এটা নতুন কেমেৰা আৰু জীৱ-জন্তুৰ দৃষ্টিত আমাৰ পৃথিৱীখন
মানস প্ৰতিম দত্ত
আমি জনা বা শুনা সমগ্ৰ জীৱকুলৰ আৱাসভূমি হ’ল পৃথিৱীখন, য’ত ক্ষুদ্ৰাতিক্ষুদ্ৰ অণুজীৱৰ পৰা আৰম্ভ কৰি বিভিন্ন উদ্ভিদ আৰু প্ৰাণীয়ে বাস কৰে।
প্ৰাণীসমূহে বিভিন্ন বৈশিষ্ট্যৰে নিজৰ উপস্থিতি জাহিৰ কৰে। প্ৰাণীসমূহে নিজৰ অস্তিত্ব জাহিৰ কৰি কোনো অৱস্থাৰ বৰ্ণনা দিব পৰা মূল অংগটোৱেই হ’ল চকু।
চকু, যি কোনো কালে ফুটাই কথা নকয়, ক’ব নোৱাৰে। অথচ, চকু অবিহনে জীয়াই থকাটো কিমান যে যন্ত্ৰণাকাতৰ হ’ব নহয়নে? চকুৱে ইংগিতেৰেও বহুত কথাই কৈ দিয়ে, যিবোৰ কথা মুখ ফুটাই ক’বলৈ তাতোকৈ বেছি সময় লাগে।
প্ৰাণীভেদে জীৱন নিৰ্বাহৰ হেতু ভিন্ন প্ৰকাৰৰ দৃষ্টিশক্তি ব্যৱহৃত হয় । চকুৱে জীৱক শত্ৰুৰ পৰা সুৰক্ষিত কৰি ৰখাত সহায় কৰাই নহয় বৰঞ্চ চিকাৰ ধৰা বা খাদ্য সন্ধান কৰাৰ বাবেও সহায় কৰে। বন্যপ্ৰাণীসমূহে ভিন্ন স্থানলৈ যাবলৈ, উৰি ফুৰিবলৈ কিছুমান বিশেষ অদ্ভুত উপায় বিকশিত কৰে।
পৃথিৱীখন কিমান যে মনমুগ্ধকৰ সেয়া জানো বৰ্ণনা কৰি শেষ কৰিব পাৰি। চৌপাশৰ ধুনীয়া জান, জুৰি, বিল, পাহাৰ, পৰ্বত, গছ আৰু যে কত কি! প্ৰত্যেকৰে নৈসৰ্গিক সন্মোহন শক্তিৰে আমাক হাত বাউল দি মাতি থাকে।
ৰাজ্য, দেশ এৰি মানুহ ঢপলিয়াই পৰ্যটনৰ অপৰূপ স্মাৰক প্ৰকৃতিৰ এই সম্পদসমূহৰ মাজলৈ আৰু নৈসৰ্গিক শোভা দৰ্শন কৰি সেউজীয়াৰ মাজত ডুব গৈ থাকোঁ।
পিছে, আমাৰ দৰেই আন জীৱ-জন্তুসমূহে পৃথিৱীখনক কেনেদৰে চায় বাৰু? মানুহৰ দৰেই আন জীৱ-জন্তুবোৰে প্ৰকৃতিৰ সেউজ শোভা, মনোৰম সৌন্দৰ্য উপভোগ কৰেনে নকৰে?
কোনো এবিধ প্ৰাণীয়ে পৃথিৱীখনক কেনেকুৱাকৈ দেখা পায় সেই কথা জানিবলৈ বিজ্ঞানীসকলৰ উৎসুকতা বৃদ্ধি পোৱাৰ পাছতে তেওঁলোকে এবিধ নতুন কেমেৰাৰ উদ্ভাৱন কৰিছে। এই কেমেৰাৰ সহায়ত সিহঁতৰ দৃষ্টিৰূপ বুজিব পাৰি।
সাধাৰণতে প্ৰাণীসমূহে বিভিন্ন ধৰণৰ ৰং দেখা পোৱা যায়। আচলতে, এটা জন্তুৱে বস্তু এটা কেনেকৈ দেখা পায় সেয়া প্ৰাণীটোৰ চকুৰ ৰেটিনাত থকা শঙ্কু কোষবোৰৰ ওপৰত নিৰ্ভৰ কৰে। মানুহৰ চকুত ৬০ লাখমান কোষ থাকে।
চকুৱে পোহৰৰ তৰংগদৈৰ্ঘ্য অনুভৱ কৰা তিনি প্ৰকাৰৰ কোষ থাকে। সেইবোৰ হৈছে- ৰঙা, নীলা আৰু সেউজীয়া। এই তিনিওবিধ ৰঙৰ সংমিশ্ৰণ ঘটি যিকোনো এটা বস্তু ৰঙীণ ৰূপত দেখা পোৱা যায়। সহজ অৰ্থত, এই ৰঙে আমাক যিকোনো বস্তু অধিক সুন্দৰকৈ উপভোগ কৰাত সহায় কৰে।
অৱশ্যে এই তিনিওবিধ কোষৰ সক্ৰিয়তা মানুহভেদে বেলেগ বেলেগ হয়। সকলো ৰং দেখা নাপালে তাক বৰ্ণান্ধ বুলি কোৱা হয়। বৰ্ণান্ধসকলৰ চকুৱে বিভিন্ন ৰং একে যেন দেখা পায় । তাৰে কিছুসংখ্যক বৰ্ণান্ধ কোনোবা এটা ৰং দেখা নাপায়, আন কোনোৱে আকৌ সকলো ৰঙকে সেউজীয়া বা নীলা দেখা পায়।
আমাৰ পৃথিৱীখনত এনে বহুতো জীৱই বাস কৰে যি মানুহতকৈ কম ৰঙহে দেখা পায়।
উদাহৰণস্বৰূপে, অতিবেঙুনীয়া ৰশ্মিৰ সহায়ত মৌ-মাখিয়ে উদ্ভিদৰ পৰাগৰেণুবোৰ চাব পাৰে। ফলত ইহঁতে ফুলৰ ‘ৰস’ বিচাৰি পাব পাৰে, যাক মৌচাকলৈ নি মৌৰস উৎপন্ন কৰে । কুকুৰে বেঙুনীয়া, সেউজীয়া, ৰঙা আৰু কমলা ৰঙৰ তুলনাত নীলা আৰু হালধীয়া ৰং ভালকৈ দেখা পায়। মেকুৰীয়ে ৰঙা-কমলা ৰঙৰ ৰং নীলা-বেঙুনীয়া আৰু হালধীয়া-সেউজীয়াতকৈ কম দেখা পায়।
দৃশ্যমান বৰ্ণালীৰ বাহিৰৰ ৰং দেখা পোৱা বহু প্ৰাণীও আছে।
এইখিনিতে আমাৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে, মৌমাখিয়ে ফুলৰ ‘ৰস’ দেখা পায় কিন্তু মানুহে দেখা নাপায় কিয়? আচলতে মানুহে অতি বেঙুনীয়া পোহৰ দেখা নাপায়, যিটো মৌমাখিয়ে দেখা পায়। সেয়েহে মৌমাখিয়ে কেনেকৈ ফুলৰ ‘মৌৰস’ৰ সন্ধান কৰে সেয়া মানুহে অনুভৱ কৰিবও নোৱাৰে।
কিন্তু, ইয়াৰ কাৰকসমূহ জনাটো বিজ্ঞানৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। বিজ্ঞানীসকলে ইয়াৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এটা কেমেৰা প্ৰস্তুত কৰাৰ কথা চিন্তা কৰে, যিটো কেমেৰাৰ সহায়ত বন্য বা ঘৰচীয়া জীৱজন্তুসমূহে ৰংবোৰ কেনেকুৱাকৈ দেখে সেইকথা মানুহে বুজিব পাৰিব।
এই কেমেৰাৰ সহায়ত জীৱ জন্তুৰ দৃষ্টিত পৃথিৱীখন কেনেকুৱা সেই কথা মানুহে উপলব্ধি কৰিব পাৰিব। এই কেমেৰাটো ব্ৰিটেইনৰ ছাচেক্স বিশ্ববিদ্যালয় আৰু ভাৰ্জিনিয়াৰ জৰ্জ মেছন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে নিৰ্মাণ কৰিছিল।
এই কেমেৰাটোৱে ৪টা পৃথক ৰঙৰ কোঠাত ভিডিঅ’ ৰেকৰ্ড কৰে। সেই ৰং চাৰিটা হৈছে ৰঙা, নীলা, সেউজীয়া আৰু অতিবেঙুনীয়া।
প্ৰাণীটোৰ চকুত থকা পোহৰ সংগ্ৰাহক বা ফট’ৰিচেপ্টৰবোৰে তথ্যসমূহ প্ৰক্ৰিয়াকৰণ কৰি প্ৰায় ৯২শতাংশ শুদ্ধ তথ্যৰে প্ৰাণীবোৰৰ দৃষ্টিশক্তিৰ সঠিক উপস্থাপন কৰিবলৈ সক্ষম হৈছে।
তথ্য উৎসঃ
১।O’Neill, Jesse, New camera allows people to view the world how animals see it, New York Post, January 2024
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)