-অৰবিন্দ ৰাভা |
এক বিশেষ ধৰণৰ চশমা! এই চশমাক লৈ ফেচবুকৰ গৱেষণাগাৰত গৱেষণা চলি আছে আৰু শীঘ্ৰেই ফেচবুকৰ কৰ্মীসকলে এই চশমা পিন্ধি ঘূৰি ফুৰিবলৈ আৰম্ভ কৰিব। কমেও ১০০ জন কৰ্মীয়ে পিন্ধি ঘুৰি ফুৰিবলৈ প্ৰস্তুত হৈ থকা এই বিশেষ চশমা হ’ল প্ৰকৃততে ফেচবুকৰ গৱেষণাগাৰত প্ৰস্তুতিৰ অন্তিম পৰ্যায়ত থকা চশমাসদৃশ ‘অগমেন্টেড ৰিয়েলিটি (এ-আৰ) ৰিচাৰ্ছ গ্লাচ’। কিন্তু এই চশমা এতিয়াই বজাৰত এৰি দিয়া নহ’ব। সেইকাৰণে এই চশমাক ‘এ-আৰ গ্লাচ’ৰ প্ৰট’টাইপ বুলিও কোৱা হোৱা নাই, কোৱা হৈছে ‘ৰিচাৰ্ছ গ্লাচ’, অৰ্থাৎ ই গৱেষণাৰ স্তৰত আছে! আমেৰিকাৰ চান-ফ্ৰান্সিচকো আৰু চিয়াত’ল মহানগৰত ফেচবুকৰ নিৰ্দিষ্ট কিছু কৰ্মীয়ে এই চশমা পিন্ধি ঘূৰি ফুৰিব। কিন্তু এই ‘অগমেন্টেড ৰিয়েলিটি’ কি? ফেচবুকৰ সূত্ৰৰ খবৰ মতে ই হ’ল এনে এক প্ৰযুক্তি, যাক বাস্তৱ জগতৰ সম্প্ৰসাৰিত সংস্কৰণ বুলি অভিহিত কৰিব পাৰি। আপুনি বাস্তৱতে যি দেখি আছে বা দেখা পাব, তাৰে ওপৰত কম্পিউটাৰৰ সহায়ত প্ৰস্তুত কৰা এটা স্তৰ ‘অগমেন্টেড ৰিয়েলিটি’য়ে যুক্ত কৰি দিব। গতিকে এই চশমা চকুত থাকিলে বাস্তৱ আৰু পৰা-বাস্তৱৰ ( ভাৰ্চুৱেল) সংমিশ্ৰণত তৈয়াৰ হ’ব এক নতুন অনুভূতি – সকলো বস্তুকে এক ভিন্ন দৃষ্টিকোণেৰে দেখাৰ অনন্য অভিজ্ঞতা। ‘অগমেন্টেড’ শব্দৰ অৰ্থ হ’ল যুক্ত কৰা। বাস্তৱৰ সৈতে কম্পিউটাৰৰ সহায়ত প্ৰস্তুত কৰা ভাৰ্চুৱেল স্তৰ যুক্ত হ’ব বাবে সেই শব্দৰ প্ৰয়োগ হৈছে।
এই চশমা পিন্ধি মানুহে নিজৰ চাহিদা অনুসাৰে প্ৰত্যক্ষ কৰিব পাৰিব। কেৱল কম্পিউটাৰৰ সহায়ত প্ৰস্তুত কৰা ছৱিয়েই নহয় ; শব্দ, গ্ৰাফিক্স, স্পৰ্শ কৰাৰ অনুভূতি, আনকি ‘জি-পি-এছ’ ( Global Positioning System)ৰ ‘ডাটা’ও লাভ কৰিব পাৰিব। কথাখিনি এনেকৈও বুজি পাব পাৰি যে ধৰক আপুনি মোডী চৰকাৰৰ ৰাজত্বৰ বিষয়ে পঢ়ি আছে, গ্ৰন্হখনত বা আলোচনীখনত থকা আখৰবোৰ পঢ়ি হয়তো আপোনাৰ ভাল লগা নাই; কোনো কথা নাই, আপুনি চশমাযোৰ পিন্ধি লওক, আপোনাৰ চকুৰ সন্মুখত ভাহি উঠিব সেই পঢ়ি থকা কথাবোৰৰ ‘এনিমেশ্যন’ বা ভিডাঅ’, অৰ্থাৎ আখৰবোৰৰ স্থান ল’ব দৃশ্যই। আপুনি বিমুদ্ৰাকৰণৰ বিষয়ে পঢ়ি আছে যেনিবা, আপোনাৰ চকুৰ সন্মুখত বিমুদ্ৰাকৰণৰ দিনা মোডীয়ে দিয়া সোণোৱালী ভাষণটোৰ দৃশ্য ভাহি উঠিব, এ-টি-এমত দীঘল দীঘল শাৰী, মানুহৰ দুৰৱস্থা, ইত্যাদি আপোনাৰ প্ৰত্যক্ষ হ’ব। নিৰ্বাচনৰ ভাষণ পঢ়িলে গাইপতি ১৫ লাখকৈ টকা দিয়া হ’ব বুলি কৰা ঘোষণাৰ ভিডিঅ’ৰ দৃশ্য ভাহি উঠিব, সোণোৱালৰ ছাত্ৰ সন্হাৰ সভাপতি হিচাপে কোৱা কথাবোৰ চিনেমাৰ দৰে ভাহি উঠিব,…!
ধৰক আপুনি ভ্ৰমণ কৰিবলৈ গৈছে। আপোনাৰ ইঙ্গিতত আপোনাৰ চকুৰ সন্মুখত পথ- পথৰ আশে-পাশে থকা অঞ্চল, বিভিন্ন তথ্য আদি ভাহি উঠিব। যানদট থাকিলেও জাননী পোৱাৰ লগতে বহু দূৰত থাকিও দেখা পাব আৰু শ্বৰ্টকাট পথৰ সন্ধান পাব। ফেচবুকৰ ‘ৰিয়েলিটি লেব’ৰ প্ৰধান এন্ড্ৰিউ বশ্বৱৰ্থে জনাইছে যে এই ‘এ-আৰ’ চশমা যিয়ে পিন্ধি থাকিব, তেওঁ বাস্তৱ জগতৰ এক ‘থ্ৰি-ডি গ্ৰাফিক্স’ দেখা পাব। লগতে আনুষঙ্গিক তথ্য পাব। কিন্তু এইপৰ্যন্ত গৱেষণা শেষ হোৱা নাই। এই প্ৰকল্পৰ নাম হ’ল ‘প্ৰজেক্ট আৰিয়া’। ফেচবুকৰ কৰ্মীসকলে এই চশমা পিন্ধি ঘূৰি ফুৰি প্ৰচুৰ ডাটা সংগ্ৰহ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত এই চশমা কিদৰে ব্যৱহাৰ কৰিব পৰা যাব পাৰে আৰু এই চশমা পিন্ধি থাকিলেও কিদৰে অইনৰ গোপনীয়তা অক্ষুণ্ণ থাকিব, সেয়াও গৱেষণা কৰি থকা হৈছে।
বশ্বৱৰ্থে জনাইছে যে এই চশমা যিজনে পিন্ধি থাকিব, তেওঁৰ দৃষ্টিভংগীৰ পৰাই এই চশমাই অডিঅ’ আৰু ভিডিঅ’ কৰায়ত্ত কৰিব। তেওঁ কৈছে যে এই চশমা পিন্ধি ঘুৰি ফুৰিবলগীয়া ফেচবুকৰ কৰ্মীসকলক এক বিশেষ চোলা পিন্ধাই দিয়া হ’ব আৰু সেগ চোলাত লিখা হ’ব যে তেওঁ ফেচবুকৰ কৰ্মী তথা অগমেন্টেড ৰিয়েলিটিক লৈ গৱেষণা কৰি আছে। চোলাটোত এটা ৱেব-চাইটৰ ঠিকনাও থাকিব আৰু সেই ঠিকনাৰ পৰা প্ৰকল্পটোৰ বিষয়ে সবিশেষ জানিব পাৰিব।