সমীৰণ শৰ্মা
“ব’লা, আমি আত্মহত্যা কৰো আৰু জীয়াই থাকো।
আজি চৰকাৰে অষ্টম শ্ৰেণীলৈকে বিদ্যালয় বন্ধ থকাৰ নিৰ্দেশ দিছে।কাৰণ-COVID !!!
সেইদিনা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল, ক’ভিড এটা সাধাৰণ বেমাৰ। আজি তাৰ পিছত অষ্টম শ্ৰেণীলৈকে বিদ্যালয় বন্ধ দিছে।ভাল কৰিছে। মই এই কাৰ্যত চৰকাৰৰ লগত একমত। জুবিন গাৰ্গে “আমাক দৌৰি ফুৰা মুখ্যমন্ত্ৰী লাগে” বুলি কওঁতে মই মিছাই বিৰোধ কৰি আছিলোঁ। কমিনিছ জুবিন্দাই এই কথাষাৰ কোৱাৰ এটা কাৰণ আছিল-:হিমন্ত বিশ্ব শৰ্মা এজন ব্ৰাহ্মণ মানুহ। তেখেতে জ্যোতিষ চৰ্চা জানে। সেয়ে ক’ভিড সাধাৰণ বেমাৰ বুলি কোৱাৰ পাছতো আজি তেখেতে দিব্যজ্ঞান প্ৰয়োগ ভৱিষ্যতৰ বাবে চিন্তা কৰিছে ।কিয়নো তেখেতে নিশ্চয় ভৱিষ্যতৰ পৃথিৱীখন দেখিছে।কি হবলৈ গৈ আছে।
হয়তো তেখেতে দেখিছে, কিদৰে এজন মানুহক 25 বছৰ অতি কম খৰছত পঢ়োৱাৰ পাছতো(নৰ্ডিক দেশসমূহৰ দৰে নহলেও, USA ৰ দৰে উচ্চ মূল্যত নহয়) মানৱ সম্পদ কেইজন আন দেশৰ উন্নয়নৰ বাবে গুচি যায়। পৃথিৱীৰ বিখ্যাত CEO কেইজনকেই চাওক, বেছিকেইজনেই ভাৰতীয়? তেখেতসকলে ভাৰতৰ বাবে কি কৰিছে?
আজি ভাৰতৰ বাবে কাম কোনে কৰিছে? অকল ৰাজনীতিৰ মানুহ কেইজনেই। কাম কৰক নকৰক, দেশতেই আছে। এয়েই দেশপ্ৰেম।সেয়ে আমি যদি পুলি এটা মাটি ফুটি ওলাতেই বেঁকা কৰি দিওঁ তেতিয়া কেনে হয়?অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো এই “নিঞ্জা কৌশল” প্ৰয়োগ কৰিয়েই আজি অষ্টম শ্ৰেণীৰলৈকে বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে।ফলস্বৰূপে বিদ্যালয় বন্ধ ৰাখি আজি ৰাজনৈতিক মিটিং সমূহ অনুষ্ঠিত কৰি আছে।সেইদিনা লখিমপুৰত নৰ্থ লখিমপুৰ কলেজৰ ওচৰতে থকা LP স্কুলখন বন্ধ হৈ আছে। তাৰ কাষতেই ৰাজনৈতিক দলৰ মিটিং হৈ আছে। ভাল লাগে।
মুখ্যমন্ত্ৰী ডাঙৰীয়া,এটা ভাল বুদ্ধি দিওঁ-:এটা কাম কৰক, মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা বাতিল কৰক।এইবাৰৰ দৰে নম্বৰ দিয়াৰ ব্যৱস্থা কৰক। তেতিয়া সমান মেধাৱী ষ্টুডেন্টৰ মাজত দুটা ভাগ হব।ব্যক্তিগত বিদ্যালয়ত পঢ়া vs চৰকাৰী বিদ্যালয়ত পঢ়া। ব্যক্তিগত বিদ্যালয় সমূহত পঢ়া সকলে নম্বৰ বহুত বেছি পাব। চৰকাৰী সমূহত পঢ়া সকলে কম নম্বৰ পাব। ফলস্বৰূপে সমগ্ৰ scholarship সমূহ ব্যক্তিগত বিদ্যালয়ত পঢ়া সকলেই পাব। ফলস্বৰূপে, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ডিমাণ্ড বাঢ়িব। চৰকাৰীৰ প্ৰতি অনীহা ভাৱ এটা আহিব আৰু………….(আমি এনেদৰে উত্তীৰ্ণ হৈ এতিয়া এই পৰিস্থিতিত আছো কাৰণে কৈছো। এইটো হবয়েই)
কিছু ব্যক্তিগত-: বহুত বেছি দুখ আৰু খং উঠিছে অষ্টম শ্ৰেণীলৈকে বিদ্যালয় বন্ধ কৰাৰ এই সিদ্ধান্তটো শুনি। জনতাই হয়তো হিতাধিকাৰীৰ মুকুটটো হাতত লৈ হাতচাপৰি বজাই আছে। অতি ভালকৈয়ে বুজিলোঁ, আজিৰ মানুহ জুইশলা কাঠী হল। মূৰ আছে। মগজু নাই। নহলে আজি প্ৰশ্ন কৰিলেহেতেন, “কি কাৰণত আজি বিদ্যালয় সমূহ বন্ধ কৰি ৰখা হৈছে।”
জানো। এনেদৰে লিখি কিছুমান মানুহৰ লগত বেয়া হোৱাৰ বাদে একো লাভ নাই (স্বাৰ্থ নথকা সকলৰ বাদে)। সেয়ে লিখিবলৈ বাদ দিছিলো।কিন্তু এই কাৰ্যসমূহ দেখিলে, মৌন হৈ থকা শিক্ষিত ব্যক্তিসকলক দেখিলে পুতৌ জন্মে।চৰকাৰৰ দোষ নাই। আপুনি সুবিধা দিছে, চৰকাৰে এনে কাম কৰিবই।সদৌ শেষত কওঁ, “If Protesting is a crime in a Democratic country, then yeah…. I am a criminal“