• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, November 17, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Remembrance

এখন অভিশপ্ত বিমান আৰু এশ দুজন সৈনিক

ৰুবী বৰা

by Editor
October 5, 2024
in Remembrance
Reading Time: 2 mins read
0
এখন অভিশপ্ত বিমান আৰু এশ দুজন সৈনিক
Share on FacebookShare on TwitterShare on LinkedIn

এখন অভিশপ্ত বিমান আৰু এশ দুজন সৈনিক

ৰুবী বৰা

Ruby Bora
ৰুবী বৰা

১৯৬৮ চনৰ সাত ফেব্ৰুৱাৰীৰ দিনা চণ্ডীগড়ৰ পৰা লেহলৈ বুলি উৰা মৰা এখন বিমান বেয়া বতৰৰ বাবে লেহত অৱতৰন কৰিব নোৱাৰি চণ্ডীগড়লৈ উভতি আহি আছিল।

কিন্তু ৰথাং পাছৰ ওপৰেদি পাৰ হোৱাৰ পিছতেই বিমান খনৰ সংযোগ বিছিন্ন হৈ পৰিছিল, আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ  আছিল এশ দুজন সৈনিকৰ।

ভাৰতীয় বায়ু সেনাৰ অধীনত থকা এ.ন.-১২ নম্বৰৰ বিমান খন সেই অভিশপ্ত দিনটোত উৰা মাৰিছিল পাইলট আৰু ক্ৰিউ সদস্যৰ সৈতে ১০২ জন যাত্ৰীক লৈ। ৰথাং পাছৰ আগলৈকে নিয়ন্ত্ৰনত থকা বিমান খনৰ হঠাতে সংযোগ বিছিন্ন হোৱাৰ পিছতেই ৰহস্যজনক ভাৱে কোনো ধৰণৰ সম্ভেদ পোৱা নাছিল কোনেও।
IMG 20241004 WA0003

লাহল স্পিটি উপত্যকাত, হিমালয়ৰ মাজত দুৰ্গম অঞ্চলত বিমানখনৰ দুৰ্ঘটনা হোৱাৰ অনুমান কৰি ভাৰতীয় সেনা বাহিনীয়ে ততাতয়াকৈ এটি উদ্ধাৰ অভিযান চলাইছিল যদিও প্ৰতিকূল বতৰৰ বাবে অভিযানকাৰী দলটো আগবাঢ়িব নোৱাৰি বিমুখ হৈ উভতি আহে আৰু দুৰ্ঘটনা গ্ৰস্ত বিমানখনত যাত্ৰা কৰা ১০২ জনকৈ সৈনিকৰো কোনো শুংসূত্ৰ নোহোৱাকৈয়ে তেনেকৈয়ে থাকি যায়।

RelatedPosts

Zubeen Garg’s Death: An End to an Era

Zubeen Garg’s Death: An End to an Era

September 28, 2025
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

September 25, 2025
‘দ্য লাষ্ট প’ষ্ট’

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

September 8, 2025

২০০৩ চনত মানালিস্থিত অটল বিহাৰি বাজপেয়ী ইনষ্টিটিউট অৱ মাউন্টেইনিয়াৰিং এণ্ড এলাইড স্পৰ্ট্চ পৰ্বতাৰোহন প্ৰতিষ্ঠানৰ তত্বাৱধানত ধাকা হিমবাহলৈ যোৱা এটি ট্ৰেকিং অভিযানৰ সদস্য সকলে এ.এন.-১২ নম্বৰ বিমানখনৰ খণ্ড বিখণ্ড অংশ প্ৰত্যক্ষ কৰে আৰু এজন সৈনিকৰ মৃতদেহো উদ্ধাৰ কৰে।

এই চাঞ্চল্যকৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে ভাৰতীয় সেনা বাহিনীয়ে তৎপৰতাৰে  দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ শুংসূত্ৰ বিচাৰি ২০০৭ চনত ’মিছন পুনৰুত্থান’ নামাকৰণ কৰি পুনৰ উদ্ধাৰ অভিযানৰ আয়োজন কৰে।হিমালয়ৰ বুকুত শুই থকা দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ যাত্ৰীসকলৰ মৃতদেহ বিচাৰি দুগুণ উদ্যম আৰু সাহসেৰে সৈনিকসকলে অভিযান আৰম্ভ কৰিলে আৰু বিমানখনৰ কিছু ধ্বংসাৱশেষৰ লগতে তিনিজন সৈনিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল।

প্ৰায় ১৮০০০ ফুট উচ্চতাত বৰফৰ ডাঠ দলিচাৰ ওপৰত চলোৱা এই অভিযান একেবাৰেই সহজ নাছিল। সহজ নাছিল যদিও দেশৰ হকে প্ৰান আহুতি দিবলৈ কুন্ঠাবোধ নকৰা ভাৰতীয় সেনাৰ জোৱান সকলে নিজৰ লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল। সেই অভিযানত তিনিজনকৈ সৈনিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ২০০৭, ২০১৩ আৰু ২০১৯ চনতো উদ্ধাৰ অভিযান অব্যাহত থাকিল আৰু মুঠ পাঁচ জন সৈনিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল।

২০১৮ চনত ভাৰতীয় পৰ্বতাৰোহন সংস্থা আৰু অ’.এন.জি.চি.য়ে যুটীয়াকৈ এক বিশেষ অভিযানৰ আয়োজন কৰিছিল যাৰদ্বাৰা পৰ্বতাৰোহন আভিযান সমূহত ওপৰত থাকি অহা অৱশিষ্ট প্লাষ্টিক, আৱৰ্জনা আদিবোৰ তললৈ কঢ়িয়াই আনি পাহাৰখন পৰিস্কাৰ কৰা এই অভিযানত অংশ লোৱা পৰ্বতাৰোহীসকলে চন্দ্ৰভাগা এলেকাৰ ঢাকা হিমবাহৰ আশে পাশে দুৰ্ঘটনা গ্ৰস্ত এ.এন.-১২ বিমান খনৰ অৱশিষ্টবোৰ পাইছিল আৰু তললৈ কঢ়িয়াই আনিছিল।

চি.বি.-১৩ শৃংগৰ বেচ কেম্পত  দলটোৱে এটা মৃতদেহৰ আধা অংশ পাইছিল। তাৰ পিছতেই ২০১৯ চনত ভাৰতীয় স্থল সেনা আৰু ভাৰতীয় বায়ু সেনাই যুটীয়াকৈ অভিযান চলাই তাত সিচৰিত হৈ থকা বিমান খনৰ অৱশিষ্ট অংশৰ বহুখিনি তললৈ কঢ়িয়াই আনে।

২০২৩ চনত অসম পৰ্বতাৰোহন সন্থাৰ উদ্যোগত চি.বি-১৪ শৃংগলৈ এটি অভিযান আয়োজন কৰা হৈছিল। অভিজ্ঞ পৰ্বতাৰোহী মানস বৰুৱাৰ নেতৃত্বত ৬০৭৮ মিটাৰ উচ্চতাৰ শৃংগটি আৰোহন কৰাৰ লক্ষ্যৰে দলটি আগুৱাই গৈ ১১ আগষ্টৰ দিনা  উচ্চ বেচ কেম্প পাইছিলগৈ। উচ্চ বেচ কেম্পৰ গোটেই এলেকাটোত তেওঁলোকে সেই বিমানৰ অৱশিষ্টখিনি পৰি থকা পাইছিল। 

অটল টানেলৰ সমীপত হোৱা ডাৱৰ বিস্ফোৰনৰ বাবে হিমাচলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাত প্ৰতিকূল বতৰৰ ওচৰত শিৰনত কৰি দলটি চামিট কেম্পৰ পৰা অভিযান সামৰি উভতি আহে, লগত লৈ আহে এ.এন.-১২ বিমানৰ কিছু টুকুৰা যিখিনি অসম পৰ্বতাৰোহন সন্থাৰ কাৰ্যালয়ত বৰ্তমান সংৰক্ষিত অৱস্থাত আছে।

ইফালে সময়ে সময়ে অভিশপ্ত বিমান খনত যাত্ৰা কৰা সৈনিকসকলৰ খ্ণ্ড খ্ণ্ডকৈ পাই থকা মৃতদেহৰ বাতৰিয়ে ভাৰতীয় সেনা বাহিনীক অধিক উৎকণ্ঠিত কৰি আহিছে ফলস্বৰূপে প্ৰত্যেকবাৰেই কিবা নহয় কিবা তথ্য উদ্ঘাটন কৰাৰ মানসেৰে সেই দুৰ্গম পাহাৰলৈ অভিযান অব্যাহত ৰাখিছে।

দুদিন পূৰ্বে তেনে এক অভিযানৰ ফলতেই অক্ষত অৱস্থাত থকা চাৰিজন সৈনিকৰ মৃতদেহ উদ্ধাৰ হোৱা বাতৰি দেশজুৰি ব্যাপকভাৱে প্ৰচাৰ হৈছে । ভাৰতীয় সেনা বাহিনীৰ দোগ্ৰা স্কাউট আৰু ত্ৰিৰংগা মাউন্টেইন ৰেষ্কিউ ৰ তত্বাৱধানত আয়োজিত এই উদ্ধাৰ অভিযানৰ ফ্লেগ অফ কৰিছিল ব্ৰিগেদিয়াৰ আৰ.পি. সিঙে  যোৱা ২৯ ছেপ্টেম্বৰত।

IMG 20241004 WA0004

 তাৰ ঠিক দুদিন পিছতেই প্ৰায় ১৮,০০০ ফুট উচ্চতাত বিপদসংকুল থিয় বৰফেৰে আবৃত পাহাৰৰ বুকুত অভিযান চলাই চাৰিজনকৈ সৈনিকৰ মৃতদেহ উদ্ধাৰৰ বাতৰিয়ে ভাৰতীয় সেনা বাহিনীৰ সাহসিকতাৰ কথা দেশবাসীক পুনৰবাৰ সোঁৱৰাই থৈ গ’ল। ৫৬ বছৰ আগতে সন্ধানহীন হোৱা এই সকল সৈনিকৰ পৰিয়ালৰ মানুহৰ প্ৰতিক্ৰিয়া  কি হ’ব পাৰে আমি কেৱল অনুমানহে কৰিব পাৰোঁ। 

হয়্তু বহুতৰ পিতৃ মাতৃয়ে পুত্ৰৰ বাতৰি পোৱাৰ আশাতেই ইহ সংসাৰৰ পৰা বিদায়ো মাগিলে। উদ্ধাৰ হোৱা মৃতদেহ কেইটিৰ পৰিয়ালৰ লোকক গটাই দিয়াৰ লগতে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে তেওঁলোকৰ শেষকৃত্য সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছে।

কিছুদিন আগতে ’ চ’ছাইটি অৱ দ্য স্ন’ ’ নামৰ চিনেমা এখন চাইছিলো নেটফ্লিক্সত। সঁচা ঘটনাৰ আধাৰত নিৰ্মিত ছৱিখনত দুৰ্ঘটনাত পতিত হোৱা বিমান এখনৰ আধা সংখ্যক যাত্ৰী মাজতে দুটুকুৰা হোৱা বিমান খনৰ পিছৰ টুকুৰাৰ সৈতে চিটিকি গৈ বৰফেৰে আৱৃত দুৰ্গম পাহাৰত বৰফৰ মাজত পৰেগৈ য’ত কোনোফালে যোৱাৰ কোনো পথ নাথাকে। 

ইফালে ঠাণ্ডা , পেটৰ ভোকৰ তাড়নাত কেইবাজনেও পৰিস্থিতিৰ ওচৰত হাৰ মানি মৃত্যুবৰণ কৰে। বাকী কেইজনৰ জীয়াই থাকিবলৈ কৰা যুঁজখন দেখি কিবা লাগি গৈছিল। এ.এন.-১২ত যোৱা সৈনিক যাত্ৰী সকলৰ লগত বা কি ঘটিছিল সেয়া তেওঁলোকৰ লগতে কাহিনী হৈ থাকিল। 

এতিয়াও সম্ভেদ নোপোৱা বাকীসকলৰ মৃতদেহ বা ক’ত কেনেকৈ কি অৱস্থাত আছে সেয়া সময়েহে সকলোকে দেখুৱাব নতুবা এনেকৈয়ে ৰহস্যৰ আৱৰ্ত্ততেই থাকি যাব। য’তেই যেনেকৈয়ে আছে অন্ততঃ জীৱিত অৱস্থাত যে নাই সেয়া নিশ্চিত। প্ৰতিজন সৈনিকৰ আত্মাই শান্তি লাভ কৰক এয়াই আমাৰ প্ৰাৰ্থনা।

Missing passengers

ৰুবী বৰা ৯৭০৭২৭৫৮৫৮

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Editor

Editor

Related Posts

Zubeen Garg’s Death: An End to an Era
PEOPLE OF ASSAM

Zubeen Garg’s Death: An End to an Era

by Nilim Kashyap Barthakur
September 28, 2025
0

Zubeen Garg's Death: An End to an Era NILIM KASHYAP BARTHAKUR NILIM KASHYAP BARTHAKUR It was a quiet afternoon, and...

Read moreDetails
সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

September 25, 2025
‘দ্য লাষ্ট প’ষ্ট’

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

September 8, 2025
অসমৰ বুৰঞ্জী

আলাবৈ ৰণৰ সাক্ষী আতন বুঢ়াগোহাঁই

August 5, 2025
চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

August 4, 2025
ল’ৰালিৰ ধেমালি!

ল’ৰালিৰ ধেমালি!

July 18, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Cinema and Psychology

Cinema and Psychology

November 14, 2025
Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

Russia is methodically destroying the Ukraine’s energy system : Oleksandra Matviichuk

November 14, 2025
COP30 Brazil: Is this year’s Summit truly an Implementation COP?

COP30 Brazil: Is this year’s Summit truly an Implementation COP?

November 14, 2025
Mahabahu – Special Issue

অসমৰ সংবাদ জগতৰ ঐতিহাসিক খতিয়ান !

November 14, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    16345 shares
    Share 6538 Tweet 4086
  • কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

    868 shares
    Share 347 Tweet 217
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3157 shares
    Share 1263 Tweet 789
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    8257 shares
    Share 3303 Tweet 2064
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2827 shares
    Share 1131 Tweet 707
  • সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

    1221 shares
    Share 488 Tweet 305
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    720 shares
    Share 288 Tweet 180
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    561 shares
    Share 224 Tweet 140
  • জুবিন গাৰ্গ: মায়াবিনী ৰাতিৰ বুকুত জিলিকা তৰাৰ জীৱন-দীপিতি

    147 shares
    Share 59 Tweet 37
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    3650 shares
    Share 1460 Tweet 913
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d