–মানস প্ৰতিম কলিতা |
মুম্বাইত কোনো তাৰকাৰ পুতেকক ৰেইভ পাৰ্টিত ড্ৰাগছৰ সৈতে নাৰক’টিক্স ব্যুৰোই ধৰা পেলাইছে। গ্ৰেপ্তাৰো কৰিছে। মূহুৰ্তৰ ভিতৰতে ছালমান খানে ‘এই বাবেই বিয়া কৰোৱা নাই’ বুলি প্ৰফেশ্যনেল মীমাৰে মীমবর্ষণ কৰিছে। ইয়াৰ লগতে এবিধ মাৰাত্মক ট্ৰ’লযুক্ত ফটোও মাৰ্কেটত তহলি ফুৰিছে। অভিনেতা আৰ মাধৱনে নিজ পুতেকৰ সৈতে লগুণ পৰিহিত অৱস্থাত কিবা খাবলৈ লৈছে, মাধৱনৰ পুতেকে ডবা খেল নে কিহবাত লাভ কৰা কৃতিত্বক ৰেইভ পাৰ্টিত ধৃত যুৱকজনৰ ‘স্খলন’ৰ সৈতে তুলনা কৰা হৈছে, আৰু ল’ৰা ছোৱালীক আপডাল কৰাত পিতৃ মাতৃৰ ভূমিকা জাতীয় মৰেল লেক্সাৰ অলপ জৰা হৈছে। সংবাদ মাধ্যম ৰজনজনাই গৈছে ইটোমধ্যে।
এইটো এটা বাতৰি হ’লনে? নে এইটো এটা নিৰ্ঘাত নিঅ’ লিবাৰেল জ’ক? একবিংশ শতিকাত মুম্বাইহেন পীঠত ভাৰত বৰিষৰ ভিতৰতেই টপ টেন ধনাঢ্য তাৰকাৰ পুতেকক ৰেইভ পাৰ্টিত নাপাই ক’ত পাব বাৰু? গোঁসাইঘৰত? ভাদমহীয়া কীৰ্তনত? ড্ৰাগছ নলৈ কি মাহ প্ৰসাদ, কল মগু খাব? এইটোত এৰেষ্ট কৰিবলগীয়া কি আছে বুজা নাই। খোদ ‘চীফ … অফ ইণ্ডিয়া’ক অকলে কোনো নথকাত মাতি আনি ইয়াৰ ন্যায্যতা সম্পৰ্কে সুধিলে ‘কেলা’ বুলি ক’ব। (বহুতৰ মাথা বেয়া হৈ গৈছে, ড্ৰাগছ লোৱা মানুহক অপেনলি চাপোৰ্ট কৰে মতিচ্ছন্নই, এনাৰকীষ্ট!)
ড্ৰাগছে খাই পেলালে সমাজখন, সুৰাত ধ্বংস হৈ গ’ল বহু পৰিয়াল, কনকলতা মহিলা সমিতিৰ দ্বাৰা অবৈধ চুলাইৰ ঘাটি উচ্ছেদ, ড্ৰাগছৰ ঘাটি লণ্ডভণ্ড, নিহত দুজন- এইবোৰ বিশুদ্ধ গাজা। মধ্যবিত্তীয় সাৰশূন্য নৈতিকতা ভাৰ্চেছ নিঅ’ লিবাৰেল ইক’নমী। নৈতিকতাৰ ভণ্ডামীৰে সংপৃক্ত ভাৰতীয় সমাজত ড্ৰাগছ, মদ, যৌনতাই একমাত্ৰ মৌলিক প্ৰপঞ্চ যিয়ে ‘সমাজ’খন ‘খুলি খুলি’ খায়। ভণ্ডামি আৰু আত্মপ্ৰবঞ্চনাত আকন্ঠ ডুব গৈ থকা ভাৰতীয় সমাজত সেয়েহে এইবোৰক লৈ উত্তেজনা অহৰহ। ফ্ৰী মাৰ্কেট ইক’নমীৰ দ্বাৰা সৃষ্ট এটা নিৰাপত্তাহীন কামত নিয়োজিত হৈ থকা মানুহ এটাৰ বাবে মদৰ বাহিৰে আৰু বিকল্প কি? লোনৰ ইন্সটলমেণ্ট অহা মাহত দিব পাৰিবনে নাই, চেলছ টাৰ্গেট পূৰণ কৰিব নোৱাৰিলে ছোৱালীজনীৰ স্কুলৰ অহা মাহৰ ফীজ দিব পৰা যাবনে নাই বুলি মূৰৰ চুলি পকোৱা আৰু সৰুওৱা মানুহজনৰ সন্মুখত নিচাৰ বাহিৰে অইন কি বিকল্প থাকে? তাতে আকৌ দামী মদ কিনিব নোৱাৰা সকলে লোকেল চুলাই খায়, তাতো মহিলা সমিতিৰ ভিজিলেন্সৰ উৎপাতত ধাৰ কৰি IBৰ ভুচি মাল খাবলগীয়া হয়। (মগজুৰ পাৰাস্তম্ভ বকবককৈ উতলিবলৈ লৈছে বহুতৰ, চুলাই মদে ঘৰে ঘৰে অশান্তিৰ সৃষ্টি কৰা ‘দেখ দেখ’ প্ৰমাণ আছে, তাতেও সমস্যা দেখে, অধইছ!)
মানুহে মদ খাই মাতলামী কিয় কৰে? কিছুমানে কিয় নকৰে? কিছুমানে কিয় চিঞৰে? কিছুমানে কিয় নিচিঞৰে? এইবোৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে? শিক্ষা দীক্ষা, সামাজিক দায়িত্ববোধ, ন্যায়, মূল্যবোধ এইবোৰ সামূহিকভাৱে চৰ্চা কৰিবলৈ ৰাষ্ট্ৰই কি সবকেই সমানে সুবিধা দিছে? সমাজত উপাৰ্জনৰ ক্ষেত্ৰত আকাশ পাতালৰ বৈষম্য থাকোতে ঈৰ্ষা, ক্ষোভ, আক্ষেপৰ সৃষ্টি নহ’বনে? নিৰাপত্তাহীন ভৱিষ্যত এটাত জীৱনৰ প্ৰতি মোহ হেৰুৱাই পেলোৱা মানুহ এজনৰ পৰা সমাজে শালীন কিবা আচৰণৰ আশা কেনেকৈ কৰিব পাৰে? অৱশ্যে এই শালীন অশালীন ব্যৱহাৰৰ পৰিভাষা মধ্যবিত্তীয় নিৰাপদ স্থানৰ পৰাই নিৰূপণ কৰা হয় আৰু এই ‘শালীন’ কিবাটোৰ আশাও তেওঁলোকেই কৰে। অসমান ব্যৱস্থা এটাত ন্যায়, শালীন, অশালীন ইত্যাদিও অসমান।
বাকী থাকিল সন্তানক প্ৰতিপালন কৰা কাৰবাৰটো। মীমটোত দেখুৱাইছে সংস্কৃতিবান পৰিয়ালৰ একান্ত বাধ্য সন্তানে পিতৃয়ে দেখুওৱা বাটেৰে আগুৱান হৈ সুনাম কৰিছে (আৰ মাধৱনৰ পুতেক) আৰু খান চাহাবৰ পুতেকে স্খলিত হৈ নিজৰ বাপেকৰ সন্মান লাঘৱ কৰিছে। এই বাপেকৰ সন্মান লাঘৱ কৰা, বৃদ্ধি কৰা এইটোৱেই যত কূটৰ ঘাই। অতিৰক্ষণশীল সামন্তীয় ব্যৱস্থা এটা সংস্কৃতিৰ নামত লালন কৰি থাকি পশ্চিমীয়া লংপেন্ট পিন্ধি মদ আৰু যৌনতাক গালি পাৰি থকাটোৱেই ভাৰতৰ মধ্যবিত্তৰ মৌলিক আচৰণ। নিঅ’ লিবাৰেল জগতৰ অন্যতম আইৰণি এইটোৱেই যে ‘সংস্কৃতিবান’ পিতৃ মাতৃয়ে সন্তানক ব্ৰহ্মচৰ্য ব্ৰতত দীক্ষিত হোৱাত জোৰ দি থাকোতে ইপিনে সন্তানে অয়োত পুৰামাত্ৰে যৌৱন উদযাপন কৰি আহে। গম পোৱাৰ পিছত ওচৰ চবুৰীয়া আৰু পিতৃ মাতৃয়ে কপাল চপৰিয়াই ‘সংস্কৃতি’ ৰসাতলে গ’ল, সন্তান জহন্নামে গ’ল বুলি ৰাওচি জোৰে। আৰে ভাই, নব্য উদাৰবাদে তোমাৰ শুচিবায়ুগ্ৰস্ততাক কেয়াৰ নকৰেতো।
শেষ কথা, অৰ্থনীতিয়ে নচুৱাই থকা অস্থিৰ, ভাৰসাম্যহীন, নিৰাপত্তাহীন পৰিস্থিতিত ড্ৰাগছ লোৱা, ৰাস্তাত মাৰপিট কৰা, মটৰ দুৰ্ঘটনা কৰি হাত ভৰি ছিঙি দিয়া ঘটনা ঘটিয়েই থাকিব।