-ৰঞ্জনা কোঁচ |
আজি বহুদিনেই হ’ল, চোছিয়েল মেডিয়াৰ পৰা আঁতৰি আছোঁ । বিশেষ কোনো কাৰণ নাই ,ইচ্ছাকৃতভাৱেই আঁতৰি আছোঁ । বহুজন শুভাকাংশীয়ে বাৰ্তা বাকচত মোলৈ বাৰ্তা পঠাইছে । আপোনালোক সকলোলৈকে কৃতজ্ঞতা । এইহেন ভয়ংকৰ দিনটো আপোনালোকে মোৰ বাবে কিঞ্চিতমান হ’লেও দায়িত্ববোধ ,চিন্তা কৰা দেখি মই অভিভূত । ভগৱানে আপোনালোকক কুশলে ৰাখক এইয়ে কামনা কৰিলো।
এক বিশেষ জৰুৰী কথা কিছু জনাবলৈ বৰকৈ মনটো উচপিচাই থকা হেতুকে দুআষাৰ কবলৈ লৈছোঁ । মই অৱশ্যে বৰ ডাঙৰ বিশেষজ্ঞ অথবা শিক্ষিত মানুহো নহয় , তথাপি এই জটিল সময়ত যিখিনি কথা সাধাৰণ মানুহ হিচাপে জানিব লাগে অথবা মানিব লাগে তাকে কব বিছাৰোঁ ।
যোৱা ১২/৭/২০২০ তাৰিখে মোৰ কৰ্মস্থলীৰ তেনেই কাষতে (প্ৰায় ২০০ মিটাৰমান ব্যৱধানত) প্ৰথমজন কভিড ১৯ পজিটিভ ব্যক্তি চিনাক্তকৰণ হয় । লগে লগে আমাৰ স্বাস্থ্য বিভাগৰ মানুহখিনিৰ তৎপৰতা দুগুণে বৃদ্ধি হ’ল । অসমত ভয়ংকৰভাৱে এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈছে । লগে লগে বৃদ্ধি হৈছে সামাজিক সংক্ৰমণ । এই সামাজিক সংক্ৰমণৰ বলি হ’ল উক্ত ব্যক্তিজন । কাৰণ তেখেতৰ কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত অথবা কভিড ৰোগীৰ সতে সংযোগ হোৱাৰো কোনো তথ্য পোৱা নহ’ল । ভালেদিন আগৰে পৰা মানুহজন ভৰিৰ বিষত ভুগি আছিল ।ওচৰৰ চিকিৎসালয়ত কোনো সুফল নাপাই তেওঁ যোৱা ৯/৭/২০ তাৰিখে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে গৈছিল ,য’ত নিয়মমাফিক পৰীক্ষাৰ অন্ততঃ তেওঁৰ ৰিজাল্ট পজিটিভ আহে ।এই লৈ গাঁওখনৰ মানুহৰ পেটলৈ ভাত পানী নোযোৱা অৱস্থা । চিন্তাত গাঁওবাসীৰ টোপনি হেৰাল । ইয়াৰো কাৰণ আছে । উক্ত মানুহজনৰ ঘৰৰ সতে গাঁৱৰ প্ৰায়ভাগ মানুহৰ সঘন অহা-যোৱা চলিছে কেইদিনমানৰ পৰা ।সৰহভাগ মানুহ অসুখীয়া জনৰ খবৰ লবলৈ হওক বা চুবুৰীয়া হোৱাৰ আপাহতেই হওক তেওঁলোকৰ ঘৰলৈ গৈ সমবেদনা ,পৰামৰ্শ দিয়াৰ লগতে বহুতেই ৰোগীজনৰ গাতো হাত ফুৰাই দিছে । কোনোবাই বিষবোৰ ভাল হলেও হওক ভাৱত তেল ,মলম অকণকে সানি দি গৈছে ।মুঠৰ ওপৰত সকলোৰে যেন মানুহজনৰ স্বাস্থ্যৰ বাবে দায়িত্বশীল তেনে দেখা গৈছে ।এই ছবিখন আমাৰ অসমৰ মানুহৰ মাজত সচৰাচৰ দেখা ভাতৃত্ববোধৰ এখন ছবি । বহু সময়ত মানুহৰ আদৰ ,যত্ন ,চেনেহে মৃত্যুমুখী মানুহকো জীয়াই তোলে ।এইখিনিলৈকে সকলো ঠিকেই আছিল । চিকিৎসালয়ত চিকিৎসকক দেখুৱাই ঘূৰি অহাৰ পিছতো ৰোগীজনৰ ঘৰলৈ মানুহৰ আহ- যাহ মুঠেও নকমিল । ঘৰৰ মানুহেও ওচৰৰ স্বাস্থ্যকেন্দ্ৰত নি বেজী ,চেলাইন দিয়াৰ দায়িত্ব পালন কৰিলে । দুখনমান গাড়ী সলনা-সলনিকৈ ব্যৱহাৰ কৰিও তেখেতক স্বাস্থ্যকেন্দ্ৰলৈ,বেংকলৈ লৈ গ’ল । ইমানখিনি হোৱাৰ অন্ততো তেওঁলোকে কভিড ১৯দৰে ভয়ংকৰ কিবা হ’ব পাৰে বুলি ভবাৰ থলো নাছিল অথবা নাভাবিলে ।
এতিয়া কথা হ’ল , যেতিয়াই তেখেতৰ পজিটিভ ফলাফল আহিল সকলোৰে মূৰত সৰগ ভাগিল তেতিয়াহে । কাৰণ তেখেতৰ ঘৰখনৰ সতে বহুত মানুহৰ প্ৰত্যক্ষ সংযোগ হৈছে । এই সংযোগখিনি বাছি উলিওৱাৰ গুৰু দায়িত্ব আমি চাৰিজন স্বাস্থ্যকৰ্মীয়ে মূৰপাতি লৈ বুজি উঠিলোঁ এই পৰিসংখ্যাটো উলিওৱা ইমান সহজ নহয় ।মূখ্য সংযোগকাৰী আৰু গৌণ সংযোগকাৰীখিনিও বাচি উলিয়াবলৈ প্ৰথমে আমাক জনসাধাৰণৰ সহায়ৰ প্ৰয়োজন হ’ব। লগতে উক্ত ঘৰখনৰ মানুহখিনিৰ সহায় নহলে আমি আমাৰ কাৰ্যত এশ শতাংশ সফলতা লাভ নকৰোঁ । কিছু সংখ্যক মানুহে আমাক স্বেচ্ছাই নিজৰ সংযোগৰ বৰ্ণনা দিলে যদিও প্ৰায়সংখ্যক লোকেই তেওঁলোকৰ সৈতে হোৱা সংযোগৰ কথাবোৰ লুকুৱাই ঘৰতে সোমাই থাকি ৰেহৰূপ চাবলৈ ধৰিল । ইফালে উক্ত ঘৰেও লাজ,ভয়,গ্লানিৰ বাবে আমাক পূৰ্ণ সহযোগিতা কৰাৰ পৰা বিৰত থাকিল ।তেনেধৰণেৰে বহু কষ্ট আৰু নিৰীক্ষণৰ অন্ততঃ আমি আজি পৰ্যন্ত চৌৱন্ন(৫৪) জনৰ নমুনা পৰীক্ষণৰ বাবে পঠাব পাৰিলোঁ। হয়তো ইয়াৰ মাজতো বহুজন বাদ পৰি যোৱাৰ সম্ভাৱনাই প্ৰৱল ।এতিয়া ইয়াৰ পিছৰ পৰ্যায় অৰ্থাৎ ফলাফলেহে কব উক্ত গাঁওখনত আৰু কেনেধৰণৰ পৰিস্থিতিৰ সন্মূখীন হওঁ আমিবোৰ ।
এতিয়া আচল কথা হ’ল কোৱেৰেন্টিন গৃহৰ পৰা ওলোৱা কভিড পজিটিভ অথবা হ’ম কোৱেৰেন্টিনৰ পৰা ওলোৱা কভিড পজিটিভৰ সতে এই ধৰণৰ সামাজিক সংক্ৰমণৰ ফলত হোৱা কভিডৰ আকাশ- পাতাল পাৰ্থক্য । কিয়নো এনে সংক্ৰমণৰ কোনো সংকেত দেখা নাযায় । যাৰবাবে এজন কভিড পজিটিভ ৰোগীয়ে এক নিমিষতে বহু মানুহক এই ৰোগ দিবলৈ সক্ষম হয় । কোনো আগতীয়া লক্ষণ নোহোৱা হেতুকে আন মানুহে লবলগীয়া সাৱধানতাবোৰো নোলোৱাকৈ এনে ৰোগীৰ সৈতে একেলগে সংযোগ স্থাপন কৰে আৰু সমাজত গণ সংক্ৰমণ ৰ সূচনা হবলৈ এক বাতাবৰণ গঢ়ি উঠে । এই দিনবোৰতো আমাৰ চাক্ষুশ অভিজ্ঞতাৰ পৰা কওঁ মানুহ কিঞ্চিতমানো চিন্তাম্বিত অথবা সচেতন নহয় আজিও ।এতিয়াও বিয়া-সবাহৰ নামত বহু মানুহৰ সমাগম ,সামাজিক দুৰত্ব উলংঘা হৈয়ে আছে ,মাছ মাংসৰ বজাৰত এহাত আঁতৰে আঁতৰে মানুহ ।এইবোৰেই গণ সংক্ৰমণৰ একোটা সূৱৰ্ণ সুযোগ কভিড ৰ বাবে । অকথ্য যদিও কওঁ ফেচবুকতো ঘূৰা -ফুৰা আৰু পাৰ্টি খোৱাৰ ছবিবোৰ চাই পুতৌ ওপজে তেনেসকললৈ ।
সামান্য অজুহাততে বেজীৰ পৰা বতিয়ালৈ চুবুৰীয়াৰ ঘৰলৈ বিচাৰি যোৱা চুবুৰীয়া ,তামোল ,চাহৰ জুটি বিচাৰি যোৱা চুবুৰীয়া নিজেও নহওক ,আনলৈ হ’বলৈ বাধা দিয়ক।পাকে প্ৰতি টাউনৰ বজাৰত ঘূৰি ভাল পোৱা ,হোটেল ৰেষ্টুৰাত খালেহে টকা থকাৰ দৰে বুজোৱা ,ফুৰাৰ ফটো দি বিশ্ববিজয় কৰাৰ দৰে দেখুওৱা মানসিকতাবোৰ পৰিহাৰ কৰক ।নহলে চাব অসমৰ অৱস্থা কি হ’বলৈ গৈ আছে ।হাতৰ কুঠাৰ ভৰিত মাৰি নিজেই নিজৰ সৰ্বনাশ কৰাতকৈ ঘৰতে থাকক ,সুস্থ থাকক ।
ডাক্তৰ, নাৰ্ছ ,স্বাস্থ্যকৰ্মীবোৰো ভাগৰিছে ,তেওঁলোকৰ কথা ভাৱক ,তেওঁলোকৰ পৰিয়ালবোৰৰ,সন্তানকেইটাৰ কথা ভাৱক ,যি মাহৰ পিছত মাহ মাক -দেউতাকৰ মুখেই দেখা নাই । সমাজখন বচোৱাৰ দায়িত্ব কেৱল স্বাস্থ্যকৰ্মী,প্ৰশাসন আৰু চৰকাৰৰ নহয় ,
দায়িত্ব আপোনালোকৰ । কোনোবাই নুবুজিলে বুজাওক । তেওঁলোকক প্ৰকৃত কথাবোৰ যুক্তিৰে বুজাই দিয়ক ।পৰিৱৰ্তন এনেকৈয়ে আহিব ,আপোনাৰ দ্বাৰা ,মোৰ দ্বাৰা । সকলোৱে বিধিসমূহ মানি সাৱধানে থাকক, তাকেই কামনা কৰিলো।