• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Travel

এইখন এখন সুন্দৰ দেশ…

ভৱেশ শৰ্মা

by Anjan Sarma
September 10, 2023
in Travel
Reading Time: 7 mins read
0
এইখন এখন সুন্দৰ দেশ…
Share on FacebookShare on TwitterShare on LinkedIn

এখন সুন্দৰ দেশ

ভৱেশ শৰ্মা

Sikkim

এই সংসাৰ মৰুভূমিত বন্ধু বান্ধবী সকল যেন এখন উৰ্বৰ মৰুদ্যান । মা,দেউতা,স্বামী,স্ত্রী, লৰা,ছোৱালী,নাতি, নাতিনী আদিৰ সম্বন্ধ ভৰা সংসাৰ খনতো বাৰু আছেই । কিন্তু বন্ধু !!!

বন্ধু বোলা বস্তুটোৱেই বৰ বেলেগ । মই মোৰ বন্ধু বান্ধবী সকলক যে মাথো ভাল পাও সেয়াই নহয়— মোৰ এই মানব জীৱনৰ এক অমূল্য সম্পদ বুলিহে গন্য কৰো ।
চিকিমৰ ভিতৰুৱা ৰিনচেনপং নামৰ অখ্যাত গাওঁ খনলৈ এই প্ৰথম আহিছো । চিনাকি বুলিবলৈ ইয়াত কোনোৱেই নাই । কিন্তু অন্তৰ খোলা থাকিলে হেনো বন্ধুৰ কতোৱেই অভাব নহয় ।

মোৰো সেয়াই হল । ৰিনচেনপঙৰ ৰাস্তাত ৰাতিপুৱা খোজ কাঢ়ি থাকোতেই দেখাদেখি হল মোৰ নতুন বন্ধুৰ সতে ।বন্ধুৱে আপোন মনে চাইকেল চলাই আছিল । খোজ কঢ়া আৰু চাইকেল চলোৱা পৰ্ব আধাতে সামৰি আমি দুই বন্ধুৱে বহু কথা পাতিলো — সুখৰ, দুখৰ । কিমান যে কথা ! কথাৰ যেন শেষেই নহব !

মোৰ এই নতুন বন্ধু জন বয়সত মোতকৈ অলপ সৰু । বন্ধুৱে এইবাৰ সপ্তম শ্ৰেণীলৈ উত্তীৰ্ণ হৈছে । পঢ়া শুনাত বন্ধু ভালেই । পিচে বয়সৰ পাৰ্থক্যই আমাৰ বন্ধুত্বত অকণো প্ৰভাব পেলাব পৰা নাই ।পেলাবনো কেনেকৈ ! ময়ো সউ সিদিনাহে মেট্ৰিক পাচ কৰা নাই জানো !

“অবধ আসাম এক্সপ্ৰেছ”  ৰেলগাড়ী খনৰ বাতানুকুল প্ৰথম শ্ৰেণীৰ ডবাটোত প্ৰবেশ কৰিয়েই আমাৰ দুয়োৰে মন বিদৰি গল । সচৰাচৰ ৰাজধানী এক্সপ্ৰেছেৰে  যাত্রা কৰা হয় বাবে অন্যান্য সাধাৰণ শ্ৰেণীৰ ৰেলগাড়ী বোৰৰ অবস্থা কিমান বেয়া হব পাৰে আমাৰ ধাৰণাই নাছিল । বাতানুকুল প্ৰথম শ্ৰেণীৰেই যদি এই দুৰবস্হা , তেন্তে শ্লীপাৰ ক্লাচৰ অবস্থা কেনে হব পাৰে ভাবিবলৈকে মোৰ ভয় লাগিল ।

–“কি কৰিবা আৰু । এনেকৈয়ে যাব লাগিব । উপায়োতো নাই । বিচনা চাদৰ আৰু গাৰু দুটা অন্তত: চাফা । এতিয়া শুই পৰাই ভাল । ৰাতিটোৰহে কথা। ৰাতিপুৱা ছয় বজাতেই নিউ জলপাইগুড়ি পামগৈ”— দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি শ্ৰীমতীক শান্তনা দিবলৈকে মই কলো ।

এই খন এখন সুন্দৰ দেশ

লেতেৰা পেতেৰা হলেও ৰেলগাড়ী খনে হলে আমাক সঠিক সময়তেই নিউ জলপাইগুড়ি স্টেশ্যন পৌছাই দিলে । বিনোদ নামৰ নেপালী ডেকা ড্ৰাইভাৰ জনে আগদিনাখন সন্ধিয়াই নিউ জলপাইগুড়ি আহি পাইছিল । নিজৰ সুদৃশ্য বগা ৰঙৰ আৰ্মাদা গাড়ী খনত বহি স্টেশ্যনৰ বাহিৰত বিনোদ আমাৰ বাবেই ৰখি আছিল ।

আমি আহি গাড়ীত বহাৰ লগে লগেই গাড়ী চলিল ।

–“মোৰ ভোক লাগিলেই । কিবা এটা খাই লব লাগিব।”— কও নকওকৈ অবশেষত কৈ উঠিল শ্ৰীমতীয়ে ।

এই মানুহ জনীৰ এইটো কথাই মই বুজি নাপাও । ঘৰত থাকিলে নিজে পাকঘৰত ইটো সিটো কামত লাগি থাকোতে খোৱাৰ কথা পাহৰি থাকিবই খোজে তেওঁ । মইহে বাৰেপতি  সোৱৰাই দিব লাগে । অথচ বাহিৰত আহিলে তেওঁৰেই ভোকটো সদায় তুংগত থাকে ।

–“শিলিগুৰি পাৰ হৈ লও, মাডাম । আগত লোহাপুলত চাহ নাস্তা খাই লব পাৰিব ।গৰম গৰম নাস্তা খাইও ভাল পাব।”– মই কিবা কোৱাৰ আগতেই ড্ৰাইভাৰ বিনোদে লৰালৰিকৈ কৈ উঠিল।

বিনোদ ভাইয়ে এনেয়ে কোৱা নাই । লোহাপুলৰ চাহ নাস্তা সচাকৈয়ে ভাল ।

লোহাপুল পাৰ হৈ Kitam Bird Sanctuaryৰ নিৰ্জন অভয়াৰণ্যৰ মাজেৰে আমাৰ অকলশৰীয়া আৰ্মাদা গাড়ী খন আগবাঢ়িল জোৰথাং অভিমুখে । খিৰিকিৰে মূৰ উলিয়াই চোৱাৰ পাচতো কোনো চৰাই চিৰিকতি মোৰ চকুত নপৰিল । আছে চাগে সিহত গহীন অৰণ্যৰ মাজৰ কোনো মন পচন্দৰ ঠাইত । সিহতৰতো কোনো গৰজ পৰা নাই ভবেশ শৰ্মাৰ আগত নিজৰ চেহেৰা প্ৰদৰ্শণ কৰিবলৈ !

জোৰথাঙ পালো । এই ঠাই খনৰ উচ্চতা বৰ বেছি নহয় । সমুদ্ৰ পৃষ্ঠৰ পৰা মাত্র ১০৫৬ ফুট । সেই বাবে গৰমৰ প্ৰাধান্য ইয়াত বেছি । কিন্তু জোৰথাং পাৰ হোৱাৰ পাচৰ পৰাই আমাৰ গাড়ী পাহাৰৰ থিয় ৰাস্তাৰে ক্ৰমাৎ ওপৰলৈ উঠিব ধৰিলে ।

এই ৰাস্তা গৈ শেষ হৈছে হিলে (Hilley) নামৰ এখন ঠাইত । হিলেৰ উচ্চতা ১০০০০ ফুট । হিলেৰ পাচত আৰু কোনো ৰাস্তা নাই । অদূৰত নেপাল সীমান্ত । হিলেৰ পৰাই আৰম্ভ হৈছে বাৰ্চে ৰ’ড’ডেন্দ্ৰন অভয়াৰণ্য ( Barsey Rhododendron Sanctuary ) । ১০৪ বৰ্গ কিলোমিটাৰ এলেকাৰ এই অৰণ্যৰ প্ৰবেশ দ্বাৰত ৰৈ থকা তোৰণ খনৰ পৰা চাৰি কিলোমিটাৰ ভিতৰলৈ ট্ৰেক কৰি যাব লাগে ।

এই খন এখন সুন্দৰ দেশ
তোৰণ খন

হিলেত থকা মেলাৰ বৰ এটা সু-ব্যবস্থা নাই বুলি মই শুনিছিলো । সেয়েহে আমাৰ থকাৰ যোগাৰ কৰি ৰাখিছিলো হিলেৰ পৰা দহ কিলোমিটাৰ আগতেই পোৱা ওখৰে(Okhrey) নামৰ গাওঁ খনত । হোটেল আদিৰ ইয়াত কাৰবাৰেই নাই । হোমস্টেৰ বাহিৰে ইয়াত থাকিবৰ আন কোনো ব্যবস্হা নাই ।

আমাৰ বাবে কোঠা সংৰক্ষণ কৰি ৰখা আছিল ‘চাংগে শেৰপা’ নামৰ নেপালী মানুহ এজনৰ ঘৰত। নাম –“মেগনোলিয়া হোমস্টে“। মূল ৰাস্তাৰ কাষতেই পাহাৰৰ এঢলীয়া গা কাটি অলপ সমতল কৰি লৈ বনোৱা হৈছে ঘৰটো । পৰ্য্যটক মহলৰ মাজত মেগনোলিয়া হোমস্টেৰ এক সুকীয়া পৰিচয় আছে । চাংগে শেৰপা মহাশয় এজন পক্ষী প্ৰেমী । হিমালয়ৰ এই অঞ্চলৰ অৰণ্যত বাস কৰা বিভিন্ন প্ৰকাৰৰ চৰাইৰ ওপৰত  তেখেতৰ ভাল জ্ঞান আছে ।

চৰাই বোৰক আপোন কৰি লৈ কেনেদৰে ওচৰলৈ মাতি আনিব পৰা যায় সেই কৌশল ভালদৰেই জানে তেখেতে । তেখেতৰ ঘৰৰ পাচফালৰ সৰু চোতাল খন বিভিন্ন প্ৰকাৰৰ হিমালয় বাসী চৰাইৰ নিৰাপদ বিচৰণ স্থল ।  চৰাই পৰ্য্যবেক্ষণ আৰু অধ্যয়ন কৰিব খোজা পক্ষী প্ৰেমী পৰ্য্যটক সকলে সেয়েহে চাংগেজীৰ ঘৰত আলহী হিচাপে আহি ভীৰ কৰে । মোৰ হলে চৰাইৰ ওপৰত জ্ঞান বৰ কম । এনেয়ে চাই বৰ ভাল লাগে পিছে।

চাংগেজীৰ ঘৰত নিশাটো কটাই পিচদিনা ৰাতিপুৱা আমি ৰাওনা হলো ‘হিলে’ অভিমুখে । বতৰ একেবাৰে ভাল নহয় । আকাশ মেঘাচ্ছন্ন । চৌদিশে ডাঠ কুৱলীৰ শুভ্ৰ আভৰণ । দিনতে গাড়ীৰ লাইট জলাই অতি সাবধানে ওপৰলৈ উঠিব ধৰিলে আমাৰ গাড়ী —নিপুণ তৰুণ ড্ৰাইভাৰ অনুপৰ হাতত।

১০০০০ ফুট উচ্চতাৰ হিলেত কুৱলীৰ প্ৰতাপ আৰু এখোপ চৰা । লগতে কিনকিনিয়া বৰষুণ । ভীষণ ঠান্ডা । ৰ’ড’ডেন্দ্ৰন ফুলৰ গছ বোৰ চকুত পৰিল । কিন্তু কত সেই ফুলেৰে জকমকাই থকা অপৰূপ  অভয়াৰণ্য ! প্ৰায় বোৰ ফুলেই সৰি গৈছে । মাজে মাজে ফুলি থকা অবশিষ্ট দুই চাৰিপাহ ফুলে যেন ফুলৰ অভয়াৰণ্যৰ এসময়ৰ গৌৰবময় অতীতৰ কথাকে দুৰ্বল ভাবে ঘোষণা কৰিবৰ প্ৰয়াস কৰিছে ।

অভয়াৰণ্যৰ প্ৰবেশ দ্বাৰত গৈ আমি দুয়ো থিয় হলো । কৰ্তব্যৰত চৰকাৰী কৰ্মচাৰী জনে কলে —“ভিতৰলৈ ট্ৰেক কৰি গৈ বিশেষ লাভ নহব । এইবাৰৰ আগতীয়া ধুমুহা বৰষুণত ফুল সব সৰি শেষ হল । তাতে আজি বতৰো খুব বেয়া ।”

হতাশ মনে আমি দুয়ো আহি গাড়ীত বহিলো । শ্ৰীমতীয়ে পিচে ফুলি থকা অবশিষ্ট ফুল বোৰৰ ফটো লব নাপাহৰিলে ।

ডাঠ কুৱলীৰ আচ্ছাদন ফালি আমাৰ গাড়ী এই বাৰ আগবাঢ়িল ৰিনচেনপং (Rinchenpong) অভিমুখে।

এই খন এখন সুন্দৰ দেশ

পশ্চিম চিকিমৰ পৰ্য্যটন মানচিত্রত ৰিনচেনপং এক শেহতীয়া সংযোজন । প্ৰায় ৬০০০ ফুট উচ্চতাৰ এই ঠাই খনৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু জলবায়ু অতি মনোৰম– ঠিক উত্তৰাখন্ডৰ আলমোৰা চহৰৰ দৰে । ফৰকাল বতৰত ইয়াৰ কাষতে জিলিকি থকা  তুষাৰাবৃত হিমালয়ৰ  সম্পূৰ্ণ শ্ৰেণীটোৱে যিকোনো দৰ্শণাৰ্থীকে যে সন্মোহিত কৰি পেলাব সেইটো খাটাং ।

ভ্ৰমণ আলোচনী সমূহত এই ঠাই খনৰ উল্লেখ পাই  মই মনতে ধাৰণা কৰিছিলো — এই খন নিশ্চয় দোকান পোহাৰ আৰু পৰ্য্যটক আদিৰে জমজমাই থকা এখন ব্যস্ত চহৰ হব । আহি পাইহে মোৰ ভুল ভাগিল । অত্যন্ত শান্ত পৰিবেশৰ এখন তেনেই সৰু জনপদ । বজাৰ এলেকাত খুব সম্ভব পোন্ধৰ ষোল্লখন মানহে দোকান হব ।

হোটেলো দেখা পালো চাৰি পাচ খন মান । বিলাসী হোটেলৰ ইয়াত পয়োভৰ নাই । হোটেল বোৰ সাধাৰণ মানদন্ডৰ হলেও থাকিবলৈ বেয়া নহয় । কোঠা বোৰ আহল বহল আৰু বেচ পৰিস্কাৰ ।

বজাৰ এলেকাৰ মাজতে হোটেল আছিল যদিও মই অলপ নিৰলে থাকিবলৈহে পচন্দ কৰিলো । “Royal Dewachen” নামৰ হোটেল খনৰ মনোমোহা অবস্থানটো দেখি বাহিৰৰ পৰাই মোৰ বৰ পচন্দ হল । কোঠাৰ ভিতৰলৈ গৈ চালো । আশা কৰা মতেই আহল বহল আৰু পৰিস্কাৰ । পিচফালে কোঠাৰ লগত সংলগ্ন এখন সৰু বাৰান্দা । সেই খনহে মোৰ আটাইতকৈ বেছি পচন্দ হল ।

বাৰান্দাৰ সমুখতেই হিমালয় পৰ্বত শ্ৰেনী আৰু তাৰ পাদ দেশত এক বিশাল সেউজ উপত্যকা ।কলৈকো নগৈ এই  বাৰান্দা খনত বহি থাকিয়েই পৰম শান্তিত কেইটামান দিন কটাব পৰা যায় ।

দুপৰীয়া খাবৰ সময় হৈ আহিছিল । শ্ৰীমতী ইতিমধ্যে বস্তু বাহানি সামৰাত ব্যস্ত হৈ পৰিছে । খোৱাৰ অৰ্ডাৰ দি মই আহি কোঠাৰ বাৰান্দা খনত বহি পৰিলো  ।

এটা সময়ত বৈষয়িক জগত খন মোৰ বাবে সম্পূৰ্ণ অপ্ৰাসংগিক হৈ পৰিল । মই ডুব গৈ পৰিলো এক অচিন সুন্দৰ ৰাজ্যত ।কেউফালে মাথো শান্তি, আনন্দ আৰু সৌন্দৰ্য্যৰ সমাহাৰ। আৰু এই সুন্দৰ জগতত আপোন মনে বিচৰণ কৰি ফুৰা মই এক সুন্দৰ কোঁৱৰ । ভাব হল মোৰ —এই বিশ্বব্ৰহ্মাণ্ডত আছো মাথো গিৰিৰাজ হিমালয় আৰু মই । আৰু কোনো নাই ।

এই খন এখন সুন্দৰ দেশ

–” ভাত দিছে দেই । খাই লও আহা ।”— শ্রীমতীৰ মাতত সম্বিৎ ঘূৰাই পালো । হিমালয় আৰু মোৰ বাহিৰেও কোঠাৰ ভিতৰত যে আৰু কোনোবা আছে পাহৰিয়ে গৈছিলো মই ।

ধোৱা ওলাই থকা গৰম গৰম খানা পৰিবেশন কৰা হৈছে কোঠাৰ ভিতৰৰ সৰু মেজ খনত ।একেবাৰে ঘৰুৱা খানা । ভাত, ডাইল, বেঙেনা ভাজি আৰু মুৰ্গীৰ মাংসৰ ঘন  জোল। বা: কি সুন্দৰ ! এপেট খাই লৈ মহা আয়াসেৰে এঘূমটি মাৰাহে কথা ।

এক পৰম সুখকৰ দিবানিদ্ৰাত ঢলি পৰিছিলো মই খোৱাৰ পাচতেই।

সন্ধিয়া পৰত অলপ ফুৰিবলৈ বুলি ওপৰ মহলাৰ আমাৰ কোঠাৰ পৰা মই নামি আহোতেই হোটেলৰ অভ্যৰ্থনা কক্ষৰ সমুখত লামা চাৰৰ সতে  দেখাদেখি  ।

লামা চাৰ এই হোটেল খনৰ মালিক । ৰিনচেনপঙৰ এজন সন্মানীয় ব্যক্তি এই লামা চাৰ । তেখেত আচলতে ব্যবসায়ী নহয়, পেশাত এজন শিক্ষকহে । স্থানীয়  হায়াৰ চেকেন্ডাৰী স্কুল খনৰ তেখেত Language Teacher । ৰিনচেনপং বজাৰৰ সমীপৰ নিজৰ সুদৃশ্য তিনিমহলীয়া বাসভবনত তেখেতে সপৰিয়ালে থাকে ।

ৰিনচেনপঙত আগতে হেনো থকা মেলাৰ বাবে কোনো হোটেলেই নাছিল । ভ্ৰমণাৰ্থী সকল ইয়ালৈ ফুৰিবলৈ আহিলেও হোটেলৰ অভাবত চল্লিশ কিলোমিটাৰ দূৰৈৰ পেলিঙতে থাকিব লাগিছিল । নিজৰ এই মাটি টুকুৰাত ঘৰ এটা বনাই লামা চাৰেই প্ৰথম ৰিনচেনপঙত  হোটেল ব্যবসায়ৰ আৰম্ভনি কৰে ।

নিজে চৰকাৰী চাকৰি কৰে বাবে লামা চাৰে প্ৰথমতে কোলকাতাৰ  এজন ব্যবসায়ীক হোটেল চলোৱাৰ দায়িত্ব দিছিল । এই ব্যবসায়ী জনৰ কাম কাজ সন্তোষজনক নোহোৱাৰ বাবে আজি কেই মাহ মানৰ আগৰে পৰা লামা চাৰে হোটেলৰ পৰিচালনা নিজৰ হাতলৈ আনিছে ।

বৰ শান্ত, মাৰ্জিত আৰু মৃদুভাষী এই লোক জন । কথা পাতি বৰ ভাল লাগে । হোটেলৰ সমুখৰ চোতাল খনত চকী পাৰি বহি লৈ আমি দুয়ো বহু কথা পাতিলো ।

–“লেপচা,ভূটীয়া আৰু নেপালী — এই তিনিটা সম্প্ৰদায়ৰ লোকৰ সমন্বয়ত গঢ়ি উঠিছে বৰ্তমানৰ চিকিমৰ সমাজ ।”– কথা প্ৰসংগত লামা চাৰে  মোক কলে ।–” তিনিওটা জনগোষ্ঠীৰ মাজতেই পূৰ্ণ সদ্ভাব বিৰাজমান । নিজৰ মাজত কোনো হাই কাজিয়া নকৰি পাৰস্পৰিক সম্প্ৰীতি আৰু শান্তি বজাই ৰাখিবলৈ তিনিওটা সম্প্ৰদায় সংকল্পবদ্ধ ।”

–” ভৈয়ামত বহু কিবাকিবি অশান্তি হৈ থাকে বুলি আমি শুনো।”– কৈ গল লামা চাৰে–” ভগবানৰ কৃপাত আমাৰ ইয়াত কিন্তু এতিয়ালৈকে সেই বোৰ হব পৰা নাই । আমাৰ মানুহ বোৰ বৰ ধাৰ্মিক আৰু শান্তিপ্ৰিয় । আমাৰ ইয়াত যদি কোনোবা লোক অসুস্থ হৈ ৰাস্তাৰ কাষত পৰি থাকে আৰু তেওঁৰ পকেটত যদি লাখ টকাও থাকে, তথাপি আমাৰ কোনো লোকে সেই পইচাত হাত নিদিয়ে। তেনে কথা আমাৰ মানুহে ভাবিবই নোৱাৰে।”

–“দৰ্শণীয় ঠাই বুলিবলৈ ইয়াত কিবা আছে নেকি ?”-জানিব খুজিলো মই ।

–” সমগ্ৰ ৰিনচেনপঙ ঠাই খনেই অতি দৰ্শণীয় ।”– উত্তৰ দিলে চাৰে–” ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য  আৰু শান্তিৰ বাতাবৰণে বাহিৰৰ মানুহক খুব আকৰ্ষণ কৰে ।পেলিঙৰ পৰা কাঞ্চনজংঘা নিকটতম দূৰত্বত দৃশ্যমান বুলি কোৱা হয় । কিন্তু ফৰকাল বতৰত ইয়াৰ পৰা হিমালয়ৰ গোটেই ৰেঞ্জটোৰেই যি অপূৰ্ব দৃশ্য  দেখা যায় — সেয়া পেলিঙতো দুৰ্লভ ।

“তথাপিও আপুনি ইয়ালৈ আহিছেই যেতিয়া, কাইলৈ এবাৰ Rinchenpong Monasteryত পাক এটা মাৰি আহিব পাৰে । তাৰ পৰিবেশটো বৰ ভাল পাব । আৰু ইয়াৰ পৰা ছয় কিলোমিটাৰ দূৰত আছে এখন ডাঙৰ Organic Farm । বাহিৰৰ পৰা আহা ভ্ৰমণাৰ্থী সকলে খুব ভাল পায় তাত গৈ ।

” পাহাৰৰ ঢাপে ঢাপে তাত কৰা হৈছে নানা তৰহৰ ফুল আৰু ফলমূলৰ খেতি । বিধে বিধে ফলমূলৰ পৰা ৱাইন বনোৱা হয় তাত । এই ৱাইন বাহিৰলৈকো ৰপ্তানি কৰা হয় । বাহিৰত এই ৱাইনৰ বহুত দাম।তাত কিন্তু খুব সস্তাতে পোৱা যাব । এবাৰ তাৰো জুতি লৈ চাব পাৰে।”

এই খন এখন সুন্দৰ দেশ

বৰ ভাল লাগিল মোৰ লামা চাৰৰ সতে কথা পাতি ।চাৰৰ কথা মতেই মই পিচ দিনা খনৰ কাৰ্য্যক্ৰম  ঠিক কৰিবলৈ ললো ।

চিকিম আৰু অৰুণাচল প্ৰদেশ— এই দুয়ো খন ৰাজ্যতে একাধিক মনাস্ট্ৰী ইতিপূৰ্বেই মই দৰ্শণ কৰিছো । এটা কথা মই লক্ষ্য কৰিছো — এই মনাস্ট্ৰী বিলাকৰ অবস্থান বোৰ  সদায়েই অতি সুন্দৰ ঠাইত । আৰু সাধাৰণতে লোকালয়ৰ পৰা অলপ নিলগত ।বাস্তবিক জীৱনৰ হাই উৰুমিয়ে  মনাস্ট্ৰীৰ  শান্ত আধ্যাত্মিক পৰিবেশ যেন বিঘ্নিত কৰিব নোৱাৰে — তাৰ বাবেই এই ব্যবস্থা বোধকৰো ।

ৰিনচেনপং মনাস্ট্ৰীৰ অবস্থানো অনুৰূপ । জনবসতিপূৰ্ণ এলেকাৰ পৰা ভালেখিনি নিলগৰ নিৰ্জন পাহাৰ এটাৰ একেবাৰে শীৰ্ষত এই মনাস্ট্ৰী । সম্পূৰ্ণ কোলাহলশূণ্য পৰিবেশ । ৰিবৰিবকৈ বতাহ এজাক বলিছে । মনাস্ট্ৰীৰ আশে পাশে বতাহত ফিৰফিৰকৈ উৰি থকা শুভ্ৰ ধ্বজা বোৰে যেন ভগবান বুদ্ধৰ অহিংসা, প্ৰেম আৰু শান্তিৰ বাণীকেই বিলাব খুজিছে ।

এক গভীৰ প্ৰশান্তিত ভৰি পৰিল মোৰ মন । পৃথিবীত ইমান শান্তি আছে ! কংক্ৰীটৰ অৰণ্যত বাস কৰি থাকিলে অনুভবেই নহয় চোন ! দীঘলকৈ উশাহ লৈ এই শান্ত আধ্যাত্মিক বাতাবৰণ নিজৰ অন্তৰস্থ কৰাৰ প্ৰয়াস কৰিলো । কোনোবাই যেন মোক কাণেকাণে কৈ গল:

– “এই খন এখন সুন্দৰ দেশ,

    এখন শান্তিৰ দেশ ,

   এখন প্ৰেমৰ দেশ,

   মানবতা আৰু ভ্ৰাতৃত্বৰ দেশ।

    নহবই বা কিয়,

    এয়া যে ভগবান বুদ্ধৰ দেশ ।”

কিছু সময় মনাস্ট্ৰীত কটাই আমি এইবাৰ ৰাওনা হলো ছয় কিলোমিটাৰ নিলগৰ অৰ্গেনিক ফাৰ্মলৈ ।

ৰাস্তাৰ কাষত ডাঙৰকৈ চাইন বোৰ্ড খন লগাই নোথোৱা  হলে কাৰো সাধ্য নাই যে সেইখিনিতে ফাৰ্ম এখন আছে বুলি ধৰিব পাৰিব । কিয়নো গোটেই ফাৰ্ম খনেই গঢ় লৈ উঠিছে থিয় পাহাৰৰ এঢলীয়া গাত –ঢাপে ঢাপে । ৰাস্তাৰ কাষত থিয় হলে তললৈ নামি যোৱা কংক্ৰীটৰ থিয় চিৰি কেইটাৰ বাহিৰে বিশেষ একো চকুত নপৰে ।

–“আমিতো পাহাৰীয়া লৰা । আমাৰ অভ্যাস আছে । আপোনালোকে পাৰিবনে বাৰু ইমান উঠা নমা কৰিবলৈ ?”– সন্দিগ্ধ চিত্তে সুধিলে আমাৰ তৰুণ ড্ৰাইভাৰ ‘পূৰ্ব’ই ।

–“অলপ চলপ অভ্যাস আমাৰো আছে । অলপ দূৰ নামি গৈ চাওচোন । অসুবিধা পালে আধা মানৰ পৰাই ঘূৰি আহিম।”– অলপ চিন্তা কৰি মই উত্তৰ দিলো ।

কংক্ৰীটৰ থিয় খটখটীৰে লাহে লাহে আমি নামিবলৈ আৰম্ভ কৰিলো । বয়সৰ চিন মোৰ দেহত ভালদৰেই পৰিবলৈ লৈছে। আঠু দুটাৰ জোৰ বহুখিনি কমিছে । থিয় চিৰিৰে নামোতে বেচ কষ্ট হয় ।

খটখটীৰ দুই কাষে বাহৰ ৰেলিং দিয়া আছে । ৰেলিঙৰ কাষৰ পৰাই দুয়োফালে বিস্তৃত এঢলীয়া ভূমি দুই খন্ডত বিৰাজ কৰিছে বিধে বিধে ফুল আৰু ফলমূলৰ গছ । সমুখৰ ঢেউ খেলা সেউজ প্ৰকৃতিৰ দৃশ্য অতি নয়নাভিৰাম । সেই ফালে চালে দেহৰ ভাগৰ অন্তৰ্ধান হব খোজে।

–“ইমান যে আমি নামি আহিছো, ঘূৰি আহোতেতো সিমানেই উঠিব লাগিব”— ভাল কথাটোকে কলে শ্ৰীমতীয়ে ।

কথাটো ময়ো চিন্তা কৰিছিলো — বিশেষকৈ শ্ৰীমতীৰ কথা ভাবি ।

ৰৈ গলো মই । শ্ৰীমতীক সুধিলো –” কি কৰিবা ? ঘূৰিয়েই যাওঁ নেকি ?”

ইমান সহজে হাৰ মনা মানুহ নহয় শ্ৰীমতী ।—“আহিছো যেতিয়া গোটেই খন চাইয়েই যাম । ঘূৰি যাওতে জিৰণি লৈ লাহে লাহে উঠিলেই হল”– দৃঢ় প্ৰত্যয়েৰে কলে তেওঁ ।

অগত্যা আমি আকউ নামি যাবলৈ আৰম্ভ কৰিলো, থিয় পাহাৰটোৰ একেবাৰে তলৰ পিনে — দুয়োকাষৰ মনোমোহা প্ৰকৃতিৰ অনুপ্ৰেৰণাৰে সমৃদ্ধ হৈ ।

এটা সময়ত আমি উপস্থিত হলো আপেক্ষিক ভাবে সমতল ঠাই এটুকুৰাত যত আছে ফাৰ্ম খনৰ অফিচ, ভড়াল ঘৰ, বিক্ৰীৰ কাউন্টাৰ আৰু এটা সৰু অতিথিশালা ।

অফিচৰ সমুখৰ কাঠৰ বেঞ্চ খনত কিছু সময় বহি লৈ আমি দেহৰ ভাগৰ পলুৱাই ললো । হাঁহিমুখেৰে মহিলা এগৰাকী আমাৰ ফালে আগবাঢ়ি আহিল। –“ৱাইনৰ জুতি লবতো ?”– মহিলাই সুধিলে ।

মই কিবা কোৱাৰ আগতে আমাৰ মহাকথকী ড্ৰাইভাৰ পূৰ্বই কৈ উঠিল –“সোৱাদ লৈ চাওক, চাৰ । একদম নিভাঁজ এই ৱাইন । এলকহলৰ পৰিমাণ কম । কিন্তু অত্যন্ত সুস্বাদু ।”

মোৰ সন্মতিলৈ বাট নাচাই মহিলাই সৰু কাচৰ গ্লাচ এটাত অলপ ৱাইন বাকি  মোৰ ফালে আগবঢ়াই দি কলে –” প্ৰথমতে এয়া আঙুৰৰ সোৱাদ লওক । তাৰ পাচত আৰু আছে মধুৰি আৰু আনাৰসৰ ৱাইন।”

লাহেকৈ এঢোক মাৰি চালো মই । আ: কি অপূৰ্ব স্বাদ । দেহৰ ভাগৰ যেন নিমিষতে নাইকিয়া হল ।

–“সৰু বটলৰ দাম মাত্র এশ টকা”– চেগ বুজি কৈ উঠিল মহিলাই ।

সৰু বটলটো শেষ হবলৈ বেচি পৰ নালাগিল ।

 শ্ৰীমতীয়ে এই খিনি সময়তে নিজৰ চখৰ বস্তু মানে কেইবিধমান ফুল আৰু ফলমূলৰ পুলি কিনি ললে।

 আঙুৰৰ ৰসেৰে সতেজ হৈ আমি এইবাৰ  উভতিবলৈ সাজু হলো । বৰ কষ্টকৰ হব এই ওভতনি যাত্রা ।বহুত ওপৰলৈ আমি এতিয়া পাহাৰ বগাব লাগিব । শ্ৰীমতীৰ অজ্ঞাতে আৰু দুটা সৰু বটল সেই বাবেহে মই কিনি লৈছিলো ।

এই খন এখন সুন্দৰ দেশ

চিকিম যাব ওলোৱা বুলি শুনি গুৱাহাটীৰ বন্ধু এজনে কেইদিনমান আগতে মোক সুধিছিল –“তাত বোলে নতুনকৈ এখন বৰ ধুনীয়া কাচৰ দলং বনাইছে । গম পোৱা নেকি তুমি ?”

সঠিককৈ মই একো কব পৰা নাছিলো । এই কাচৰ দলং খনৰ কথা মই অহুকাণে-পহুকাণে শুনিছিলোহে । দলং খন কত আছে সেই কথা মোৰো জ্ঞাত নাছিল।

অৰ্গেনিক ফাৰ্ম চাই হোটেললৈ ঘূৰি আহাৰ পাচত সন্ধিয়া লামা চাৰৰ লগত আড্ডা মাৰি থাকোতে কথা প্ৰসংগত চাৰেই দিছিল মোক এই দলং খনৰ সম্ভেদ । দলং খন হেনো পেলিঙ চহৰৰ ওচৰতেই অবস্থিত । ৰিনচেনপঙৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰৈত ।

পিচদিনাখনৰ বাবে আমাৰ কোনো নিৰ্দিষ্ট পৰিকল্পনা নাছিল । সেয়ে দলং খন এপাকত চাই আহো বুলি ঠিক কৰিলো ।

ৰাতিপুৱাৰ চাহ জলপান খাই উঠি আমি অকণো বিলম্ব নকৰিলো । আগদিনা কৈ থোৱা মতেই নিৰ্দিষ্ট সময়ত গাড়ী লৈ আহি হাজিৰ হৈছিল আমাৰ ড্ৰাইভাৰ পূৰ্ব । চিকিমৰ ওখ চাপৰ সৰ্পিল পাহাৰী পথেৰে আমাৰ গাড়ী আগবাঢ়িল পেলিং অভিমুখে ।

ৰিনচেনপঙৰ পৰা তিনি কিলোমিটাৰ আগবাঢ়ি যাওতেই আহি পৰিল আন এখন অতীব সুন্দৰ গাওঁ ‘কালুক’। এই ঠাই খনেও চিকিমৰ পৰ্য্যটন মানচিত্রত শেহতীয়াকৈ ঠাই পাইছে । দৰাচলতে ৰিনচেনপঙ আৰু কালুকৰ মাজত বৰ বিশেষ পাৰ্থক্য নাই । একেই প্ৰাকৃতিক সৌন্দৰ্য্য । একেই মোহময়ী কাঞ্চনজংঘা ।

গতিকেই আমাৰ গাড়ী আগবাঢ়িল । বাৰ্মিওক, হি-পাতাল, ছায়াতাল, ডেন্টাম আদি ছবিৰ নিচিনা সুন্দৰ ঠাই বোৰ পাৰ হৈ আমি যেতিয়া পেলিং পাওঁ, তেতিয়া ভৰ দুপৰীয়া ।

এই খন এখন সুন্দৰ দেশ

সৰু চহৰ হলেও পেলিং খন তিনিটা ভাগত বিভক্ত– লোৱাৰ,মিডিল আৰু আপাৰ । দুবছৰ আগতে শ্ৰীমতী আৰু মই দূৰ্গা পূজাৰ সময়ত পেলিঙলৈ আহিছিলো — নিকটতম দূৰত্বৰ পৰা কাঞ্চনজংঘাৰ সৌন্দৰ্য্য সুধা পান কৰিম বুলি। আপাৰ পেলিঙৰ অতি মনোমোহা অবস্থানৰ  হোটেল এখনতে উঠিছিলো । আমাৰ কোঠাৰ বেলকনিৰ সমুখতে কাঞ্চনজংঘা আহি ধৰা দিয়াৰ কথা ।

সেই বাৰ আমি কিন্তু হতাশ হব লগাত পৰিছিলো । কিছুদিন আগেয়ে বংগোপসাগৰৰ ওপৰত সৃষ্টি হোৱা ঘূৰ্ণি বতাহৰ প্ৰভাবত শাৰদীয় উছবৰ বতৰতো পেলিঙৰ আকাশ হৈ ৰৈছিল মেঘাচ্ছন্ন । খুব বৰষুণো হৈছিল । মেঘ আৰু কুৱলীৰ আৰত অদৃশ্য হৈ পৰিছিল মোহময়ী কাঞ্চনজংঘা ।

এতিয়া এপ্ৰিল মাহ । চিকিমত ইতিমধ্যেই প্ৰচুৰ বৰষুণ হৈছে। কাঞ্চনজংঘাৰ দৰ্শণ লাভ কৰাৰ আশা কৰাও মিছা । পিচে তেনে কোনো অভিলাস আমাৰ মনত নাই । এইবাৰৰ আমাৰ গন্তব্য স্থল হল স্কাইৱাক (skywalk)— মানে সেই বিখ্যাত কাচৰ দলং , পেলিঙৰ নবতম আকৰ্ষণ।

পেলিং পাৰ হোৱাৰ পাচৰ পৰাই ৰাস্তা হৈ পৰিল অত্যন্ত থিয় ।  তাৰে মাজৰ দুই এটা কেকুৰি ইমান বিপদজনক ভাবে থিয় যে চালে মূৰ ঘূৰাই যাব খোজে। এলা পেচা গাড়ী ওপৰলৈ উঠাই দিগদাৰ । এখন টাটা চুম’ আৰু এখন আৰ্মাদা গাড়ী এনে এটা থিয় ভাজত ওপৰলৈ উঠিবলৈ তুমুল সংগ্ৰাম কৰি থকা মোৰ চকুত পৰিল।

চুম’ খনৰ পৰা লৰালৰিকৈ এজন নামি আহি ৰাস্তাৰ কাষৰ পৰা ডাঙৰ পাথৰ দুটা দাঙি আনি দুয়োখন গাড়ীৰ পিচৰ চকাৰ পাচফালে গুজি দিয়া দেখা পালো । তাৰেই সহায়ত ক্ৰুদ্ধ ইঞ্জিন দুটাই গুজৰি গুমৰি ওপৰলৈ উঠিবলৈ আপ্ৰাণ চেষ্টা চলালে । নাই, গাড়ী নুঠেহে নুঠে ।

আমাৰ গাড়ীৰ কিন্তু এনে থিয় ৰাস্তাক লৈ কোনো মূৰ কামোৰণি নাই  । স্বচ্ছন্দ গতিত হেলাৰঙে ওপৰলৈ উঠিব ধৰিলে আমাৰ ৱেগন আৰ গাড়ী খন ।

–” তোমাৰ গাড়ী একদম ঠিক আছে দেই । অনায়াসে উঠি আহিল।”— পূৰ্বক মই কলো ।

–” আৰে, চাহাব । এই খন একেবাৰে নতুন গাড়ী । ছয় মাহ আগতেহে লৈছো । বেছি দূৰ চলাই নাই।”— প্ৰফুল্ল চিত্তে উত্তৰ দিলে আমাৰ ৰঙিয়াল ডেকা পূৰ্বই ।

ওখ পৰ্বত টোৰ ওপৰৰ মালভূমি সদৃশ সমতল ঠাই টুকুৰাত পূৰ্বই গাড়ী ৰখালে । গাড়ীৰ পৰা নামি আমি আগবাঢ়ি গলো টিকট কাউন্টাৰলৈ । এজনৰ পঞ্চাশ টকা ।

টিকট কাটি সুদৃশ্য তোৰণ খনেৰে ভিতৰত প্ৰবেশ কৰিয়েই আহ্লাদতে মই কৈ উঠিলো –” বা: কি সুন্দৰ!”

এই খন এখন সুন্দৰ দেশ

সচাকৈয়ে এখন অতি সুন্দৰ জগতত প্ৰবেশ কৰিলো আমি । স্বচ্ছ কাচেৰে নিৰ্মিত এখন মনোমোহা দলং–তাকো সমুদ্ৰ পৃষ্ঠৰ পৰা ৯২০০ ফুট উচ্চতাত। দুই কাষে ৰেলিং দিয়া আছে । দুয়ো কাষৰ বেৰ বোৰো কাচৰ।

সমুখত দিগন্ত বিস্তৃত হিমালয় পৰ্বত শ্ৰেণী । এনেহে লাগে যেন দলং খন পোনে পোনে আগলৈ সম্প্ৰসাৰণ কৰি দিলে হিমালয়ৰ বৰফতেই  গৈ খুন্দা মাৰিব । দলং খনৰ তলৰ ফালে এক গভীৰ সেউজ উপত্যকা — দুই শাৰী পৰ্বতৰ মাজত । চিনেমাৰ ৰোমান্টিক গানৰ শ্বুটি লোৱাৰ বাবে অতি অনুকুল পৰিবেশ ।

মই চিনেমাৰ ‘হিৰো’ হোৱা হলে এইহেন ৰোমান্টিক পৰিবেশত কোনটো গান গাবলৈ পচন্দ কৰিলোহেতেন, অনেক ভাবি গুণিও তাক ঠিক কৰিব নোৱাৰিলো ।

দলং খনৰ এটা প্ৰান্তৰ পৰা ওপৰলৈ উঠি  গৈছে পৰিপাটীকৈ বনোৱা কংক্ৰীটৰ চিৰি কিছুমান । পিচত গম পালো তাত ১৭০ টা চিৰি আছে । চিৰিটো গৈ শেষ হৈছে পৰ্বত টোৰ একেবাৰে শীৰ্ষৰ সমতল ঠাই টুকুৰাত । তাতেই বিৰাজমান ভগবান বুদ্ধৰ ১৩০ ফুট উচ্চতাৰ এক বিশাল মূৰ্তি। লুকাভাকু খেলি থকা ডাৱৰ বোৰে পৰিবেশটো আৰু মায়াময় কৰি তুলিছে ।

ডাৱৰৰ আৰত একোবাৰ মূৰ্তিজনাৰ একাংশ লোকচক্ষুৰ পৰা অদৃশ্য হৈ পৰিছে । কিন্তু সেয়া ক্ষন্তেকলৈহে । অলপ পাচতেই ৰদৰ উজ্বল পোহৰত মূৰ্তি জনাই ফটফটীয়াকৈ দেখা দিছে ।

পৰ্য্যটকৰ সমাগম বেচ ভালেই হয় এই ঠাই খিনিত। সকলো ব্যস্ত এই অপৰূপ দৃশ্য নিজৰ নিজৰ কেমেৰাত বন্দী কৰি লোৱা কামত।  বিদেশী পৰ্য্যটক দুজন মানো চকুত পৰিল ।

ফটো তুলি হেপাহেই নপলায় এই ঠাই খিনিত । বহুত ফটো তুলিলো শ্ৰীমতী আৰু মই।

পৰিতৃপ্ত মন এটা লৈ আবেলি আমি উভতিলো ৰিনচেনপঙলৈ ।

সফৰ বহুত হল । এতিয়া আহি পৰিল ঘৰলৈ ঘুৰি যোৱাৰ সময় ।

বৰ ভাল লাগিল চিকিম খন । ভাল লাগিল ইয়াৰ সহজ সৰল সৰু সৰু মানুহ বোৰৰ খোলা অন্তৰৰ আতিথ্য । সোনকালেই আকৌ এবাৰ ইয়ালৈ আহাৰ কথা প্ৰস্তাব কৰিলো শ্ৰীমতীৰ আগত । তেওঁৰ উৎসাহ মোতকৈও বেছি ।গতিকে আৰু কোনে পায় !

ৰিনচেনপঙৰ পৰা কাইলৈ পূৰ্ব মহাশয়ৰ গাড়ী লৈয়েই ঘূৰি যাব লাগিব শিলিগুৰিলৈ । তাৰ পৰা গুৱাহাটীলৈ ৰাজধানী এক্সপ্ৰেছতো আছেই ।

(চিকিম পৰ্ব ইমানতে সমাপ্ত )

[ ভগবানৰ কৃপাত আৰু বন্ধু বান্ধবী সকলৰ শুভেচ্ছাৰ বলত প্ৰতিকূল বতৰৰ মাজতো চিকিম ভ্ৰমণ  কৰি  সুকলমে ঘৰ  আহি পালোহি ]

চিকিমৰ পৰা ঘূৰি আহি শিলিগুৰিত পশ্চিম বংগ পৰ্য্যটন উন্নয়ন নিগমৰ “মৈনাক টুৰিষ্ট লজ”ত এদিন জিৰণি লৈছিলো । ৰাতিপুৱাই যাত্রা আৰম্ভ কৰি দুপৰীয়া টুৰিষ্ট লজ পাইছিলোহি । একেই পথেৰে আহা তিনি খন এম্বুলেন্স আমাৰ গাড়ী খনৰ পিচতেই টুৰিষ্ট লজত প্ৰবেশ কৰিছিল । এম্বুলেন্স কেইখনে কঢ়িয়াই আনিছিল সাত জন দুৰ্ভগীয়া ভ্ৰমণাৰ্থীৰ মৃতদেহ । কোলকাতাৰ পৰা অহা এই দলটো নাথুলা অভিমুখে ৰাওনা হৈছিল । বাটৰ কোনো এঠাইত গাড়ী খন পিচলি গৈ হেনো চাৰিশ ফুট তলত পৰিছিল ।

মৰ্মান্তিক ! অতি মৰ্মান্তিক ! মৃত্যু যে কাৰ কেতিয়া কেনেকৈ আহে !!!

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: চিকিমৰ ভিতৰুৱা ৰিনচেনপং
Anjan Sarma

Anjan Sarma

Related Posts

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal
Travel

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

by TARA KUMAR ANGDEMBE
June 29, 2026
0

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal TARA KUMAR ANGDEMBE ​Imagine standing on a vast, endless carpet...

Read moreDetails
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

April 21, 2026
woman sitting on the car s window

Why it is Important to Travel?

April 18, 2026
Delhi Diaries: A Story of Family Bonding, Solo Growth, and Rediscovering Freedom

Delhi Diaries: A Story of Family Bonding, Solo Growth, and Rediscovering Freedom

April 5, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d