এখন প্ৰিয় ছবি: মেম’ৰিজ অৱ মাৰ্ডাৰ
পিনাকপানি বৰুৱা
দক্ষিণ কোৰিয়া
এখন ভাল চিনেমা বুলি ক’লে কেনে ধৰণৰ চিনেমাৰ কথা ক’ব পাৰি? এখন চিনেমা যি কেৱল মনোৰঞ্জনৰ খোৰাক আগবঢ়াই নে এখন চিনেমা যি মনত এক স্থায়ী সাঁচ বহুৱাই যায়। মনোৰঞ্জনৰ খোৰাক দিয়া চিনেমাৰ সংখ্যা বহুতেই বেছি, উপাৰ্জনো বেছি তেনেধৰণৰ ছবিৰ। যিহেতু আজিৰ দিনত চিনেমাজগতখন ব্যবসায়ী মানুহেই ভৰি পৰিছে গতিকে এনেধৰণৰ চিনেমাৰ সৃষ্টি অধিক হোৱাটো স্বাভাবিক। এনেধৰণৰ চিনেমা চাওতে না বেছি মগজু ব্যবহাৰ কৰিব লাগে না চাই উঠাৰ পিছত মনত সাঁচিও ৰাখিব লাগে।উদাহৰণ স্বৰুপে বলিউডৰ যিকোনো এখন ১০০ কোটিৰ অধিক টকা উপাৰ্জন কৰা ছবিৰ কথা ক’ব পাৰি। অৱশ্যে ব্যতিক্ৰম নথকা নহয়, যেনে: আমিৰৰ ‘ডংগল’।
দ্বিতীয় বিধৰ চিনেমা যিবোৰ কেৱল চিনেমাৰ ভাল জ্ঞান থকা মানুহে বনাই এখন ভাল চিনেমা বনোৱাৰ উদ্দেশ্যেৰে। কেৱল টকা উপাৰ্জনৰ লক্ষ্য য’ত নাথাকে। এনে চিনেমাত দেখা পোৱা নাযায় হিৰ’গিৰি, আইটেম চং বা সুখদায়ক সমাপ্তি।সেয়ে হয়টো এনে চিনেমাই দৰ্শক কমকৈ পায়, কিন্তু যি সকল পাই সেইসকলৰ মন-মস্তিষ্কত প্ৰবেশ কৰি যায়। এনেবোৰ চিনেমা চাবলৈ ধৈৰ্য্য লাগে, চলমান খানক প্ৰতিবাৰে স্ক্ৰীণত দেখি প্ৰতিবাৰে উকি মৰা মানুহৰ বাবে এনে ছবি হানিকাৰক। পিছে কেৱল মনত সাঁচ বহাব পাৰিলেই ছবিখন সফল হয় জানো? তেনেছবিক ভাল ছবি বুলি আখ্যা দিব পাৰি কিন্তু প্ৰিয় ছবিৰ শাৰীত ৰাখিব পৰাকৈ যোগ্য নহয়। প্ৰিয় ছবিৰ শাৰীত সেইবোৰ চিনেমাকে স্থান দিব পাৰি যি্যে মনোৰঞ্জন দিয়ে আৰু মনত এক স্থায়ী সাঁচো বহোৱাই যায়। যি ছবি চোৱাৰ বছৰ বছৰ পাছতো আপোনাৰ মনত ৰৈ যাই তাৰ দৃশ্য, সংলাপ ইত্যাদিবোৰ।
মেম’ৰিজ অৱ মাৰ্ডাৰ চাইছিলো আজিৰ পৰা সাত বছৰমান আগতেই, কিন্তু ইমান দিনৰ পাছতো ছবিখনৰ দৃশ্য তথা চৰিত্ৰবোৰ পৰিস্কাৰ পানীৰ দৰে স্পষ্ট হৈ আছে মনৰ দাপোনত। বাকীবোৰ কেতিয়াবা পাহৰিলেও চিনেমাখনৰ একেবাৰ অন্তিম দৃশ্যত (স্পইলাৰ এলাৰ্ট) মূখ্য অভিনেতা কাং হ’ চং (kaang-ho song)-ৰ ডাঙৰ হৈ পৰা চকুহাল পাহৰি যোৱাটো অসম্ভব। এখন বিশাল পথাৰৰ মাজৰ সৰু এটা আলিৰ ওপৰত গ্ৰহণ কৰা সেই দৃশ্য দেখিলে আজিও হাত চাপৰি বজাবৰ মন যায়।
দক্ষিণ কোৰিয়াৰ সৰু চহৰ হোৱেচিয়ং(Hwaseong)-ত ১৫ চেপ্তেম্বৰ, ১৯৮৬ চনৰ পৰা ৩ এপ্ৰিল, ১৯৯১ চনলৈ ঘটা কেইটামান ধাৰাবাহিক হত্যাকাণ্ডৰ ঘটনাৰ ওপৰত আধাৰিত চিনেমাখনৰ বিষয়বস্তু বাস্তবৰ লগত জড়িত আছিল যদিও চিনেমাখন চালে সেই কথা ধৰা টান। বিষয়বস্তু গহীন যদিও চিনেমাখনৰ চিত্ৰনাট্য তথা সুন্দৰ ভাবে গঠন কৰা চৰিত্ৰবোৰে চিনেমাখন আগবঢ়াৰ লগে লগে হাঁহিৰ খোৰাকো দি যাই দৰ্শকক। চিনেমাৰ আৰম্ভনি হয় এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ পৰা যাক হত্যা কৰি পিন্ধি থকা কাপোৰ খুলি সেই কাপোৰৰ সহায়তে বান্ধি থোৱা হৈছিল বিশাল পথাৰ এখনৰ মাজত থকা সৰু পুল এটাৰৰ তলত। যিটো আছিল ঠিক তেনেধৰণেৰেই ঘটিত দ্বিতীয়টো ঘটনা। ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে দুজন মূৰ্খ তথা অলপতে খঙ উঠা পুলিচ বিষয়া পাৰ্ক ডু-মন আৰু চু ইয়ং কুয়ে। নতুন প্ৰযুক্তিৰ সৈতে পৰিচয় নথকা এই দুই বিষয়াই অনুসন্ধানৰ নামত কেৱল সন্দেহ থকা ব্যক্তিক ধৰি আনি শাৰীৰিক অত্যাচাৰ কৰে। বল প্ৰয়োগ কৰি সিঁহতৰ পৰা মান্তি কৰাব খুজে যে হত্যাকাণ্ড সিহঁতেই কৰিছে।
চিনেমাখন আগবঢ়াৰ লগে লগে নতুন আমোদজনক চৰিত্ৰৰ সৈতে পৰিচয় হয় যদিও হত্যাকাৰী কোন সেই বিষয়ে একো গম পোৱা নাযায়। দুইজন ল’কেল পুলিচ বিষয়া ব্যৰ্থ হোৱা দেখি তেঁওলোকক সহায় কৰিবলৈ মাতি অনা হয় চেও টাই ওন যি পূৰ্বেও এনেধৰণৰ ঘটনাৰ সফল অনুসন্ধান কৰি পাইছে। উদ্দেশ্য তিনিও মিলি একেলগে হত্যাকাৰীক বিচৰাটো আছিল যদিও চেও টাই ওনৰ সৈতে বাকী দুজনৰ প্ৰদ্ধতিৰ মিল নথকাৰ বাবে তেঁওলোকৰ মাজত সৃষ্টি হয় মতানৈক্যৰ। ঠাণ্ডা মগজেৰে কাম কৰা ওনে উচিত প্ৰমান নোপোৱা লৈকে কাকো ধৰি আনিব নুখোজে।
আনহাতে ডু মনৰ চিন্তা ধাৰা আছিল সম্পূৰ্ণ বিপৰীত। পিছে এইবোৰ চিনেমাৰ আৰম্ভনিৰ কথাহে। কাহিনী আগবঢ়াৰ লগে লগে দুই মূখ্য চৰিত্ৰৰ ভাবধাৰাৰ পৰিবৰ্তন হ’বলৈ ধৰে, খঙত সন্দেহ থকা ব্যক্তিক মাৰ ধৰ কৰা ডু মনে লাহে লাহে বুজি পাইছিল যে ধাৰাবাহিক হত্যাকাণ্ডৰ এই ঘটনাবোৰ কোনো সাধাৰণ চুৰ-ডকাইতিৰ ঘটনাৰ দৰে নাছিল। তেঁও বুজি পাইছিল যে শীতল মগজেৰেহে ইয়াৰ অনুসন্ধান সফল কৰাটো সম্ভব। সেয়ে চলচিত্ৰখনৰ শেষলৈ দৰ্শকে সম্পূৰ্ণ বিপৰীত এটা ৰুপ দেখিবলৈ পাই ডু মনৰ। আনহাতে বহুত কষ্টৰ পিছতো প্ৰকৃত অপৰাধীৰ কাষ চাপিব নোৱাৰি ওন হৈ পৰে অধৈৰ্য্য। যাৰ পূৰ্ন প্ৰতিফলনো শেষৰ ফালেই দেখিবলৈ পোৱা যায়। দুই মূখ্য চৰিত্ৰৰ এই চৰিত্ৰ পৰিবৰ্তন অতি প্ৰশংসনীয় ভাবে দেখাবলৈ সক্ষম হৈছে পৰিচালক জুন হ’ বং।
দক্ষ অভিনয় তথা পৰিচালনাৰ লগতে চিত্ৰগ্ৰহনৰ বাবে বাচনি কৰা স্থানসমূহো মনত সাঁচ বহাব পৰা বিধৰ। বিশেষকৈ ধাননি পথাৰৰ মাজৰ দৃশ্যবোৰ চাই নিজৰ ঠাই যেনেই অনুভব হৈছিল। দুই ঘন্টা বাৰ মিনিটৰ চিনেমাখনে কোনো মূহুৰ্ততে যে আমনি নিদিয়ে সেই কথা খাটাং। পিছে (স্পইলাৰ এলাৰ্ট)সমাপ্তিয়ে হয়টো কোনো কোনো ব্যক্তিক নিৰাশ কৰিব পাৰে। চেভেন, জডিয়াক-ৰ দৰে এই ধাৰাৰ অন্য ছবি চাই ভাল পোৱা মানুহৰ বাবে অৱশ্যে এনে সমাপ্তি নিৰাশাজনক কোনো কাৰণতে নহয়।