-দিগন্ত দৈমাৰী |
পূৱ তিমোৰ দক্ষিণ-পূৱ এছিয়াৰ এখন স্বাধীন-সার্বভৌম ৰাষ্ট্র । ইয়াৰ পূৰ্বৰ নাম ডেমক্রেটিক ৰিপাব্লিক অব তিমোৰ-ইস্ট। পূৱ তিমোৰ তিমোৰ দ্বীপৰ পূৱ অঞ্চলত এই ৰাষ্ট্ৰ গঠিত । ইয়াৰ উত্তৰে ওয়েটাৰ প্রণালী আৰু দক্ষিণে তিমোৰ সাগৰ । দ্বীপৰ পশ্চিম অংশ ইন্দোনেছিয়াৰ পূৱ নুছা তেঙ্গাৰৰা প্রদেশৰ অন্তর্গত । ২০০২ চনৰ ২০ মে’ত পূৱ তিমোৰ এখন সম্পূর্ণ স্বাধীন প্রজাতন্ত্র ৰাষ্ট্ৰলৈ পৰিণত হয় । একবিংশ শতাব্দীৰ প্রথম স্বাধীন দেশ হিচাপে আত্মপ্রকাশ কৰে পূৱ তিমোৰে । ইয়াৰ নাম ৰখা হয় República Democrática de Timor-Leste বা গণপ্রজাতন্ত্রী পূৱ তিমোৰ । উত্তৰ উপকূলত অবস্থিত বন্দৰ চহৰক দেশখনৰ ৰাজধানী হিচাপে স্বীকৃতি দিয়া হয় । মূলত জাতিসংঘৰ তত্ত্বাবধানতেই স্বাধীনতা লাভ কৰে দেশখনে । জাতিসংঘৰ শান্তিৰক্ষী বাহিনী পূৱ তিমোৰত অবস্থান কৰি গণভোট আয়োজন কৰি স্বাধীনতাৰ সন্দৰ্ভ গণভোটৰ আয়োজন কৰে । আয়তনৰ দিশৰ পৰা দেশখন ১৫ হাজাৰ ৪১০ বর্গ কিলোমিটাৰ । দেশখনৰ জনসংখ্যা ১২ ,১৫৪২ জন । দেশখনৰ চৰকাৰী ভাষা পর্তুগিজ । বাৰ্ষিক আয়ৰ তুলনাত বাংলাদেশ, পাকিস্তান আদি ৰাষ্ট্ৰ সমূহতকৈও উন্নত যদিও এছিয়াৰ দৰিদ্ৰতম দেশ সমূহৰ ভিতৰত এখন দেশ পূৱ তিমোৰ । কিয়নো স্বাধীনতা পোৱাৰ পৰ্যন্ত পূৱ তিমোৰত যিবোৰ তেল আৰু গেছ ক্ষেত্ৰৰ সন্ধান পোৱা গৈছিল সেই সমূহ এতিয়াও অষ্ট্ৰেলিয়া কোম্পানি সমূহৰ দখলত আছে । তেওঁলোকে যি লাভাংশ দিয়ে তাৰেই সন্তুষ্ট থাকিব লগা হয় পূৱ তিমোৰেৰ চৰকাৰ । তাৰোপৰি বৈদেশিক সহায়তাৰ ওপৰত বহু অংশ নির্ভৰশীল দেশখন । উপকূলৰ পৰা কিছু দূৰৈত নতুনকৈ তেল আৰু গেছৰ সন্ধান পোৱা দেখা য়ায় । যিয়ে নতুন সম্ভাৱনা কঢ়িয়াই আনিছে ।
তিমোৰ এটি ডাঙৰ দ্বীপ । যাৰ পশ্চিম অংশ ইন্দোনেছিয়াৰ অধীন, পূর্ব অংশ স্বাধীন দেশ । তিমোৰৰ পূৱ অংশ প্রথমে পর্তুগিজে ১৫৫১ চনত দখল কৰিছিল । ১৬৫১ চনত ওলন্দাজৰাই তিমোৰৰ পশ্চিমৰ কুপাং ৰাজ্যখন দখল কৰি নিয়ে । ১৮৫৯ চনত পর্তুগালৰ লগত ওলন্দাজৰাৰ এক চুক্তি হয়। চুক্তি অনুযায়ী পূৱ তিমোৰ পর্তুগালৰ উপনিবেশ হিচাপে থাকি যায় । পশ্চিম তিমোৰ হয় ইন্দোনেছিয়াৰ তথা ডাছ ঔপনিৱেশিকৰ অধীন । ১৯৪৫ চনত ইন্দোনেছিয়া স্বাধীন হোৱাৰ পাছত পশ্চিম তিমোৰ ইন্দোনেছিয়াৰ অংশ হিচাপে থাকি যায় ।
১৯৭৪ চনৰ ২৫ এপ্রিলত পর্তুগালৰ স্বৈৰতন্ত্ৰীশাসক ছালাজাৰাৰ পতন হয় । তাৰ পাছত পর্তুগিজ চৰকাৰে পূৱ তিমোৰক তেওঁলোকৰ ঔপনিৱেশিকতাৰ পৰা মুক্ত কৰাৰ সিদ্ধান্ত লয় । ১৯৭৫ চনৰ ২৮ নৱেম্বৰত সাম্যবাদী ৰাজনৈতিক দল ফ্রেটিলিনে পূৱ তিমোৰক স্বাধীন ঘোষণা কৰে । ইয়াৰ ফলত পূৱ তিমোৰত গৃহযুদ্ধৰ সূত্ৰপাত ঘটে । তিমোৰৰ নিবাসী সকলৰ একাংশ আছিল ইন্দোনেছিয়াৰ লগত থকাৰ পক্ষপাতী । তেওঁলোকৰ অৱদানত ইন্দোনেছিয়াই সৈন্য পঠিয়াই স্বাধীনতা লাভ কৰা ৯ দিনৰ পাছত পূৱ তিমোৰ দখল কৰি নিয়ে । ইন্দোনেছিয়াই পূৱ তিমোৰক দখল কৰি ইন্দোনেশিয়াৰ ২৭তম প্রদেশ ঘোষণা কৰে । যুক্তৰাষ্ট্রসহ পশ্চিমীয়া বিশ্বই এই আগ্রাসনত ইন্দোনেছিয়াক অব্যক্ত সমর্থন দিয়ে । কাৰণ পূৱ তিমোৰৰ স্বাধীনতাকামী সকল ‘মার্ক্সবাদী’ হিচাপে পৰিচিতি আছিল ।
ইন্দোনেছিয়াৰ দখলদাৰিত্বৰ বিৰুদ্ধে আৰম্ভ হয় ফ্রেতিলিনৰ নেতৃত্বত মুক্তিযুদ্ধ । মুক্তিযুদ্ধত পূৱ তিমোৰৰ প্রায় এক-তৃতীয়াংশ মানুহ নিহত হয় ।
ইন্দোনেছিয়াই ১৯৭৬ চনৰ পৰা ১৯৯৯ চন পর্যন্ত পূৱ তিমোৰক তেওঁলোকৰ এখন প্রদেশ হিচাপে দাবী কৰি আছিল যদিও ইন্দোনেছীয় চৰকাৰে ১৯৯৯ চনৰ ৩০ আগষ্টত পূৱ তিমোৰত গণভোটৰ আয়োজন কৰিবলৈ বাধ্য হয় । ১৯৯৯ চনৰ ৩০ আগষ্টত জাতিসংঘৰ তত্ত্বাবধানত স্বাধীনতাৰ প্রশ্নৰে গণভোট অনুষ্ঠিত হয় । নব্বই শতাংশৰো বেছি মানুহে ভোট প্ৰদান কৰে আৰু গণভোটত ৭৮.৫% লোকে স্বাধীনতাৰ পক্ষত ভোট প্ৰদান কৰে । গণভোটৰ ৰায় শুনি প্রতিশোধৰ হিংসাৰে নামি পৰিল ইন্দোনেছীয়া বাহিনী, তেতিয়া পূৱ তিমোৰত নির্বিচাৰ গণহত্যা চলিল । জাতিসংঘই পূৱ তিমোৰৰ জনগণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিবৰ বাবে শান্তিৰক্ষী বাহিনী পঠায় ।
পূর্ণ স্বাধীনতা লাভ কৰাৰ আগ মুহূৰ্তৰ পৰ্যন্ত পূৱ তিমোৰক জাতিসংঘৰ অধীনত ৰখা হয় । জাতিসংঘৰ তত্ত্বাবধানত ২০০২ চনৰ ২০ মে’ত গণপৰিষদত নতুন সংবিধান অনুমোদিত হয় আৰু এই দিনটো পূৱ তিমোৰৰ ‘স্বাধীনতা পুনৰুদ্ধাৰ দিবস’ হিচাপে গণ্য কৰা হয় ।