-কস্তুৰী চুতীয়া |
পিতাইৰ ভয়টো বাঢ়িছে | আগতে চিনাকি চহৰখনৰ পদপথত নিৰ্ভয়ে অহা-যোৱা কৰিছিলো | আজি-কালি কাৰণ নহ’লে ঘৰৰ পৰা নোলাও | আইৰ গাটো দুৰ্বল | তথাপি পিতাইয়ে আইক লৈ যোৱা নাই হাস্পাতাললৈ | আই-পিতাই ওলাই গ’লে যে মই ঘৰৰখীয়া হ’ম ! তাতে পিতাইৰ ভয় | মই জনাত পিতাই বৰ সাহসী | সৰুৰে পৰা পিতাইৰ কোলাত বহি সুৰক্ষিত অনুভৱ কৰোঁ | উন্মাদ বতাহে মোক চুব নোৱাৰাকৈ পিতাইয়ে আৱৰি ৰাখে বলিষ্ঠ দুবাহুৰে | কিন্তু ক’ৰ পৰা যে ভয়টো সোমাল | আজি-কালি পিতাইৰ বৰ ভয় | মই উজুতি খাই চিঞৰিলেও তেওঁ উচপ খাই উঠে |
যত কূটৰ ঘাই এই বেয়া বাতৰিবোৰ | ধৰ্ষণ , লুণ্ঠন আৰু কত কি ! বেয়া বাতৰিবোৰ একো একোটা ভাইৰাছ | এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’লে ব্লাড প্ৰেচাৰ বাঢ়ে , টোপনি নাহে , আনকি হাৰ্ট একেট ( Heart attack ) ও আহিব পাৰে | এই ভাইৰাচৰ দ্বাৰা সংক্ৰমিত হোৱাৰে লক্ষণ ভয় | কেতিয়াবা ভাবো বাতৰি লোৱা বন্ধ কৰিম ! টি.ভি.ৰ ৰিচাৰ্জ নকৰাও | কিন্তু নোৱাৰো .. কঁপি কঁপি বাতৰিত চাওঁ আজি কোন বা মৰিল | কাৰ মৃতদেহ উলংগ হৈ পৰি আছে পথাৰত ?? গাৰ নোম শিয়ঁৰি আহে ।
ধৰ্ষিতা নাৰীবোৰ বাৰে বাৰে লোকচক্ষুত ধৰ্ষিতা হয় | আমি নিশ্চুপ হৈ চাই থাকো | শাৰী পিন্ধা গৰাকীৰো ধৰ্ষণ হয় | ধৰ্ষিতা হয় জিনচ পিন্ধা গৰাকীও | ছয় বছৰীয়া কিশোৰী কিম্বা পছপন্ন বছৰীয়া বৃদ্ধাও ধৰ্ষিতা হয় | আৰু আমি ধৰ্ষণৰ বুদ্ধিজীৱিলৈ পৰিণত হওঁ | কাপোৰৰ কথা কওঁ | ধৰ্মৰ কথা কওঁ | খাদ্যভাসৰ কথা কওঁ | ধৰ্ষণকাৰীৰ ধৰ্মক লৈ ৰাজনীতি কৰোঁ | মৃতদেহ আগত ৰাখি ষড়যন্ত্ৰ কৰোঁ | ধৰ্ম শুই থাকে | নাই … হিন্দু , মুছলমান, খ্ৰীষ্টান কিম্বা বৌদ্ধ ধৰ্মৰ কথা কোৱা নাই | এইবোৰতো ঐক্যৰ বীজ আছিল যাক ভাগ ভাগ কৰি বিভেদ সিঁচা হ’ল | ধৰ্মৰ আন এটা অৰ্থ ন্যায়ো আছিল | মই পাহৰিছিলো | তুমিও পাহৰিলা ?? কোনো কথা নাই | সকলোয়ে পাহৰিছে ন্যায়ৰ ঠিকনা ….
মোক ধৰ্মযুদ্ধ নালাগে | হিন্দুৱে মুছলমানক , মুছলমানে হিন্দুৰ উলংগ দেহত কিৰিলি পৰাটো মই নিবিছাৰো | কিন্তু , মোক ধৰ্মযুদ্ধ লাগে | ন্যায় মানে ধৰ্ম | আন্ধাৰ নাশিবলৈ ন্যায়ে যুদ্ধ কৰক অন্যায়ৰ বিৰুদ্ধে | মানুহ মানেই যে মানৱতাৰ মূৰ্তি নহয় | নিষ্ঠুৰতাৰে সংগম আৰু হত্যা জন্তুৱেও নকৰে |
মোৰ ম’বাইলৈ অহা সীমিত ফোন কলবোৰৰ উৎসসমূহ মায়ে জানে । ৱাটচ এপত অহা মেছেজ কেইটাও মায়ে দেখে । তথাপি, পাছৱৰ্ড নথকা ম’বাইলটো খুলি কঁপা কঁপা হাতেৰে মাৰ পৰা লুকুৱাই ডিলিট কৰি থলো গ’গলৰ চাৰ্চ হিষ্ট্ৰী ( google’s search history ) । মই খুলি চাইছিলো ই-জগতৰ নিষিদ্ধ ঠিকনা । তেতিয়াৰ পৰা মোৰো ভয় বাঢ়িল । অ’হ !!! তেওঁলোকে এইবাৰ চায় ??? বন্য উন্মাদনাৰ ৰেঙণি চাই তেওঁলোকে তৃপ্তি পায় ??? মৃতদেহৰ লগতো সংগম কৰে তেওঁলোকে !একেটা নাৰীৰ শৰীৰ ভগাই লয় এঘাৰজনে ! মাতৃ-ভগ্নীৰ সৈতেও যৌন সম্পৰ্কৰ উদাহৰণ দেখুৱাই তেওঁলোকে ! উফ !!! বন্ধ হওক নিষিদ্ধ গলিলৈ যোৱা বাট । বন্ধ হওক বন্যতাৰ মুক্ত প্ৰকাশ ।
উত্তেজিত কামনাত , দৃঢ় লিংগত উৰে জানো বীৰত্বৰ পতাকা ??? বীৰত্ব থাকে মমতাত , সুৰক্ষা দিব পৰা কোলাত , নিৰাপদ কান্ধত আৰু সহায়ৰ হাতত । পৱিত্ৰ যৌনতাক তেওঁলোকে অপবৱিত্ৰ কৰে যি যৌনতা আছিল তোমাৰ , মোৰ ,
আৰু তেওঁলোকৰ জন্মৰ আদিতত্ত্ব । আই আৰু ভগ্নীৰ দৰে নাৰীবোৰ মৃত্যুমুখী হয় ।
প্ৰদৰ্শনকামিতা আৰু ৰিপুৰ দৌৰাত্ম্যত বাঢ়িছে মূল্যবোধক কৰা তাচ্ছিল্য । সংগোপনে চলিছে ধৰ্মযুদ্ধৰ কুছ-কাৱাজ। অন্যায়ৰ পক্ষে আঠশ বাৰ কৌটি সেনা । ন্যায়ৰ পক্ষে এমুঠি চিন্তাক্লিত যোদ্ধা আৰু ন্যায়ৰ উদাহৰণ দিয়া ইতিহাসৰ দলিল ।
আজি কালি পিতাইৰ ভয় বাঢ়িছে । চিন্তাত মাৰ চকুৰ গুৰিত দাগ পৰিছে । মোৰ পিতাইৰ দৰেই পৃথিৱীৰ সকলো পিতাইৰে টোপনি নাই আজি । আইয়ে উচপ খাইছে অচিনাকি ষোড়শীৰ চিনাকি ৰাজপথেদি ভাহি অহা চিৎকাৰ শুনি ।কাপোৰ দিয়াৰ পৰিৱৰ্তে দৃশ্যবন্দীৰ বাসনাত কেমেৰা লৈ দৌৰিছে মানুহবোৰ ।
ক্ৰমশঃ .., মই শিল হৈ গৈছো … হে নাৰী ! তুমিয়ে জন্ম দিছিলা নাৰীত্বক ধৰ্ষণ কৰা এচাম মানৱতাৰ কফিনৰ গজাল !!!