এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি?
যুগান্ত বায়ন
![এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি? 2 Juganta Bayan](https://i0.wp.com/mahabahu.com/wp-content/uploads/2023/07/Juganta-Bayan.jpg?resize=640%2C640&ssl=1)
নৱনিৰ্বাচিত এগৰাকী জনপ্ৰতিনিধিয়ে শপত গ্ৰহণ নকৰোতেই যেতিয়া ভোটাৰ ৰাইজৰ আশা-আকাংক্ষাক ধূলিস্যাৎ কৰি প্ৰতাৰণাৰ জাল তৰিবলৈ আৰম্ভ কৰে, তেতিয়া বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ পীঠস্থান হিচাপে স্বীকৃত আৰু গণতন্ত্ৰৰ মহাউৎসৱৰ থলী ভাৰতবৰ্ষ তথা অসমৰ ভোটাৰ ৰাইজ আশাহত আৰু বিভ্ৰান্ত হ’বলৈ বেছি পৰ নেলাগিব।
আমি ক’ব খুজিছোঁ যিটো ঐতিহ্যমণ্ডিত সমষ্টিৰ পৰা একালত ফকৰুদ্দিন আহমেদৰ দৰে লোক নিৰ্বাচিত হৈ ভাৰতৰ ৰাষ্ট্ৰপতিৰ আসন শুৱনি কৰিছিল, সেই অতি সন্মানীয় বৰপেটা লোকসভা সমষ্টিৰ পৰা অষ্টাদশ লোকসভা লৈ গমন কৰা সাংসদ ফণীভূষণ চৌধুৰীৰ কথা।
![এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি? 3 এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি?](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/05/WhatsApp-Image-2024-05-05-at-7.54.16-AM.jpeg?resize=1024%2C679&ssl=1)
অসম গণ পৰিষদ দলে ফণীভূষণ চৌধুৰীৰ প্ৰাৰ্থীত্ব ঘোষণা কৰাৰ দিনৰ পৰাই প্ৰাৰ্থীগৰাকীয়ে নানা বিতৰ্কত সোমাই পৰি সমগ্ৰ নিৰ্বাচনী প্ৰেক্ষাপট ধুৱলী-কুঁৱলী কৰি তুলিছিল। সময়ে সময়ে কান্দোনৰ ৰোল তুলি বস্তুনিষ্ঠ আৰু মননশীল ৰাজনীতি কৰাৰ সলনি এক আবেগ সৰ্বস্ব ৰাজনীতিৰ আশ্ৰয় লৈ সমগ্ৰ নিৰ্বাচনী ব্যৱস্থাটোক অসুস্থ আৰু তৰল কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাই ৰাইজক দোমোজাত পেলাইছিল।
শেহতীয়াভাৱে নিৰ্বাচনত জয় লাভ কৰি সাংসদ হোৱাৰ পিছতো নেতাগৰাকীয়ে বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি প্ৰকাশ কৰা কেতবোৰ মন্তব্যই ৰাইজক পুনৰ চিন্তিত কৰি তুলিছে।
১৯৮৫ চনৰ পৰা ৮বাৰ কৈ বঙাইগাঁও বিধান সভা সমষ্টিক প্ৰতিনিধিত্ব কৰা জেষ্ঠ আৰু অভিজ্ঞ ৰাজনীতিবিদ গৰাকীয়ে বিধায়ক পদ ত্যাগ কৰাৰ প্ৰাকমূহুৰ্তত ১৪ জুনত বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ কৰা কেতবোৰ অতি স্পৰ্শকাতৰ বক্তব্যই গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু মূল্যবোধৰ ৰাজনীতিৰ প্ৰতি এক প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে।
সাংসদ চৌধুৰীয়ে তীব্ৰ অনিচ্ছা সত্বেও লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বঙাইগাঁও বিধান সভা সমষ্টিৰ ৰাইজৰ ভাল নে বেয়া কৰিলে তাক ঠিৰাং কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক বিষয় হিচাপে বিবেচিত হৈছে।
সংবাদ মাধ্যমত প্ৰচাৰিত বক্তব্যত নেতাগৰাকীয়ে কোৱা মতে, বিধায়ক হৈ থাকোতে কেৱল বঙাইগাঁও সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰিছিল। এতিয়া সাংসদ নিৰ্বাচিত হোৱাৰ পিছত লোকসভা সমষ্টিটোৰ অন্য ৯টা বিধান সভা সমষ্টিৰ উন্নয়নৰ কাম অনিচ্ছা সত্বেও কৰিব লাগিব বুলি কৰা মন্তব্যই গণতান্ত্ৰিক প্ৰক্ৰিয়াটো অৱমাননা কৰাৰ লেখীয়া হৈছে।
এনেধৰণৰ অতি নিম্ন মানদণ্ডৰ বক্তব্য প্ৰদান কৰি সাংসদগৰাকীয়ে তেওঁক ভোটদান কৰা ৮ লাখ ৬০ হেজাৰ ১১৩ জন ভোটাৰক সাংসদ হিচাপে শপত গ্ৰহণ নকৰোতেই প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰা কাৰ্য্য সুস্থ গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়।
![এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি? 4 এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি?](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/06/Phani-Bhusan2.jpg?resize=158%2C251&ssl=1)
আনকি যোৱা ১২ জুনৰ দিনাও এটা ব্যক্তিগত চেনেলত সাংসদগৰাকীয়ে দিয়া সাক্ষাৎকাৰত অসম গণ পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা কৰাৰ ফলত গণ পৰিষদ দলৰ বিস্তৰ ক্ষতি হোৱা বুলি মত প্ৰকাশ কৰাৰ লগতে পুনৰ বঙাইগাঁও লৈ ঘূৰি যোৱাতহে তেওঁৰ বিশেষ আগ্ৰহ থকা বুলি কৰা বিস্ফোৰক মন্তব্যই অনাগত দিনত NDA চৰকাৰৰ পৰা কিমান আঁচনি সমষ্টিসমূহৰ উন্নয়নৰ বাবে আনিব পাৰিব, সেইটো আজি এক লাখটকীয়া প্ৰশ্ন।
![এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি? 5 Phani Bhusan](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/06/Phani-Bhusan.jpg?resize=379%2C230&ssl=1)
“কা” আইনখনৰ বিৰোধিতা কৰি মন্ত্ৰীত্ব ত্যাগ কৰি কান্দি কান্দি ৰে’লেৰে বঙাইগাঁও গৈ কৰা নাটকখনৰ কথাও আজিও ৰাইজে পাহৰা নাই। “কা” সম্পৰ্কত যোৱা সময়ছোৱাত নিমাতী কইনাৰ ভাও ধৰা নেতাগৰাকীৰ মুখত এতিয়া জাতীয় সমস্যাৰ কথা ঠাই পোৱাটো আন এক “ঝুমলা”।
![এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি? 6 এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি?](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/06/Phani-Bhusan3.jpg?resize=300%2C207&ssl=1)
আনকি ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সময়টো কেতবোৰ বিতৰ্কিত মন্তব্য কৰা (যেনে:- মোক ভোট নিদিলেও বিজেপিৰ পাটোৱাৰীক ভোট নিদি কংগ্ৰেছক দিয়ক) কাৰ্য্য আজিও ৰাইজৰ মুখে মুখে।অসম গণ পৰিষদ দলে অতি অভিজ্ঞ জনপ্ৰিয় নেতা বুলি সততে প্ৰচাৰ কৰি থকা নেতাগৰাকীৰ এনে শিশু সুলভ মন্তব্যই ইতিমধ্যে গণ সংযোগ হেৰুৱাবলৈ আৰম্ভ কৰা দলটোৰ উত্তৰণৰ ক্ষেত্ৰত আন এক প্ৰাচীৰৰ সৃষ্টি কৰিব।
![এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি? 7 এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি?](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/06/Phani-bhusan4.jpg?resize=458%2C304&ssl=1)
সাংসদগৰাকীৰ এনে অপৈণত বক্তব্যৰ পিছত সামাজিক মাধ্যমত চলি থকা চৰ্চাই দলটো লৈ আন এক অশনি সংকেত কঢ়িয়াই আনিব। সামাজিক মাধ্যমত বিভিন্ন জনে নেতাগৰাকীৰ এনে আচৰণ অপৰিপক্ক নেতাৰ আচৰণ বুলি অভিহিত কৰি ঐতিহাসিক অসম আন্দোলনৰ সময়ত বঙাইগাঁও সমষ্টিৰ ভূমিপুত্ৰ খিলঞ্জীয়াৰ যি প্ৰভূত্ব আছিল , সেই গৰিমা ৩৯ বছৰীয়া বিধায়কগৰাকীৰ কাৰ্য্যকালত অক্ষুণ্ণ ৰাখিব পাৰিলে নে?
![এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি? 8 এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি?](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/06/Phani-Bhusan-1.jpg?resize=252%2C305&ssl=1)
কোচ জনগোষ্ঠীৰ কমতাপুৰৰ ঐতিহাসিক ৰাজধানী মহাৰাজ নৰনাৰায়ণ, মহাবীৰ চিলাৰায়ৰ ভূখণ্ড তথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পবিত্ৰ পুণ্য ভূখণ্ড সম্পৰ্কত আৰু জাতীয় স্বাভিমান পুনৰ উদ্ধাৰ প্ৰসংগত আপুনি জনপ্ৰতিনিধিৰ দায়িত্ব পালনত কিয় সফল নহ’ল? স্বাভিমানী কোচ জনগোষ্ঠীৰ আৱেগক প্ৰতিনিধিত্ব কৰি কেতিয়াবা বিধান সভাৰ মজিয়াত প্ৰশ্ন উত্থাপন কৰাৰ সুযোগ কিয় হেৰুৱালে?
![এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি? 9 এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি?](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/03/AGP.jpg?resize=567%2C333&ssl=1)
তেনেবোৰ বিষয়ত ব্যৰ্থতা, গ্লানিত আপুনি মুক্ত অনুসূচনাৰ প্ৰকাশ কৰি কন্দাকটা কৰাটো প্ৰসংগিক। ভাওনা বহুত হ’ল। বন্ধ কৰক এইবোৰ নাটক। সামাজিক মাধ্যমত বিভিন্ন জনৰ এনে তির্যক মন্তব্যই ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত গঠন হোৱা দলটোৰ এগৰাকী প্ৰতিস্থাপক নেতাৰ ৰাজনৈতিক জীৱনৰ বিয়লি বেলা সুখদায়ক নোহোৱাৰ লগতে জাতীয়তাবাদৰ নিৰাশাজনক এক খণ্ডচিত্ৰ উন্মোচন কৰিছে।
![এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি? 10 এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি?](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/02/AGP6-1.jpg?resize=911%2C516&ssl=1)
সংবাদ মাধ্যমত সাংসদগৰাকীয়ে অসমৰ জাতীয় সমস্যাসমূহৰ ক্ষেত্ৰত কোনোদিনে আপোচ কৰা নহয় বুলি কৰা মন্তব্যয়ো ৰাইজৰ মাজত হাঁহিৰ খোৰাক যোগাইছে। কিয়নো তেওঁ প্ৰতিনিধিত্ব কৰা দলটোৱে জাতিধ্বংসী “কা আইন”খনৰ বিৰুদ্ধাচৰণ কৰি সংসদত দলটোৰ ৰাজ্যসভাৰ প্ৰতিনিধিগৰাকীয়ে টেটু ফালি চিঞৰাৰ পিছত আইনখনৰ সপক্ষে ভোটদান কৰি ইতিমধ্যে জাতিটোক বিশ্বাসঘাতকতা কৰি থৈছে।
এনে প্ৰেক্ষাপটত অসমীয়া ৰাইজৰ এসময়ৰ হিয়াৰ আমঠু দলটোৰ লগতে জাতিটোৰ বাবেও শুভ লক্ষণ নহয়।
![এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি? 11 এগৰাকী নৱনিৰ্বাচিত সাংসদৰ প্ৰতাৰণা নে চতুৰালি?](https://i0.wp.com/mahabahu.com/wp-content/uploads/2024/06/AGP.jpg?resize=1002%2C547&ssl=1)
যুগান্ত বায়ন ৮৮৭৬৪১৫০৮৯
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)