• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Environment

এগৰাকী শিক্ষয়ত্রী, এজাক কিশোৰ আৰু দীপাৱলীৰ আনন্দ

সঞ্জীৱ কুমাৰ নাথ

by Anjan Sarma
May 4, 2023
in Environment, Climate Change, Inspiration
Reading Time: 5 mins read
0
এগৰাকী শিক্ষয়ত্রী, এজাক কিশোৰ আৰু দীপাৱলীৰ আনন্দ
Share on FacebookShare on TwitterShare on LinkedIn

এগৰাকী শিক্ষয়ত্রী, এজাক কিশোৰ আৰু দীপাৱলীৰ আনন্দ

সঞ্জীৱ কুমাৰ নাথ

WhatsApp Image 2023 04 15 at 18.27.13
সঞ্জীৱ কুমাৰ নাথ

কেবা দশক আগতে, ভাৰতৰ এখন ডাঙৰ পুৰণি আবাসিক পাব্লিক স্কুলত পঢ়ি থাকোঁতে আমাৰ ইংৰাজী পঢ়ুৱা বাইদেউ এগৰাকীৰ পৰা পোৱা এটা শিক্ষাৰ কথা ক’ব খুজিছো।

শিক্ষয়ত্রী হিচাপেতো তেওঁ অতি বিচক্ষণ আছিলেই, লগতে তেওঁ আমাক পঢ়া-শুনাৰ বাদেও অনেক অন্য কথা শিকাইছিল। তেওঁৰ বিশাল ব্যক্তিগত গ্রন্থাগাৰটোও আমাৰ বাবে সদায় খোলা আছিল। বছৰত দুবাৰকৈ—এবাৰ গৰমত আৰু এবাৰ শীতৰ সময়ত—আমি ঘৰলৈ যাবলৈ বন্ধ পাইছিলো, আৰু ঘৰলৈ ৰাওনা হোৱাৰ আগতে বাইদেৱে আমাক তেওঁৰ ব্যক্তিগত গ্রন্থাগাৰৰ পৰা দুই-তিনিখন মানকৈ কিতাপ ল’বলৈ দিছিল।

বহুতে তেওঁৰ এই কিতাপ দিব খোজা প্রস্তাব গ্রহণ নকৰিছিল (কাৰণ কিতাপ পঢ়ি কি পালে সয়া বাইদেউক চিঠিৰে জনোৱাৰ নিয়ম আছিল!) কিন্তু মই তেওঁৰ ঘৰলৈ গৈ কোন কিখন কিতাপ নিম বাচিবলৈ লোৱাৰ পৰা আনন্দত আত্মহাৰা হৈছিলো। ঘৰৰ পৰা দূৰত থাকিও আনন্দত থকাৰ এটা ডাঙৰ কাৰণ আছিল সেই বাইদেউ : ইন্দৌৰৰ ডে’লি কলেজ(Daly College)ৰ গোপী বালা মলকানি, (মিছ্ জি বি মলকানি)।

RelatedPosts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

March 3, 2026
Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

March 2, 2026

মই মিডল্ স্কুলত থাকোতে মোৰ এটা কাম আছিল অন্য ল’ৰা-ছোৱালীৰ আগতে বাইদেউৰ সৈতে স্কুলত হ’ব লগীয়া প্রার্থনা সভাৰ বাবে দুই এটা কাম কৰা। প্রথমে বাইদেউ আহে আমাৰ বর্ডিং হাউছলৈ।

আমাৰ থকা কোঠা বোৰৰ পৰিস্কাৰ-পৰিচ্ছন্নতা, আমাৰ uniform, হাতৰ নখ, চুলি, জোতাৰ পলিশ্ আদি নিৰীক্ষণ কৰাৰ অন্তত বাইদেউ ওভতিবলৈ লয় আৰু মোক কয়, “Sanjeev, let’s go!” সেই মুর্হুত্তটোৰ বাবে যে মই ৰৈ থাকো, তেওঁ নাজানে বুলিয়েই মই ভাবিছিলো; কিন্তু এতিয়া, যেতিয়া মোৰ বয়স বাইদেউৰ তেতিয়াৰ বয়সৰ সমান, মই নিশ্চিতকৈ ক’ব নোৱাৰোঁ যে তেওঁ মোৰ মনৰ ভাব বুজি পোৱা নাছিল।

তেওঁকযে মই বৰ ভালপাইছিলো, সেইটোতো তেওঁ নিশ্চয় জানিছিল। তেওঁৰ সৈতে একেলগে যেতিয়া মই স্কুললৈ যাওঁ, তেতিয়া আমাৰ সৈতে আৰু কোনো নাথাকে। তাৰ দহ মিনিট মান পিছত আমাৰ বর্ডিং হাউছৰ ল’ৰা বোৰে শাৰী পাতি স্কুললৈ যায়।

বাইদেউৰ সৈতে যে মই খোজ কাঢ়ি যাওঁ, তেতিয়া তেওঁ মোক বিভিন্ন কথা সোধে, আৰু মই যি পাৰোঁ উত্তৰ দি যাওঁ, কিন্তু যিটো কথা এতিয়াও মোৰ বেছ স্পষ্টকৈ মনত পৰে সেইটো হ’ল যে মই বাইদেউক চাই তধা লাগি থাকোঁ : বয়সীয়াল, অলপ শকত মানুহগৰাকীয়ে সদায় পৰিস্কাৰ বগা শাৰী পিন্ধে, আৰু মোৰ এনে লাগে যেন তেওঁতকৈ চাফা, পৰিস্কাৰ আৰু ধুনীয়া মানুহ পৃথিৱীত আন কোনো নাই।

তেওঁ বৰ খৰকৈ খোজ দিয়ে, সেই বাবে মাজে মাজে মই প্রায় দৌৰিব লগীয়া হয়, আৰু তেতিয়া তেওঁ নিজৰ গতি কিছু কম কৰি মোলৈ চাই হাঁহে। তেনেকুৱা সময়ত তেওঁৰ সেই শুধ বগা শাৰীখনৰ কোনোবা অংশ মোৰ মুখত লাগে, আৰু মই যেন তাত মোৰ মাৰ চাদৰৰ গোন্ধ পাওঁ : এক কোমল, ভাল লগা গোন্ধ। ঘৰৰ পৰ দুহেজাৰ কিলোমিটাৰৰো দূৰৰ স্কুলত থাকি চাগৈ মই তেনেকৈয়ে মাকো বিচাৰি পাইছিলো।

DC pavillion

বাইদেউৱে আমাক শ্রেণীত ইংৰাজী পঢ়ুৱাইছিল। আমি যিবোৰ ল’ৰা ভাৰত চৰকাৰৰ বিশেষ জলপানি লৈ সেই স্কুলত পঢ়িবলৈ গৈছিলো, তাৰে কিছুমান (যেনে মই) মাতৃভাষা-মাধ্যমৰ তেনেই সাধাৰণ বিদ্যালয়ৰ পৰা গৈছিলো, আৰু আমাৰ মুখেৰে ইংৰাজী উলিওৱা সহজ কাম নাছিল।

বাইদেউৱে আমাক শ্রেণীত ইংৰাজী পঢ়ুৱাইছিল। আমি যিবোৰ ল’ৰা ভাৰত চৰকাৰৰ বিশেষ জলপানি লৈ সেই স্কুলত পঢ়িবলৈ গৈছিলো, তাৰে কিছুমান (যেনে মই) মাতৃভাষা-মাধ্যমৰ তেনেই সাধাৰণ বিদ্যালয়ৰ পৰা গৈছিলো, আৰু আমাৰ মুখেৰে ইংৰাজী উলিওৱা সহজ কাম নাছিল।

কিন্তু বাইদেৱে শ্রেণীকোঠাৰ সময়ৰ বাদেও যিকোনো সময়তে আমাক ইংৰাজী শিকাবলৈ এৰা নাছিল। বন্ধ দিনত, দেওবাৰে, যেতিয়া মন যায়, আমি তেওঁক অতিৰিক্ত অনুশীলন কৰি দেখুৱাব পাৰিছিলো।

মইতো তেওঁৰ প্রেমত পৰিছিলোৱেই, গতিকে দিনে ৰাতিয়ে অতিৰিক্ত অনুশীলনত লাগি গৈছিলো আৰু খুব সময়ৰ ভিতৰতে শুদ্ধকৈ ইংৰাজী ক’ব আৰু লিখিব পৰা হৈ উঠিছিলো। পৰীক্ষাতো ইংৰাজীত মই আটাইতকৈ সৰহ নম্বৰ পাইছিলো (কিন্তু অংকত ভাল নাছিলো)।

বাইদেৱে আমাৰ স্কুললৈ অহাৰ আগতে পাঞ্জাব পাবলিক স্কুলত বহু বছৰ বৰ সুখ্যাতিৰে পঢ়ুৱাইছিল। তাৰ জুনিয়ৰ স্কুলৰ হে’ড মিস্ত্রেছ হিচাপে তেওঁ ৰাতি হাতত এটা লেম্প লৈ সৰু ল’ৰাবোৰে বর্ডিং হাউছৰ বিচনাত ভাল দ’ৰে শুইছেনে নাই চাই ফুৰাৰ বাবে তেওঁক এতিয়াও সেই স্কুলৰ পুৰণি ছাত্র সকলে “lady with the lamp” বুলি সোঁৱৰে। ১৯২০ চনত সিন্ধ প্রদেশত (এতিয়া পাকিস্তান) জন্ম গ্রহণ কৰা গোপী বালা মলকানি আৰু তেওঁৰ পৰিয়াল দেশ-বিভাজনৰ সময়ত ভাৰতলৈ আহিছিল।

ষাঠিৰ দশকৰ আৰম্ভণিতে পাঞ্জাব পাবলিক স্কুলৰ জুনিয়ৰ শাখাৰ হে’ড মিস্ত্রেছ হৈ তেওঁ ১৯৭৫ চনত ডে’লী কলেজত যোগদান কৰে। তাৰ পিছৰ বছৰতে তেওঁৰ কেন্সাৰৰ বাবে এটা অস্ত্রোপচাৰ হয়, কিন্তু আমাক পঢ়ুৱাই থাকোতে তেওঁ যে কেন্সাৰৰ সতেও যুঁজি আছিল, আমি গমেই পোৱা নাছিলো।

১৯৮২ চনৰ চেপ্তেম্বৰত তেওঁৰ মুম্বাইত মৃত্যু হয়। বাইদেৱে পাঞ্জাব পাবলিক স্কুলত যোগদান কৰাৰ আগতে ইংলেণ্ডত এবছৰ থাকি ইংৰাজী শিক্ষণৰ বিশেষ প্রশিক্ষণ লৈ আহিছিল। মইতো ভাবো যে ইংৰাজী ভাষাটো মই মিছ্ মলকানিৰ পৰা যিমান শিকিলো, পিছত আৰু তাতকৈ বেছি একো শিকা নাই।

পঢ়া-শুনা কৰিছো, পঢ়ুৱাইছোঁ, পি এইচ্ ডি কৰিছোঁ, আনৰ গবেষণাত সহায় কৰিছো, পি এইচ্ ডি থীছিছ্ পৰীক্ষা কৰিছোঁ; কিন্তু ভাষাটো মিছ মলকানিএ শিকোৱাতকৈ আৰু একো বেছি শিকা নাই।

এতিয়া ভাবিলে আচৰিত লাগে যে দিনটোৰ বেছি ভাগ সময় বাইদেৱে কেৱল আমাক পঢ়ুৱা, শিকোৱা কামতা ব্যস্ত আছিল। তেওঁৰ দ’ৰে দিনে-ৰাতিয়ে, অনবৰতে, কেৱল ছাত্র-ছাত্রীৰ বাবে জীয়াই থকা শিক্ষক আৰু মই দেখা নাই। বহুতো ভাল শিক্ষক লগ পাইছো, কিন্তু মিছ্ মলকানিৰ দ’ৰে মানুহ ক’তো কাহানিও লগ পোৱা নাই।

DC old building front porch

বাহিৰৰ পৰা তেওঁক কঠোৰ যেনো লাগে; কিন্তু আচলতে তেওঁ অতি মৰমীয়াল আছিল। তেওঁৰ শাস্তি দিয়াৰ ধৰণো অন্য শিক্ষকতকৈ পৃথক আছিল। সাধাৰণতে তেওঁ শাস্তি নিদিছিল, আৰু দিব লগীয়া পৰিস্থিতিও নাহিছিল।

কেতিয়াবা উপায়হীন হৈ শাস্তি দিব লগা হ’লও কেতিয়াও মাৰ ধৰ কৰা  নাছিল বা কটূ কথা কোৱা নাছিল। তেওঁ দিয়া আটাইতকৈ ডাঙৰ “গালি”টো হ’ল : “You, naughty creature!”

এতিয়া ভাবিলে আচৰিত লাগে যে দিনটোৰ বেছি ভাগ সময় বাইদেৱে কেৱল আমাক পঢ়ুৱা, শিকোৱা কামতা ব্যস্ত আছিল। তেওঁৰ দ’ৰে দিনে-ৰাতিয়ে, অনবৰতে, কেৱল ছাত্র-ছাত্রীৰ বাবে জীয়াই থকা শিক্ষক আৰু মই দেখা নাই।

বহুতো ভাল শিক্ষক লগ পাইছো, কিন্তু মিছ্ মলকানিৰ দ’ৰে মানুহ ক’তো কাহানিও লগ পোৱা নাই। বাহিৰৰ পৰা তেওঁক কঠোৰ যেনো লাগে; কিন্তু আচলতে তেওঁ অতি মৰমীয়াল আছিল। তেওঁৰ শাস্তি দিয়াৰ ধৰণো অন্য শিক্ষকতকৈ পৃথক আছিল। সাধাৰণতে তেওঁ শাস্তি নিদিছিল, আৰু দিব লগীয়া পৰিস্থিতিও নাহিছিল। কেতিয়াবা উপায়হীন হৈ শাস্তি দিব লগা হ’লও কেতিয়াও মাৰ ধৰ কৰা  নাছিল বা কটূ কথা কোৱা নাছিল।

তেওঁ দিয়া আটাইতকৈ ডাঙৰ “গালি”টো হ’ল : “You, naughty creature!” এটা ল’ৰা আছিল, বোধকৰোঁ ৰাজস্থানৰ পৰা অহা। বেয়া কথা কোৱাৰ বাবে সি বিখ্যাত। বেচেৰাই প্রথম আমাৰ স্কুলত নাম ভর্ত্তি কৰাৰ পিছত, স্কুলৰ, আৰু বিশেষকৈ মিছ্ মলকানিৰ নিয়ম-নীতি বোৰৰ গুৰত্ব বুজা নাছিল, ফলত সি ইচ্ছা মতে বেয়া কথা কৈ শুনোতাসকলৰ কাণ গৰম কৰি দিছিল।

মই সপ্তমমানত থাকোতে এই বেয়া কথা কোৱা ল’ৰাটো (তাৰ নামটো মনত নাই) বোধকৰোঁ পঞ্চম মানত আছিল, গতিকে তাক অনবৰতে লগ পাই থকা নাছিলো, কিন্তু গম পালো যে মিছ্ মলকানিয়ে তাৰ বদ-অভ্যাসৰ কথা জনাৰ পিছত তাৰ শাস্তি ঘোষণা কৰিলে : যিমান বাৰ সি বেয়া কথা ক’ব, সিমান বাৰ তাৰ শ্রেণীৰ শিক্ষক বা হাউছ মিছস্ত্রেছে পৰিচাৰিকাৰ হতুৱাই ভালদ’ৰে চাবোনেৰে তাৰ মুখখন ধুৱাই দিব।

প্রথমে সি বৰ ভয় খোৱা নাছিল, আৰু বেয়া কথা কোৱাৰ বীৰত্ব দেখুৱাই গৈছিল, কিন্তু যেতিয়া মুখ ধুই ধুই আমনি লাগিল (তাৰ বগা মুখখন ধোওঁতে ধোওঁতে ৰঙা হৈছিলগৈ), সি তাৰ বদ-অভ্যাস এৰিবলৈ বাধ্য হ’ল।

বাইদেৱে আমাক বহুত কথাই শিকাইছিল, কেৱল ইংৰাজীয়েই নহয় : কাটা চামুচ, নাইফ কিদ’ৰে ব্যৱহাৰ কৰিব লাগে, মুখখন নেমেলাকৈ কেনেকৈ আহাৰ চোবাব লাগে, কবিতা আবৃত্তি কেনেকৈ কৰে, ভাষণ কেনেকৈ দিয়ে, ইত্যাদি। অবশ্যে চাহাবী ধং কোনোএটাই মোৰ বাবে স্থায়ী নহ’ল : স্কুল শেষ কৰাৰ পিছত আৰু কেতিয়াও ডিঙিত টাই বন্ধা নাই। কাটা চামুচ, নাইফৰ সলনি আগৰ দ’ৰেই হাত ব্যৱহাৰ কৰিবলৈ ল’লো।

বিভিন্ন কাৰণত মই এই বিখ্যাত স্কুলত পঢ়ি অহা মোৰ লগৰ বোৰৰ পৰা আঁতৰি ফুৰাৰ বাবে তেওঁলোকে মোক বেয়াও পায়, কিন্তু মই চেক লেখক মিলান কুন্দেৰাই ক’বৰ দ’ৰে সেই “ভয়ানক school get-together” বোৰৰ পৰা দূৰত থাকি ভাল পাওঁ।

(এবাৰ বোলে কুন্দেৰাৰ লগৰ এগালে তেওঁক টানি-আঁজুৰি school get-togetherত ভাগ ল’বলৈ বাধ্য কৰাইছিল। তাত তেওঁৰ লগৰ এজনে আকৌ কুন্দেৰাৰ গুণানুর্কীত্তন কৰি কৈছিল যে মিলান, তুমি যে আমাৰ অমুক শিক্ষকৰ আমনি লগা শ্রণীত তেওঁৰ মুখৰ আগতে “Shit, Sir!” বুলি কৈছিলা, সেয়া কিন্তু বৰ সাহসী কাম কৰিছিলা। কুন্দেৰাই আচলতে কোনোদিনেই “shit” শব্দটো ব্যৱহাৰ কৰাই নাছিল, আৰু এই শব্দটো হেনো চেক ভাষাত বৰ ভয়ংকৰ শুনি, ইংৰাজীৰ দ’ৰে নহয় যে কথাই কথাই “shit, shit” কৈ থাকিব পাৰি। কিন্তু তেওঁ কৰে কি? শিক্ষকৰ মুখতে “shit” ক’ব পৰা বীৰ হিচাপে তেওঁক কৰা প্রশংসা সহি সামৰি থাকিব লগীয়া হ’ল।)

কুন্দেৰাৰ ক্ষেত্রত তেওঁৰ বন্ধুৰ ধুসৰ স্মৃতিত “Shit, Sir” কোৱা অন্য কোনোবা ল’ৰা চাগৈ কুন্দেৰা হৈ পৰিছিল, কিন্তু কেতিয়াবা স্মৃতি শুদ্ধ হ’লেও স্কুলৰ দিনৰ ল’ৰাটো আৰু এতিয়াৰ মানুহটোৰ মাজত ইমান পার্থক্য থাকিব পাৰে যে ল’ৰাটোকলৈ কৰা ধেমালি বা গৌৰৱ মানুহটোৰ বাবে পৰম অস্বস্তিকৰ হ’ব পাৰে।

তেতিয়া নিজকে প্রায় ব্রুছ্ লীৰ অবতাৰ বুলি ভবা ল’ৰাটো যদি এতিয়া বিৰল স্নায়বিক ৰোগত ভোগা এজন দুর্বল বয়সীয়াল মানুহ হ’লগৈ, তেন্তে এতিইয়াৰ মানুহজনে তেতিয়াৰ ল’ৰাটোকলৈ কৰা স্ফূর্টিত হাঁহিব নে কান্দিব?

Deepawali

এতিয়া আহোঁ বাইদেৱে আমাক দীপাৱলীত দিয়া শিক্ষাৰ কথালৈ:

স্কুলত আমাক প্রতি দেওবাৰে হাত-খৰচ দিয়াৰ নিয়ম আছিল। বিশেষ উৎসৱ-পার্বনত ইয়াৰ পৰিমাণ বেছি হয়।

প্রথম বছৰ স্কুলত থাকোতে যেতিয়া দীপাৱলীৰ সময় হ’ল, মিছ্ মলকানিয়ে আমাৰ শ্রেণীৰ ল’ৰাবোৰক এটা প্রস্তাৱ দিলে : স্কুলৰ আবাসী ছাত্রবোৰক দীপাৱলীৰ বাবে যিখিনি হাত-খৰচ দিয়া হ’ব, সেইখিনিৰে যদি আমি ফটকা-ফুলজাৰি-ব’ম-কলগছ নিকিনো, তেনে তেওঁ আমাক চহৰৰ ডাঙৰ মিঠাইৰ দোকানলৈ লৈ যাব, আৰু সেই পইছাৰে আমি ধেৰ ধুনীয়া ধুনীয়া মিঠাই কিনি আনিব পাৰিম।

স্কুলত য’তে ত’তে ফটকা ফুটুৱাৰ নিয়ম নাছিল, সকলোৱে একেলগে এখন ডাঙৰ খেল পথাৰত সমবেত হৈহে নিজৰ নিজৰ ফটকা ফুটুৱাব পাৰে। বাইদেৱে ক’লে যে সকলোৱে ফটকা ফুটুৱাৰ সময়ত আমি খেল পথাৰৰ পেভিলিয়নতে বহি সেই দৃশ্য উপভোগ কৰি কৰি মিঠাই খাই থাকিব পাৰিম; আৰু ফটকা ফুটুৱা সকলকো মিঠাই দিব পাৰিম।

আমি যদি ফটকাহে কিনো, তেন্তে বাইদেউৰ ক’বলগীয়া একো নাই, কিন্তু যদি মিঠাই কিনো, তেন্তে তেওঁ আমাক চহৰলৈ লৈ যাবলৈ সাজু। ফটকাৰ পৰা কি হয় আৰু কি হ’ব পাৰে সেয়াও বাইদেৱে আমাক ক’লে : বায়ু প্রদুষণ, শব্দ প্রদুষণ, জীৱ-জন্তু আৰু বয়সস্থ বা অসুখীয়া মানুহৰ অনেক ৰোগ-কষ্টৰ বৃদ্ধি, জুই লগা ঘটনা, অনেক অঘটন…..। আমি কিছুমানে বাইদেউৰ যুক্তিত পতিয়ন গৈ, আৰু লগতে মিঠাইৰ লোভত, বাইদেউৰ প্রস্তাৱ গ্রহণ কৰিলোঁ।

প্রথমবাৰ বাইদেউৰ সৈতে মিঠাইৰ দোকানলৈ যোৱাৰ স্মৃতি এতিয়াও সজীৱ : আমি সৰু-সৰু ল’ৰা এগালৰ লোভী দৃষ্টিৰ সমুখত বিভিন্ন প্রকাৰৰ মিঠাই আৰু মিঠাই। মইতো অসমৰ সৰু ঠাই এখনৰ পৰা যোৱা;  জীৱনত তেতিয়ালৈকে ইমান ডাঙৰ মিঠাইৰ দোকান দেখাই নাছিলো! দেখি স্বর্গ পালোহি যেন লাগিছিল।

পিছত সন্ধিয়া খেল পথাৰৰ পেভিলিয়নত বহি আমাৰ আনন্দৰ সীমা নাই। হাতত বিভিন্ন আকৃতিৰ বিভিন্ন মিঠাইৰে ভৰা বাকচ, আৰু সমুখত বন্ধুহঁতৰ আতচবাজী প্রদর্শন। লগৰ বহুতকে মিঠাই খাবলৈও দিলো। খুব ভাল লাগিল। সেই দিন ধৰি মোৰ দীপাৱলী ফটকা-বিহীন হ’ল, কিন্তু আনন্দ-বিহীন নহয়। বয়স হৈ অহাৰ লগে লগে মিঠাইৰ প্রতি আকর্ষণ কমিল, গতিকে এতিয়া দীপাৱলী হ’লেই মিঠাই এগাল লৈ নবহোঁ, কিন্তু ফটকা ফুটুৱাৰ হেঁপাহো নাই, কাৰণ বাইদেৱে আমাৰ ফটকা-প্রেম কলিতে শেষ কৰিলে।

বহু বছৰ ধৰি বাইদেৱে দিয়া শিক্ষা আনক দিবলৈ যত্নও কৰিছো, কিন্তু দেখিছো যে এতিয়া মাক-দেউতাকে ল’ৰা-ছোৱালীহঁতক নষ্ট কৰাত আগতকৈ বহুত বেছি পাকৈত হৈ পৰিছে। তেওঁলোকে ভাবে যে ল’ৰা-ছোৱালীহঁতক ফটকা ফুটাবলৈ নিদিলে সিহঁতৰ প্রতি ঘোৰ অন্যায় কৰা হ’ব, গতিকে দীপাৱলীৰ আগতেই গালে গালে ফটকা আনি ঘৰ ভৰাই পেলায়।

স্বাস্থ্যজনিত কাৰণত যিসকলে ফটকাৰ বিকট শব্দ বা ধোঁৱা সয্য কৰিব নোৱাৰে, তেওঁলোকে কাণৰ সোপা, এলার্জিৰ ঔষধ, ইনহে’লাৰ আদি সাজু ৰখা উচিত, কাৰণ তেওঁলোকৰ বাবে যে দীপাৱলীৰ আনন্দত মতলীয়া সকলে ভাবিব, সেই আশা কৰিব নোৱাৰি। গোহালিৰ গৰু, ঘৰৰ কুকুৰ, গছত, বাহত শুই থকা চৰাই-চিৰিকতি – ইহঁতবোৰৰ বাবেতো দীপাৱলী মানে মহাপ্রলয়ৰ ৰাতি।

ভয়তে মুচকচ যায় বেচেৰাহঁত, কিন্তু ফটকা-বীৰ সকলৰ আহৰি নাই অন্য মানুহ আৰু জীৱ-জন্তুৰ কষ্টৰ কথা ভাবিবলৈ। পৈশাচিক আনন্দত মতলীয়া তেওঁলোক। দীপাৱলীক ধর্মীয় উৎসৱ বুলি কোৱা হয়, কিন্তু হিন্দু ধর্মত অন্য প্রাণী বা মানুহক শাস্তি দিয়া দূৰৰ কথা, পৃথিৱীত বাস কৰা সকলোকে এটা পৰিয়ালৰ বুলি কোৱা হৈছে (ৱসুধৈৱ কুটুম্বকম্)। গীতাত শ্রীকৃষ্ণই তেনেকুৱা বিশুদ্ধ মনৰ কর্মযোগীক প্রশংসা কৰিছে যি নিজৰ আত্মাৰ সৈতে সকলো জীৱৰ আত্মাক অভিন্ন বুলি বুজে (সর্ৱভূতাত্মভূতাত্মা)।

চৌধ্য বছৰীয়া বনবাসৰ অন্তত ৰাম-সীতাৰ অযোধ্যা প্রত্যাৱর্তনৰ আনন্দত হেনো অযোধ্যাবাসীয়ে দীপাৱলী পাতিছিল : ঘৰ-দুৱাৰ চাফ-চিকুন কৰি, ৰং কৰি, ফুল, ৰংগোলী আদিৰে অযোধ্যাৰ ঘৰ, বাট-পথ সজাই তুলি। সেইয়াই পৃথিৱীৰ প্রথম দীপাৱলী। অযোধ্যাবাসীয়ে বিকট শব্দ কৰা আৰু প্রদুষণ বঢ়োৱা ফটকাৰে দীপাৱলী পতা নাছিল।

ৰাম-সীতাক আদৰাৰে আৰম্ভ হোৱা সেই উৎসৱে অন্ধকাৰ, অজ্ঞান, অসুয়াৰ পৰা পোহৰ, জ্ঞান, শান্তিলৈ হোৱা পৰিবর্ত্তনক সূচায় । ভাবিলে আচৰিত লাগে যে তেনে এটা উৎসৱ এতিয়া বহুতৰ বাবে সন্ত্রাসৰ এটা ভয়ানক ৰাতি : কেৱল অসুখীয়া, দুর্বল মানুহৰ বাবেই নহয়, আমাৰ সৈতে আৰু আশে-পাশে থকা অজস্র জীৱ-জন্তুৰ বাবেও। সিহঁতৰ বহুতৰে আকৌ শ্রৱন-শক্তি আমাতকৈ বহুত বেছি। গতিকে বিকট শব্দৰ পৰা হোৱা শাস্তিও নিশ্চয় বেছি।

DC old building side view

মাজে মাজে আকৌ ফটকা ফটুৱা বীৰ সকলৰ মাজত প্রতিযোগিতা হয় : কোনে কিমান ডাঙৰ শব্দ কৰা ফটকা ফুটাব পাৰে,  একেৰাহে কিমান দেৰীলৈকে ফুটাইয়েই থাকিব পাৰে। ধৰিব নোৱাৰি মর্যদা-পুৰুষোত্তম ৰামৰ সমর্থক সকলে উৎসৱ পাতিছে নে ৰাৱণৰ ৰাক্ষস-সেনাই উৎপাত কৰিছে। 

তেওঁলোকে সৃষ্টি কৰা আতংকময় পৰিবেশে মনত পেলায় ইংৰাজ কবি টমাছ হার্দিয়ে যুযুধান ইউৰোপীয় দেশবোৰৰ মাজত হোৱা যুদ্ধৰ আখৰাৰ উল্লেখেৰে লিখা “চেনেল ফায়াৰিং”লৈ :

close up shot of lighted candles during diwali
Photo by Ravi Roshan on Pexels.com

হঠাতে তোমালোকৰ বৰটোপৰ শব্দই, সেই ৰাতি

লৰাই পেলালে আমি শুই থকা কফিনবোৰ,

ভাঙি পেলালে গীর্জাৰ খিড়িকী;

আমি ভাবিলো আহিল মহাবিচাৰৰ দিন,

আৰু উঠি বহিলো। পিছে ঈশ্বৰে ক’লে, “নাই,

সময় হোৱা নাই; এয়া মাত্র যুদ্ধৰ অভ্যাসহে সাগৰত

তোমালোক মাটিৰ তললৈ যোৱাৰ আগতে যেনে আছিল

তেনেই আছে পৃথিৱীখন…”

কিন্তু ৰামচন্দ্রৰ অযোধ্যা যেনে আছিল, পৃথিৱীখন তেনে থকা হ’লে চাগৈ ভালেই আছিল, তেতিয়াৰ অযোধ্যাবাসী সকলৰ দীপাৱলীৰ দ’ৰে দীপাৱলী হোৱা হ’লে ভাল আছিল : কেৱল  পৰিস্কাৰ-পৰিচ্ছন্নতা, ৰং, ৰংগোলী, ফুল, চাকিৰে পোহৰ দীপাৱলী হোৱা হ’লে ভাল আছিল।

দীপাৱলী প্রকৃত অর্থত অজ্ঞান-অন্ধকাৰ আঁতৰাই জ্ঞানৰ পোহৰ অনা উৎসৱ হোৱা হ’লে ভাল আছিল। মিছ্ মলকানিৰ দ’ৰে আনৰ কথা ভবা, আনৰ দু:খ-কষ্টৰ প্রতি সচেতন, অনুভূতিশীল মানুহৰ দীপাৱলীহে প্রকৃত দীপাৱলী।

দীপাৱলী পোহৰৰ উৎসৱ, কিন্তু আন্ধাৰ কেৱল বাহিৰতহে নে?। ভিতৰৰ অটল গহ্বৰৰ ঘোৰ অন্ধকাৰ চাকি-ফটকাৰে জানো আঁতৰাব পাৰি? সেই আন্ধাৰ—আচল আন্ধাৰ—গুচাবলৈ লাগে ভিতৰৰ পোহৰ। সেইবাবে ভগৱান বুদ্ধই কৈছিল : “আত্ত দীপো ভৱ”। সংস্কৃতত “আত্ম দীপো ভৱ” : নিজেই নিজৰ পোহৰ হোঁৱা।

[সঞ্জীৱ কুমাৰ নাথ, sanjeevnath21@gmail.com]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics
Climate Change

A Historical Inquiry into Climate and Environment in Assam

by Anjan Sarma
March 5, 2026
0

A Historical Inquiry into Climate and Environment in Assam ANJAN SARMA Assam’s environmental history is inseparable from the life of...

Read moreDetails
Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

March 3, 2026
Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

March 2, 2026
The Carbon Footprints of War

The Carbon Footprints of War

March 2, 2026
তুষাৰ অদৃশ্য, বৰফ গলি আছে,  কিন্তু সুযোগ এতিয়াও আছে

Rivers at Risk: Climate-Induced Pressure, Conservation and Water Security in the Eastern Himalaya

March 2, 2026
Third Pole in Crisis Due To Snow Drought

Third Pole in Crisis Due To Snow Drought

March 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d