–ডা° সুকৃতি চৌধুৰী |
আজি কোনোবাই মানি লওঁক বা নলওঁক, এই কথা সঁচা যে, সৰুতে প্ৰত্যেকজনী ছোৱালীয়েই ভাবে মা-দেউতাই তাইক এটা পুতলাটোৰ দৰে কণমানি ভাইটি আনি দিয়ক ৷ কণমান ভাইটিটো শুই থাকিব আৰু তাই তাৰ গাল দুখনত মায়ে নেদেখাকৈ টিপি দি কন্দুৱাব ৷ তাৰ চকু আৰু চেলাউৰি চবতে একা-বেকা কৈ কাজল ঘঁহি দিব ৷ তাৰ চুলি কেইদাল টানি টানি ৰাবাৰ বেণ্ড লগোৱাৰ চেষ্টা কৰিব ৷ দুখ পাই সি চিঞৰিব ৷ মায়ে তাক চেৰেলাক বা আন জলপান খুওৱাৰ সময়ত তাই মুখ মেলি আ কৰি ৰৈ থাকিব, কেতিয়া তাৰ ভাগৰ এচামুচ তাই খাবলৈ পাব ৷ ভাইটি অকণমান ডাঙৰ হ’ব ৷ তাই তাক ফেৰেকা কোলা কৰি চোতাললৈ আনি চুবুৰিৰ এপাল ল’ৰা-ছোৱালীৰ সৈতে খেলিব…..অলং দলং কৰিছে, ৰজা-ৰাণী আহিছে….আৰু কোলাৰ পৰা নমাই দিয়া ভাইটিয়ে চোতাল খনত হামাগুৰি দি বগাই ফুৰিব, হাতেৰে ধুলিবোৰ খামুচি ধৰিব আৰু ফু দি উৰাব…ৰাতি ভাইটিৰ জ্বৰ উঠোতে মায়ে তাক কোলাত লৈ বহি থাকোতে মাৰ আচলত ধৰি টোপনিয়াই টোপনিয়াই ৰৈ থাকিব বা জনী…তাৰ কিবা হয় বুলি তাই আতংকত এবাৰ মাকৰ মুখলৈ চাব আৰু এটা ভাইটিৰ মুখলৈ …..এনেদৰে এজনী ছোৱালী তাইৰ কণমানি ভাইটিটোক বুকুত বান্ধি কিশোৰী হ’ব….তাই এদিন তোলনী হ’ব..তাইক এটা ৰূমত দুৱাৰ বন্ধ কৰি সোমোৱাই থোৱাৰ কেইদিন ভাইটিটো অস্থিৰ হৈ উঠিব ৷ ” অ’ মা বাক কিয় ৰূমত বন্ধ কৰি ৰাখিছ ? কিয় কেৱল কল কমলাকেই দিছ খাবলৈ ? ” ভাইটিৰ মাতত বাইদেউ অস্থিৰ হৈ উঠিব ৷ তাৰ কথাৰ উত্তৰ দিব নোৱাৰি তাই খঙতে চিঞৰি দিব ৰূমৰ ভিতৰৰ পৰা….
দুৰ্গা পুজাৰ মেলা চাবলৈ ভাইটিৰ লগত যাব তাই ….দেউতাকক তাই আব্দাৰ ধৰিব যে সাপ বেলুনটো লাগে ৷ মায়ে তাইক চকু ৰঙাব ৷ এইবাৰ ভাইটিয়ে চিঞৰিব , “ দে না বাক বেলুনটো দেনা” ..ভাইটিয়ে পুজাৰ মেলাৰ পৰা পুতলা পিস্তল এটা কিনিব আৰু বায়েকে মনে মনে সেইটো ফুটাই চাব চট্ চট্ চট্ ৷ সুযোগ বুজি তাই ভাইটিয়ে পুজাৰ মেলাৰ পৰা অনা হুইচেলটো বজাই চাব, ফুৰৰৰৰৰৰ….
গছৰ ওপৰত উঠাটোত তাই ভাইটিৰ সৈতে প্ৰতিযোগিতা আৰু সহযোগিতা সমানেই কৰিব ৷ চাইকেলৰ পিছফালে কেৰিয়াৰত বহুৱাই তাই ভাইটিক ফুৰাবলৈ নিব ৷ স্পকত সোমাই ভাইটিৰ ভৰি কাটিব ৷ তাইৰ কান্দোন ভাইটিতকৈ বেছি হ’ব ৷ চাদৰ মেখেলাযোৰ পিন্ধি বান্ধৱীহঁতৰ সৈতে স্কুললৈ যাওঁতে তাই ভাইটিহঁতৰ দলটোৱে চাইকেলেৰে ক্ৰচ কৰি নোযোৱালৈকে ঘুৰি ঘুৰি চাই থাকিব ৷ আৰু পাৰ হ’লেই পিছফালৰ পৰা চিঞৰিব –“ভাইটি লাহে লাহে “……এনেদৰে কণমানি ভাইটিটোক বুকুত বান্ধি ছোৱালীজনী আৰু ডাঙৰ হ’ব ৷ ভাইটিৰ ওপৰ ওঠৰ ওপৰত পাতলকৈ মোচ গজিব ৷ সি তাইক লাজ লাজ কৈ ক’ব “ মনালিছাই সিদিনা তালৈ চাওঁতে হেনো তাৰ গাটো সিৰসিৰাই গ’ল ” আৰু তাই কল্পনা কৰি চাব মনালিছা তাইৰ বোৱাৰী হ’লে কেনে লাগিব আৰু নিজে নিজেই মিচিকিয়া হাঁহি মাৰিব ৷
গৰমৰ বন্ধৰ দুপৰীয়া পকাত এটা দীঘল গাৰু লৈ তাই আৰু ভাইটিয়ে শুই শুই মৌচাক আৰু সফুঁৰাৰ দৰে দুখন আলোচনীৰ পাত লুটিয়াব ৷ তাৰে মাজতে লুকুৱাই তাই বিস্ময়ৰ জীমণি চৌধুৰী বা চন্দনা পাঠকৰ প্ৰেমৰ উপন্যাস কেইখন সেপধুকি পঢ়িব ৷ ভাইটিয়ে জুমি চালেই তাই খং কৰি ক’ব –যা যা সিফালে যা….চ’কত পাণদোকানৰ কাষত ৰৈ পাণ চিগাৰেট খাই থকা ল’ৰা কেইটাই তাইলৈ ৰ লাগি চাই থাকিলেই ভাইটি খঙতে কঁপি উঠিব ৷ তাই ভাইটিৰ হাত খনত খামোচ মাৰি ধৰি ক’ব, একো নহয় মনে মনে থাক….!
প্ৰতি গৰাকী নাৰীকেই সুধিছো, নাছিল নে বাৰু এনে এটা ভাইটিৰ কল্পনা ? কিজানি আছিল আপোনাৰ আছিল বাস্তৱতেই এনে এটা ভাইটি ৷ হয়তো ভন্তি হে আছিল যাৰ সৈতে থাকিব পৰা অনুভূতি বিলাকক লৈ আন এটা লেখা দিম ৷ আপুনি উত্তৰত মোক কি ক’ব নেজানো ৷ মোৰ কণমানি মনটোৱে পুতলাৰ নিচিনা এনে এটা ভাইটিৰ কল্পনা বহুত কৰিছিলো ৷ মই মা-দেউতাক কিমান যে কুটুৰিছিলো, মোকো হস্পিতালৰ পৰা এনেকুৱা এটা ভাইটি আনি দিব লাগে ৷ মায়ে দেউতাক ক গৈ বুলিছিল আৰু দেউতাই ‘মা’ক ৷ মই চতুৰ্থ শ্ৰেণীৰ বৃত্তি পোৱাটোৱেই বোধকৰো শেষ ভাল খবৰ আছিল ৷ উলফাৰ মগজুহীন আতংকবাদী বোৰে অ’তি নৃশংসতাৰে দেউতাক হানি-খুচি হত্যা কৰাৰ পিছত মা এদিন হস্পিতাললৈ গৈছিল ৷ মই একোৱেই বুজি পোৱা নাছিলো ৷ বহুত বছৰৰ পিছত ডাঙৰ হৈ টুনি বাই ৰ পৰা শুনিছিলো মাক গৰ্ভপাত কৰোৱা হৈছিল ৷ হয়তো মোৰ মা-দেউতাই মোলৈ সৰগৰ পৰা এটা ভাইটি আনিছিল। পৃথিৱীৰ সেউজীয়াবোৰ সি কোনো দিনেই নেদেখিলে ৷ উলফাই মোৰ দেউতাকেই হত্যা কৰা নাই ৷ মাৰ পেটত থকা মোৰ কণমানি ভাইটিটোকো হত্যা কৰিলে ৷ এজনী বায়েকে ৰৈয়েই থাকিলো দুখন ৰিক্ত হাতেৰে…….
এই কথাখিনি লিখোতে মোৰ বহুত যন্ত্ৰণা অনুভৱ হৈছে ৷ কিন্ত বুকুত শিল থৈ কথাখিনি লিখিছো ফেচবুকতে লগ পোৱা ভাইটি কঙ্কণ শৰ্মাই যোৱাকালি তেওঁৰ এটা কবিতাৰে মোক তিয়াই পেলোৱাৰ বাবে ৷ আস্ কি আতুৰতাৰে তেওঁ মোক ‘বা’ বুলি কৈ মোক তাৰ বায়েকৰ আসনত বহুৱাই যন্ত্ৰণাবোৰ আঁকি দিছিল ৷ যোৱাকালিৰে পৰা বহুত চেষ্টা কৰি কৰি আজিহে লিখিব পাৰিলো ৷ সেই যে কয় When the heart is full words are few…..!