• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, July 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Nature

এজোপা গছৰ কথাৰে !

জিজ্ঞাস বৰুৱা

by Editor
April 22, 2024
in Nature, Climate Change, Opinion
Reading Time: 3 mins read
0
green leafed tree

Photo by veeterzy on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

এজোপা গছৰ কথাৰে !

জিজ্ঞাস বৰুৱা

2 min
জিজ্ঞাস বৰুৱা

জুলাই আগষ্ট মাহৰ উৎকট গৰমৰ দিনকেইটাত গাঁৱৰ বাঁহনী ডৰাৰ ফালৰ পৰা অহা চেঁচা বতাহ জাকে গা মন জুৰ পেলাই যায়।

পথাৰত বোকা দিয়া দিনকেইটাত দুপৰীয়া হালোৱা ৰোৱনী সকলোৱে মিলি পথাৰৰ কাষৰ আম, কঁঠাল বা ঔটেঙা জোপাৰ তলত বহি ভাত কেইটা খাই জিৰণি লোৱা দৃশ্যটো গাওঁবোৰত তেনেই সুলভ।

আবেলি, গধূলি নামঘৰৰ সমুখৰ আঁহতজোপাৰ কাষৰ পুলটোত ডেকা ল’ৰা কেইটাই ৰিব ৰিব বতাহৰ আমেজ লৈ ভিন্ন কথাৰ পোহাৰ মেলে। আঁহত জোপাৰ কাৰণে ঠাইকণ ঠাণ্ডা হৈ থাকে।

গাঁৱৰ সকলোৰে বাৰীত থকা বিভিন্ন সৰু ডাঙৰ গছবোৰৰ বাবে অসহ্য গৰমতো গাটো শাত পেলাবলৈ মিহিকৈ বতাহ এজাক ঘূৰি ফুৰে। ৰাস্তাৰ দাঁতিত থকা আঁহত, কুটকুৰা, বগৰী আদি ভিন্ন গছৰ ছাঁত বাটৰুৱাবোৰ ক্ষন্তেক সময় জিৰণি লয়।

এই গছবোৰতে গুটি খাবলৈ ভিৰ কৰে ভিন ভিন প্ৰজাতিৰ চৰাইৰ লগতে বান্দৰ, কেৰ্কেটুৱা আদিবোৰে। গাঁৱৰ পৰিৱেশটো সুকীয়া। গাঁৱত থকাৰ আমেজ আছে।

পিছে, শিক্ষাৰ খাতিৰত গাঁৱৰ আমেজ এৰি, সময়ৰ সোঁতত আহি মহানগৰৰ বাসিন্দা হ’ব লগাত পৰিলোঁ।

মহানগৰৰ ছবি খন সম্পূৰ্ন বিপৰীত।

  গাঁৱত যেনেকৈ ওখ গছবোৰৰ আঁৰত ঘৰবোৰ লুকাই থাকে, বাৰীৰ তামোল বা আম, কঁঠালৰ গছ দেখিয়ে কব পাৰি কাৰ ঘৰ, গুৱাহাটী মহানগৰত এনেকুৱা নহয়।

ইয়াত ওখ ওখ গগনচুম্বী অট্টালিকাবোৰৰ আঁৰত হে লুকাই থাকে গছবোৰ।

অৱশ্যে গছ বুলিবলৈ তেনেকৈ নায়ে। মানুহৰ ঘৰত ৰোৱা ফুল গছবোৰহে গছৰ নামত আছেগৈ। যি দুই এজোপা ডাঙৰ গছ আছিলে, যি কেইজোপাই মানুহৰ লগতে অন্যজীৱ জন্তুক এই কংক্ৰিতৰ পৃথিৱীখনত নানা ধৰণৰ উপকাৰ কৰি আছিলে, সেইকেইজোপাও যোৱা দুবছৰমানত উন্নয়নৰ নামত কটা হ’ল।

tall green trees

এতিয়া মহানগৰখনৰ মাজত খুব কমহে ডাঙৰ গছ আছে। গুৱাহাটীৰ কাষৰ ঠাইবোৰ আৰু পাহাৰবোৰতহে অলপ অচৰপ গছ বাকী আছেগৈ। পিছে সেইকাইডালো কিমান দিন থাকে তাৰ একো ঠিক নাই।

মহানগৰীৰ বাসিন্দা হ’লোহি যদিও গছৰ মোহটো সদায়ে আছে। এতিয়াও ভাল ডাঙৰ গছ থকা ঠাই দেখিলে মনটো ভাল লাগে। এম এছ চি কৰি থকা সময়খিনিত দীঘলী পুখুৰীৰ পাৰৰ গছবোৰৰ তলেৰে সদায় কটনলৈ অহা যোৱা কৰিছিলোঁ। ৰাতিপুৱা গধূলি জাক জাক চৰাইয়ে আহি এই গছবোৰত ভিৰ কৰেহি। প্ৰখৰ ৰ’দত এই গছকেইজোপাৰ তলত ৰৈয়ে আমি জিৰাইছিলো, কুঁহিয়াৰ ৰস খাইছিলোঁ।

এবাৰ কটনৰ সন্মুখত থকা ডাঙৰ আঁহতজোপা কটাৰ কথা ওলাইছিল। সকলো কটনিয়ানে একেলগে প্ৰতিবাদ কৰিছিল, ফলত গছজোপা ৰক্ষা পৰিছিল। মই ভাবোঁ, যাৰ অকণমান হ’লেও মনত প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা আছে, যিয়ে জানে প্ৰকৃতিৰ অবিহনে মানুহ জীয়াই থকাটো অসম্ভৱ, তেওঁ নিজৰ জীৱন কালত এবাৰ হ’লেও গছে আমাক বিনামূল্যে কৰা উপকাৰখিনিৰ বাবে গছৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।

Tree

এম এছ চি শেষ হোৱাৰ পিছত ভাড়াঘৰটো সলাই অলপ বেলেগ ফাললৈ আহিলোঁ। আমি থকা ঘৰটোৰ সমুখতে গান্ধীবস্তিৰ পাহাৰটো। ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে সেউজীয়াবোৰ চকুত পৰে। আমি থকা ঘৰটোৰ ওচৰে পাজৰে ঠাইখিনিত তেঁতেলী, আঁহত, ৰঘু, কৃষ্ণচূড়া আদি কেইবাজোপাও ডাঙৰ গছ আছে যাৰ বাবে পৰিৱেশটো মহানগৰৰ আনঠাইতকৈ তুলনামূলকভাৱে ঠাণ্ডা হোৱাৰ লগতে মিহি বতাহ এজাক বলি থাকে।

আমি থকা ঘৰটোৰ চাৰিওফালে বিশেষে ঠাই নাই যদিও সৰুকৈ আম গছ এজোপা, নাৰিকল গছ এজোপা আছে। সন্মুখৰ ফালে ডাঙৰ আঁহত এজোপা আছে। আঁহত জোপাৰ ঠাল ঠেঙুলিবোৰ আমাৰ বেলকনিৰ ওচৰলৈকে বিয়পি আছে। এইজোপা থকাৰ কাৰণেই মাজে সময়ে ঠাণ্ডা বতাহ এজাক আমাৰ ৰুমলৈ সোমাই আহে।

এই ঘৰটোলৈ নতুনকৈ অহা দিনাৰে পৰা আঁহতজোপা মোৰ বাবে এটা আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে। ৰাতিপুৱা গছজোপালৈ অহা বিভিন্ন চৰাইৰ মাতত সদায় টোপনি ভাগে। ব্ৰাছডাল মুখত লৈ গছজোপালৈ কি কি চৰাই আহিছে চোৱাটো লাহে লাহে অভ্যাসত পৰিণত হৈ পৰিল।

গছজোপালৈ অহা কুলি, হেতুলুকা, বুলবুলি, কাঠৰোকা, ভদৰকলি, কপৌ, মাইনা, মৌপিয়া, কলাখাতি, কাউৰী, ঘৰশালিকা, চুতীয়া শালিকা, কানটিলিকা বা কানকুৰিকা আদি বিভিন্ন চৰাইৰ মাতে গোটেই দিনটো পৰিৱেশটো সজীৱ কৰি ৰাখে। ইহঁতে বিশেষকৈ গছজোপাৰ গুটিবোৰ খাবলৈ আহে। কিছুমানে যেনে কাউৰী, মৌপিয়া আদিবোৰে জিৰণি ল’বলৈ আহে।

Mango tree

গছজোপালৈ অহা চৰাইবোৰৰ ৰেহ-ৰূপবোৰ চাই বৰ ভাল লাগে, আজৰি সময়ত প্ৰায়ে মই ইহঁতৰ কাণ্ড-কাৰখানাবোৰ উপভোগ কৰোঁ। মতা কুলি চৰাইটোৱে গুটি এটা ছিঙি মাইকী কুলিজনীলৈ আগবঢ়াই দিয়ে। তায়ো গুটিটো কিন্তু এবাৰতে লৈ নলয়। তাই এডালৰ পৰা এডাললৈ জঁপিয়াই ফুৰে পিছে পিছে ঠোঁটত গুটিটো লৈ মতা কুলিটো। গুটিটো নোলোৱালৈকে সি পিছে পিছে ঘূৰি ফুৰে।

কেতিয়াবা মাইকী কুলি জনীয়ে নোলোৱাকৈয়েউৰা মাৰে। হেতুলুকাকেইটাই এবাৰ আহে দুটামান গুটি ঠোঁটত লৈ উৰা মাৰে। অলপ সময়ৰ পিছত আকৌ আহে। সম্ভৱ বাহত থকা পোৱালীকেইটাক খুৱাইগৈ। কানকুৰিকাকেইটাই কোনো উৎপাত নকৰাকৈ খোৱাত ব্যস্ত থাকে। খাই হ’লে উৰা মাৰে। মৌ পিয়া আৰু ভদৰকলিকেইটাই এটাৰ পৰা আনটো ডাললৈ জঁপিয়াই ফুৰে। সিহঁতৰ যেন গাত দুখ ভাগৰ একোৱেই নাই। সিহঁত যেন এই পৃথিৱীৰ সকলোতকৈ সুখী প্ৰাণী।

Bird Hetuluka
নীলাবুকুৱা হেঁটুলকা

মাজে মাজে আঁহতজোপাৰগুটি আৰু কুমলীয়া পাত খাবলৈ মলুৱা বান্দৰৰ জাক এটাও আহে। সিহঁত অহাৰ লগে লগে হুলস্থুল আৰম্ভ হৈ যায়। দৌৰা দৌৰি, ইটোৱে সিটোক খেদা, এডালৰ পৰা এডাললৈ জঁপিয়াই শান্তি নোহোৱা কৰে।

সিহঁতৰ উৎপাতত বেচেৰা চৰাই কেইটাৰো খাবলৈ শান্তি নোহোৱা হয়। গছৰ গুটি খোৱাৰ উপৰিও ৰুমৰ দৰ্জা খিৰিকী খোলা থাকিলে, মানুহ নথকাৰ উমান পালে বান্দৰকেইটা ৰুমৰ ভিতৰটো সোমায়। ৰুমত থকা খোৱা বস্তু যি পাৰে লৈ যায়। ভালো লাগে সিহঁতৰ কাণ্ডবোৰ চাই, খঙো উঠে, অনিষ্ট কৰাৰ বাবে মাজে মাজে।

Monkey

চৰাই আৰু বান্দৰৰ লগতে বিভিন্ন ধৰণৰ পখিলা, সৰীসৃপ যেনে তেজপিয়াও গছজোপালৈ আহে। ৰাতি ফলখোৱা বাদুলীবোৰো আহে গুটি খাবলৈ। গছজোপাৰ বাবেই পৰিৱেশটো জীপাল আৰু সতেজ হৈ থাকে। ভাবিলে আচৰিত লাগে যে এই এজোপা গছে ইমানবোৰ চৰাই-চিৰিকটি, জীৱ-জন্তুক খোৱাৰ যোগান ধৰাৰ লগতে আশ্ৰয়স্থল হিচাপে কাম কৰি আছে।

এজোপা গছৰ ওপৰত কিমান জীৱ নিৰ্ভৰশীল। চৰাই চিৰিকটিক আহাৰ বাসস্থানৰ যোগান ধৰাৰ লগত আঁহতজোপাই ঠাইখিনিৰ পৰিৱেশটো সুস্থ কৰি ৰখাত অশেষ অৱদান আগবঢ়াই আহিছে। যিখিনিক হয়তো

কোনো মূল্যৰে জুখিব নোৱাৰি । এজোপা গছৰে ইমান অৱদান, যদি গছবোৰ বেছিকৈ থাকে তেনেহলে সকলোৱে ভাবি চাওঁকচোন পৰিৱেশ, জীৱ-জন্তুৰ লগতে মানুহৰো কিমান উপকাৰ হ’ব।

আমাক উন্নয়ন লাগে, মানুহৰ সুবিধাৰ বাবে বিভিন্ন বাট পথ লাগে, কিন্তু প্ৰকৃতিৰ বিনিময়ত নহয়। ভৱিষ্যতৰ চিন্তা নকৰি উন্নয়নৰ নামত জধে মধে গছ-গছনি কাটি পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰাৰ ফলত আমি আজি বিভিন্ন কুফল ভোগ কৰিবলগীয়া হৈছে। আবতৰীয়া বৰষুণ, বানপানী, অসহ্য গৰম আদি ইয়াৰেই ফল।

সেইবাবে পৰিৱেশ বিনষ্ট নকৰাকৈ বিকল্প পথেৰে কাম কৰি বৰ্তমানৰ লগতে ভবিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখনক সুৰক্ষিত কৰি তোলাটোহে বৰ্তমান সময়ত প্ৰকৃত উন্নয়ন হিচাপে গণ্য কৰিব পাৰি।

Bird Kuli
কুলি চৰাই

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

A Day with the Brahmaputra’s Climate Refugees
Climate Change

A Day with the Brahmaputra’s Climate Refugees

by HIYANDRITA DAS
July 14, 2026
0

A Day with the Brahmaputra’s Climate Refugees HIYANDRITA DAS The first sign of impending loss is rarely the sudden disappearance...

Read moreDetails
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 13, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 13, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 10, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

July 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Unemployment in Modi’s India: A Dive into Trends

Inside the Fragmented Realities of Assam’s Educated Unemployed

July 14, 2026
Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

July 14, 2026
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

July 14, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

July 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37372 shares
    Share 14948 Tweet 9343
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16904 shares
    Share 6762 Tweet 4226
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2140 shares
    Share 856 Tweet 535
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    142 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6742 shares
    Share 2697 Tweet 1686
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3934 shares
    Share 1574 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d