• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, February 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ঋতুস্ৰাৱ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ কথা

-ডা° সুকৃতি চৌধুৰী

by Admin
June 21, 2021
in Special Report
Reading Time: 1 min read
0
ঋতুস্ৰাৱ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ কথা
Share on FacebookShare on TwitterShare on LinkedIn

-ডা° সুকৃতি চৌধুৰী |

নমস্কাৰ বন্ধু-বান্ধৱী সকল

RelatedPosts

Hate Speech: Turning the tide

Hate Speech: Turning the tide

February 1, 2023
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
Indian Spirituality: Why is the West fond of it?

Indian Spirituality: Why is the West fond of it?

January 30, 2023

আপোনালোকৰ বহুতেই হয়তো কিশোৰী ছোৱালীৰ মাক বা দেউতাক ৷

উঠি অহা ছোৱালীবোৰক মাক-দেউতাকে বিজ্ঞানসন্মতভাৱে শিকাব লগা আটাইতকৈ জৰুৰী বিষয়টো হ’ল মাহেকীয়া ঋতুস্ৰাৱ সম্পৰ্কীয় বিজ্ঞানসন্মত কথাবোৰ ৷ দুখৰ কথা যে আমাৰ সমাজত এই বিষয়ে কোনেও একো আলোচনা কৰিব নোখোজে ৷ এটা বিৰাট লাজ লগা গোপন কথা বুলি অনাহকতে ছোৱালীজনীৰ শাৰীৰিক আৰু মানসিক বৃদ্ধিত বাধা জন্মায় ৷ মাহেকীয়া ঋতুস্ৰাৱৰ নামত কিমান যে ভুল ধাৰণা আছে  ৷  বিভিন্ন পৰম্পৰাৰ নাম লৈ ঋতুস্ৰাৱ হ’লে শাৰীৰিক আৰু মানসিক ভাৱে এজনী ছোৱালীক কত যে জুলুম কৰে প্ৰতিজনী নাৰীয়েই এই কথা জানে ৷

মোক বহুতেই এই প্ৰশ্ন কৰিছে যে তেখেতসকলৰ ছোৱালী ডাঙৰ হৈ আহিছে ৷ কিদৰে তাঁহাতক ঋতুস্ৰাৱ সম্পৰ্কীয় কথাবোৰ শিকোৱা হ’ব ??

ইয়াৰ উত্তৰত মই আপোনাক ক’ব খোজো যে — ড° গীতা বৰাৰ “Moon Time” নামৰ কিতাপখন যদি এজনী কিশোৰী ছোৱালীৰ হাতত তুলি দিয়ে ইয়াতকৈ অমূল্য উপহাৰ তাইৰ বাবে আৰু আন একোয়েই হ’ব নোৱাৰে ৷ Amazon ত order কৰি এই কিতাপখন মগাই অনাব পাৰিব ৷ এই কিতাপখনত কমিকচৰ নিচিনাকৈ ছবি আৰু কথাৰে ড° গীতা বৰাই ইমান সাৱলীলভাৱে ঋতুস্ৰাৱৰ বিজ্ঞানসন্মত কথাবোৰ শিকাইছে যে এই কিতাপখন পঢ়াতোয়েই এজনী ছোৱালীৰ Life time experience হ’ব পাৰে ৷ আপোনাক যদি তোলনি বিয়ালৈ নিমন্ত্ৰণ দিছে এই কিতাপখন উপহাৰ দিয়ক  ৷ আপুনি যদি ছোৱালী সন্তানৰ মা-দেউতা নহয়ো, তেতিয়াও এই কিতাপখন পৰিয়ালৰ মানুহৰ ছোৱালীহঁতক উপহাৰ দিয়ক ৷ বৰ উপকাৰ কৰা হ’ব ৷

ড°গীতা বৰা আৰু তেওঁৰ এই কিতাকখনক লৈ মই  অলপদিন আগতে এটা লেখা যুগুতাইছিলো ৷ আজি  সেই লেখাটো আপোনালৈ পুনৰ আগবঢ়ালো—–

এগৰাকী মহিয়ষী নাৰী, এটা সংগঠন আৰু এখন কিতাপঃ

শিৰোনামাত মই যি গৰাকী মহিয়ষী নাৰীৰ কথা উল্লেখ কৰিছো, তেখেত  হ’ল –ড° গীতা বৰা ৷ এখন কিতাপত তেখেতৰ নামটো দেখি প্ৰথম দৃষ্টিত মই তেখেতক চিকিৎসক বুলিহে ভাবিছিলো ৷ কাৰণ কিতাপখন আছিল মহিলা সকলৰ মাহেকীয়াৰ বিষয়ে আৰু নামৰ আগত Dr লিখা আছিল ৷ কিন্ত কিতাপ খন হাতত লৈয়েই মোৰ ভুল ভাগিল ৷ ৷ তেখেত এগৰাকী সুনামধন্য IT expert হে আছিল  ৷ কাৰিকৰী দিশৰ উচ্চ শিক্ষাৰে শিক্ষিত  ডক্টৰেট ডিগ্ৰী প্ৰাপ্ত এগৰাকী অ’তিশয় গুণী মহিলা ৷ তেখেতে সুদীৰ্ঘ 16 বছৰ কাল ভাৰত আৰু আমেৰিকাৰ IT sector ত উচ্চ পদবীত সুদক্ষতাৰে চাকৰি কৰি তাৰ পিছত নিজ ইচ্ছাৰে চাকৰিৰ পৰা পদত্যাগ কৰি জীৱনৰ এক অ’তিশয় মহান উদ্দেশ্যৰ দিশেৰে ধাৱমান হয় ৷ তেখেতৰ মহানতাৰ কথা ক’বলৈ এটা উদাহৰণেই যথেষ্ট যে –10 বছৰ ধৰি আমেৰিকাত Software architect হিচাপে কাম কৰি সুপ্ৰতিষ্ঠিত লোভনীয় চাকৰিৰ পৰা পদত্যাগ কৰি ড°গীতা বৰাই “Spherule Foundation” নামৰ এটা সামাজিক সংগঠন স্থাপনা কৰে ৷ এই সংগঠনটোৰ জৰিয়তে গ্ৰামীণ ভাৰতৰ দৰিদ্ৰ মহিলাৰ সেৱাৰ বাবে নিজকে সৰ্বাত্মক ভাৱে নিয়োগ কৰে ৷ এই সংগঠনৰ যোগেদি তেখেতে মহিলা সশক্তিকৰণৰ বাবে ব্যাপকভাৱে কাম কৰিবলৈ আৰম্ভ কৰে আৰু সামাজিক কু-প্ৰথা, আচাৰ-নীতি তথা অন্ধ বিশ্বাসৰ বিৰূদ্ধে সোচ্চাৰ হৈ উঠে।সেয়া আছিল 2016 চনৰ কথা ৷ এই সংগঠনে মহিলাৰ মাহেকীয়া ঋতু (menstruation) সন্দৰ্ভত নাৰী সকলৰ মাজত বিৰাট জনজাগৰণ সৃষ্টিৰ বাবে উঠি-পৰি লাগিছে ৷ “Lets talk about period– teach India programme” ৰ অধীনত তেওঁলোকে গাৱে-ভূঞে মহিলা সকলক বিজ্ঞানসন্মত শিক্ষা দি ফুৰিছে, এই সম্পৰ্কীয় স্বাস্থ্যৰ সমস্যাবোৰ জানি লৈ সমাধান কৰিছে আৰু ব্যাপকহাৰত চেনিটেৰী নেপকিন যোগান ধৰি ইয়াৰ ব্যৱহাৰ শিকাইছে ৷

তদুপৰি মহিলাৰ মাহেকীয়া হোৱাৰ বিষয়ে থকা সকলো ধৰনৰ অন্ধ বিশ্বাসৰ বিৰুদ্ধে তেওঁলোকে সৰ্বাত্মকভাৱে অভিযান চলাইছে ৷

পশ্চিম ভাৰত আৰু উত্তৰ ভাৰতৰ বহুতো ভিতৰুৱা ঠাইৰ অনগ্ৰসৰ মহিলা সকলৰ মাজত তেখেতৰ কামে ব্যাপক বিস্তাৰ লাভ কৰিছে ৷ এইবোৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ মহিলাৰ তেখেত নয়ণৰ মণি ৷

আমেৰিকাত কৰি থকা উচ্চ চাকৰি আৰু নিজৰ সকলো সুখ-ভোগ ত্যাগ কৰি অনগ্ৰসৰ নাৰী সকলৰ স্বাস্থ্য সজাগতা সৃষ্টি কৰাতোকে জীৱনৰ ব্ৰত হিচাপে লোৱা শ্ৰীযুতা বৰাক বিভিন্ন সন্মানেৰে সন্মানিত কৰা হৈছে ৷ মহাৰাষ্ট্ৰত ড° গীতা বৰাক Pad Hero award দি সন্মানিত কৰা হৈছে ৷ ষ্টেজত তেখেতক এই বটা প্ৰদান কৰিছিল অভিনেতা অক্ষয় কুমাৰে ৷

আমাৰ চুবুৰীয়া বেংগলে তেখেতক BD অকাডেমী পুৰস্কাৰেৰে সন্মাণ জনাইছে ৷

আপুনি ইউ টিউবত Dr Geeta Bora বা Spherule Foundation বুলি বিচাৰি চালে তেখেতৰ সামাজিক কাম-কাজৰ সন্দৰ্ভে জানিব পাৰিব ৷

এতিয়া আহো ৰাইজৰ হিতাৰ্থে ক’ব খোজা এটা বিষয়লৈ ৷ ড° গীতা বৰাই “MOON TIME” নামৰ এখন এনে কিতাপ লিখি উলিয়াইছে যিখনে আপোনাৰ কণমানি ছোৱালীজনীৰ জীৱনত বহুত ভাল প্ৰভাৱ পেলাব পাৰে ৷ এই কিতাপ খন ইমান সহজ ভাষাৰে আৰু কমিকছৰ ৰূপত বনাইছে যে আঠ ন বছৰীয়া ছোৱালীজনীয়েও আগ্ৰহেৰে পঢ়িব ৷ এই কিতাপ খনত কমিকছৰ ৰূপত তেখেতে এজনী ছোৱালীয়ে তোলনি হৈ হোৱা সকলো আশংকা দুৰ কৰিছে ৷  “মাহেকীয়া কি, কিয় হয়, কেনেদৰে চলিব লাগে” আদি প্ৰতিটো কথা বিজ্ঞান সন্মত ভাৱে ইমান সৰলতাৰে বুজাই দিছে যে  প্ৰতিজনী ছোৱালীক মাক-দেউতাকে এই কিতাপ খন আনি দিয়া উচিত ৷ মোৰ বিচাৰেৰে সমসাময়িক কালত ভাৰতত যিমানবোৰ কিতাপ প্ৰকাশ হৈছে, তাৰ ভিতৰত এই  কিতাপ খনেই হ’ল এজনী কিশোৰীৰ কামত আহিব পৰা সৰ্বশ্ৰেষ্ঠ কিতাপ ৷

MOON TIME কিতাপখন আপুনি 199 টকা মূল্যত AMAZON ত পাব ৷ লাজ সংকোচ এৰকচোন ৷ আপুনি যদি কন্যা সন্তানৰ পিতৃ বা মাতৃ, আজিয়েই এই কিতাপখন আপোনাৰ ছোৱালীক আনি দিয়ক ৷ গোটেই জীৱনৰ বাবে তাইৰ দৰকাৰী বিষয় এটাত আটাইতকৈ ভাল শিক্ষা পাব ৷ তদুপৰি আপুনি কোনো কিশোৰীক এই কিতাপ খন উপহাৰ দি তাইক এটা বহুত ডাঙৰ উপকাৰ কৰিব পাৰে ৷

পুণে (মহাৰাষ্ট্ৰ) ৰ পৰা অসম মুলুকলৈ  ড° গীতা বৰাক আমন্ত্ৰণ জনাই তেখেতৰ সজ কাম খিনি আমাৰ নাৰী সকলৰ মাজলৈকো সম্প্ৰসাৰিত কৰিলে বহুতো জনহিতকৰ কাম হ’ব ৷৷

ড° গীতা বৰাৰ “MOON TIME” কিতাপখন অনতিপলমে অসমীয়ালৈ অনুবাদ হ’ব

 লাগে । আপোনালৈ বুলি ড° গীতা বৰা আৰু MOON TIME কিতাপ খনৰ ফটো সংলগ্ন কৰিলো ৷

ধন্যবাদ

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: ঋতুস্ৰাৱকিশোৰী ছোৱালী
Admin

Admin

Related Posts

Hate Speech: Turning the tide
Special Report

Hate Speech: Turning the tide

by Admin
February 1, 2023
0

Hate Speech UN Online hate speech might seem like an unstoppable tide, but strategies are being employed by governments, civil...

Read more
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
Indian Spirituality: Why is the West fond of it?

Indian Spirituality: Why is the West fond of it?

January 30, 2023
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

January 29, 2023
ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী

ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী

January 29, 2023
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

January 27, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
কমতাপুৰ ধ্বংস কাব্য

কমতাপুৰ ধ্বংস কাব্য

February 2, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

February 2, 2023
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 2, 2023
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 2, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    427 shares
    Share 171 Tweet 107
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    236 shares
    Share 94 Tweet 59
  • ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ ‘অসম বুৰঞ্জী’

    63 shares
    Share 25 Tweet 16
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    62 shares
    Share 25 Tweet 16
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    59 shares
    Share 24 Tweet 15
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    89 shares
    Share 36 Tweet 22
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    63 shares
    Share 25 Tweet 16
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • “মে ডাম মে ফী “– এটি দৃষ্টি …

    50 shares
    Share 20 Tweet 13
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: