সেউজীয়া কৰি তুলিব পাৰিলেহে প্ৰকৃততে উৎসৱৰ অৰ্থ ৰক্ষা হ’ব;  আৰু সেইটোৱেই হৈছে মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আজিৰ পৰিৱেশ-পৰিস্থিতিৰ হকে আমাৰ এক বৃহৎ দাবী।

উৎসৱৰ আনন্দ আৰু প্ৰদূষণ

এতেকে দুৰ্গোৎসৱ আৰু আগন্তক পোহৰৰ উৎসৱ দীপাৱলী হওক সমন্বয়ৰ উৎসৱ। 

প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশক প্ৰদূষণ কৰিব পৰা দিশসমূহৰ পৰা সকলো আঁতৰি থাকি সকলোৱে প্ৰতিটো উৎসৱক আঁকোৱালি লওক, আনন্দমনেৰে উদযাপন কৰক।

[Images from different sources]

(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক, ফোন: ৯৯৫৪০-০০২০০)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Hate Speech: Turning the tide
Special Report

Hate Speech: Turning the tide

by Admin
February 1, 2023
0

Hate Speech UN Online hate speech might seem like an unstoppable tide, but strategies are being employed by governments, civil...

Read more
Korean Beauty Hydrating Sheet Mask !

Korean Beauty Hydrating Sheet Mask !

January 31, 2023
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

January 30, 2023
Indian Spirituality: Why is the West fond of it?

Indian Spirituality: Why is the West fond of it?

January 30, 2023
group of people in public toilet using smartphones

The Psychological Effects of Social Media!

January 30, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 2, 2023
অৰুজ হাকিমি, এগৰাকী আফগান সাংবাদিকৰ জীৱনৰ সঁচা তিক্ত কাহিনী

AFGHANISTAN: More than one year of Taliban!

February 1, 2023
Two years on from Myanmar military coup!

Deny legitimacy of Myanmar’s military junta

February 1, 2023
Hate Speech: Turning the tide

Hate Speech: Turning the tide

February 1, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    411 shares
    Share 164 Tweet 103
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    235 shares
    Share 94 Tweet 59
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    57 shares
    Share 23 Tweet 14
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    84 shares
    Share 34 Tweet 21
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    40 shares
    Share 16 Tweet 10
  • ইংৰাজী-প্ৰীতিয়ে কঢ়িয়াই অনা মাতৃভাষাৰ সংকট

    87 shares
    Share 35 Tweet 22
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    26 shares
    Share 10 Tweet 7
  • Hell on Earth: Russia is creating an ecological catastrophe in Ukraine

    88 shares
    Share 35 Tweet 22
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: