• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, September 22, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

এচিয়াৰ ন’বেল বঁটা স্বৰূপ ৰমন মেগছেছে বঁটা প্ৰাপ্ত উ:পূ:ৰ প্ৰথমগৰাকী ব্যক্তি ডাঃ ৰবি কন্নান

কল্যাণ কলিতা

by Admin
September 3, 2023
in Inspiration, News, Special Report
Reading Time: 4 mins read
0
এচিয়াৰ ন’বেল বঁটা স্বৰূপ ৰমন মেগছেছে বঁটা প্ৰাপ্ত উ:পূ:ৰ প্ৰথমগৰাকী ব্যক্তি ডাঃ ৰবি কন্নান
Share on FacebookShare on TwitterShare on LinkedIn

এচিয়াৰ ন’বেল বঁটা স্বৰূপ ৰমন মেগছেছে বঁটা প্ৰাপ্ত উ:পূ:ৰ প্ৰথমগৰাকী ব্যক্তি বিশিষ্ট মানৱদৰদী চিকিৎসক ডাঃ ৰবি কন্নান

কল্যাণ কলিতা

Kalyan Kalita
কল্যাণ কলিতা

আমি অধিকাংশ লোকে এটা সাধাৰণ কৃতিত্বতে আনন্দত আত্মহাৰা হৈ পৰো ৷

আৰু কেতিয়াবা কেতিয়াবা সেই আনন্দৰ মুহূৰ্তত আমাৰ কৃতিত্ব বা সফলতাৰ আৰত থকা ব্যক্তিসকলক স্মৰণ কৰিবলৈও পাহৰি যাও বা আহৰি নাপাও, তেনেকুৱা এক সময়ত এছিয়াৰ ন’বেল বঁটা হিচাপে খ্যাত এক অতি সন্মানীয় বঁটা লাভ কৰা এগৰাকী স্বনামধন্য ব্যক্তিৰ ব্যক্তিত্ব ফুটি উঠে সন্মানীয় বঁটাটো লাভ কৰাৰ পিছতে কৰা তেওঁৰ প্ৰতিক্ৰিয়াত ৷

কব ওলাইছো এচিয়া মহাদেশৰ ভিতৰতে অন্যতম সন্মানীয় তথা এচিয়াৰ ন’বেল হিচাপে খ্যাত ৰমন মেগছেছে বঁটা লাভেৰে সমগ্ৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা ডাঃ ৰবি কান্নানৰ কথা৷ উল্লেখ্য যে এছিয়াৰ ন’বেল হিচাপে স্বীকৃত ৰমন মেগছেছে বঁটা এইবাৰ চাৰিগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে।

৬৫ সংখ্যক ৰমন মেগছেছে পুৰস্কাৰ লাভ কৰা আন তিনিগৰাকী ক্ৰমে বাংলাদেশৰ কৰৱী ৰকচান্দ, টিমোৰ লেছীৰ ইউজেনিঅ’ লেম’ছ আৰু ফিলিপাইনছৰ মিৰিয়াম কৰনেল ফেৰাৰ লগতে অসম তথা সমগ্ৰ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ বিশিষ্ট অংক’লজিষ্ট, পদ্মশ্ৰী বঁটা বিজয়ী, কাছাৰ কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সঞ্চালক ডাঃ ৰবি কান্নানে ৷

এই সন্মানীয় বঁটা লাভ কৰাৰ খবৰ প্ৰাপ্তিৰ সময়তো আনন্দত আত্মহাৰা নহৈ মানৱ সেৱাত উৎসৰ্গিত হৈ সেৱা আগবঢ়াই অহা ডাঃ কান্নানৰ প্ৰতিক্ৰিয়া আছিল এনেধৰণৰ- “মই চিকিৎসালয়খনৰ মুৰব্বী হোৱাৰ বাবেই হয়তো এই বঁটাৰ বাবে মোৰ নামটো প্ৰচাৰ কৰা হৈছে। মোৰ বিশ্বাস-পদ্মশ্ৰী আৰু ৰমন মেগছেছে সন্মান কাছাৰ কেন্সাৰ হাস্পতাললৈ প্ৰদান কৰা হৈছে, অকল মোক দিয়া হোৱা নাই। এয়া প্রকৃততে চিকিৎসালয়ত থকা সকলোৰে সন্মান।”

RelatedPosts

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

September 22, 2023
Privatizing the Public Education

Privatizing the Public Education

September 22, 2023
GAURAV GOGOI: The Emerging Challenger

GAURAV GOGOI: The Emerging Challenger

September 22, 2023

মানৱদৰদী চিকিৎসকগৰাকীৰ এই তিনিটা বাক্যই যেন প্ৰকাশ কৰিছে কিমান সুবিশাল মনৰ অধিকাৰী, অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী হব পাৰিলেহে এনেকুৱা এক ঈৰ্ষণীয় গৌৰৱপূৰ্ণ মুহূৰ্ততো ইমান অহংকাৰবিহীন মন্তব্য কৰিব পাৰে৷ আনৰ কৃতিত্ব নিজৰ নামত কৰি লোৱাৰ প্ৰৱণতাৰে ভৰপুৰ এখন সমাজত ডাঃ ৰবি কন্নানৰ দৰে মানুহো বিৰাজমান বাবেই হয়তো পৃথিৱীখন আজিও সন্তুলিত হৈ আছে৷

জন্মসুত্ৰে চেন্নাইৰ বাসিন্দা আছিল যদিও আজিৰ পৰা ১৭ বছৰ পূৰ্বে দৰিদ্ৰ কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে চেন্নাইৰ পৰা অসমৰ শিলচৰলৈ গুচি আহিছিল ডাঃ কান্নান। তাৰ পিছৰ পৰাই তেওঁ ৰাজ্যখনত কৰ্কট ৰোগৰ যত্নৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে।

এচিয়াৰ ন'বেল বঁটা স্বৰূপ ৰমন মেগছেছে বঁটা প্ৰাপ্ত উ:পূ:ৰ প্ৰথমগৰাকী ব্যক্তি ডাঃ ৰবি কন্নান
ডাঃ ৰবি কান্নন

ডাঃ ৰবি কান্নন যোৱা ১৭ বছৰ ধৰি কৰ্মসুত্ৰে অসমতে থাকি সম্প্ৰতি অসমৰ স্থায়ী বাসিন্দা হৈ পৰিছে৷ অসমৰ বিশিষ্ট সাংবাদিক প্রয়াত জ্যোতিৰিন্দ্ৰ চন্দ্ৰ দত্ত, শিক্ষাবিদ প্রয়াত ভক্তিমাধৱ চেটাজী আৰু ডাঃ চিন্ময় চৌধুৰীৰ সহযোগত তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী প্রয়াত সন্তোষ মোহন দেৱ আৰু প্রাক্তন মুখ্যমন্ত্রী প্রয়াত হিতেশ্বৰ শ‍ইকীয়াই আর্থিকভাৱে সহায় আগবঢ়াই ১৯৯৬ চনত শিলচৰৰ কাছাৰত প্ৰতিষ্ঠা কৰা “কাছাৰ কেন্সাৰ হাস্পতাল”ত ডাঃ ৰবি কান্নানে ২০০৭ চনত আনুষ্ঠানিকভাৱে যোগদান কৰে।

১৯৬৪ চনৰ ৫ আগষ্টত জন্মগ্ৰহণ কৰা ড০ কান্নানৰ শিক্ষা যাত্ৰা আৰম্ভ হৈছিল তামিলনাডুৰ তাম্বাৰমৰ কেন্দ্ৰীয় বিদ্যালয়ত। চেন্নাইৰ কিলপাউক চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰা কান্ননে নতুন দিল্লীৰ মৌলানা আজাদ মেডিকেল কলেজৰ পৰা এম এছ ডিগ্ৰী লাভ কৰে।  ইয়াৰ পিছতে তেওঁ চেন্নাইৰ কেন্সাৰ ইনষ্টিটিউটত চাৰ্জিকেল অংক’লজীত এম চি এইচ কৰে।

চেন্নাইৰ আদিয়াৰ কেন্সাৰ ইনষ্টিটিউটৰ অস্ত্ৰোপচাৰ অংক’লজী বিভাগৰ মুৰব্বী পদত অতি নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰা ডাঃ কান্নানক ২০০৬ চনৰ ডিচেম্বৰ মাহত কাছাৰ কেন্সাৰ হাস্পতাল আৰু গৱেষণা কেন্দ্ৰৰ সঞ্চালক ডাঃ চিন্ময় চৌধুৰীয়ে যোগাযোগ কৰে আৰু চিকিৎসালয়খনৰ মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়।

 যাৰ পৰিপ্ৰেক্ষিতত তেওঁ সেই বছৰতে পত্নী সীতালক্ষ্মীৰ সতে শিলচৰলৈ আহি চিকিৎসালয়খন পৰিদৰ্শন কৰে আৰু ইয়াৰ পিচৰ বছৰ অর্থাৎ ২০০৭ চনত সপৰিয়ালে চেন্নাই এৰি শিলচৰলৈ ধাৱমান হয় আৰু চিকিৎসালয়খনৰ দায়িত্ব গ্রহণ কৰে। তাৰ পিচৰ পৰাই চিকিৎসালয়খনত যেন আৰম্ভ হয় এক নতুন যাত্রা। তেওঁৰ নেতৃত্ব তথা তত্ত্বাৱধানত লাহে লাহে চিকিৎসালয়খনৰ পৰিসৰ বৃদ্ধি হয়। চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰীৰ সংখ্যা ২৩ৰ পৰা ৪৫১ লৈ বৃদ্ধি পায়।

এচিয়াৰ ন'বেল বঁটা স্বৰূপ ৰমন মেগছেছে বঁটা প্ৰাপ্ত উ:পূ:ৰ প্ৰথমগৰাকী ব্যক্তি ডাঃ ৰবি কন্নান

 চিকিৎসকগৰাকীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়ত অতি সীমিত সুবিধা থকা এখন চিকিৎসালয়ৰ পৰা “কাছাৰ কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰ” এতিয়া অংক’লজী, পেথ’লজী, ৰেডিঅ’লজি, মাইক্ৰ’বায়’লজী, ইপিডেমিঅ’লজী, টিউমাৰ ৰেজিষ্ট্ৰি, পেলিয়েটিভ কেয়াৰ আদিকে ধৰি মুঠ ২৮টা বিভাগত চিকিৎসা প্ৰদান কৰি আহিছে৷ স্মৰ্তব্য যে চিকিৎসালয়খনত ডাঃ কান্নানৰ পৃষ্ঠপোষকতাত দৰিদ্ৰ অসহায় ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়৷

যাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ উপৰি ত্ৰিপুৰা, মণিপুৰ, মিজোৰামৰ পৰা বহু ৰোগী ইয়ালৈ আহে৷ মানৱ দৰদী ডাঃ কান্ননে আৰম্ভণিৰে পৰাই বুজি উঠিছিল যে এখন চিকিৎসালয়ত কেৱল অত্যাধুনিক কৰ্কট ৰোগৰ সুবিধা থাকিলেই নহব, চিকিৎসাৰ প্ৰতি ৰোগী আগ্ৰহী হব লাগিব ৷ তেওঁৰ একাণপটীয়া প্ৰচেষ্টাৰ ফলতে চিকিৎসালয়খনত ৰেগীৰ অনুপালনৰ সংখ্যা ২৮ শতাংশৰ পৰা আজি ৭০ শতাংশলৈ বৃদ্ধি পাইছে ৷

 চিকিৎসালয়খনত চিকিৎসা প্ৰদান আৰম্ভ কৰাৰ পিছৰ পৰাই লক্ষ্য কৰিছিল যে ৰোগীসকল আহিছিল যদিও বিভিন্ন কাৰণত চিকিৎসা অব্যাহত ৰখা নাছিল৷ যেনে- দীঘলীয়া দূৰত্ব যাতায়াত কৰাত অসুবিধা, চিকিৎসাৰ খৰচ, ৰোগীৰ সতে ব্যস্ত হৈ থাকিবলগীয়া হোৱা আত্মীয়ৰ উপাৰ্জন বন্ধ হোৱা, ৰোগী কেতিয়াও আৰোগ্য নহ’ব বুলি বিশ্বাস কৰি আধাতে চিকিৎসা বন্ধ কৰা আদিৰ অন্তৰ্নিহিত কাৰণ আছিল দৰিদ্ৰতা।

এচিয়াৰ ন'বেল বঁটা স্বৰূপ ৰমন মেগছেছে বঁটা প্ৰাপ্ত উ:পূ:ৰ প্ৰথমগৰাকী ব্যক্তি ডাঃ ৰবি কন্নান

এই অন্তৰ্নিহিত কাৰণ হৃদয়ংগম কৰি ডাঃ কান্ননে চিকিৎসালয়খনত বিনামূলীয়া চিকিৎসা আৰু ঔষধ প্ৰদান, খাদ্য আৰু থকাৰ ব্যৱস্থা, যত্ন লোৱা লোকসকলৰ বাবে তদৰ্থ নিয়োগ, হোমকেয়াৰ কাৰ্যসূচী আদি পদক্ষেপ হাতত লয়৷ এনেবোৰ জনকল্যাণমূলক কাৰ্যসূচীৰ বাবেই আজি চিকিৎসালয়খনত ৰোগীৰ কম্প্লাইয়েন্সৰ হাৰ ৭০ শতাংশলৈ বৃদ্ধি পায়।

সম্প্ৰতি কাছাৰ কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰে বছৰি গড়ে প্ৰায় ৫,০০০ নতুন ৰোগীক বিনামূলীয়া বা ৰাজসাহায্যযুক্ত কেন্সাৰ কেয়াৰ চিকিৎসা প্ৰদান কৰি আহিছে৷ ধনৰ অভাৱত কোনো লোককে চিকিৎসাৰ পৰা বঞ্চিত কৰা উচিত নহয় বুলি মনোভাৱ ৰখা চিকিৎসক ডাঃ কন্নানৰ নিৰৱচিন্ন প্ৰচেষ্টাৰ ফলতে আজি পৰ্যন্ত প্ৰায় ২০,০০০ দৰিদ্ৰ ৰোগীক বিনামূলীয়া চিকিৎসা আৰু ঔষধ তথা সুষম আহাৰ প্ৰদান কৰা হৈছে৷

মানৱ সেৱাৰ বাবে নিজকে উৎসৰ্গিত কৰা ডাঃ কান্নানৰ কৃত কৰ্মৰ স্বীকৃতিৰ চিন স্বৰূপে ২০২০ চনৰ ২৬ জানুৱাৰীত তেওঁক প্ৰদান কৰা হয় ভাৰতবৰ্ষৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী সন্মান৷ ইয়াৰ পূৰ্বে ২০১৩ চনত তেওঁক চিকিৎসা বিজ্ঞানৰ মহাবীৰ বঁটা লাভ কৰি চিকিৎসকগৰাকীৰ আক্ষেপ যে আমাৰ সমাজত ধপাত-গুটখাৰ দৰে মাৰাত্মক বস্তুৰ বিৰুদ্ধে জনসচেতনতা অদ্যপি গঢ় লৈ উঠা নাই।

এচিয়াৰ ন'বেল বঁটা স্বৰূপ ৰমন মেগছেছে বঁটা প্ৰাপ্ত উ:পূ:ৰ প্ৰথমগৰাকী ব্যক্তি ডাঃ ৰবি কন্নান
ডাঃ ৰবি কান্নন

কেৱল সচেতনাৰ অভাৱৰ বাবেই কৰ্কট ৰোগত আক্রান্ত বহু লোক এতিয়াও চিকিৎসালয়লৈ যোৱা নাই। এনে এক প্ৰেক্ষাপটতে চিকিৎসকগৰকীৰ দলে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত, আনকি ত্ৰিপুৰাতো সৰু সৰু চিকিৎসালয় স্থাপন কৰি কৰ্কট ৰোগৰ যত্ন বিকেন্দ্ৰীকৰণ কৰাত মনোনিৱেশ কৰিছে, যাতে মানুহে চিকিৎসাৰ বাবে চিকিৎসালয় এখনত উপনীত হ’বলৈ বহু দূৰ যাত্ৰা কৰিব নালাগে৷

ইয়াৰোপৰি কৰিমগঞ্জ, হাইলাকান্দি আৰু ডিমা হাছাও জিলাত চেটেলাইট ক্লিনিক আৰম্ভ কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছে৷ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ সংকুচিত কৰাৰ বাবে চিকিৎসকসকলে মানুহৰ ওচৰলৈ গৈ প্ৰতিৰোধ, চিকিৎসা আৰু কেন্সাৰৰ যত্নত গুৰুত্ব দিব লাগিব বুলি বিশ্বাস ৰখা ডাঃ কান্নানে প্ৰতিজন ৰোগীক ক’ব বিচাৰে যে কেন্সাৰ আন যিকোনো ৰোগৰ দৰেই নিৰাময়যোগ্য।

এচিয়াৰ ন'বেল বঁটা স্বৰূপ ৰমন মেগছেছে বঁটা প্ৰাপ্ত উ:পূ:ৰ প্ৰথমগৰাকী ব্যক্তি ডাঃ ৰবি কন্নান

কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ বাবে এজনো ব্যক্তিয়ে মৰ্যাদা নোহোৱাকৈ মৃত্যু হোৱা দেখিব নিবিচাৰে মহান চিকিৎসকগৰাকীয়ে৷

এনেকুৱা এগৰাকী মহানুভৱী চিকিৎসকক ২০২৩ বৰ্ষৰ সন্মানীয় বঁটাটোৰ বাবে নিৰ্বাচিত কৰি ৰমন মেগছেছে এৱাৰ্ড ফাউণ্ডেশ্যনে ঘোষণা কৰে যে এগৰাকী সামগ্ৰিক স্বাস্থ্যসেৱাৰ বাবে নায়ক কান্নানক তেওঁৰ পেছাৰ জনসেৱাৰ উচ্চতম আদৰ্শ, মানুহকেন্দ্ৰিক, দৰিদ্ৰ সমৰ্থক স্বাস্থ্যসেৱা আৰু কৰ্কট যত্নৰ সীমাবদ্ধতাৰ শিকলি উন্মুক্ত কৰাত তেওঁৰ দক্ষতা, দায়বদ্ধতা আৰু মমতাৰ সংমিশ্ৰণক স্বীকৃতি দিয়া তথা কৰ্কট ৰোগীৰ বিশেষ যত্ন লোৱাৰ বাবে আৰু পুৰস্কাৰৰ আশা নকৰাকৈয়ে ভাৰতীৰ অসম ৰাজ্যত লাখ লাখ লোকৰ বাবে আশাৰ ৰেঙণি সৃষ্টি কৰি সকলোৰে বাবে এক উজ্জ্বল আদৰ্শ দাঙি ধৰাৰ ফলশ্ৰুতিতে ডাঃ ৰবি কান্নানক ৰেমন মেগছেছে বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়৷

অসম আৰু অসমীয়াৰ বাবে নিজৰ সকলো উজাৰি দিয়া ডাঃ কান্নানক লৈ আমি প্ৰতিগৰাকী অসমবাসী, প্ৰতিগৰাকী উত্তৰ পূৰ্বাঞ্চলবাসী, প্ৰতিগৰাকী ভাৰতীয় গৌৰবান্বিত হোৱা উচিৎ৷ এনে এগৰাকী প্ৰকৃত মানৱ সম্পদ৷ সুস্বাস্থৰে দীৰ্ঘজীৱী হৈ থাকক৷

এচিয়াৰ ন'বেল বঁটা স্বৰূপ ৰমন মেগছেছে বঁটা প্ৰাপ্ত উ:পূ:ৰ প্ৰথমগৰাকী ব্যক্তি ডাঃ ৰবি কন্নান
ডাঃ ৰবি কান্নন

 কল্যাণ কলিতা, ফোন- ৯৯৫৭৩৪৮৬২৩

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

 

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Has India-Canada relations Crumbled? Will Trudeau apologize to India?
Politics

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

by Admin
September 22, 2023
0

Has India-Canada relations Crumbled? Will Trudeau apologize to India? KAKALI DAS KAKALI DAS Should India worry about the fact that...

Read more
Privatizing the Public Education

Privatizing the Public Education

September 22, 2023
GAURAV GOGOI: The Emerging Challenger

GAURAV GOGOI: The Emerging Challenger

September 22, 2023
‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

September 22, 2023
Bhavartha Swarup Memorial Mahabahu Award, Books & Magazine Inauguration…

Bhavartha Swarup Memorial Mahabahu Award, Books & Magazine Inauguration…

September 22, 2023
প্ৰজ্ঞাৰ সৌধ:মহীৰূহ সত্যনাথ দাস

প্ৰজ্ঞাৰ সৌধ:মহীৰূহ সত্যনাথ দাস

September 21, 2023
  • Trending
  • Comments
  • Latest
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 16, 2023
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

July 27, 2023
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 25, 2022
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

3
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
Has India-Canada relations Crumbled? Will Trudeau apologize to India?

Has India-Canada relations Crumbled? Will Trudeau apologize to India?

September 22, 2023
Privatizing the Public Education

Privatizing the Public Education

September 22, 2023
GAURAV GOGOI: The Emerging Challenger

GAURAV GOGOI: The Emerging Challenger

September 22, 2023
‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

‘নমামি ভৰলু’ প্ৰকল্পৰে অসমৰ সমস্ত ঋণ পৰিশোধ: নগা ভদ্ৰলোকৰ সৈতে প্ৰায় দুই ঘন্টা!

September 22, 2023

Popular Stories

  • FREEDOM FIGHTERS OF ASSAM

    FREEDOM FIGHTERS OF ASSAM

    2525 shares
    Share 1010 Tweet 631
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    1492 shares
    Share 597 Tweet 373
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    1778 shares
    Share 711 Tweet 445
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    782 shares
    Share 313 Tweet 196
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    926 shares
    Share 370 Tweet 232
  • Wildlife Photos: An astonishing and sorrowful image!

    215 shares
    Share 86 Tweet 54
  •  ইছ’ৰ’ আৰু ‘চন্দ্ৰযান-৩’ ৰ গুৰুত্ব

    277 shares
    Share 111 Tweet 69
  • অসমৰ বুৰঞ্জী

    1254 shares
    Share 502 Tweet 314
  • Does IIT always guarantee jobs, huge salary packages?

    1061 shares
    Share 424 Tweet 265
  • ভাৱাৰ্থ স্বৰূপ সোঁৱৰণী মহাবাহু বঁটা প্ৰদান, গ্ৰন্থ -আলোচনী উন্মোচন আৰু বক্তৃতানুষ্ঠান

    173 shares
    Share 69 Tweet 43
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • September 2023
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: