• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, March 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Entertainment

এখন প্ৰিয় ছবি: “মেম’ৰিজ অৱ মাৰ্ডাৰ”

এখন প্ৰিয় ছবি: "মেম’ৰিজ অৱ মাৰ্ডাৰ"

by Anjan Sarma
September 15, 2022
in Entertainment, Movie
Reading Time: 1 min read
0
এখন প্ৰিয় ছবি: “মেম’ৰিজ অৱ মাৰ্ডাৰ”
Share on FacebookShare on TwitterShare on LinkedIn

এখন প্ৰিয় ছবি: মেম’ৰিজ অৱ মাৰ্ডাৰ

পিনাকপানি বৰুৱা

RelatedPosts

Filmfare Awards Assamese 2026: How an Event Triggered a Major Upset for Assamese Cinema

Filmfare Awards Assamese 2026: How an Event Triggered a Major Upset for Assamese Cinema

March 8, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026
নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

February 5, 2026

দক্ষিণ কোৰিয়া

এখন ভাল চিনেমা বুলি ক’লে কেনে ধৰণৰ চিনেমাৰ কথা ক’ব পাৰি? এখন চিনেমা যি কেৱল মনোৰঞ্জনৰ খোৰাক আগবঢ়াই নে এখন চিনেমা যি মনত এক স্থায়ী সাঁচ বহুৱাই যায়। মনোৰঞ্জনৰ খোৰাক দিয়া চিনেমাৰ সংখ্যা বহুতেই বেছি, উপাৰ্জনো বেছি তেনেধৰণৰ ছবিৰ। যিহেতু আজিৰ দিনত চিনেমাজগতখন ব্যবসায়ী মানুহেই ভৰি পৰিছে গতিকে এনেধৰণৰ চিনেমাৰ সৃষ্টি অধিক হোৱাটো স্বাভাবিক। এনেধৰণৰ চিনেমা চাওতে না বেছি মগজু ব্যবহাৰ কৰিব লাগে না চাই উঠাৰ পিছত মনত সাঁচিও ৰাখিব লাগে।উদাহৰণ স্বৰুপে বলিউডৰ যিকোনো এখন ১০০ কোটিৰ অধিক টকা উপাৰ্জন কৰা ছবিৰ কথা ক’ব পাৰি। অৱশ্যে ব্যতিক্ৰম নথকা নহয়, যেনে: আমিৰৰ ‘ডংগল’।

দ্বিতীয় বিধৰ চিনেমা যিবোৰ কেৱল চিনেমাৰ ভাল জ্ঞান থকা মানুহে বনাই এখন ভাল চিনেমা বনোৱাৰ উদ্দেশ্যেৰে। কেৱল টকা উপাৰ্জনৰ লক্ষ্য য’ত নাথাকে। এনে চিনেমাত দেখা পোৱা নাযায় হিৰ’গিৰি, আইটেম চং বা সুখদায়ক সমাপ্তি।সেয়ে হয়টো এনে চিনেমাই দৰ্শক কমকৈ পায়, কিন্তু যি সকল পাই সেইসকলৰ মন-মস্তিষ্কত প্ৰবেশ কৰি যায়। এনেবোৰ চিনেমা চাবলৈ ধৈৰ্য্য লাগে, চলমান খানক প্ৰতিবাৰে স্ক্ৰীণত দেখি প্ৰতিবাৰে উকি মৰা মানুহৰ বাবে এনে ছবি হানিকাৰক। পিছে কেৱল মনত সাঁচ বহাব পাৰিলেই ছবিখন সফল হয় জানো? তেনেছবিক ভাল ছবি বুলি আখ্যা দিব পাৰি কিন্তু প্ৰিয় ছবিৰ শাৰীত ৰাখিব পৰাকৈ যোগ্য নহয়। প্ৰিয় ছবিৰ শাৰীত সেইবোৰ চিনেমাকে স্থান দিব পাৰি যি্যে মনোৰঞ্জন দিয়ে আৰু মনত এক স্থায়ী সাঁচো বহোৱাই যায়। যি ছবি চোৱাৰ বছৰ বছৰ পাছতো আপোনাৰ মনত ৰৈ যাই তাৰ দৃশ্য, সংলাপ ইত্যাদিবোৰ।

মেম’ৰিজ অৱ মাৰ্ডাৰ চাইছিলো আজিৰ পৰা সাত বছৰমান আগতেই, কিন্তু ইমান দিনৰ পাছতো ছবিখনৰ দৃশ্য তথা চৰিত্ৰবোৰ পৰিস্কাৰ পানীৰ দৰে স্পষ্ট হৈ আছে মনৰ দাপোনত। বাকীবোৰ কেতিয়াবা পাহৰিলেও চিনেমাখনৰ একেবাৰ অন্তিম দৃশ্যত (স্পইলাৰ এলাৰ্ট) মূখ্য অভিনেতা কাং হ’ চং (kaang-ho song)-ৰ ডাঙৰ হৈ পৰা চকুহাল পাহৰি যোৱাটো অসম্ভব। এখন বিশাল পথাৰৰ মাজৰ সৰু এটা আলিৰ ওপৰত গ্ৰহণ কৰা সেই দৃশ্য দেখিলে আজিও হাত চাপৰি বজাবৰ মন যায়।

দক্ষিণ কোৰিয়াৰ সৰু চহৰ হোৱেচিয়ং(Hwaseong)-ত ১৫ চেপ্তেম্বৰ, ১৯৮৬ চনৰ পৰা ৩ এপ্ৰিল, ১৯৯১ চনলৈ ঘটা কেইটামান ধাৰাবাহিক হত্যাকাণ্ডৰ ঘটনাৰ ওপৰত আধাৰিত চিনেমাখনৰ বিষয়বস্তু বাস্তবৰ লগত জড়িত আছিল যদিও চিনেমাখন চালে সেই কথা ধৰা টান। বিষয়বস্তু গহীন যদিও চিনেমাখনৰ চিত্ৰনাট্য তথা সুন্দৰ ভাবে গঠন কৰা চৰিত্ৰবোৰে চিনেমাখন আগবঢ়াৰ লগে লগে হাঁহিৰ খোৰাকো দি যাই দৰ্শকক। চিনেমাৰ আৰম্ভনি হয় এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ পৰা যাক হত্যা কৰি পিন্ধি থকা কাপোৰ খুলি সেই কাপোৰৰ সহায়তে বান্ধি থোৱা হৈছিল বিশাল পথাৰ এখনৰ মাজত থকা সৰু পুল এটাৰৰ তলত। যিটো আছিল ঠিক তেনেধৰণেৰেই ঘটিত দ্বিতীয়টো ঘটনা। ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে দুজন মূৰ্খ তথা অলপতে খঙ উঠা পুলিচ বিষয়া পাৰ্ক ডু-মন আৰু চু ইয়ং কুয়ে। নতুন প্ৰযুক্তিৰ সৈতে পৰিচয় নথকা এই দুই বিষয়াই অনুসন্ধানৰ নামত কেৱল সন্দেহ থকা ব্যক্তিক ধৰি আনি শাৰীৰিক অত্যাচাৰ কৰে। বল প্ৰয়োগ কৰি সিঁহতৰ পৰা মান্তি কৰাব খুজে যে হত্যাকাণ্ড সিহঁতেই কৰিছে।

চিনেমাখন আগবঢ়াৰ লগে লগে নতুন আমোদজনক চৰিত্ৰৰ সৈতে পৰিচয় হয় যদিও হত্যাকাৰী কোন সেই বিষয়ে একো গম পোৱা নাযায়। দুইজন ল’কেল পুলিচ বিষয়া ব্যৰ্থ হোৱা দেখি তেঁওলোকক সহায় কৰিবলৈ মাতি অনা হয় চেও টাই ওন যি পূৰ্বেও এনেধৰণৰ ঘটনাৰ সফল অনুসন্ধান কৰি পাইছে। উদ্দেশ্য তিনিও মিলি একেলগে হত্যাকাৰীক বিচৰাটো আছিল যদিও চেও টাই ওনৰ সৈতে বাকী দুজনৰ প্ৰদ্ধতিৰ মিল নথকাৰ বাবে তেঁওলোকৰ মাজত সৃষ্টি হয় মতানৈক্যৰ। ঠাণ্ডা মগজেৰে কাম কৰা ওনে উচিত প্ৰমান নোপোৱা লৈকে কাকো ধৰি আনিব নুখোজে।

আনহাতে ডু মনৰ চিন্তা ধাৰা আছিল সম্পূৰ্ণ বিপৰীত। পিছে এইবোৰ চিনেমাৰ আৰম্ভনিৰ কথাহে। কাহিনী আগবঢ়াৰ লগে লগে দুই মূখ্য চৰিত্ৰৰ ভাবধাৰাৰ পৰিবৰ্তন হ’বলৈ ধৰে, খঙত সন্দেহ থকা ব্যক্তিক মাৰ ধৰ কৰা ডু মনে লাহে লাহে বুজি পাইছিল যে ধাৰাবাহিক হত্যাকাণ্ডৰ এই ঘটনাবোৰ কোনো সাধাৰণ চুৰ-ডকাইতিৰ ঘটনাৰ দৰে নাছিল। তেঁও বুজি পাইছিল যে শীতল মগজেৰেহে ইয়াৰ অনুসন্ধান সফল কৰাটো সম্ভব। সেয়ে চলচিত্ৰখনৰ শেষলৈ দৰ্শকে সম্পূৰ্ণ বিপৰীত এটা ৰুপ দেখিবলৈ পাই ডু মনৰ। আনহাতে বহুত কষ্টৰ পিছতো প্ৰকৃত অপৰাধীৰ কাষ চাপিব নোৱাৰি ওন হৈ পৰে অধৈৰ্য্য। যাৰ পূৰ্ন প্ৰতিফলনো শেষৰ ফালেই দেখিবলৈ পোৱা যায়। দুই মূখ্য চৰিত্ৰৰ এই চৰিত্ৰ পৰিবৰ্তন অতি প্ৰশংসনীয় ভাবে দেখাবলৈ সক্ষম হৈছে পৰিচালক জুন হ’ বং।

দক্ষ অভিনয় তথা পৰিচালনাৰ লগতে চিত্ৰগ্ৰহনৰ বাবে বাচনি কৰা স্থানসমূহো মনত সাঁচ বহাব পৰা বিধৰ। বিশেষকৈ ধাননি পথাৰৰ মাজৰ দৃশ্যবোৰ চাই নিজৰ ঠাই যেনেই অনুভব হৈছিল। দুই ঘন্টা বাৰ মিনিটৰ চিনেমাখনে কোনো মূহুৰ্ততে যে আমনি নিদিয়ে সেই কথা খাটাং। পিছে (স্পইলাৰ এলাৰ্ট)সমাপ্তিয়ে হয়টো কোনো কোনো ব্যক্তিক নিৰাশ কৰিব পাৰে। চেভেন, জডিয়াক-ৰ দৰে এই ধাৰাৰ অন্য ছবি চাই ভাল পোৱা মানুহৰ বাবে অৱশ্যে এনে সমাপ্তি নিৰাশাজনক কোনো কাৰণতে নহয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: দক্ষিণ কোৰিয়ামেম’ৰিজ অৱ মাৰ্ডাৰ
Anjan Sarma

Anjan Sarma

Related Posts

Filmfare Awards Assamese 2026: How an Event Triggered a Major Upset for Assamese Cinema
Movie

Filmfare Awards Assamese 2026: How an Event Triggered a Major Upset for Assamese Cinema

by Gaurav Gautam Saha
March 8, 2026
0

Filmfare Awards Assamese 2026: How an Event Triggered a Major Upset for Assamese Cinema Gaurav Gautam Saha The Filmfare Awards...

Read moreDetails
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026
নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

February 5, 2026
person holding vinyl record

Music: Not Just An Art Form But A Therapy For Life

January 18, 2026
Zubeen Garg : Radical Romanticism of an Irreverent Icon

Zubeen Garg : Radical Romanticism of an Irreverent Icon

December 26, 2025
Dipali Borthakur 2

গানৰ দিপালী, প্ৰাণৰ দিপালী

December 21, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d