• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 4, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

এজনী কণমানি ছোৱালী, দুগৰাকী মহিলা আৰু মই

-ডা° সুকৃতি চৌধুৰী

by Admin
June 23, 2021
in Special Report
Reading Time: 1 min read
0
girl in white long sleeve shirt and black skirt sitting on swing during day time

Photo by Skitterphoto on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

–ডা° সুকৃতি চৌধুৰী |

দেউতা সৌৱা চোৱা বুঢ়ীজনী চকীখনত বহি আছে, বিচনাখনৰ ওপৰত ইমানবোৰ ভয়ংকৰ কীট-পতংগ, খিৰিকীখন কিয় খুলি ৰাখিছা, ক’লা ক’লা চৰাইবোৰ সোমাই আহিছে, পলোৱা পলোৱা……নিশা এক বজাত মাক-দেউতাকৰ মাজত শান্তিৰে শুই থকা পাঁচবছৰীয়া মৰম লগা কণমানি ৰাধিকা  এইদৰে চিঞৰ-বাখৰ কৰি অস্থিৰ হৈ উঠিল ৷ তাই বয়স অনুপাতে মানসিক বিকাশ নোহোৱা এগৰাকী কণমানি ৷ কিছুদিনৰে পৰা তাইক ময়েই চিকিৎসা কৰি আহিছিলো ৷ MRI কে ধৰি সকলো খিনি প্ৰয়োজনীয় পৰীক্ষা কৰাই যাবতীয় ঔষধ দিছিলো ৷ জন্মৰ ঠিক পিছতে হোৱা জণ্ডিছে কণমানিজনীক একেবাৰেই দুৰ্বল কৰি পেলাইছিল আৰু স্থায়ী ক্ষতি কৰিছিল ৷ পৰীক্ষা কৰি পোৱা গৈছিল যে তাইৰ বয়স পাঁচ বছৰ হ’লেও কিন্ত তাই মানসিকভাৱে আঢ়ৈ বছৰমানৰ হৈ আছে ৷ তাইৰ মনৰ জগতখন বুজিবলৈ মই বহুত কষ্ট কৰিছিলো ৷ আনকি ঘন্টাৰ পিছত ঘন্টা তাইক কোলাত লৈ ফুৰি, তাইৰ সৈতে খেলনাবোৰেৰে খেলি সময় দি তাইক সুক্ষ্মভাৱে লক্ষ্য কৰিছিলো ৷ অৱশেষত তাইক যি কেইটা point ত চিকিৎসাৰ দৰকাৰ সেয়া মই ধৰি পেলাইছিলো ৷ ঔষধ দিয়া হৈছিল ৷ মই দেউতাকক টেবলেটটোৰ কিমান অংশ খুৱাব লাগিব, কেতিয়া খুৱাব লাগিব কৈছিলো ৷ কিন্ত ইয়াতো মোৰ চিকিৎসাৰ অন্তৰায় হ’ল ‘ইউ টিউব’ ৷ মই কণমানিজনিৰ বাবে দুবিধ ঔষধ দিছিলো ৷ ইমানকৈ বুজাই দিয়াৰ পিছতো দেউতাকে ‘ইউ টিউব’ত চাই কোনো মূৰ্খই বৰ্ণনা কৰা মতে গোটেই টেবলেট আৰু দুয়োবিধ ঔষধ একেলগে দিলে ৷ যাৰ ফলত একপ্ৰকাৰ নিচাগ্ৰস্ত হৈ তাই লগে লগেই শুই পৰিলেও মাজ নিশা সাৰ পাই over dose হোৱাৰ পাৰ্শ্বক্ৰিয়া হিচাপে illusion হৈ এই ধৰণৰ নাভূত-নাশ্ৰুত কথা ক’বলৈ ধৰাৰ লগতে ভয় খোৱাৰ বাবে তাণ্ডব কৰিবলৈ  আৰম্ভ কৰে ৷ দেউতাকে এতিয়া অসহায় হৈ মোক ফোন কৰিলে নিশা ১:৩০ মান বজাত ৷ মই লগে লগেই ‘ভিডিঅ’ কল’ কৰিবলৈ দি ৰাধিকাৰ লগত কথা পতা আৰম্ভ কৰিলো ৷ মই জানিছিলো কিমান সময়লৈ তাই এনে ব্যৱহাৰ কৰিব ৷ সেয়ে তাইক illusion ৰ মাজতেই ভয় নোখোৱাকৈ ৰাখিবলৈ কি যে নকৰিলো ৷ তাই কয় –বিচনা খনত ইমান ডাঙৰ ডাঙৰ পোক আছে ৷ মই লগে লগে সেই পোক খাই ভাল পোৱা ডাইন’ছৰৰ অভিনয় কৰি দেখুৱাওঁঁ ৷ লগে লগে ৰাধিকাই হাঁহি দিয়ে ৷ তাই কয় ৰূমৰ কোণটোত চকীপাৰি সেই দাতুলী বুঢ়ী বহি আছে ৷ লগে লগে মই সেই বুঢ়ীক খেদি পঠিওৱা পৰী হৈ পৰো ৷ ৰাধিকাই খিলখিলাই হাঁহি উঠে ৷ মই যিহেতু ইমান নিশা ৩০ কিলোমিটাৰমান দুৰৰ তেওঁলোকৰ ঘৰলৈ যাব নোৱাৰিম বা তেওঁলোকো অহাতো সহজসাধ্য নহয়, সেয়ে শেষ উপায় হিচাপে ৰাধিকাক এনেদৰেই মানসিক সমৰ্থন কৰি কৰি এটা সময়ত ভয় আৰু illusion মুক্ত কৰিবলৈ সক্ষম হ’লো ৷ তেতিয়ালৈ ৰাতিপুৱাই গৈছিল ৷ পিছদিনা যিহেতু OPD day আছিল সেয়ে আৰু শুই থকাৰ চেষ্টা নকৰি মুৰৰ বিষ কমাবৰ বাবে একাপ গৰম কফি খাই বাথৰুমত সোমালো …………..।

RelatedPosts

All About Domestic Abuse and Violence

All About Domestic Abuse and Violence

June 4, 2023
Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

June 2, 2023
pexels-photo-359989.jpeg

জীৱনৰ বিষয়ে এখনি ৰচনা

June 2, 2023

                  ৰাধিকাক লৈ মাক-দেউতাক হস্পিতাল আহি পাওঁতে দুপৰীয়া হ’ল ৷ মোৰ আৰু দুগৰাকী ৰোগী চাবলৈ বাকী আছিল ৷ দুয়োগৰাকী মধ্যবয়সৰ মহিলা ৷ প্ৰফাইল চাই দেখো যে দুয়ো depression ৰ চিকাৰ ৷ দুয়োকে প্ৰয়োজনীয় ঔষধ আদিৰ দিহা দি কাউন্সেলিং আদিৰ বাবে তাৰিখ নিৰ্দিষ্ট কৰা হ’ল ৷ মোৰ বাবে ৰৈ থকা মহিলা ৰোগী দুগৰাকীৰ ভিতৰত এগৰাকী মহিলাৰ চৰিত্ৰহীন স্বামীয়ে তেওঁক ঘৰৰ বাহিৰ কৰি দিছিল ৷ মহিলা গৰাকীক পাগল আখ্যা দি স্বামীয়ে  সন্তান কেইটাক  নিজৰ লগত ৰাখিছিল ৷ ইয়াৰ পিছত তেওঁৰ মানসিক স্থিতি কি হ’ব পাৰে সহজেই অনুমেয় ৷ মোৰ বাবে অপেক্ষাৰতা আনগৰাকীৰ মহিলাৰ স্বামী মদপী ৷ দৈনিক মদ খাই আহি মাৰ-পিট কৰে ৷ হঠাতে একমাত্ৰ সন্তানটোৰো অকাল মৃত্যু হ’ল ৷ এফালে মদপী স্বামীৰ অত্যাচাৰ আৰু আনফালে সন্তানৰ মৃত্যুৰ বেদনাই তেওঁক গভীৰ নৈৰাশ্য লৈ ঠেলি দিলে ৷ তেওঁলোকৰ চলিব লগা ঔষধ আৰু চিকিৎসা পদ্ধতি চলি থকাৰ লগতে মই বিশ্বাস কৰিছিলো যে ৰাধিকাই মোৰ এই দুয়োটা কেচৰ সমিধান কৰোতে সহায়ক হ’ব পাৰিব ৷ মইয়ো গাওঁৰ ছোৱালী হে ৷ ৰাধিকাক ফেৰেকা কোলাত লৈ হস্পিতালখনৰ পাৰ্কলৈ আহিলো ৷  লগে লগে মহিলা ৰোগী দুগৰাকী ৷ ৰাধিকাক খেলিবলৈ লগাই দি গভীৰ নৈৰাশ্যত ভোগা মহিলা দুগৰাকীক তাইক খেলাবলৈ দিলো ৷ ৰাধিকাৰ মাক-দেউতাক আৰু মহিলা দুগৰাকীৰ লগত অহা পৰিয়ালৰ মানুহে মোলৈ চকু ডাঙৰ কৰি চাই আছিল ৷ হয়তো ভাবিছিল –এই বাইদেউজনী কিবা আধা পাগল ঔ  ৷ কিন্ত মই সুপৰিকল্পিতভাৱে  থিকেই কৰিছিলো ৷ মই সদায়েই ৰাধিকা আৰু মহিলা দুগৰাকীৰ চিকিৎসালয়লৈ আহিব লগা তাৰিখ একেটাই ৰাখি দিওঁ আৰু চিকিৎসাৰ শেষত তিনিওৰে পাৰ্কত খেল-ধেমালি চলে ৷ কিছুদিনৰ পিছত তিনিওৰে মাজত এৰাব নোৱাৰাা আত্মীয়তা হৈ উঠিল ৷ বচ্ ৷ মই ইমানকে বিচাৰিছিলো ৷ মই তেওঁলোকৰ পৰিয়ালৰ মানুহক কৰা অনুৰোধমৰ্মে তিনিওজনীকে  হস্পিতাললৈ অহাৰ দিনটোৰ বাদেও আন দিনাও বিভিন্ন স্থানত লগ কৰোৱাৰ ব্যৱস্থা কৰাই থকা হ’ল ৷ কণমানিজনীৰ প্ৰতি উন্মেষ হোৱা মৰমে মহিলা দুগৰাকীৰ জীৱনত যেন নতুন ৰং সিঁচি দিলে ৷ আনহাতে ঔষধ আৰু দৰকাৰী চিকিৎসা বিধিও সমানে চলি থাকিল ৷  সাধাৰণতে লাগিব লগা সময়তকৈ কম সময়ৰ ভিতৰতে দুয়োগৰাকী মহিলা সম্পুৰ্ণ সুস্থ হৈ উঠিল ৷ আৰু ৰাধিকা ? তাই আগতকৈ বহুত বেছি নিজক develope কৰিব পাৰিছে ৷ মোৰ বিশ্বাস এদিন তাইয়ো তাই আন দহজন শিশুৰ দৰে হৈ উঠিব ৷ হয়তো অকণমান slow হ’ব পাৰে ৷ আপোনাক কথা দিছো, মোৰ বিচাৰেৰে ৰাধিকা যিদিনা সুস্থ হৈ উঠিব, মই তাইৰ এখন ফটো আপলোড কৰিম ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: IllusionMRI
Admin

Admin

Related Posts

All About Domestic Abuse and Violence
Women

All About Domestic Abuse and Violence

by Admin
June 4, 2023
0

All About Domestic Abuse and Violence AGRITA CHHIBBER Agrita Chhibber What is domestic violence and abuse? When people think of...

Read more
Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

Real Story of Yalda Ali, Anchor of the “Bamdad-E- khosh”

June 2, 2023
pexels-photo-359989.jpeg

জীৱনৰ বিষয়ে এখনি ৰচনা

June 2, 2023
close up photo of lighted cigarette stick

ই – চিগাৰেট : এক ফেশ্বন

June 2, 2023
The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

June 2, 2023
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

June 1, 2023
  • Trending
  • Comments
  • Latest
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
প্ৰাচীন কামৰূপৰ ইতিহাস

প্ৰাচীন কামৰূপৰ ইতিহাস

May 21, 2023
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ‘গামোছা’ উন্মোচন কৰা অসমীয়া পৰ্বতাৰোহী দলক পাঠশালাত উষ্ম আদৰণি

ইতিহাস ৰচি মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত ‘গামোছা’ উন্মোচন কৰা অসমীয়া পৰ্বতাৰোহী দলক পাঠশালাত উষ্ম আদৰণি

June 4, 2023
ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র

ৰামচৰিত মানসৰ হনুমানৰ চৰিত্রত কৃতকার্যতাৰ মন্ত্র

June 4, 2023
All About Domestic Abuse and Violence

All About Domestic Abuse and Violence

June 4, 2023
The Dangers of AI is Coming: Beware!

The Dangers of AI is Coming: Beware!

June 4, 2023

Popular Stories

  • প্ৰাচীন কামৰূপৰ ইতিহাস

    প্ৰাচীন কামৰূপৰ ইতিহাস

    659 shares
    Share 264 Tweet 165
  • THE KERALA STORY: Truth behind it

    561 shares
    Share 224 Tweet 140
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    609 shares
    Share 244 Tweet 152
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    619 shares
    Share 248 Tweet 155
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 428 Tweet 268
  • মিচিং সমাজ আৰু সংস্কৃতি

    269 shares
    Share 108 Tweet 67
  • ইতিহাসৰ জলঙাইদি হাজো

    401 shares
    Share 160 Tweet 100
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    320 shares
    Share 128 Tweet 80
  • টাইফাকেঃ সমাজ জীৱন, সংগ্ৰাম আৰু সমস্যা

    186 shares
    Share 74 Tweet 47
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    236 shares
    Share 94 Tweet 59
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: