এইবোৰ ভাবি চাবৰ ব’হাগে বতৰ কিজানি!
যুগান্ত বায়ন

“গীতা”ত শ্ৰীকৃষ্ণই কৈছে – “পৃথিৱী পৰিৱৰ্তনশীল। বস্তু আৰু পৰিস্থিতি সময় সাপেক্ষে সলনি হ’বই, আমি আমাৰ চৌপাশৰ মানুহ বা অনান্য পৰিস্থিতি সদায় একে থাকিব বুলি আশা কৰিব নালাগে। সময়ৰ লগে লগে সকলো সলনি হয়। সেই পৰিৱৰ্তন আমি গ্ৰহণ কৰিব লাগিব।”
কিন্তু শ্ৰীকৃষ্ণৰ শাশ্বত বাণীক মান্যতা প্ৰদান কৰাটো আমাৰ সজ আৰু নৈতিক দায়িত্ব। কিন্তু পৰিৱৰ্তনৰ নামত এটা জাতিৰ স্বকীয়তা আৰু পৰম্পৰাক বিসৰ্জন দিয়াৰ যি এক অঘোষিত প্ৰতিযোগিতা সম্প্ৰতি বিহু পালনৰ নামত আৰম্ভ হৈছে, সেই প্ৰতিযোগীতাই জাতিটোক কোন দিশে লৈ যোৱাৰ অগ্ৰসৰ হৈছে, সেই কথা ভাৱি গা-মন শিয়ৰি উঠে।

বিহুৰ সাংস্কৃতিক মঞ্চত মাৰ্জিতভাৱে গীত পৰিৱেশন কৰা গায়কক অশ্লীল ভাষাৰে আক্ৰমণ কৰা দৃশ্য যেতিয়া দৃশ্যমান হয়, তেতিয়া ভাৱ হয় অসমীয়া জাতিটো জীয়াই থাকিবনে! বোকা-ধূলি নৃত্যৰে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব খোজা “বিহু সন্মিলন”ৰ অনুষ্ঠানসমূহ আজি ইন্টাৰনেটত যুগত তাৎক্ষণিকভাৱে সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰে।
তেতিয়া ভাৱ হয়- অসমৰ একালৰ তেজাল ডেকা শক্তিয়ে পৃথিৱী কপুৱা গণ আন্দোলনৰ মূহুৰ্তবোৰলৈ। সেয়েহে সুধাকণ্ঠৰ গীতেৰে ক’ব মন যায়- “আজিৰ সমাজৰ নতুন পুৰুষৰ জাননে কি হ’ল ভাই? প্ৰগতিৰ জখলা বগাইছে হবলা, তেনেহে’ন লাগিছে ককাই। উহো নহয় নহয় নহয় ঘনে প্ৰতি ক্ষণে প্ৰতি উজুতিহে খায়।”
ঠিক এনেধৰণৰ পৰিৱৰ্তনৰ ধাৰাবাহিকতা ৰক্ষা কৰি ১৯৭৮ চনৰ পৰা হাউলীত সদৌ হাউলী বিহু সন্মিলন সমিতিৰ উদ্যোগত ব’হাগী বিদায়ী পালন ব্যাপক পৰিসৰত আৰম্ভ হৈছিল।
এই ব’হাগী বিদায়ী পালনত উদ্যমী জাতীয়তাবাদী নেতা প্ৰয়াত নিশিথ দাসে নেতৃত্ব লৈছিল। প্ৰয়াত প্ৰাক্তন পৌৰপতি সুৰেন দাস, অধ্যাপক অকন কুমাৰ পাঠক, কৃতি-শিক্ষক খনিন্দ্ৰ কুমাৰ পাঠক, বিশিষ্ট ব্যৱসায়ী ধৰণীধৰ দাস, সাংস্কৃতিক ৰুণুৱা চণ্ডীচৰণ দাস, নিহাৰেন্দু চৌধুৰী, বিবেকানন্দ চৌধুৰী, বনজিৎ দাসকে ধৰি সেইসময়ৰ বৃহত্তৰ হাউলী অঞ্চলৰ সমগ্ৰ যুৱ শক্তিয়ে অতি ঐকান্তিকতাৰে এই উৎসৱৰ লগত জড়িত হৈ পৰিছিল।
জড়িত হৈ পৰিছিল সমাজৰ বিভিন্ন স্তৰৰ, বিভিন্ন ভাষা-ভাষী,জনগোষ্ঠী নেতৃস্থানীয় ব্যক্তিসকল। ধনৰাজ বৈইদ, অনিল কৰ্মকাৰ, নজৰুল ইছলাম, লুইচ, তুফাজ্বল আলীৰ দৰে লোকসকলৰ প্ৰচেষ্টাত এই ব’হাগী উৎসৱ এক মহামিলন আৰু সম্প্ৰীতিৰ উৎসৱ লৈ ৰূপান্তৰ হৈছিল। সমাজৰ খাটি খোৱা লোকসকলৰ অৱদানো শলাগিবলগীয়া।
ৰিক্সা চালক, হালাপাকুৰি গাঁৱৰ দেৱ, হাউলী বজাৰৰ ভোলাৰ দৰে লোকৰ অকৃত্ৰিম অৱদানে আজি ব’হাগী বিদায়ৰ পৰিৱৰ্তে বিহু আদৰণী উৎসৱ হিচাপে উৎযাপিত হৈ অহা হাউলী ৰঙালী সন্মিলনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। অৱশ্যে ১৯৭৮ চনৰ আগতেও সীমিত পৰিসৰত প্ৰয়াত নগেন দাস আৰু ৰবীন বৰপূজাৰী, ঊষা দাস, ভুৱনেশ্বৰ পাঠক, কুমাৰ মীন দাস, শশধৰ মিত্ৰৰ দৰে সংস্কৃতিৱান ব্যক্তিৰ প্ৰচেষ্টাত বিহু উৎযাপন কৰা হৈছিল।

১৯৭৮ চনৰ পৰা প্ৰায় ২০০০ চন লৈ হাউলী বিহু সন্মিলনৰ ৰভা আৰু মণ্ডপ ৰাইজৰ শ্ৰম দানেৰে নিৰ্মাণ কৰা হৈছিল। হাউলীৰ প্ৰতিখন গাঁওৰ পৰা তামোল গছ, বাঁহ আদি সংগ্ৰহ কৰি ১০-১৫ দিন ধৰি ৰাতি ৰাতি মঞ্চ-মণ্ডপ নিৰ্মাণত ব্যস্ত আছিল সমগ্ৰ ডেকা শক্তি। এই ক্ষেত্ৰত আমাৰ পৰা অকালতেই হেৰাই যোৱা সোচেন দাস (কালু মামা), জনাৰ্দন দাস (ডনা), দ্বিজেন দাস (অল ইণ্ডিয়া), সুবোধ পাঠক, ফটিক পাঠকৰ দৰে কেইবাগৰাকীও সুঠাম ডেকাৰ অৱদান সন্মান সহকাৰে স্বীকাৰ কৰিব লাগিব।

ইয়াৰ মাজতে ২ বছৰমান নিশিথ দাসৰ তৎপৰতাত বৰপেটাৰোড বিহু সন্মিলনৰ মঞ্চ-মণ্ডপসমূহ উঠাই আনি সুবিশাল আৰু সুদৃশ্য মণ্ডপেৰ বিহু সন্মিলনৰ সৌন্দৰ্য জাকত-জিলিকাই তোলা হৈছিল। এই সূত্ৰে তেতিয়াৰ পৰাই বৰপেটাৰোড আৰু হাউলীৰ মাজত এক সম্প্ৰীতিৰ সাঁকো নিৰ্মাণ হৈছিল। এই সাঁকো নিৰ্মাণত আগ-ভাগ লৈছিল প্ৰয়াত আব্দুল মান্নান, আব্দুল হান্নান, হৰিদয়াল দাস, উৎপল ডেকা আৰু ডেভিদ লেজাৰ, ধৰণীধৰ তালুকদাৰ, মিকাশ সাহাৰ দৰে লোকে।
নানান প্ৰতিকূল পৰিস্থিতি আৰু পৰিৱেশৰ মাজত ৮০-৯০ৰ দশকত উৎযাপন কৰা এই বিহু সন্মিলনৰ পুঁজি সংগ্ৰহৰ ক্ষেত্ৰত যথেষ্ট সীমাবদ্ধতা থকাৰ বাবে সংঘটিত হোৱা কেতবোৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আমাৰ লগতে জিতেন দাস, নৃপেন দাস, হেমেন দাস, দ্বিজেন দাস, প্ৰদীপ দাস, প্ৰদীপ নাজিৰ, প্ৰসন্ন পাঠক আৰু প্ৰয়াত বনজিৎ দাসৰ লগতে কেইবাগৰাকীও সমিতিৰ সদস্য ৰাজহুৱা বিচাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল।

এফালে শিল্পীয়ে মঞ্চত গীত পৰিৱেশন কৰি থাকে আনফালে ৰাষ্ট্ৰীয় পথত বৰঙণি সংগ্ৰহ কৰি থকা হয়। এনে বহু ঘটনা-পৰিঘটনাৰ উপৰিও বিহু পালনৰ ক্ষেত্ৰত প্ৰতিবছৰে সংঘটিত হোৱা কেইবাটো মুখৰুচক ঘটনাই আমিও আমাক ৰোমাঞ্চিত কৰি আহিছে।
সেয়েহে আমি সকলোৱে যি জাতীয়তাবাদী চিন্তা-চেতনাৰে বিহু অনুষ্ঠিত কৰিছিলোঁ, সেই চিন্তা-চেতনা যাতে আজিও অব্যাহত থাকে তাৰবাবে আমি সচেতন হ’ব লাগিব। সেয়েহে আমি সকলোৱে হাউলীৰ অতীতৰ বিহুৰ স্বকীয়তা আৰু মানদণ্ড ৰক্ষা কৰিবলৈ ড⁰ ভূপেন হাজৰিকাৰ কালজয়ী গীতৰ কথাৰে সংকল্প গ্ৰহণ কৰোঁ আহক -“অসমীয়া এইবোৰ ভাবি চাবৰ ব’হাগে বতৰ কিজানি।”

যুগান্ত বায়ন, অৱসৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়া, অসম চৰকাৰ/ প্ৰাক্তন সাধাৰণ সম্পাদক, সদৌ হাউলী বিহু সন্মিলন সমিতি
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.